স্নান, সুস্বাস্থ্য আৰু আয়ুর্বেদ

ভার্গৱ কলিতা

আয়ুর্বেদ হৈছে জীৱনৰ জ্ঞান, আয়ুর্বেদত বর্ণিত বিজ্ঞানসন্মত দিনচর্যা ঋতুচর্যাৰ নির্দেশনা সঠিকভাৱে পালন কৰিলে মনুষ্য তেজস্বী, ওজস্বী তথা আয়ুস্মান হয় ৷ আয়ুর্বেদ নির্দেশিত দিনচর্যাৰ অনুযায়ী মনুষ্যই ব্রহ্মমুহূর্তত শোৱাপাটী ত্যাগ কৰা উচিত ৷ দিনচর্যা সঠিকভাৱে পালন কৰাটো স্বাস্থ্য ৰক্ষাৰ বাবে অত্যন্ত জৰুৰী ৷ স্বাস্থ্যসন্মত দিনচর্যাত স্নানৰ ভূমিকা খুবেই মহত্ত্বপূর্ণ ৷ আয়ুর্বেদৰ প্রামাণিক গ্রন্থ অষ্টাংগ হৃদয়মত অভ্যংগাৰ পিছত ব্যায়াম, ব্যায়ামৰ পিছত দেহত উবটন প্রয়োগ আৰু তাৰ পিছত স্নান কৰাৰ নির্দেশনা প্রদান কৰা হৈছে ৷

দৈহিক স্বচ্ছতা, মানসিক প্রফুল্লতা, উৎসাহ–উদ্দীপনাৰ দৃষ্টিকোণেৰে স্নান কর্ম আমাৰ বাবে হিতকৰ আৰু আনন্দদায়ক শুভ কার্য ৷ স্নান ত্রিদোষনাশক ৷ স্নানে আয়ুস, শক্তি, বর্ণ, বলবীর্য, ওজঃ বৃদ্ধি কৰে ৷ স্নানে বিভিন্ন চর্মৰোগ, প্রমেহ, বেছিকৈ ঘাম ওলোৱা, অত্যধিক তৃষ্ণা, দেহৰ জলা–পোৰা, তন্দ্রা অনুভৱ আদি স্বাস্থ্য প্রতিকূলতা প্রতিৰোধ কৰে ৷ স্বচ্ছ নদীত স্নান কৰাটো স্বাস্থ্যৰ বাবে খুবেই প্রয়োজন ৷ সাধাৰণতে স্বাভাৱিক শীতল পানীৰে স্নান কৰা স্বাস্থ্যৰ পক্ষে মংগলজনক ৷ কিন্তু বিশেষ পৰিস্থিতিত উষ্ম জলেৰে স্নান কৰাৰ বিধান আয়ুর্বেদত আছে ৷ উষ্ম জলেৰে অধঃকায় ডিঙিৰ নিম্নাংশ শৰীৰ স্নান বলবর্ধক কিন্তু উষ্ম জলেৰে মূৰ বা নেত্র স্নান বিশেষকৈ চুলি আৰু নেত্রৰ বাবে অতি ক্ষতিকাৰক ৷ মুখ ৰোগ, কর্ণ ৰোগ, নেত্র ৰোগ, পেট ফুলা ৰোগ, অজীর্ণ আদি ৰোগত স্নান কৰা নিষেধ ৷ ভোজনৰ অন্তত স্নান কৰা হানিকাৰক ৷

