ষ্ট্রিক্সাৰ ইউৰেথ্রাত উত্তৰবস্তি

ষ্ট্রিক্সাৰ ইউৰেথ্রাত উত্তৰবস্তিঃ  এক উর্বৰ বিকল্প চিকিৎসা

ডাঃ নিতুল বৈশ্য

আমাৰ শৰীৰৰ কিডনী দুটাত উৎপন্ন হোৱা প্রস্রাৱ ইউৰেটাৰ নামৰ দুডাল নলীৰে আহি ইউৰিনাৰী ব্লাডাৰ বা মূত্রথলীত জমা হয় ৷ মূত্রথলীত এক নির্দিষ্ট পৰিমাণৰ প্রায় ৩০০ মিঃলিঃ প্রস্রাৱ জমা হলে আমাৰ প্রস্রাৱৰ ভাৱ অনুভৱ হয় আৰু তেতিয়া আমি প্রস্রাৱ কৰি দিওঁ ৷ মূত্রথলীৰ পৰা যিডাল নলীৰে প্রস্রাৱ দেহৰ বাহিৰলৈ উলিয়াহ দিয়া হয়, সেহ নলীডালকেই ইউৰেথ্রা বা মূত্রনলী বুলি কোৱা হয় ৷

মতা মানুহৰ ইউৰেথ্রা প্রায় ২০ চেঃমিঃ মান দীঘল হোৱাৰ বিপৰীতে মাহকী মানুহৰ ইউৰেথ্রা প্রায় ৩ চেঃমিঃ মানহে দীঘল হয় ৷

বিভিন্ন কাৰণত এহ মূত্রনলী বা ইউৰেথ্রাডাল কোনো অংশত চাপ খাই বা সৰু হৈ সংকুচিত হৈ পৰিব পাৰে, যাৰ বাবে প্রস্রাৱ ওলাই অহাত বাধাৰ সৃষ্টি হয়, ইয়াকেহ ষ্ট্রিক্সাৰ ইউৰেথ্রা বুলি কোৱা হয় ৷

ষ্ট্রিক্সাৰ ইউৰেথ্রাৰ সম্ভাব্য কাৰণসমূহঃ

¨ বাহিৰৰ পৰা স্থানীয়ভাৱে ইউৰেথ্রাত আঘাত পালে ৷

¨ কোনো কাৰণত দীঘলীয়াভাৱে বা বাৰে বাৰে প্রস্রাৱৰ নলী বা কেথেটাৰ ব্যৱহাৰ কৰিলে ৷

¨ পক্ষাঘাত ৰোগৰ বাবে বা অন্য কোনো কাৰণে বাৰে বাৰে চি আই চি টিউব ব্যৱহাৰ কৰি  থাকিলে ৷

¨ যৌন সংক্রমিত ৰোগ চিফিলিছ, গোনোৰিয়া আদিৰ বাবে ৷

¨ ৰেডিয়েচন থেৰাপীৰ বাবে ৷

¨ প্রষ্টেট গ্রন্থি অথবা মূত্রনলীৰ কর্কট ৰোগৰ বাবে ৷

¨ প্রষ্টেট গ্রন্থিৰ আকাৰ বৃদ্ধি আৰু তাৰ বাবে কৰা শল্য চিকিৎসা ৷

¨ ডায়েগ্ণষ্টিক আৰু থেৰাপিউটিক চিষ্টস্ক্পিৰ সময়ত পোৱা আঘাতৰ বাবে ৷

ষ্ট্রিক্সাৰ ইউৰেথ্রাৰ সম্ভাব্য লক্ষণসমূহঃ

¨  প্রস্রাৱৰ ধাৰ বা সোঁত কমি যোৱা ৷

¨ ঘনে ঘনে প্রস্রাৱ লাগি থকা ৷

¨ প্রস্রাৱ কৰি উঠাৰ পিছতো মূত্রথলী সম্পূর্ণ খালী অনুভৱ নকৰা ৷

¨ প্রস্রাৱ কৰোঁতে সিঁচৰতি হৈ পৰা ৷

¨ প্রস্রাৱ লা–পোৰা কৰা ৷

¨ সঘনাই প্রস্রাৱৰ সংক্রমণ হোৱা ৷

¨ প্রস্রাৱ কৰাৰ সময়ত বিষ অনুভৱ কৰা ৷

¨ প্রস্রাৱ বন্ধ হৈ যোৱা ৷

কেনেকৈ গম পোৱা যাব

উপৰিউক্ত লক্ষণসমূহ দেখা দিলে সম্ভাব্য ষ্ট্রিক্সাৰ হউৰেথ্রাৰ বিষয়ে সবিশেষ ষ্ট্রিক্সাৰৰ স্থান আৰু পৰিমাণ আদি জানিবলৈ আৰ জি হউ, এম চি হউ নামৰ মূত্রনলীৰ এক্সৰে কৰা হয় ৷

