ব্যক্তিত্ব গঢ় লোৱাৰ মনস্তাত্ত্বিক পর্যায়

ডঃ  প্রদীপ নেওগ

প্রখ্যাত মনোবৈজ্ঞানিক এৰিক এৰিকচনে এক উপপাদ্যৰ যোগেদি মানুহৰ ব্যক্তিত্ব গঢ় লোৱাৰ কেইটামান নির্দিষ্ট মনস্তাত্ত্বিক পর্যায় দাঙি ধৰিছে ৷  ব্যক্তিৰ সমস্ত জীৱনকালৰ বিভিন্ন পর্যায়ত পাৰস্পৰিক সম্বন্ধ, সমাজ আৰু সামাজিক বাতাৱৰণে ব্যক্তিত্বত পেলোৱা প্রভাৱবিলাক উপপাদ্যটোত দাঙি ধৰা আৰু বিশ্লেষণ কৰা হৈছে ৷ সেয়ে নিজৰ আৰু সন্তানৰ ব্যক্তিত্ব সবল কৰাৰ উদ্দেশ্যত এই উপপাদ্যত দাঙি ধৰা অনুসিদ্ধান্ত আৰু বিশ্লেষণ বিশেষ উপাদেয় ৷ সেয়েহে মনোবিজ্ঞানত এই উপপাদ্যই লাভ কৰি  আহিছে বেচ গুৰুত্ব আৰু সমাদৰ ৷ এই লেখাত এই উপপাদ্যৰ প্রধান অনুসিদ্ধান্তখিনিৰ লগতে ব্যৱহাৰিক টিপ্পনী দাঙি ধৰিবলৈ প্রয়াস কৰা হৈছে ৷ উপপাদ্যটোত মানুহৰ জীৱনত ব্যক্তিত্ব গঢ় লোৱাৰ ৮টা মনস্তাত্ত্বিক পর্যায় দাঙি ধৰা হৈছে ৷ সেইকেইটা হৈছেঃ

  • বিশ্বাস বনাম অবিশ্বাস
  • স্বতন্ত্রতা বনাম লজ্জা আৰু সন্দেহ
  • কর্মস্পৃহা বনাম দোষী ভাব
  • উদ্যম বনাম হীনমন্যতা
  • অস্তিত্ব বনাম দুর্বোধ্যতা
  • আত্মীয়তা বনাম নিঃসংগতা
  • উৎপাদনশীলতা বনাম স্থিতিশীলতা
  • সাধুতা বনাম হতাশগ্রস্ততা

উপপাদ্যটোৰ অনুসিদ্ধান্ত অনুসৰি সাধাৰণতঃ প্রতি ব্যক্তিয়ে সৰুকালৰ পৰা ক্রমান্বয়ে উপর্যুক্ত পর্যায়কেইটা অতিক্রম কৰে ৷  এই প্রতিটো পর্যায়তে ব্যক্তিয়ে বিশেষ একোপ্রকাৰৰ ধনাত্মক বনাম ঋণাত্মক চিন্তা–ভাবনাৰ অভিজ্ঞতা লাভ কৰে, আৰু সেই অভিজ্ঞতাই ব্যক্তিত্ব গঢ় লোৱাত অৰিহণা যোগায় ৷ ধনাত্মক চিন্তা–ভাবনাৰ দ্বাৰা ঋণাত্মক চিন্তা–ভাবনা পৰাভূত হলে ব্যক্তিত্ব সবল হোৱাৰ সহায়ক হয় ৷ আনহাতে ঋণাত্মক চিন্তা–ভাবনাৰ দ্বাৰা ধনাত্মক চিন্তা–ভাবনা পৰাভূত হলে ব্যক্তিত্ব দুর্বল হয় ৷ এইক্ষেত্রত নিজৰ মনোবৃত্তি আৰু জ্ঞান–বুদ্ধিৰ উপৰি পাৰস্পৰিক সম্বন্ধৰ আচাৰ–ব্যৱহাৰ, সহায়–সমর্থন আৰু সামাজিক পৰিস্থিতি–পৰিৱেশৰ প্রভাৱ গুৰুত্বপূর্ণ ৷ বিশেষকৈ পিতৃ–মাতৃ আৰু পৰিয়ালৰ প্রভাৱ অতি গুৰুত্বপূর্ণ৷ তলত প্রতিটো পর্যায়ৰ চমু আভাস ব্যৱহাৰিক দিশত গুৰুত্ব দি দাঙি ধৰিছোঃ