বৈচিত্র্যপূর্ণ স্নান ভাৰতবর্ষৰ পৰম্পৰাগত স্বাস্থ্য বিজ্ঞানৰ অন্যতম অংগ ৷ বৈচিত্র্যপূর্ণ স্নানৰ এটি অংশ হৈছে স্নানৰ বাবে সাজু কৰা পানীত বিবিধ ঔষধিযুক্ত দ্রব্যৰ প্রয়োগ ৷ ভাৰতবর্ষৰ গাঁৱে–ভূঞে নিমৰ খুব প্রচলন হৈ আহিছে ৷ নিম অতি মংগলময় বনস্পতি ৷ চর্মৰোগ নিবাৰণৰ ক্ষেত্রত নিমৰ ভূমিকা সর্বজনবিদিত ৷ গ্রামীণ ঔষধালয় নামেৰে প্রসিদ্ধ এই বনস্পতিবিধ এণ্টি–বেক্টেৰিয়েল, এণ্টি–মাইক্রবিয়েল আৰু এণ্টি–ফাংগেল গুণেৰে সমৃদ্ধ ৷ নিমপাত পানীত উতলাই সেই পানীৰে গা ধুলে বিভিন্ন চর্মৰোগ নাশ হয় ৷ গা ধুবলৈ সাজু কৰা পানীখিনিত সতেজ নিমপাত পেলাই সেই পানীৰে গা ধুলেও উপকৃত হোৱা যায় ৷ নিমপাত মিশ্রিত পানীয়ে মাথোঁ চর্মৰোগেই যে নাশ কৰে, তেনে নহয় ৷ উফি, চুলি সৰা আদি সমস্যাৰো নিবাৰণত নিমপাত মিশ্রিত পানীয়ে সহায় কৰে ৷ শৰীৰৰ পৰা ওলোৱা দুর্গন্ধ বিনাশতো উক্ত পানীয়ে সহায় কৰে ৷

বিভিন্ন গৱেষণাত প্রমাণিত হৈছে যে পৰিশোধিত গো–মূত্র মিশ্রিত কৰি স্নান কৰিলে বিবিধ ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি ৷ গো–মূত্র হৈছে এণ্টি–বেক্টেৰিয়েল তথা এণ্টি–মাইক্রবিয়েল ঔষধি ৷ ঔষধ গুণৰ বাবে গো–মূত্রই ইতিমধ্যে কেইবাটাও ইউএছ পেটেণ্ট পাবলৈ সক্ষম হৈছে ৷ পৰিশোধিত গো–মূত্রৰ ব্যৱহাৰ কৰি স্নান কৰিলে ছালৰ নানা ৰোগ দূৰ হয় ৷ আনহাতে গোলাপ জলো হৈছে স্নানৰ বাবে সাজু কৰা পানীত মিশ্রিত কৰিব পৰা এবিধ উপকাৰী দ্রব্য ৷ গোলাপ জল মিহলোৱা পানীৰে গা ধুলে দেহৰ দুর্গন্ধ নাশ হয় ৷ সুগন্ধিময় হোৱা বাবে উক্ত পানীৰে গা ধুলে মানসিক প্রফুল্লতা বৃদ্ধি পায় ৷ চন্দনৰ গুড়ি মিহলাই স্নান কৰাটোও স্বাস্থ্যৰ পক্ষে মংগলজনক ৷ ছালৰ বিভিন্ন ব্যাধি নাশ কৰাৰ উপৰি চন্দন মিশ্রিত পানীয়ে মনলৈও আনন্দ কঢ়িয়াই আনে ৷ কমলা টেঙাৰ বাকলিৰে স্নান কৰাটো স্বাস্থ্যৰ বাবে হিতকৰ ৷ বাত ৰোগ তথা চর্মৰোগ দূৰ কৰাত এনে ধৰণৰ পানীৰ ভূমিকা অনবদ্য ৷ পানীত গাখীৰ মিহলায়ো স্নান