ডুবাইৰ মনোৰম সন্ধিয়া

ডঃ  হৰিশংকৰ কাকতী

মৰুভূমি চোৱাৰ এটি দুর্বাৰ আকর্ষণে মোক প্রায়ে আমনি কৰি আছিল যদিও সেই হেঁপাহ পূৰণ কৰিব পৰা নাছিলোঁ ৷ মোৰ ছোৱালী ৰাজস্থানত পঢ়ি থকাৰ সময়ত কেইবাবাৰো ৰাজস্থান ভ্রমণ কৰিছিলোঁ যদিও এবাৰো মৰুভূমিলৈ যোৱাৰ সৌভাগ্য নহল ৷ অৱশেষত সেই আশা পূৰণ হল যোৱা এপ্রিল মাহৰ প্রথম সপ্তাহত ৷ ডুবাইলৈ যাবলগীয়া Book Now Holidays 1 Package Tour এটিত ময়ো অন্তর্ভুক্ত হৈছিলোঁ ১০জনীয়া দলৰ সৈতে ৷ সেই উদ্দেশ্যে এপ্রিলৰ ৭ তাৰিখে সন্ধিয়া কলিকতালৈ গৈ তাৰ পৰা ৮ তাৰিখে পুৱা Emirates Airlines ৰ বিমানযোগে ৯.৪৫ বজাত ডুবাই অভিমুখে ৰাওনা হওঁ ৷ আমাৰ দেশৰ সময়তকৈ ডুবাইৰ স্থানীয় সময় ডেৰ ঘণ্টা পিছপৰা ৷ কলিকতাৰ পৰা ডুবাইলৈ সময় লাগে প্রায় ৫ ঘণ্টা ৷ এটা শাৰীত ১০খনকৈ আসনযুক্ত অত্যাধুনিক বিমানখনৰ ভিতৰত থকা দৃশ্য–শ্রাব্য মাধ্যমৰ দ্বাৰা প্রত্যেকৰে বহা আসনৰ পিছফালে থকা বিমানখনৰ সকলো গতিবিধি লক্ষ্য কৰি থাকিব পাৰি ৷

এইদৰে প্রায় ৫ ঘণ্টা যাত্রাৰ অন্তত ডুবাইৰ স্থানীয় সময়মতে ১.২০ বজাত আমাৰ বিমানে ডুবাই আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰে ৷ ডুবাই বিমানবন্দৰটো বিশ্বৰ অন্যতম ব্যস্ত বিমানবন্দৰ ৷ প্রায় ৭২০০ একৰ মাটি আগুৰি থকা এই বিমানবন্দৰটোত থকা ৩নং টার্মিনেলটো মজিয়াৰ ঠাইৰ হিচাপত বিশ্বৰ বৃহত্তম অট্টালিকা আৰু বিশ্বৰ সর্ববৃহৎ বিমানবন্দৰৰ টার্মিনেল ৷ এই বৃহৎ বিমানবন্দৰটোৰ মাজেদি বছৰি প্রায় ৯ কোটি যাত্রী অহা–যোৱা কৰিব পাৰে ৷ বিমানবন্দৰটোৰ পৰিকাঠামো অতিশয় সুন্দৰ আৰু আধুনিক সা–সুবিধাৰে সমৃদ্ধ ৷ ইমিগ্রেচন কাউণ্টাৰলৈ গৈ দেখিলোঁ অসংখ্য যাত্রীৰ ভিৰ ৷ অৱশ্যে কাউণ্টাৰৰ সংখ্যা বেছি হোৱাত আৰু তাত থকা পৰিচালককেইজনৰ তৎপৰতাত অতি সোনকালেই আমাৰ কামবোৰ সুকলমে পাৰ হৈ গল ৷ লাগেজ বেচ্ঢৰ পৰা লাগেজবোৰ সংগ্রহ কৰি ২.২৫ বজাত বিমানবন্দৰৰ বাহিৰলৈ ওলাই আহিলোঁ ৷ ইতিমধ্যে আমাৰ ড্রেভেল এজেঞ্চীয়ে ঠিক কৰা গাড়ী আৰু গাইড্ আমাৰ বাবে ৰৈ আছিল ৷ সেই সময়ত ডুবাইত দিনৰ উষ্ণতা আছিল ৩০০ চেঃগ্রেঃ ৷ তাৰ পৰা আমি নাতিদূৰৈত অৱস্থিত হোটেল অমেগালৈ ৰাওনা হলোঁ ৷ অপূর্ব সুন্দৰ কংক্রিটৰ মহানগৰীখনৰ ছয়লেনযুক্ত আহল–বহল, মসৃণ, পৰিষ্কাৰ ৰাস্তাৰে প্রায় আধা ঘণ্টা যাত্রাৰ অন্তত ২.৫০ বজাত হোটেলত প্রৱেশ কৰিলোঁ ৷ বুৰ ডুবাই অঞ্চলৰ মানখুল ষ্ট্রীটৰ সংযোগ স্থলীত অৱস্থিত চাৰি তাৰকাযুক্ত হোটেলখন ব্যৱসায়িক ভ্রমণকাৰী আৰু পর্যটকৰ বাবে পছন্দৰ স্থান ৷ হোটেলখনত ২৩৮টা বিলাসী কোঠা আছে ৷ ৭ মহলীয়া ব্লক A আৰু B ত বিভক্ত হোটেলখনত আমাৰ দুজনৰ বাবে নির্দিষ্ট কৰা আছিল B ব্লকৰ প্রথম মহলাৰ ১১৪নং কোঠাটো ৷ অত্যাধুনিক সা–সুবিধাযুক্ত আহল–বহল কোঠাটোত সোমাই গা–পা ধুই কিছু সময় জিৰণি ললোঁ ৷

