ডঃ তালিমেৰেন আও – অসমৰ প্রথমজন অলিম্পিয়ান

পংকজ বৰা

ভাৰতীয় ফুটবল জগতৰ এক বিশেষ নাম হ’ল তালিমেৰেন আও ৷ ১৯১৮ চনৰ ২৮ জানুৱাৰীত নগা পাহাৰৰ চাংকি গাঁৱত ৰিভাৰেণ্ড চুবংৱাটি নিঃদাংগ্ণি আও আৰু সোৱাংচানলাৰ ঔৰসত তালিমেৰেন আওৰ জন্ম হয় ৷ জন্মৰ তিনি বছৰ পিছতে তেওঁলোক মোককচাং চহৰৰ কাষতে থকা আমেৰিকান মিছনেৰীয়ে প্রদান কৰা গৃহত থাকিবলৈ লয় ৷ ১২জন পুত্রৰ তালিমেৰেন আছিল চতুর্থজন পুত্র ৷ তেওঁলোকৰ ঘৰৰ কাষতে থকা এখন খেলপথাৰত তালিমেৰেনে ফুটবল খেলিবলৈ আৰম্ভ কৰে ৷ তেনে সময়ত তেওঁৰ পিতৃ টাইফয়ড ৰোগত আক্রান্ত হৈ মৃত্যুবৰণ কৰে ৷ উপযুক্ত চিকিৎসাৰ অভাৱত ছটফটাই থকা ৰিভানেণ্ডে পুত্র তালিমেৰেনক এগৰাকী চিকিৎসক হৈ পীড়িত নগা সমাজক সেৱা আগববাবলৈ উপদেশ দিয়ে ৷

১৯৩৩ চনত তালিমেৰেনক যোৰহাটৰ মিছন  স্কুলত  পঢ়িবলৈ পঠিয়ায় আৰু তাতেই তেওঁৰ ফুটবল খেলৰ দক্ষতা শিক্ষক আৰু ছাত্রৰ মাজত জনাজাত হয় ৷ ১৯৩৭ চনত স্কুলীয়া শিক্ষা সাং কৰি গুৱাহাটীৰ কটন মহাবিদ্যালয়ত অধ্যয়নৰ বাবে নামভর্তি কৰে ৷  তাতেই তেওঁ পাঢ়ৰ লগতে ফুটবল খেলৰ মানদণ্ডৰ উন্নতি হবলৈ ধৰে আৰু গুৱাহাটী তথা অসমৰ এক নামজলা ফুটবল ক্লাব মহাৰাণা ক্লাবৰ হৈ খেলিবলৈ ধৰে ৷ এই ক্লাবত তেওঁ ষ্ট্রাইকাৰৰ পৰা ডিফেণ্ডাৰৰ স্থানত খেলিবলৈ লয় ৷ ভাল ভাল খেলুৱৈৰ লগত খেলিবলৈ সুবিধা পায় আৰু তালিমেৰেনৰ দক্ষতা বাঢ়িবলৈ ধৰে ৷ নিয়মিত প্রণালীবদ্ধ অনুশীলন চলি থকাৰ মাজতে দেউতাকৰ উপদেশক স্মৰণ কৰি কলিকতাৰ কার্মিচেল মেডিকেল কলেজত বর্তমান আৰ ডি কৰ মেডিকেল কলেজ চিকিৎসা বিজ্ঞান পঢ়িবৰ বাবে পৰীক্ষাত অৱতীর্ণ হয় ৷ প্রথম বছৰ তেওঁ পৰীক্ষাত উত্তীর্ণ নহল যদিও দ্বিতীয়বাৰ তেওঁ সফল হৈ কলিকতাত সেইখন কলেজত পঢ়িবলৈ সুযোগ পালে ৷

কলিকতাত পঢ়া আৰু খেলা দুয়োটা ভাল ধৰণেই চলি থাকিল ৷ গুৱাহাটীৰ মহাৰাণা ক্লাবত খেলি থকা সময়ত লগ পোৱা বিখ্যাত ফুটবল খেলুৱৈ শৰৎ দাসে সেই সময়ত কলিকতাৰ মোহন বাগান ক্লাবৰ হৈ খেলিছিল ৷ ১৯৪৩ চনত শৰৎ দাসে তালিমেৰেনক মোহন বাগান ক্লাবলৈ নি সদস্য পদ দিয়াৰ ব্যৱস্থা কৰি দিয়ে আৰু ক্লাবৰ ডিফেণ্ডাৰ স্থানত খেলিবলৈ আৰম্ভ কৰে ৷ একাগ্রতাৰে খেল অনুশীলন কৰি তেওঁ অভূতপূর্ব খেল প্রদর্শন কৰি সর্বভাৰতীয় ফুটবলৰ ক্ষেত্রখনত জনাজাত হৈ পৰিল ৷

কটন কলেজত খেলি থকা সময়ত ফুটবলৰ উপৰি ভলীবল আৰু বেডমিণ্টনত উচ্চমানৰ খেল প্রদর্শন কৰিছিল ৷ তালিমেৰেন কলেজত থাকোঁতেই ২৩ ফুট দীঘল জাঁপ মাৰি সেই সময়ৰ ৰাষ্ট্রীয় ৰেকর্ড ভাঙিবলৈ সক্ষম হৈছিল যদিও এই ৰেকর্ড অফিচিয়েল বুলি ধৰা নহয়, তথাপি ইমান দীঘল জাঁপ কেইবাবছৰলৈকে কোনেও মাৰিব পৰা নাছিল ৷