বিশ্বাস বনাম অবিশ্বাসঃ

এই পর্যায় জন্মৰ পৰা ১৮ মাহ পর্যন্ত বিস্তৃত হয় ৷ পিতৃ–মাতৃ আৰু পৰিয়ালৰ লালন–পালনৰ ভিত্তিত এইপর্যায়ত শিশুৰ বিবিধ বিষয়ত বিশ্বাস নাইবা অবিশ্বাস গগ লৈ উঠিব পাৰে ৷ এই পর্যায়ৰ আন এক ফল হৈছে আশা ৷ সেয়ে শিশুৰ যাতে বিভিন্ন বিষয়ত যথোচিত বিশ্বাস জন্মে, আৰু  আশাবাদী হয় তাৰ  প্রতি পিতৃ–মাতৃ আৰু অভিভাৱক সচেতন আৰু যত্নপৰ হোৱা প্রয়োজন ৷ পর্যাপ্ত পুষ্টিকৰ খাদ্য, যতন, স্নেহ, আদৰ–সাদৰ আদিৰ অভাৱ ঘটিলে শিশুৰ সামগ্রিক শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুর্বল হোৱাটো তেনেই স্বাভাৱিক ৷ ব্যক্তিত্বতো বিভিন্ন অবিশ্বাস, হতাশা, নিৰাশা, অনীহা আদি গঢ়ি উঠে ৷ আনকি পিতৃ–মাতৃৰ প্রতিও অবিশ্বাস, আস্থাহীনতা আৰু বিৰাগ গঢ় লৈ উঠিব পাৰে ৷ মন কৰিবলীয়া যে শিশুকালত ব্যক্তিত্বত গঢ় লোৱা এনে মনোবৃত্তি সাধাৰণতঃ অতি শক্তভাৱে আজীৱন স্থিতি থাকে ৷

স্বতন্ত্রতা বনাম লজ্জা আৰু সন্দেহ

এই পর্যায় দুবছৰৰ ২ৰ পৰা ৩বছৰ বয়সৰ ৷ এই পর্যায়ত শিশুৱে কিছুমান কাম নিজে কৰিবলৈ সক্রিয় হোৱাৰ চেষ্টা কৰে আৰু কিছু পৰিমাণে স্বতন্ত্রতা লাভ কৰিবলৈ চেষ্টা কৰে ৷ পিতৃ–মাতৃ তথা অভিভাৱকে এই চেষ্টাত যথোপযুক্তভাৱে উৎসাহ আৰু সহায়–সহযোগ যোগালে শিশুৰ ব্যক্তিত্বত স্বতন্ত্রতা গঢ়ি উঠাত সহায়ক হয় ৷ আনহাতে পিতৃ–মাতৃ আৰু অভিভাৱকে অযথা নিৰুৎসাহ কৰিলে নাইবা অত্যধিক যতন লোৱাৰ প্রয়াসত নিজেই শিশুৱে নিজে কৰিবলৈ চেষ্টা কৰা কার্যও কৰিবলৈ ললে শিশুৰ ব্যক্তিত্বত স্বতন্ত্রতাৰ অভাৱ ঘটে, আৰু তাৰ বিপৰীতে লজ্জা, সন্দেহ, আত্মবিশ্বাসহীনতা আদি গঢ় লৈ উঠাৰ সহায়ক হয় ৷ উপপাদ্যটোত এই কথা স্পষ্ট কৰা হৈছে যে এই পর্যায়ত শিশুক স্বতন্ত্রভাৱে শৌচ–প্রস্রাৱ কৰিবলৈ শিকোৱাটো Toilet training ত বিশেষ মনোনিৱেশ কৰা প্রয়োজন ৷ স্বতন্ত্রভাৱে শৌচ–প্রস্রাৱ কৰিবলৈ শিকিলে শিশুৱে দৈহিক প্রবৃত্তিৰ লগত অভিযোজন কৰাৰ ক্ষমতা লাভ কৰে৷ স্বতন্ত্র মনোবৃত্তি আৰু আত্মবিশ্বাস গঢ় লৈ উঠাৰ সহায়ক হয় ৷ এইক্ষেত্রত শিশু অসফল হলে নাইবা পিতৃ–মাতৃৰ অত্যধিক যতনে বিপৰীত ফল দিয়াটো তেনেই স্বাভাৱিক ৷ বিশেষকৈ ব্যক্তিত্বত লজ্জা গঢ়ি উঠে আৰু নিজৰ ওপৰত আস্থা কমে ৷