ডুবাই হল সংযুক্ত আৰব আমিৰ শ্বাহীৰ United Arab Emirates ৰ  এখন সুপৰিকল্পিত মহানগৰ ৷ দেশখনৰ ৰাজধানী আবুধাবিৰ পৰা প্রায় দুঘণ্টাৰ বাট ৷ গ্রেট ব্রিটেইনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত ১৯৭১ চনৰ ২ ডিচেম্বৰত মধ্য প্রাচ্যৰ সাতখন আমিৰ শ্বাহী একত্রিত হৈ এই দেশখন প্রতিষ্ঠা হৈছিল ৷ এইকেইখন হল আবু ধাবি, আজমান, ডুবাই, ফুজাইৰাহ, ৰাছ–ল–খাইমাই আৰু শ্বাৰজাহ ৷ এইকেইখনৰ ভিতৰত আবু ধাবি সর্ববৃহৎ ৷ দেশখনৰ মুঠ মাটিকালিৰ ৮৭ শতাংশ ৷ আনহাতে আজমান আটাইতকৈ সৰু ৷ দেশখনক এখন অত্যাধুনিক, উন্নত আৰু অর্থনৈতিকভাৱে শক্তিশালী ৰাষ্ট্রত পৰিণত কৰাত গোটেইকেইখন সৰু–ডাঙৰ আমিৰ শ্বাহী একেলগ হৈ এক শক্তিশালী ভূমিকা গ্রহণ কৰি আহিছে৷ শেহতীয়াকৈ ডুবাইক ছিংগাপুৰ আৰু হংকঙৰ সৈতে তুলনা কৰা হৈছে আৰু প্রায়ে মধ্যপ্রাচ্যৰ প্রধান বাণিজ্যিক কেন্দ্র হিচাপে গণ্য কৰা হয় ৷ ইয়াত অগ্রণী ভূমিকা লৈছিল ডুবাইৰ আমিৰ শ্বেখ ৰচিদ্ বিন চাইড্ অল্ মাকটুমে ৷