চিকিৎসাঃ

কম আৰু প্রাৰম্ভিক অৱস্থাত ইউৰেথ্রেল ডাহলেটেচন কৰি অর্থাৎ নির্দিষ্ট যন্ত্রৰে বল প্রয়োগ কৰি বহলাই দি ষ্ট্রিক্সাৰ ইউৰেথ্রাৰ চিকিৎসা কৰা হয় ৷ অতি বেছি, বাৰে বাৰে আৰু সঘনাই হোৱা ষ্ট্রিক্সাৰৰ চিকিৎসাৰ বাবে অপেন ছার্জাৰী বা বি এম জি ইউৰেথ্রপ্লাষ্টিও কৰিব লগা হব পাৰে,  যত মানুহজনৰ মুখৰ ভিতৰৰ পৰা এডোখৰ ছাল কাটি আনি মূত্রনলী বা হউৰেথ্রাৰ ভিতৰত লগাই দিয়া হয় ৷ আন এটা চিকিৎসা পদ্ধতি হৈছে অ আই ইউ ৷ অৱশ্যে আটাহতকৈ সহজ, সুগম আৰু বিশ্বাসযোগ্য চিকিৎসা পদ্ধতিটো হৈছে ভিজিবল্ ইণ্ঢাৰনেল ইউৰেথ্রটমী বা চমুকৈ ভি আই ইউহ্ল, যত এক নির্দিষ্ট ক্ষমতাৰ লেজাৰৰ সহায়ত মূত্রনলীডালৰ সংকুচিত অংশ মোকলাই দিয়া হয় ৷ কিন্তু আটাইতকৈ আমনিদায়ক কথাটো এইটোৱে যে এবাৰ ষ্ট্রিক্সাৰ ইউৰেথ্রা হোৱাৰ পিছত অপাৰেচন কৰিলেও হ বাৰে বাৰে(Recurrence) হৈ থাকে ৷ এহ বাৰে বাৰে হৈ থকাৰ প্রৱণতা হ্রাস কৰিবলৈ আধুনিক চিকিৎসা বিজ্ঞানত চি আই চি( Clean Intermitant Catheterisation – CIC) নামৰ এক পদ্ধতি ৰোগীক শিকাই দিয়া হয়, যত ৰোগীগৰাকীয়ে অপাৰেচন হৈ যোৱাৰ বহুদিন পিছলৈ বা কেতিয়াবা তেওঁৰ গোটেই জীৱনকাল নিজে নিজে এটা নির্দিষ্ট জোখৰ খালী প্লাষ্টিকৰ পাইপ ভৰাই প্রস্রাৱৰ ৰাস্তাটো বহলাই ৰাখিব লগা হয় ৷ এই কাম নিতৌ দুহ তিনিবাৰকৈ গোটেই জীৱন ধৰি কৰি থাকিব লগাও হয় ৷ তেনেহলে ৰোগীৰ যথেষ্ট অসুবিধা হয়, জীৱন যাপনৰ মান(quality of life) কমি যায় ৷

কিন্তু আয়ুর্বেদ চিকিৎসা বিজ্ঞানৰ সুশ্রুত সংহিতাত এই সমস্যাৰ এক বিশেষ সমাধান উল্লেখ আছে ৷ সেয়া হল – উত্তৰবস্তি ৷ এহ চিকিৎসা পদ্ধতি ওপৰত উল্লেখ কৰা চি আই চি পদ্ধতিৰ দৰে প্রায় একেই ৷ উত্তৰবস্তি চিকিৎসাত এক নির্দ্দিষ্ট জোখৰ প্লাষ্টিক বা ৰবৰৰ পাইপৰ সহায়ত মূত্রনলীত জাত্যাদি তেল, বৃহত্যাদি তেল বা অপমার্গ তেল আদি বিশেষ ঔষধি তেল (Medicated Oil) এক নির্দ্দিষ্ট পৰিমাণে ভৰাই দিয়া হয় ৷ এই ঔষধি তেলৰ ঘা শুকাব পৰা এক বিশেষ ক্ষমতা(Wound Healing Capacity) আছে, যিয়ে হউৰেথ্রেল ষ্ট্রিক্সাৰ বাৰে বাৰে হোৱাৰ প্রৱণতা প্রায় নাইকিয়া কৰি দিয়ে ৷

গতিকে বাৰে বাৰে হোৱা(Recurrence) এহ সমস্যাত ভুগি থকা ষ্ট্রিক্সাৰ ইউৰেথ্রাৰ ৰোগীয়ে অপাৰেচনৰ পিছত উত্তৰবস্তি চিকিৎসা লব পাৰে, যাৰ জৰিয়তে তেওঁলোকে এক স্থায়ী অথবা দীর্ঘস্থায়ী সমাধান পাব পাৰে ৷

ফোনঃ   ৭৮৯৬২-৪৬০০১

You might also like
Leave A Reply

Your email address will not be published.