কর্মস্পৃহা বনাম দোষী ভাবঃ

এই পর্যায় দুবছৰৰ ৩ৰ পৰা ৫ বছৰ বয়সলৈ হয় ৷ এই পর্যায়ত শিশুৱে বিভিন্ন বিষয়ত নিয়ন্ত্রণ কৰিবলৈ আৰু মানসিক আৰু শাৰীৰিক শক্তি প্রয়োগ কৰিবলৈ চেষ্টা কৰে ৷ এনে চেষ্টাবিলাকত শিশু যিমানে আশানুৰূপভাৱে সফল হয় সিমানে ব্যক্তিত্বত কার্যক্ষমতা আৰু কর্মস্পৃহা গগ লৈ উঠাৰ সহায়ক হয় ৷ অসফলতাই মনত দোষী ভাবেৰে  পীড়িত কৰে আৰু ফলস্বৰূপে ব্যক্তিত্বত পলায়নবাদী মনোবৃত্তি আৰু অপৰাধবোধ গঢ় লোৱাত সহায়ক হয় ৷ সক্রিয়তা, আত্মবিশ্বাস আদি হ্রাস পায় ৷ সেয়ে পিতৃ–মাতৃ আৰু অভিভাৱকে শিশুৰ চেষ্টাত উৎসাহ আৰু যথোপযুক্ত সহায়–সহযোগ প্রদান কৰাটো উপাদেয় ৷ আনহাতে অত্যধিক সহায়–সহযোগ, অত্যধিক নিয়ন্ত্রণ আৰু নিৰুৎসাহৰ ফল হিতে বিপৰীত হয় ৷

উদ্যম বনাম হীনমন্যতাঃ

এই পর্যায় দুবছৰৰ পৰা ১১ বছৰ বয়সলৈ বিস্তৃত ৷ এই পর্যায়ত শিশুৱে নির্দিষ্ট পাঠ্যক্রমৰ ভিত্তিত আৰু আন আন ধৰণেৰে বিভিন্ন বিষয়ক জ্ঞান আৰু দক্ষতা আহৰণত যত্নপৰ হব লগা হয় ৷ স্কুলৰ নীতি–নিয়ম মানি চলিবলগীয়া হয় ৷  সহপাঠী, শিক্ষক আদিৰ লগত পাৰস্পৰিক সম্বন্ধ গঢ়ি উঠে ৷ এনে প্রচেষ্টাত আশানুৰূপভাৱে সফল হলে শিশুৰ নিজৰ শক্তি–সামর্থ্য, দক্ষতা, প্রতিভা আদিৰ ওপৰত আস্থা আৰু আত্মবিশ্বাস সবল হোৱাৰ উপৰি আত্মমর্যাদাবোধ সবল হয় ৷ ফলস্বৰূপে উদ্যমী হৈ উঠে, আৰু ইবিলাক গঢ়ি উঠে ব্যক্তিত্বত ৷ আনহাতে এনে প্রচেষ্টাবিলাকত যিমানে এনে যিমানে অসফল হয় সিমানে ব্যক্তিত্বত হীনমন্যতা গঢ়ি উঠাত সহায়ক হয় ৷ স্বতঃসিদ্ধ যে পিতৃ–মাতৃ আৰু শিক্ষকে এই পর্যায়ত শিশুৰ প্রচেষ্টাবিলাকত পর্যাপ্ত সহায়–সহযোগ আগববাই ব্যক্তিত্ব সবল কৰাত গুৰুত্ব দিয়াৰ প্রয়োজন ৷ শিশুৰ পাৰম্পৰিক সম্বন্ধবিলাক সুস্থ–সবল হোৱাত বিশেষ মনোনিৱেশ কৰা প্রয়োজন ৷