একবিংশ শতিকাৰ আৰম্ভণিতে পর্যটন আৰু বিলাসী জীৱনধাৰাক গুৰুত্ব দিয়া ডুবাই বর্তমান বিশ্ব পর্যটনৰ স্থানত প্রথম শাৰীত ৷ পর্যটন উদ্যোগে দেশৰ অর্থনীতিত এক অনন্য মাত্রা প্রদান কৰিছে ৷ বছৰি গড়ে ১.৫ কোটিতকৈও অধিক পর্যটকে ডুবাই ভ্রমণ কৰে ৷ বিশ্বৰ ২য় সর্বাধিক পঞ্চতাৰকাযুক্ত হোটেল, বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা বুর্জ খালিফা জ্জ্বচ্জ্জ্ব মিঃ, বিশ্বৰ অন্যতম বৃহৎ মল, বৃহত্তম প্রাকৃতিক ফুলনি বাগিচা, ৱর্ল্ড ভিলেজ, ফিউচাৰ মিউজিয়াম, আদিয়ে ডুবাইক অদ্বিতীয় আৰু অতুলনীয় কৰি তুলিছে ৷ ইতিমধ্যে খাৰুৱা তেলৰ ৰাজহে চহৰখনৰ উন্নয়ন ত্বৰান্বিত কৰাতো যথেষ্ট সহায় কৰিছে৷ বিংশ শতিকাৰ আৰম্ভণিৰ পৰাই আঞ্চলিক আৰু আন্তঃৰাষ্ট্রীয় বাণিজ্যিক কেন্দ্র হিচাপে পৰিগণিত ডুবাইৰ অর্থনীতি বাণিজ্য, পর্যটন, বিমান পৰিবহণ, ৰিয়েল ইষ্টেট্ আৰু বিত্তীয় সেৱাৰ পৰা পোৱা ৰাজহৰ ওপৰত নির্ভৰশীল৷ দেশখনৰ প্রচলিত মুদ্রা হল ডিৰহাম ৷ আমি তাত থকা সময়ত এক ডিৰহামৰ মূল্য ভাৰতীয় টকাৰ হিচাপত আছিল প্রায় ২৩ টকা ৷

