সন্তুলিত জীৱনঃ উপকাৰিতা আৰু সঁচাৰ–কাঠী

ডঃ প্রদীপ নেওগ

When you have balance in your life, work becomes an entirely different experience. There is a passion that moves you to a whole new level of fulfillment and gratitude, and that’s when you can do your best… for yourself and for others.  – Cara Delevingne 

বর্তমান কালত সন্তুলিতজীৱন এক বহুল চর্চিত বিষয় আৰু এক অতি প্রয়োজনীয় প্রচেষ্টা হিচাপে পৰিগণিত হৈছে ৷ কাৰণ পূর্বৰ তুলনাত মানুহৰ ব্যস্ততা বহুগুণে বৃদ্ধি পাইছে ৷ শিক্ষা, বৃত্তি, পাৰস্পৰিক সম্বন্ধ, সামাজিক, ৰাজনৈতিক আদি সকলো ক্ষেত্রতে কৰণীয় দায়িত্বৰ পৰিসৰ আৰু বিবিধতা বহুগুণে বৃদ্ধি পাইছে ৷ বহুতৰে জীৱনত বৃত্তিগত দায়িত্বৰ বোজা হৈ পৰিছে অত্যধিক ৷ শিক্ষাৰ ক্ষেত্রখন অত্যন্ত বিশাল হৈ পৰাৰ উপৰি অত্যন্ত প্রতিযোগিতামূলক হৈ পৰাৰ ফলস্বৰূপে ছাত্র জীৱনৰ ব্যস্ততা আকাশলংঘী হৈ পৰিছে ৷ প্রযুক্তি কৌশলৰ দ্রুত বিকাশ, প্রচাৰ আৰু প্রকাশেও মানুহৰ ব্যস্ততা বৃদ্ধি আৰু বহুমুখী কৰি তুলিছে ৷ গোলকীয় অর্থনীতিও এইক্ষেত্রত এক কাৰক হিচাপে পৰিগণিত হৈছে ৷ সেয়েহে বিশেষ গুৰুত্বপূর্ণ হৈ পৰিছে সন্তুলিত জীৱনৰ প্রচেষ্টা ৷ এই লেখাত সন্তুলিত জীৱনৰ কেইটামান বিশেষ উপকাৰিতা আৰু সন্তুলিত জীৱন লাভৰ কেইটামান সঁচাৰকাঠী দাঙি ধৰা হৈছে ৷