অস্তিত্ব বনাম দুর্বোধ্যতাঃ

এই পর্যায় ১২ৰ পৰা ১৮ বছৰ বয়সলৈ বিস্তৃত ৷  শিশুৰ পৰা চেমনীয়া হয় ৷ এইছোৱা কালত ব্যক্তিয়ে পর্যাপ্ত জ্ঞান, দক্ষতা আদি আহৰণ কৰি আৰু প্রতিভা আদিৰ বিকাশ সাধন কৰি জীৱন প্রতিষ্ঠিত কৰাৰ চেষ্টাত ব্রতী হব লগা হয় ৷ নিজৰ অস্তিত্ব তথা পৰিচয়প্রাপ্ত কৰিবলৈ, বিশেষ মৰম–স্নেহ, মান–সন্মান পাবলৈ হাবিয়াস কৰে ৷ এনে প্রচেষ্টা বেচ প্রত্যাহ্বানপূর্ণ ৷ আন কথাত এই পর্যায়ক অস্তিত্ব ৰক্ষাৰ সংগ্রাম বুলি গণ্য কৰিব পাৰি ৷ এই সংগ্রামত আশানুৰূপভাৱে অগ্রগতি লাভ কৰিলে ব্যক্তিৰ ব্যক্তিত্বত আত্মসন্মান, আত্মমর্যাদা আদি সবল হয় ৷ আনহাতে আশানুৰূপভাৱে অগ্রগতি লাভ নকৰিলে নিজৰ অস্তিত্বৰ প্রতি সন্দেহ তথা নিৰাশা গঢ়ি উঠে ৷ বিবিধ দুর্বোধ্যতাত ভোগে ৷

আত্মীয়তা বনাম নিঃসংগতাঃ

এই পর্যায় ১৯ৰ পৰা ৪০ বছৰ বয়সলৈ বিস্তৃত ৷ আন কথাত যৌৱন কাল ৷ এই পর্যায়ত ব্যক্তিয়ে নির্বাচিত লোকৰ লগত ঘনিষ্ঠ আত্মীয়তা গঢ়ি তোলাৰ প্রতি আগ্রহী আৰু সক্রিয় হয় ৷ বিশেষকৈ জীৱনসংগীৰ সৈতে বৈবাহিক জীৱন কটোৱাত গুৰুত্ব দিয়ে ৷ নিবিড় প্রেম লাভ কৰিবলৈ বিশেষভাৱে আকর্ষিত হয় ৷ বুকুৰ আপোনসকলৰ বিশেষকৈ জীৱনসংগী আৰু সন্তানৰ পৰা প্রেম, স্নেহ আৰু আদৰ–সাদৰ পাবলৈ যত্ন কৰে ৷ তেওঁলোকৰ প্রতি দায়িত্বশীল হবলৈ যত্নপৰ হয় ৷ এনে সম্বন্ধবিলাক স্থায়ী আৰু সুৰক্ষিত হোৱাত গুৰুত্ব দিয়ে ৷ এই পর্যায়ৰ এনে আশা–আকাংক্ষা আদি আশানুৰূপভাৱে পূৰণ হলে ব্যক্তিৰ ব্যক্তিত্ব আত্মীয়বোধেৰে সবল হয়, আৰু তেনে নহলে নিঃসংগতাত ভোগাৰ স্থল থাকে, আৰু ব্যক্তিত্ব বহুলাংশে অন্তর্মুখী আৰু নিৰাশাবাদী হৈ উঠে ৷