হোটেলত কিছুসময় জিৰণি লোৱাৰ পিছত সন্ধিয়া আমাৰ গন্তব্য স্থলী আছিল ডুবাই মেৰিনাৰ নৌকা বিহাৰলৈ ৷ গাড়ীৰে নিশাৰ ডুবাই মহানগৰীৰ অপৰূপ সৌন্দর্য উপভোগ কৰি প্রায় ৮.৩০ বজাত তাত উপস্থিত হলোঁ৷ ডুবাই মেৰিনা হৈছে এটি উন্নতমানৰ আৱাসিক অঞ্চল লগতে আছে অৱসৰ বিনোদনৰ এটিwater front complex এই অঞ্চলটো প্রতিষ্ঠা হোৱাৰ প্রথম ৫ বছৰত ইয়াত ৮০ শতাংশতকৈ অধিক অট্টালিকা নির্মাণ কৰা হৈছিল ৷ নিউ ডুবাইৰ হূৎপিণ্ড হিচাপে পৰিচিত ই এক জনপ্রিয় পর্যটন স্থলী লগতে অবিশ্বাস্য চহৰখনৰ উন্নয়নৰ এক নতুন যুগৰ প্রতীক৷ চহৰখনৰ গাতে লাগি থকা ভূখণ্ডলৈ সোমাই অহা সাগৰৰ ক্ষুদ্র অংশ এটাই সৃষ্টি কৰা খাল Canal এটাৰ দৰে বিতোপন জলৰাশিত সন্ধিয়া নৌকা বিহাৰ কৰা হয় ৷ ই বিশ্বৰ অন্যতম বৃহৎ কৃত্রিম খাল ৷ ৭ কিঃমিঃ দৈর্ঘ্যৰ মথাউৰিটোৰ কাষেৰে আটাইতকৈ আধুনিক আকাশচুম্বী অট্টালিকা নির্মাণ কৰা হৈছে ৷ নির্দিষ্ট ফেৰীখনত উঠাৰ আগতে আমি হূদটোৰ চাৰিওফালৰ নিশাৰ সৌন্দর্য দুই চকু ভৰি উপভোগ কৰিলোঁ ৷ দুই এখন ফটো আমাৰ মবাইলৰ কেমেৰাত বন্দী কৰিলোঁ ৷ ইতিমধ্যে আমাৰ সময়ো হৈ আহিল ৷ লাহে লাহে আমি Falcon Oasis Tourism কোম্পানীৰ দুমহলীয়া সুসজ্জিত ফেৰী এখনত শাৰী পাতি প্রৱেশ কৰিলোঁ ৷ আমাক ফেৰীখনৰ ওপৰ মহলালৈ আমন্ত্রণ জনালে ৷  প্রায় ৮০জন বহিব পৰা মুকলি ঠাই ৷ ধুনীয়াকৈ সজাই থোৱা চকী–মেজবোৰৰ মাজে মাজে ওখ ষ্টেণ্ড কিছুমানত লি থকা ডিম্ লাইটবোৰে পৰিৱেশটোত সোণত সুৱগা চৰোৱা যেন লাগিল৷ ইতিমধ্যে আন চকী–মেজবোৰ আমাতকৈ আগতে অহা পর্যটকসকলে দখল কৰিলেই ৷ আমিও আমাৰ বাবে নির্দিষ্ট কৰি থোৱা আসনবোৰত বহিলোঁগৈ ৷ ফেৰীখনৰ ওপৰৰ পৰা মায়ানগৰীখনৰ চাৰিওফালৰ ওখ ওখ অট্টালিকাবোৰৰ অপূর্ব সুন্দৰ ৰূপ উপভোগ কৰি সঁচাকৈয়ে আমি আটায়ে মোহাচ্ছন্ন হৈ পৰিলোঁ ৷ ইতিমধ্যে ৱেটাৰে ঠাণ্ডা পানীয়, বিভিন্ন ফলৰ ৰস আৰু পেষ্ট্রী আদি পাতলীয়া খাদ্য দি গল ৷ বাংলা ভাষাতেই কথা পতা শুনি তেওঁলোক বাংলাদেশৰ নেকি বুলি সুধিলোঁ ৷ উত্তৰত হয় বুলি কলে ৷

এইখিনিতে উল্লেখ কৰা ভাল হব যে সংযুক্ত আৰব আমিৰ শ্বাহীৰ আটাইতকৈ জনবহুল চহৰ ডুবাইৰ জনসংখ্যা প্রায় ৩৫ লাখ ৷ ইয়াৰে ৫১ শতাংশই ভাৰতীয়৷ ইয়াৰ বাহিৰেও পাকিস্তানী প্রায় ১৭ শতাংশ,  বাংলাদেশী প্রায় ৯ শতাংশ, শ্রীলংকান ১.৫ শতাংশ, ফিলিপাইনছৰ প্রায় ৩ শতাংশ আৰু বাকীখিনি ইৰান, আমেৰিকাৰ কিছুসংখ্যক লোকৰো বসতিস্থল ডুবাই ৷ স্থানীয় আৰবসকলৰ জনসংখ্যা ২০ শতাংশমানহে হব ৷ ব্যৱসায়–বাণিজ্য কৰা লোকসকলৰ বেছিভাগেই দক্ষিণ ভাৰতীয়৷ শ্রমিকখিনিৰ বেছিভাগেই বাংলাদেশ আৰু পাকিস্তানী মূলৰ ৷ আমি ঘূৰি ফুৰা মিনিবাছকেইখনৰ চালক তথা গাইড্কেইজনো পাকিস্তানৰেই আছিল ৷ সেইবাবেই ডুবাইৰ যতে–ততেই হিন্দী ভাষাৰ অবাধ প্রচলন ৷  অৱশ্যে দেশখনৰ প্রশাসন ব্যৱস্থা আৰু অধিকাংশ সম্পদৰ গৰাকী হল স্থানীয় লোকসকল ৷ আমাৰ অসমৰ পৰা গৈ তাত ব্যৱসায় তথা অন্য কর্মত নিয়োজিত লোক থকা বুলি শুনিছিলোঁ যদিও লগ পোৱাৰ সৌভাগ্য নহল ৷

