শালমনৰ সমস্যা–প্রতিকাৰ

অজন্তা উপমন্যু

ছালৰ নানান সমস্যাৰ ভিতৰত শালমনৰ সমস্যাও অন্যতম ৷ শালমন হলে গোটেহ মুখমণ্ডলত নাইবা মুখৰ এটা অংশত সৰু সৰু ফোঁহা হয় ৷ ছাল ৰঙা পৰে আৰু সামান্য বিষ অনুভৱ হয় ৷ শালমন বিশেষকৈ বয়ঃসন্ধি কালত বেছি হয় ৷ এই সময়ত হৰমনৰ তাৰতম্য ঘটে ৷ ছাল বেছি তৈলাক্ত হয় আৰু তেতিয়াই শালমন বেছি হয় ৷ ছালত উৎপাদন হোৱা স্বাভাৱিক তেল নোমকূপৰ দ্বাৰা ছালৰ উপৰিভাগলৈ বিয়পি পৰে ৷ এনে ছাল সঘনাই পৰিষ্কাৰ কৰি নাথাকিলে নোমৰ গুৰিত লাগি থকা তেলত বাহিৰৰ ধূলি–বালি আৰু বীজাণু জমা হৈ শালমনৰ সৃষ্টি কৰে ৷ ছালৰ উপযোগী ফেচৱাচৰ সহায়ত ছাল পৰিষ্কাৰ কৰি ৰাখিব লাগে ৷

অতিমাত্রা জাংকফুড আৰু বজাৰৰ ঠাণ্ডা পানীয় সেৱনৰ ফলতো শালমন বেছি হয় ৷ ৰিফাইন খাদ্য, ময়দাৰে তৈয়াৰ কৰা খাদ্য দ্রব্য, মিঠাই, কেক, পেষ্ট্রি, চকলেট, আইচক্রীম আদি কমাই খোৱা উচিত ৷ ঘৰতে তৈয়াৰ কৰা ফলৰ ৰস, বতৰৰ শাক–পাচলি, টেঙা, তিতা আদি খাব লাগে ৷ অতিমাত্রা তেলত ভজা খাদ্য পৰাপক্ষত নোখোৱাই ভাল ৷

কষ্টিপেচনৰ সমস্যা থাকিলেও শালমন হব পাৰে ৷ পেটত জমা হৈ থকা বেয়া পদার্থৰ পৰা পেটৰ সমস্যাৰ সৃষ্টি কৰে আৰু তাৰ ফলত শালমন হব পাৰে ৷ অধিক পৰিমাণে পানী আৰু আঁহযুক্ত খাদ্য খালে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷ পানীয়ে শৰীৰৰ টক্সিন ভাগ উলিয়ায় পেট পৰিষ্কাৰ কৰি ৰাখে ৷ হয়াৰ উপৰি সঘনাই টোপনি খতি কৰিলেও শালমনৰ সমস্যা হব পাৰে ৷

কেতিয়াবা আকৌ অধিক প্রসাধন সামগ্রী ব্যৱহাৰৰ পৰাও শালমন হয় ৷ ৰাতি শোৱাৰ আগত প্রসাধন সম্পূর্ণ পৰিষ্কাৰ কৰিহে শুব লাগে ৷ তেজ পৰিষ্কাৰ হৈ থাকিলে শালমনৰ সমস্যাই দেখা দিব নোৱাৰে ৷  তেনে ক্ষেত্রত খাদ্য তালিকাত সপ্তাহত এদিনকৈ হলেও টেঙা, তিতা, খাৰ আদি অন্তর্ভুক্ত কৰিব লাগে ৷

শালমন নিৰাময়ৰ উপায়

  • প্রথমতে এখন কপাহী কাপোৰত এটুকুৰা বৰফ বান্ধি শালমনৰ ওপৰত লাহে লাহে হেঁচি দিব লাগে ৷ এনে কৰিলে লন–পোৰণ কম হয় ৷
  • এটোপাল ট্ৰী টি তেল(Tree tea oil) লৈ শালমনৰ ওপৰত লগাই বিশ মিনিটৰ পিছত তিতা কপাহেৰে লাহে লাহে তেল আঁতৰাওক ৷
  • দুই বা তিনি টোপাল নেমু ৰসত আধা চামুচ মৌ মিহলাহ শালমনৰ ওপৰত লগাই বিশ মিনিটৰ পিছত তিতা কপাহেৰে  আঁতৰাওক ৷
  • আলুৰ ৰস উলিয়াই তাত এচিকুট দালচেনিৰ গুড়ি মিহলাই শালমনৰ ওপৰত লগাই পোন্ধৰ–বিশ মিনিটৰ পিছত তিতা কপাহেৰে আঁতৰাওক ৷
  • কেঁচা অমিতা ৰুকি ৰস উলিয়াই শালমনৰ ওপৰত দি তিতা কপাহেৰে আঁতৰাওক ৷
  • এচামুচ এলভেৰা জেলৰ লগত কেহটামান পদিনা পাত পিহি পেষ্ট তৈয়াৰ কৰি প্রথমে ফেচৱাছৰ সহায়ত মুখ পৰিষ্কাৰ কৰি এই পেষ্ট শালমনৰ ওপৰত লগাই কিছু সময়ৰ পিছত তিতা কপাহেৰে পৰিষ্কাৰ কৰিব লাগে ৷
  • কলা তুলসী পিহি গোলাপ জলৰ লগত মিহলাই ছালত লগালেও শালমনৰ সমস্যা দূৰ হয় ৷ নিমপাত আৰু তুলসী পাত সমপৰিমাণে লৈ সিজাই চেকি সেই পানী বটলত ভৰাই ফ্রীজত থৈ দিব লাগে ৷ এই পানীৰে সঘনাই মুখ ধুই থাকিলেও শালমন ভাল হয় ৷

শালমন কেতিয়াও নখেৰে বা অন্য জোঙা বস্তুৰে ভাঙি দিব নালাগে ৷ এনে কৰিলে বিয়পি পৰাৰ আশংকা থকাৰ লগতে ছালত দাগ ৰৈ যোৱাৰ সম্ভাৱনা থাকে ৷

ফোনঃ  ৯৯৫৪২-৪৬২১৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.