সন্তুলিত জীৱনৰ উপকাৰিতাঃ

  • সুস্বাস্থ্যৰ বাবে সন্তুলিতজীৱন অপৰিহার্য ৷ অসন্তুলিত জীৱন যাপনত সাধাৰণতঃ স্বাস্থ্য ৰক্ষা উপেক্ষিত হয় ৷
  • অসন্তুলিত জীৱনত মানসিক চাপৰ পয়োভৰ ঘটে ৷ বর্তমান কালত সমগ্র বিশ্বব্যাপী মানসিক চাপ হৈ পৰিছে মানৱ জীৱনৰ এক গুৰুতৰ সমস্যা ৷ চিকিৎসা বিজ্ঞানে প্রমাণ কৰিছে যে ডায়েবেটিছ, হূদৰোগ, ডিমেনচিয়া, বিভিন্ন মানসিক ৰোগকে মুখ্য কৰি মানুহৰ অধিকাংশ ৰোগৰ মূল কাৰক মানসিক চাপ ৷ চলিত শতিকাত মানসিক চাপজনিত মাৰাত্মক ৰোগৰ প্রাদুর্ভাৱ বৃদ্ধি পাইছে ভয়াৱহ হাৰত ৷
  • সন্তুলিতজীৱনৰ আটাইতকৈ প্রত্যক্ষ আৰু গুৰুত্বপূর্ণ উপকাৰিতা হৈছে ই এফালে সুখ, সন্তুষ্টি আৰু প্রশান্তি লাভৰ সহায়ক হিচাপে অৰিহণা যোগায়, আৰু আনফালে অসন্তুষ্টি, অশান্তি, উদ্বেগ আদিৰ প্রতিৰোধক হিচাপে কাম কৰে ৷ প্রসংগতঃ উল্লেখনীয় যে সন্তুষ্টি আৰু প্রশান্তিয়ে মানুহৰ সকলো প্রকাৰৰ সুখসফলতা লাভৰ মূল শক্তি হিচাপে কাম কৰে Happiness is not a matter of intensity but of balance, order, rhythm and harmony. – Thomas Merton   
  • সন্তুলিত জীৱনযাত্রাত প্রশান্তি, সন্তুষ্টি, ধনাত্মক আৱেগ আদি বর্তি থাকে বাবে ব্যক্তিৰ উৎপাদনশীলতা বৃদ্ধি পায় ৷ শক্তিসামর্থ্য, জ্ঞান, দক্ষতা, প্রতিভা আদিৰ প্রয়োগ আৰু বিকাশ উন্নতৰ হয় ৷ আনহাতে অসন্তুলিত জীৱনত মানুহ সাধাৰণতঃ অতি ব্যস্ত হয় যদিও দৰাচলতে উৎপাদনশীলতা বৃদ্ধি নহয় ৷ জীৱনৰ সকলো ক্ষেত্রত শৃংখলাবদ্ধতাৰ অভাৱ ঘটে, আৰু সময়, শক্তি আদি বহুলাংশে অপচয় হয় ৷ শাৰীৰিক আৰু মানসিক উভয় প্রকাৰৰ দুর্বলতা বৃদ্ধি পায় ৷ নিজৰ শক্তিসামর্থ্য অনুযায়ী সুখসফলতা লাভ কৰিব নোৱাৰে ৷

সন্তুলিতজীৱন লাভৰ সঁচাৰকাঠী

  • অভীপ্সা আৰু নিষ্ঠাঃ

সন্তুলিতজীৱন লাভ কৰাটো এক সহজসৰল প্রচেষ্টা৷ ইচ্ছা আৰু নিষ্ঠা অটুট ৰাখি চেষ্টা চলালে সকলোৰে বাবে সম্ভৱ ৷ পিছে কিছুমান ব্যক্তিয়ে এই বিষয়ত তেনেই গুৰুত্ব নিদিয়ে ৷ সেয়ে আন্তৰিকতাৰে ইচ্ছাও নকৰে ৷ আন কিছুমানে তেওঁলোকৰ ক্ষেত্রত সম্ভৱ নহয় বুলি ভুল ধাৰণাৰ বশৱর্তী হৈ অসন্তুলিত জীৱন কটায় ৷ সেয়েহে সন্তুলিত জীৱন লাভৰ বাবে অভীপ্সা আৰু নিষ্ঠা প্রাথমিকভাৱে প্রয়োজনীয় ৷ সন্তুলিত জীৱনৰ আৱশ্যকতা আৰু উপকাৰিতা হূদয়ংগম কৰি সততে সবল অভীপ্সা, নিষ্ঠা, বুদ্ধিমত্তা আৰু সজাগতা অটুট ৰাখি নিৰৱধি প্রচেষ্টা চলাই যাব লাগে Balance is the key to everything. What we do, think, say, eat, feel, they all require awareness, and through awareness we can grow. – Koi Fresco

 