উৎপাদনশীলতা বনাম স্থিতিশীলতাঃ

এই পর্যায় ৪০ৰ পৰা ৬৫ বছৰ বয়সলৈ বিস্তৃত ৷ এই পর্যায়ত ব্যক্তিয়ে নিজৰ উৎপাদনশীলতা বৃদ্ধি কৰাত তুলনামূলকভাৱে অধিক গুৰুত্ব  দিয়ে ৷ ইতিমধ্যে অর্জিত শক্তি–সামর্থ্য, জ্ঞান, দক্ষতা, প্রতিভা, ক্ষমতা, প্রতিপত্তি আদিৰ বলত নিজৰ লগতে পৰিয়ালৰ, দহৰ, সমাজৰ, জাতিৰ তথা দেশৰ হকে সক্রিয় হোৱাৰ মনোবৃত্তি অধিক হয় ৷ নির্বাচিত উদ্দেশ্যত যিমান পাৰি উৎপাদনশীল হবলৈ যত্নপৰ হয় ৷ এনে উদ্দেশ্য তথা মনোবৃত্তিত লাভ কৰা সফলতাই ব্যক্তিত্বত আত্মসন্মান আৰু আত্মমর্যাদাবোধ সবল হোৱাত প্রত্যক্ষ অৰিহণা যোগায় ৷ আনহাতে উদ্দেশ্য তথা মনোবৃত্তি সফলকাম কৰাত ব্যর্থ হলে নাইবা আশানুৰূপভাৱে অগ্রগতি লাভ নকৰিলে ব্যক্তিৰ আত্মসন্মান আৰু আত্মমর্যাদাবোধৰ স্খলন ঘটে আৰু ব্যক্তিত্বত নিৰাশা, হতাশা, স্থিতিশীলতা আদি গঢ়ি উঠে ৷

সাধুতা বনাম হতাশগ্রস্ততাঃ

এই পর্যায় ৬৫ বছৰ বয়সৰ পৰা মৃত্যুপর্যন্ত বিস্তৃত ৷ এই পর্যায়ত ব্যক্তিয়ে জীৱনটো পর্যলোচনা কৰিবলৈ স্বাভাৱিকতে আগ্রহশীল হৈ পৰে৷ তদুপৰি সাধাৰণতঃ জীৱনৰ যথার্থতা তুলনামূলকভাৱে অধিক গভীৰকৈ উপলব্ধি কৰে৷ সাধুতা, পৰোপকাৰ আদিত অধিক গুৰুত্ব আৰোপ কৰিবলৈ আগ্রহী হয় ৷ জীৱনটো পর্যালোচনা কৰোঁতে যিমানে ধনাত্মক আৱেগ আৰু সন্তুষ্টি লাভ হয়, সিমানে সাধুতা,  পৰোপকাৰ আদিৰ ক্ষেত্রত অভীপ্সু আৰু সক্রিয় হয় ৷ আনহাতে জীৱনটো পর্যালোচনা কৰোঁতে ঋণাত্মক আৱেগ, অসন্তুষ্টি, অনুতাপ আদিয়ে পীড়িত কৰিলে ব্যক্তি হতাশগ্রস্ততা, নিৰাশা আদিত ভোগে ৷

ফোনঃ  ৯৬৭৮০-০৩৬৭০

You might also like
Leave A Reply

Your email address will not be published.