আমি বহি থকা ফেৰী জাহাজবোৰক স্থানীয় ভাষাত ঢৌ Dhow বুলি কোৱা হয় ৷ এইবোৰ ৰেষুটৰেণ্ঢ সংলগ্ণ পৰম্পৰাগত দুমহলীয়া ভাসমান আৰব নাও ৷ খালটোত তেনেকুৱা কেইবাখনো ফেৰী দেখিলোঁ যিবোৰৰ আলোকসজ্জা আৰু হূদটোৰ নীলা পানীত সেইবোৰৰ পৰা প্রতিফলিত হোৱা বিচিত্র তিৰবিৰণিয়ে এক বিস্ময়কৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে আমাৰ ৰাতিৰ আহাৰৰো সময় হৈ আহিল৷ সজাই থোৱা বিভিন্ন সুস্বাদু খাদ্যৰ পৰা সকলোৱে নিজে সংগ্রহ কৰি খোৱাত ব্যস্ত হৈ পৰিলোঁ ৷ ঠিক খোৱা শেষ হোৱাৰ লগে লগেই আমাৰ ঢৌখনে যাত্রা আৰম্ভ কৰিলে ৷ লগতে তেনেকুৱা কেইবাখনো সুসজ্জিত ফেৰীৰ যাত্রা একেলগে আৰম্ভ হল ৷ উপকূলৰ ভিতৰলৈ সোমাই অহা সাগৰৰ ঠেক বাহু এটাৰ এই খালটোত কৰা নৌ ভ্রমণটোক Dubai Dhow Cruse Tour বুলি কোৱা হয় ৷ ডুবাই ভ্রমণ কৰা প্রায়বোৰ পর্যটকৰেই এইটো এক অবিচ্ছেদ্য অংগ ৷ পানীত প্রায় ডেৰ ঘণ্টাৰ ভ্রমণে চহৰখনৰ চহকী সংসৃক্তি আৰু ঐতিহ্যৰ এক নিখুঁত আভাস দিয়ে ৷ উপকূলৰ কিছু শ্রেষ্ঠ মনোৰম দৃশ্যৰ সাক্ষী হৈ ৰলোঁ আমি আটায়ে ৷

কিছুদূৰত  দেখিলোঁ এটা প্রকাণ্ড ফেৰিছ চকা Ferris Wheel যাক পর্যবেক্ষণ চকা বুলিও কোৱা হয়, এটি বিনোদনমূলক ভ্রমণ, যত এটা ঘূর্ণনশীল উলম্ব চকা থাকে আৰু ইয়াৰ লগত একাধিক যাত্রী কিিয়াই নিব পৰা কেবিন কিছুমান সংযুক্ত থাকে৷ ডুবাই মহানগৰীৰ ডুবাই মেৰিনাৰ ব্লু ৱাটাৰ দ্বীপত অৱস্থিত এই ফেৰিছ চকাটো, যাক আই ডুবাই Eye Dubai বা আইন ডুবাই Ain Dubai বুলিও কোৱা হয়, বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু ওখ ফেৰিছ চকা, যাৰ উচ্চতা ২৫০ মিঃ  ফুট৷ ২০১৪ চনৰ মার্চ মাহত লাছ্ ভেগাছত মুকলি হোৱা পূর্বৰ বিশ্বৰ আটাইতকৈ ওখ পর্যবেক্ষণ চকা ১৬৭.৬ মিটাৰ প্তপ্তঙ্ম ফুঠ ওখ হাই ৰোলাৰতকৈ আইন ডুবাই ৮২.৪ মিটাৰ  ওখ ৷  এই বিশাল দর্শনীয় চকাটো লাহে লাহে ঘূৰি থাকে ৷  ৪৮টা কেবিনত ১৭৫০জন যাত্রী কঢ়িয়াই নিয়া এই চকাটোৰ পৰা ডুবাই মেৰিনা, বুর্জ অল্ আৰব হোটেল, পাম জুমেইৰা আৰু বুর্জ খলিফাৰ দৰে বিশেষ স্থানসমূহৰ নিশাৰ দৃশ্য উপভোগ কৰিব পাৰি ৷ অৱশ্যে ২০২২ চনৰ মার্চ মাহৰ পৰাই আইন ডুবাইৰPeriodic Enhancementৰ বাবে তালৈ পর্যটক যোৱাটো বন্ধ হৈ আছে যদিও বিভিন্ন ৰং–বিৰঙৰ বিজুলী চাকিৰে নিশা উদ্ভাসিত হৈ থাকে ৷ বিশ্বৰ কেইখনমান চহৰৰ দৰেই আইন ডুবায়ো ডুবাই মেৰিনালৈ অহা পর্যটকৰ বাবে জনপ্রিয় গন্তব্য স্থান ৷ আমি সকলোৱে দূৰৰ পৰাই ইয়াৰ ফটো আৰু ভিডি ললোঁ ৷