কৰিব পাৰি ৷ গাখীৰ মিশ্রিত স্নানে আমাৰ ছাল কোমল কৰে, দেহৰ মৃত কোষসমূহ আঁতৰাই দিয়ে ৷ আয়ুর্বেদত শাস্ত্রসমূহত দেহত উবটন প্রয়োগ কৰাৰ পিছত স্নান কৰাৰ বিধি বিধান প্রদান কৰা হৈছে ৷ উবটনৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী ৷ আধুনিক বজাৰত উপলব্ধ বিভিন্ন চাবোন দেখাত আকর্ষণীয় তথা সুগন্ধিযুক্ত হলেও এইসমূহ স্বাস্থ্যৰ পক্ষে মুঠেই হিতকাৰক নহয় ৷ এই চাবোনসমূহে ভাল কৰাৰ পৰিৱর্তে বেয়াহে কৰে ৷ এই চাবোনসমূহত মাৰাত্মক ৰাসায়নিক পদার্থ থাকে, যিসমূহে ছালৰ বিস্তৰ ক্ষতি কৰে ৷ সেয়েহে আমি আয়ুর্বেদ নির্দেশিত উবটনৰ ব্যৱহাৰ কৰা উচিত ৷ অতীজৰ পৰা ভাৰতবর্ষত উবটন ব্যৱহাৰ হৈ আহিছে ৷ ৰজা–মহাৰজাৰ পৰা সাধাৰণ প্রজালৈকে এই বিজ্ঞানসন্মত সামগ্রী ব্যৱহৃত হৈ আহিছে ৷ আপুনি ঘৰতো ইয়াক প্রস্তুত কৰিব পাৰে নাইবা পঞ্চগব্য সামগ্রী নির্মাণ কৰা বিভিন্ন সংস্থাৰ পৰা এই সামগ্রী ক্রয় কৰিব পাৰে ৷ গাখীৰ, বেচন, হালধি, নেমুৰ ৰস, ছালকুঁৱৰী, মূলতানী মাটি, গোবৰ ভস্ম, নিম আদি পৰম উপকাৰী সামগ্রীৰে উবটন প্রস্তুত কৰা হয় ৷ উবটন জীৱাণুনাশক, জীর্ণ চর্ম বিকাৰনাশক আৰু জীৱাণুৰোধক ৷ উবটনে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে, ছালৰ দাগ, শালমইনা আদি দূৰ কৰাত সহায় কৰে, দেহত তাৰুণ্যৰ প্রভাৱ আনি দিয়ে, দেহত থকা অবাঞ্ছিত কেশ দূৰ কৰে ৷ উবটনত যিহেতু হালধি থাকে, সেয়েহে উবটনৰ প্রয়োগে দেহৰ প্রদাহ, খজুৱতি আদি দূৰ কৰাত মহত্ত্বপূর্ণ ভূমিকা পালন কৰে ৷ সেয়েহে আমি সদায় স্নান কৰাৰ আগেয়ে দেহত উবটন প্রয়োগ কৰিব লাগে ৷ এটা কথা সদায় মনত ৰাখিব সৌন্দর্য চর্চা মানে উগ্র প্রসাধন নহয় ৷ আমাৰ পৰম্পৰাগত নিয়মসমূহ মানি চলিলে আমাৰ স্বাস্থ্য আৰু সৌন্দর্য দুয়োটাই লাভ হয় ৷ যোগ বিজ্ঞান আৰু আয়ুর্বেদ এই দুটি পৰম্পৰাগত ভাৰতীয় বিজ্ঞান যথার্থভাৱে মানি চলিলে আমি নিশ্চিতভাৱে সুস্বাস্থ্য আৰু উচ্চ ব্যক্তিত্বৰ অধিকাৰী হব পাৰিম ৷