  • পৰিকল্পনাঃ  

স্বতঃসিদ্ধ যে জীৱনৰ বিভিন্ন ক্ষেত্র তথা দিশত যথাপৰিমাণে আৰু যথোপযুক্তভাৱে সময় আৰু শক্তিসামর্থ্য দিলেহে জীৱনযাত্রা সন্তুলিত হয় ৷ সেয়ে জীৱনৰ গুৰুত্বপূর্ণ দিশ আৰু ক্ষেত্রবোৰত যথাপৰিমাণে সময় আৰু শক্তিসামর্থ্য প্রয়োগ কৰিবৰ বাবে মনতে এক থূলমূল পৰিকল্পনা কৰাটো উপাদেয় ৷ কোনোবাটো দিশ বা ক্ষেত্র উপেক্ষিত নহবৰ বাবে এই পৰিকল্পনাৰ অতিকে প্রয়োজন ৷ এইক্ষেত্রত বিশেষ গুৰুত্বপূর্ণ বুলি গণ্য কৰিবলগীয়া ক্ষেত্রকেইটা হৈছে শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্য, বৃত্তি, পাৰস্পৰিক সম্বন্ধ, শিক্ষা, সামাজিক, বিশেষ প্রচেষ্টালক্ষ্যস্বপ্ আৰু আধ্যাত্মিকতা ৷ এইকেউটা ক্ষেত্র যথাপৰিমাণে সবল হলে মানুহৰ জীৱন সন্তুলিত হৈ উঠে৷ অৱশ্যে কেউটা দিশ বেচ সবল হব লাগিবই বুলি কোনো কথা নাই ৷ আনহাতে কোনোবাটো প্রয়োজনতকৈ ভালেখিনি দুর্বল হলে সি জীৱন অসন্তুলিত হোৱাত অৰিহণা যোগায় ৷ তদুপৰি জীৱনৰ বিভিন্ন পর্যায় অনুসৰি ব্যক্তিয়ে ভিন ভিন ক্ষেত্রত অধিক সময় আৰু শক্তিসামর্থ্য প্রয়োগ কৰিব লাগে কিম্বা কৰিবলগীয়া হয় ৷ সেয়েহে সন্তুলিত জীৱন লাভৰ প্রচেষ্টাত সুপৰিকল্পনা, বুদ্ধিমত্তা, দূৰদর্শিতা আদিৰ বেচ প্রয়োজন৷Balancing on a rope requires skill, steady feet, a steady mind and a sense of weight control. As you can see, the act of balancing consists of several things. Some of these things may be small but at the same time necessary to put the act together. A lot of people find it hard to balance work. – FooDee

এই সন্দর্ভত উল্লেখনীয় যে জীৱনৰ সন্তুলনক আভ্যন্তৰীণ আৰু বহির্মুখী হিচাপে বিভক্ত কৰি বুজি সেই অনুসৰি পৰিকল্পনা আৰু প্রচেষ্টা চলোৱাটো এক সুফলপ্রদ কিটিপ৷ আভ্যন্তৰীণ বোলোঁতে মন, অন্তৰ আৰু স্বাস্থ্য সামৰি লোৱা হৈছে ৷ বহির্মুখী বোলোঁতে বৃত্তি, পৰিয়াল, সম্বন্ধ, সামাজিক আদি সামৰি লোৱা হৈছে ৷ Balance is key to keeping a sane mind and a sane household. Prioritizing, time management and other key factors help with balance.  – Heather Earles   

 

  • সময়ৰ সদ্ব্যৱহাৰঃ

বিভিন্ন দিশ বা ক্ষেত্রত যথাপৰিমাণৰ সময় দিলেহে সিবিলাক সবল হোৱাটো সম্ভৱ ৷ সেয়ে সন্তুলিত জীৱন লাভৰ বাবে সময়ৰ সদ্ব্যৱহাৰ অপৰিহার্য ৷ অবাবত সময় নষ্ট কৰা স্বভাৱেৰে সন্তুলিত জীৱন লাভ কৰাটো সম্ভৱ নহয় ৷

  • শৃংখলাবদ্ধতাঃ  

ব্যক্তিৰ সময়, শক্তি, অর্থ আৰু বিভিন্ন সামর্থ্যৰ সদ্ব্যৱহাৰত শৃংখলাবদ্ধতাই প্রভূত্ব বৰঙনি যোগায় ৷ শৃংখলাবদ্ধতাৰ অভাৱ ঘটিলে তথা উচ্ছৃংখল জীৱনত সময়, শক্তি, অর্থ আদিৰ বেয়াকৈ স্খলন ঘটি থাকে ৷ তদুপৰি উচ্ছৃংখল জীৱনে ঋণাত্মক আৱেগ আৰু মানসিক চাপৰ সোঁত বোৱায় ৷ ফলস্বৰূপে সন্তুলিত জীৱন লাভ কৰাটো দুৰূহ হৈ পৰে ৷