কিছু সময়ৰ পিছত ফেৰীখনৰ ওপৰ মহলাত মনোৰঞ্জনৰ অনুষ্ঠান আৰম্ভ হল ৷ এজন পুৰুষ নৃত্যশিল্পীয়ে আৰম্ভ কৰিল তনৌৰা Tanoura নৃত্য ৷ ই ইছলামিক দেশ বিশেষকৈ ইজিপ্ত আৰু তুৰস্ক্ৰ এটি পৰম্পৰাগত লোককথাৰ জাতীয় নৃত্য ৷ ইয়াৰ বৈশিষ্ট্য হল, কেৱল পুৰুষেহে এই নৃত্য পৰিৱেশন কৰে ৷ তনৌৰা শব্দটোৰ বুৎপত্তি আৰবী মূলৰ আৰু ইয়াৰ অর্থ হল স্কার্ট ৷ চুফী সংগীতৰ বাবে ইয়াক সাধাৰণতে চুফী পুৰুষসকলে পৰিৱেশন কৰে ৷ তেওঁলোকৰ বিচিত্র সাজপাৰবোৰত অসংখ্য সৰু সৰু ৰং–বিৰঙৰ লাইটৰ বাল্ব লগোৱা থাকে ৷ নৃত্যৰ লগে লগে সেইবোৰ লি উঠে আৰু দর্শকক চমকিত কৰি তোলে ৷ অবিৰতভাৱে ঘূৰি থকা শিল্পীজনে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰে ৷ এই নৃত্যই সূর্যৰ চাৰিওফালে পৃথিৱীৰ ঘূর্ণনৰ প্রতিনিধিত্ব কৰে আৰু মক্কাৰ কাবা বাইপাছক মূর্ত কৰি তোলে ৷ আমি এদিন মৰুভূমিত ভ্রমণ কৰোঁতেও ৰাতি এটি কেম্পত এই নৃত্যটি উপভোগ কৰিছিলোঁ ৷ মনোৰঞ্জনৰ অনুষ্ঠানসমূহ চলি থকাৰ মাজতে প্রায় ডেৰ ঘণ্টাৰ অন্তত আমাৰ ফেৰী যাত্রাৰ সামৰণি পৰিল ৷ এটি অনুপম সন্ধিয়াৰ মোহনীয় স্মৃতি বুকুত সাবটি ৰাতি প্রায় ১০.৩৫ বজাত হোটেললৈ ঘূৰি আহিলোঁ ৷

ফোনঃ  ৯৪৩৫১-৪১৭২১

You might also like

Comments are closed, but trackbacks and pingbacks are open.