স্নান কার্যৰ আন এটি বৈচিত্র্যপূর্ণ অংগ হৈছে বাষ্প স্নান ৷ বাষ্প অর্থাৎ ভাপ প্রয়োগ কৰি কৰা এই স্নানত নিহিত হৈ আছে বহু বেমাৰ বিনাশ কৰাৰ সোপান ৷ বাষ্প স্নানে মেদবহুলতা দূৰ কৰাত সহায় কৰে ৷ বাষ্প স্নানে হৃদযন্ত্র আৰু ৰক্তবাহী নলিকাসমূহ স্বাস্থ্যৱান কৰি ৰাখে ৷ বাষ্প স্নানে ৰক্ত পৰিবহণ স্বাভাৱিক কৰাত যোগাত্মক অৰিহণা যোগায় ৷ এই স্নানে ব্যক্তিৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ বাষ্প স্নানৰ আন কেইটিমান উপকাৰিতা হৈছে-

¨ মনক সক্রিয়তা প্রদান কৰে

¨ মানসিক উদ্বিগ্ণতা দূৰ কৰাত সহায়ক হয়

¨ ছালৰ জ্যোতি বৃদ্ধি কৰে

¨ অকাল বৃদ্ধাৱস্থা প্রতিৰোধ কৰে

¨ শৰীৰৰ বিপাক প্রণালী কার্যক্ষম কৰি তোলে

¨ এজমা, আর্থৰাইটিচ আদি সমস্যা দূৰ কৰে

¨ ছালৰ পৰা বিষাক্ত তত্ত্ব দূৰ কৰে৷

বাষ্প স্নান গ্রহণ কৰাৰ ক্ষেত্রত এগৰাকী সুদক্ষ প্রাকৃতিক চিকিৎসক নাইবা আয়ুর্বেদিক বৈদ্যৰ পৰামর্শ গ্রহণ কৰাটো বাঞ্ছনীয় ৷ অন্যথা হিতে বিপৰীত হব পাৰে ৷ কাৰণ বাষ্প স্নানৰ যেনেকৈ বহুতো লাভ আছে তদনুৰূপ বহুতো বাধা নিষেধো আছে ৷ গর্ভৱতী নাৰী, মধুমেহ ৰোগী, ছার্জাৰী কৰা ব্যক্তি আদিৰ ক্ষেত্রত বাষ্প স্নান নিষিদ্ধ ৷ বাষ্প স্নান কৰাৰ পিছত সদায় সাধাৰণ পানীৰে স্নান কৰিব লাগে ৷ স্নান কার্যৰ আন এক বৈচিত্র্যপূর্ণ অংগ হৈছে বোকা স্নান ৷ প্রাকৃতিক চিকিৎসাৰ এক অভিন্ন সোপান হৈছে বোকা চিকিৎসা বা বোকা স্নান ৷ অভিজ্ঞ ব্যক্তিৰ দ্বাৰা নির্বাচন কৰা বোকাৰ লেপ প্রদান কৰি নানা ৰোগ দূৰ কৰিব পাৰি ৷ আজিকালি যোগ আৰু প্রাকৃতিক চিকিৎসালয়সমূহৰ কোটি টকাৰ ব্যৱসায় বোকা স্নানৰ জৰিয়তে হয় ৷ বহু বেমাৰৰ ৰামবাণ হৈছে বোকা স্নান ৷ চর্মৰোগ, পিত্ত আধিক্য, বিষণ্ণতাবোধ আদি ব্যাধি বিনাশ কৰাত বোকা চিকিৎসা ফলপ্রসূ প্রমাণিত হৈছে ৷ শুষ্ক্ ছাল, বগা দাগ, কুষ্ঠ ৰোগ, একজিমাৰ দৰে ব্যাধিত প্রাকৃতিক চিকিৎসকসকলে বোকা স্নানৰ পৰামর্শ প্রদান কৰে ৷ বোকা স্নানে পাচন তন্ত্র শক্তিশালী কৰে ৷ কোষ্ঠকাঠিন্য, গ্রহণী, ফেটী লিভাৰ, উচ্চ ৰক্তচাপ, মেদৰোগ আদি নিৰাময়ৰ দিশত বোকা স্নান অতি ফলদায়ক ৷ অভিজ্ঞ প্রাকৃতিক চিকিৎসকৰ পৰামর্শ অনুযায়ীহে বোকা স্নান গ্রহণ কৰা উচিত ৷ ৰূপ, তেজ, বল, পৱিত্রতা, আয়ু, আৰোগ্য, নির্লোভতা, দুঃস্বপ্ণ নাশ, তপ আৰু মেধা স্নানৰ জৰিয়তে এই দশটি ৰতন প্রাপ্ত হয় ৷ দূষিত পানীত কেতিয়াও স্নান নকৰিব ৷ আয়ুর্বেদত নদীত স্নান কৰাটো খুবেই উপকাৰী বুলি কোৱা হৈছে, কিন্তু কচাইখানা বৃদ্ধি, মাৰাত্মক আৰু বর্ধিত ৰূপত কৃষিভূমিত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ প্রয়োগ আদি বহুতো কাৰণত নদীসমূহ প্রদূষিত হৈছে ৷ গতিকে স্নান কৰোঁতে সাৱধান হব ৷ প্রদূষিত নদীত স্নান কৰিলে হিতৰ সলনি অহিতহে হব৷ ঠাণ্ডা বা গৰমৰ দিন বুলি কথা নাই, নিতৌ স্নান কৰাৰ অভ্যাস কৰক ৷ স্নান কৰাৰ পিছতহে গুৰু আহাৰ কৰাৰ অভ্যাস কৰক ৷ স্নান কৰাৰ পিছত আহাৰ গ্রহণ কৰিলে আহাৰৰ পাচন সঠিকভাৱে হয় ৷ কাৰণ স্নানে জঠৰাগ্ণি প্রদীপ্ত কৰে ৷ স্নানৰ বাদেও দৈহিক মানসিক আন শুচিতাৰ বিধিসমূহো সদায় বজাই ৰাখিব ৷

 ফোন : ৯৯৫৪৮-১০৫২৯

You might also like
Leave A Reply

Your email address will not be published.