প্রেম–পৰিয়ালৰ কাহিনীৰে ৰংৰ নিবেদন ময়ূৰপংখী

জাহ্ণৱী মজুমদাৰ

৩০ মেৰ পৰা নিশা আঠত ৰং চেনেলত সম্প্রচাৰিত হৈ আছে নতুন ধাৰাবাহিক ময়ূৰপংখী ৷ যুৱপ্রজন্মৰ হার্টথ্রব জুবিন গার্গে গোৱা শীর্ষগীতটি ইতিমধ্যে জনপ্রিয় হৈ পৰিছে ৷ ধাৰাবাহিকখনত মুখ্য চৰিত্রত অভিনয় কৰিছে সৰু পর্দাৰ জনপ্রিয় অভিনেতা ঋষভ শর্মা ৰিচিৰ লগতে বিভিন্ন গানৰ ভিডিৰ জৰিয়তে আপোনালোকৰ মন জয় কৰা দিগাংগনা বৰাই ৰাধা৷ ধাৰাবাহিকখন পৰিচালনা কৰিছে কুমাৰ চন্দ্র নাৰায়ণ দেৱে৷ বৰষা যেতিয়া নামেৰ সফলতাৰ পিছত তেওঁৰ পৰিচালনাত এইখন দ্বিতীয় ধাৰাবহিক ৷ কাহিনী, চিত্রনাট্য, সংলাপ যুৱপ্রজন্মৰ জনপ্রিয় চিত্রনাট্যকাৰ নয়ন সাউদৰ ৷ লগতে সহযোগী হিচাপে আছে জাহ্ণৱী মজুমদাৰ ৷ কামৰূপা ত্রিয়েচনৰ বেনাৰত নির্মাণ হোৱা ধাৰাবাহিকখনৰ প্রযোজনা ভৰত কলিতাৰ ৷

প্রত্যেক মানুহৰ জীৱনলৈ প্রেম আহে ৷ সেই মনৰ মানুহজনক আপোন কৰাৰ হেঁপাহ সকলোৰে জন্মে ৷ প্রেমত সংঘাত থাকিবই, কিন্তু সকলো সংঘাত বাধা পাৰ কৰি প্রেমে আগবাঢ়ি যায় ৷ আমাৰ কাহিনীৰ মূল চৰিত্র হৈছে ৰাধা আৰু ৰিচি ৷ ৰাধাৰ প্রেমৰ বাধা হল তাইৰ মাক ৷ জীৱনৰ এনেকুৱা মেৰপাকত সোমাই পৰে যে তাই মাক আৰু ৰিচিৰ মাজত এজনক বাছনি কৰিবলগীয়া হয় ৷ এফালে ৰাধাৰ প্রেম আৰু এফালে জন্মদাত্রী মাক, ৰাধাই কি সিদ্ধান্ত লব, তাৰ উত্তৰ ধাৰাবাহিকখনৰ মাজেৰে ওলাই পৰিব ৷

কোৱা হয় নাৰীয়ে সদায় ত্যাগ কৰিবলগীয়া হয় ৷ কাৰোবাৰ পত্নী হবৰ বাবে নিজৰ জন্ম হোৱা ঘৰখন ত্যাগ, ঘৰ এখনৰ বোৱাৰী হৈ ঘৰখনৰ সুখৰ বাবে নিজৰ সুখ ত্যাগ আৰু মা হৈ সন্তানৰ সুখৰ বাবে নিজৰ সপোনবোৰ ত্যাগ কৰে ৷ ইমানবোৰ ত্যাগৰ পিছতো নাৰীয়ে সেই ত্যাগৰ মূল্য পায়নে এনে কিছুমান প্রশ্ণ ধাৰাবাহিকখনৰ মাজেৰে উত্থাপিত হ’ব আৰু তাৰ উত্তৰো দিয়াৰ চেষ্টা কৰিব ৷ প্রেম আৰু পৰিয়াল ধাৰাবাহিকখনৰ মূল বিষয়বস্তু ৷ ধাৰাবাহিকখনত সমাহাৰ ঘটিব বিভিন্ন মনোগ্রাহী চৰিত্রৰ ৷ যত অভিনয় কৰিছে আপোনালোকৰ মৰমৰ কিছু চিনাকি অভিনেতাভিনেত্রীয়ে ৷ ইয়াৰ ভিতৰত মিণ্টু বৰুৱা, শশাংক সমীৰ, ৰুম্পা শর্মা ভট্টাচার্য, অন্তৰা জি জি চৌধুৰী, দোলা পল, ধীৰাজ মজুমদাৰ, হেমেন বর্মন অন্যতম ৷

জুবিন গার্গে গোৱা শীর্ষ সংগীতটিৰ কথা শশাংক সমীৰৰ৷ সংগীত পৰাগ বৰকটকীৰ৷ চিত্রগ্রহণ সূৰুয ডেকাৰ, আৱহ সংগীত পৰাগ প্রীয়ম নাথৰ ৷ ৰূপসজ্জা বাবুল বৈশ্য, পিংকিমণি দাসৰ ৷ লগতে মুখ্য সহকাৰী পৰিচালক হল বুধিন খনিকৰ ৷

ধাৰাবাহিকখনৰ মাজত আপোনালোকে কিছু নতুনত্ব পাব বুলি আশা কৰা হৈছে ৷ ৰং চেনেলৰ প্রতিখন ধাৰাবাহিকৰ দৰে ময়ূৰপংখীকো মৰম দিব বুলি আমাৰ বিশ্বাস ৷

ফোনঃ  ৯৭০৬৭০৬৬৩০

You might also like
Leave A Reply

Your email address will not be published.