  • পূর্ণ উৎকৃষ্টতাৰ স্পৃহা আৰু অত্যাধিক বর্জনঃ

সন্তুলিত জীৱন লাভৰ বাবে যিকোনো ক্ষেত্র তথা বিষয়ত অত্যাধিক্য এৰাই চলাটো বিশেষ আৱশ্যকীয় ৷ কোনো এক ক্ষেত্রৰ অত্যাধিক্যই সন্তুলিত জীৱন লাভৰ সমগ্র প্রচেষ্টাটো বেয়াকৈ ক্ষতিগ্রস্ত কৰিব তুলিব পাৰে ৷ এই সন্দর্ভত বিশেষ মনোনিৱেশ কৰিব লাগে পূর্ণ উৎকৃষ্টতা বা শুদ্ধতা perfection লাভৰ আৱেগিক স্পৃহা  বর্জনৰ ৷ কোনো এক প্রচেষ্টাত এশ শতাংশ উৎকৃষ্টতা বা শুদ্ধতা লাভৰ আৱেগিক স্পৃহাই ব্যক্তিক জীৱনৰ আনবিলাক দিশৰ প্রতি উদাসীন আৰু দায়িত্বজ্ঞানহীন কৰি তোলাত অৰিহণা যোগায় ৷ তদুপৰি এনে স্পৃহাই প্রবল মানসিক চাপৰ কাৰক হিচাপে কাম কৰে ৷ লাভজনকভাৱে বলশক্তি প্রয়োগ কৰাৰ বাধক হিচাপে ক্রিয়া কৰে ৷ মনত ৰখা প্রয়োজন যে মানুহৰ জীৱনৰ বহুতো ক্ষেত্রত এশ শতাংশ পূর্ণতা বা শুদ্ধতা সম্ভৱ হৈ নুঠে৷ তদুপৰি সন্তুলিত জীৱন লাভৰ প্রচেষ্টাত এই কথা মনত ৰখা বিশেষ প্রয়োজন যে জীৱনযাত্রাত ব্যক্তিক সময়ৰ মূৰে মূৰে বিৰতি তথা জিৰণিৰ প্রয়োজন ৷ যেনেকৈ প্রতিদিনে আমাক পর্যাপ্ত টোপনিৰ প্রয়োজন সেইদৰে ব্যস্ততাপূর্ণ জীৱনত সময়ৰ মূৰে মূৰে জিৰণিৰ প্রয়োজন ৷ Life is all about balance. You don’t always need to be getting stuff done. Sometimes it’s perfectly okay and absolutely necessary to do nothing. – Tiny Buddha   

 

  • পর্যালোচনাঃ

সন্তুলিত জীৱন লাভৰ প্রচেষ্টাত সঘনে পর্যালোচনা কৰাটো অতি আৱশ্যকীয় ৷ পর্যালোচনাই যথাসময়ত সন্তুলনৰ প্রচেষ্টা সঠিকভাৱে অগ্রগতি লাভ কৰাত অৰিহণা যোগায় ৷ পর্যালোচনাৰ অভাৱত সন্তুলিত জীৱন লাভৰ প্রচেষ্টা দিশহাৰা হোৱাৰ সম্ভাৱনা থাকে ৷ তদুপৰি  পর্যালোচনাৰ ফলত সন্তুলিত প্রচেষ্টাৰ সুফল পৰিস্ফুতভাৱে উপলব্ধি হয়, আৰু ফলস্বৰূপে প্রচেষ্টা সবলভাৱে চলাই নিবৰ বাবে অভীপ্সা, নিষ্ঠা, একাগ্রতা আদি বৃদ্ধি পায় ৷

You might also like
Leave A Reply

Your email address will not be published.