মেদবহুলতা

ভার্গৱ কলিতা

সাম্প্রতিক সময়ত মেদবহুলতাই সমগ্র বিশ্বতে মাৰাত্মক ৰূপ ধাৰণ কৰিছে ৷ মেদবহুলতাক এই কাৰণে মাৰাত্মক বোলা হৈছে কাৰণ মেদবহুলতাৰ ফলত বহু বেমাৰৰ জন্ম হয় ৷ মেদবহুলতাই জীৱনী শক্তি হ্রাস কৰে ৷ শাৰীৰিক–মানসিক সতেজতা ম্লান কৰি মেদবহুলতাই ব্যক্তি এজনক নানা কষ্ট ভোগ কৰায় ৷ মেদবহুল ব্যক্তিৰ কর্মশক্তি হ্রাস পায় ৷ আলস্য আৰু দীর্ঘসূত্রিতা জীৱনৰ অংগ হৈ পৰে ৷

মেদবহুলতাৰ লক্ষণঃ

  • কিছুসময় কাম কৰাৰ পিছতেই উশাহ ঘন হবলৈ ধৰা ৷
  • কম কষ্টতেই বেছিকৈ ঘাম ওলোৱা ৷
  •  নিদ্রাৰত অৱস্থাত হুতৰণি আহে ৷
  •  আৱশ্যকতকৈ কম বা বেছি নিদ্রা ৷
  •  খোজকািিলে সহজতে ভাগৰ লগা ৷
  •  কঁকাল, নিতম্ব, উদৰত চর্বি জমা হোৱা ৷
  • পেটফুলা, কোষ্ঠকাঠিন্য, গেছৰ সমস্যা আদিত সঘনে ভুগি থকা ৷
  • মনোবৈজ্ঞানিক কু–প্রভাৱ যেনে আত্মবিশ্বাসৰ অভাৱ, নিজৰ ওপৰত ধিক্কাৰ আদি সমস্যাই দেখা দিয়ে ৷

মেদবহুলতাৰ কাৰণঃ

  • অসন্তুলিত আহাৰ ৷
  • ব্যায়াম নকৰা ৷
  • পর্যাপ্ত টোপনি নমৰা ৷
  • আলস্য ৷
  • বিপাক প্রণালীৰ দুর্বলতা ৷
  • বংশগত ৷
  • কিছুমান ঔষধ সেৱনৰ পার্শ্বক্রিয়া ৷

মেদবহুলতাৰ বাবে হোৱা আন বেমাৰঃ

  • হাই কলেষ্টৰেল ৷
  • ছুগাৰ ৷
  • উচ্চ ৰক্তচাপ ৷
  • হূদৰোগ ৷
  • ষ্ট্রোক ৷
  • শ্বাস–প্রশ্বাসত অসুবিধা ৷
  • মহিলাসকলৰ বন্ধ্যাত্ব আৰু অনিয়মীয়া মাহেকীয়া ঋতুস্রাৱ ৷
  • ফেটি লিভাৰ আদি ৷

মেদবহুলতাৰ পৰা কেনেদৰে বাচিবঃ

  • সন্তুলিত আহাৰ খোৱা ৷
  • দৈনিক আসন প্রাণায়াম ৷
  • বেছি তেলযুক্ত খাদ্য বর্জন ৷
  • আমিষ আহাৰ বর্জন ৷
  • জাংক ফুড, ফাষ্ট ফুড বর্জন ৷
  • পানী প্রচুৰ খাওক ৷
  • বেছি নিমখীয়া খাদ্য পৰিহাৰ কৰক ৷
  • বেছি মাত্রাত ফাইবাৰ থকা খাদ্য গ্রহণ কৰক ৷
  • বোকা স্নান কৰক ৷
  • মেদবহুলতা দূৰ কৰিবলৈ কুঞ্জল ক্রিয়া অতি প্রভাৱী৷ পুৱা খালী পেটত নিমখ মিশ্রিত কুহুমীয়া পানী খাই বমন কৰি উক্ত পানী বাহিৰ কৰি দিয়াটো হৈছে কুঞ্জল ক্রিয়া ৷
  • মেদবহুলতা নাশ কৰিবলৈ সূর্যনমস্কাৰ ৰামবাণস্বৰূপ৷ সূর্যনমস্কাৰৰ আৰু আছে উপকাৰিতা ৷ যেনে–
  • পাচন তন্ত্র মজবুত কৰে ৷
  • হাডৰ বাবে উপকাৰী ৷
  • মানসিক উদ্বিগ্ণতা হ্রাস কৰে ৷
  • কোষ্ঠকাঠিন্য দূৰ কৰে ৷
  • মাংসপেশী সবল কৰে ৷
  • অনিদ্রাৰ সমস্যা দূৰ কৰে ৷
  • মনৰ একাগ্রতা বৃদ্ধি কৰে ৷

গতিকে মাথোঁ মেদবহুলতা দূৰ কৰিবৰ বাবেই নহয়, অনেক সুফল পাবৰ বাবে দৈনিক সূর্যনমস্কাৰৰ অভ্যাস কৰিব লাগে ৷ এজন অভিজ্ঞ যোগবিদৰ তত্ত্বাৱধানত সূর্যনমস্কাৰ শিকিব লাগে ৷

  • মেদবহুলতা দূৰীকৰণৰ এনিমা অতি ফলপ্রসূ ৷
  • সূর্যনমস্কাৰৰ উপৰি আন কেইটিমান আসন প্রাণায়াম আছে, যিকেইটা আসন প্রাণায়াম মেদবহুলতা নাশ কৰিবৰ বাবে বহুত উপযোগী৷ যেনে– পষ্চিমোত্তানাসন, পৱনমুক্তাসন, নৌকাসন, ত্রিকোণাসন, অর্ধচক্রাসন, কপালভাটি প্রাণায়াম, নাডীশোধন প্রাণায়াম আদি ৷

ফোনঃ  ৯৯৫৪৮-১০৫২৯

You might also like
Leave A Reply

Your email address will not be published.