মোহন বাগান ক্লাবত ভর্তি হোৱাৰ এবছৰৰ ভিতৰতে তালিমেৰেনৰ দক্ষতা দেখি সেই ক্লাবৰ অধিনায়কৰ দায়িত্ব লবলৈ সুযোগ পায় ৷ ডিফেন্স স্থানত খেলি তেওঁ দ্য গ্রেট ৱাল অৱ চাইনা হিচাপে জনাজাত হ’ল ৷ কলিকতা ফুটবল লীগত অতি উন্নত খাপৰ খেল প্রদর্শন কৰি তেওঁ বহুতো উপাধি লাভ কৰিবলৈ সক্ষম হৈছিল ৷ মোহন বাগানৰ হৈ ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন দলৰ লগত তেওঁৰ খেলাৰ কৌশলৰ বাবেই হয়তো ৰাষ্ট্রীয় দল বাছনি কৰোঁতাসকলৰ চকুত পৰিল ৷ এনেকৈয়ে তালিমেৰেন ভাৰতীয় ফুটবল দলক অন্তর্ভুক্ত হয় ৷ দ্বিতীয় মহাযুদ্ধৰ বাবে ১৯৪০ আৰু ১৯৪৪ চনৰ অলিম্পিক বাতিল কৰা হয় আৰু ১৯৪৮ চনত লণ্ডনত অলিম্পিক প্রতিযোগিতা পুনৰ আৰম্ভ হয় ৷ অলিম্পিকত অংশগ্রহণ কৰিব লগা ভাৰতীয় ফুটবল দলৰ তেওঁ অধিনায়ক হিচাবে নির্বাচিত হয় ৷ লগতে অলিম্পিকৰ আৰম্ভণি অনুষ্ঠানত ভাৰতীয় দলটোৰ ফ্লেগ বিয়াৰাৰৰ দায়িত্বও বহন কৰিছিল ৷ ভাৰতবর্ষৰ প্রথমখন খেলত ফ্রান্সৰ লগত ২-১ ব্যৱধানত পৰাজয়বৰণ কৰে ৷ পৰাজয়বৰণ কৰিলেও খালী ভৰিৰে ভাৰতীয় দলে দেখুওৱা উন্নত আৰু দক্ষ খেলৰ বাবে দর্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৷ খেল শেষ হোৱাৰ পিছত সংবাদদাতাই কেপ্টেইন তালিমেৰেনক সোধা এক প্রশ্নৰ উত্তৰত তেওঁ কৈছিল ভাৰতীয় দলে ফুটবল খেলিছে আন দলে বুটবল খেলিছে ৷ তেওঁৰ এই উত্তৰে সেই সময়ত খুব চর্চা লাভ কৰিছিল ৷ ভাৰতীয় দলৰ খেল শেষ হোৱাৰ পিছত দলটোক ৰাজকুমাৰী মার্গাৰেটৰ তৎপৰতাত ৰাজপ্রসাদ বাকিমহাম পেলেচলৈ ৰাতিৰ আহাৰৰ বাবে নিমন্ত্রণ কৰে আৰু ব্রিটিছ ৰজা ষষ্ঠ জর্জ আৰু ৰাণীক লগ কৰাৰ সুযোগ লাভ কৰিছিল ৷ তালিমেৰেনক ইংলিছ ফুটবল ক্লাব আর্চিনেল হৈ খেলাৰ চুক্তি আগববায় যদিও তেওঁ বিনম্রতাৰে অপাৰগতা প্রকাশ কৰিলে ৷ অলিম্পিকৰ প্রতিযোগিতা শেষ হোৱাৰ পিছত ভাৰতীয় দলে ইংলেণ্ড, নেদাৰলেণ্ড ৱেলচ্ আৰু আয়াৰলেণ্ডত কেইবাখনে আমন্ত্রণীমূলক খেলত দুর্দান্ত খেল প্রদর্শন কৰি আন্তঃৰাষ্ট্রীয় বাতৰিৰ শিৰোনাম দখল কৰিছিল ৷ বিশেষকৈ ভাৰতে নেদাৰলেণ্ডৰ এটা দলৰ লগত খেলি ৫-২ গলৰ ব্যৱধানত জয়লাভ কৰাটো চর্চাৰ বিষয় হৈ পৰিছিল ৷

তালিমেৰেন এগৰাকী সুদক্ষ খেলুৱৈ হোৱাৰ উপৰি এগৰাকী অতি বহল আৰু উদাৰ মনৰ অধিকাৰী আছিল ৷ ১৯৩৮ চনত কলেজৰ এখন খেলত তেওঁ বেয়া ধৰণে সুখত আঘাতপ্রাপ্ত হয় ৷ ফলত জ Jaw ৰ বেয়াকৈ ক্ষতি হৈ চিকিৎসালয়ত এমাহ সময় চিকিৎসালয়ত থাকিব লগা হয় আৰু এটা বছৰ খেলৰ পৰা বিৰত থাকিব লগা হয় ৷ যিগৰাকী খেলুৱৈয়ে তেওঁক এই আঘাত হানিছিল, পৰৱর্তী সময়ত তালিমেৰেনে তেওঁক সহায় কৰি মহানুভৱতাৰ পৰিচয় দিছিল ৷

১৯৫০ চনত মোহন বাগান আৰু ভাৰতীয় দলৰ হৈ খেলি থকা সময়ত তালিমেৰেনে এম বি বি এছ ডিগ্রী লাভ কৰে আৰু এই ডিগ্রী লাভ কৰা প্রথমজন নগা হিচাপে ইতিহাসত নাম খোদিত কৰিলে ৷ এইখিনিতে তেওঁ পপা কার্মিচেল মেডিকেল কলেজৰ ক্রীড়া অনুৰাগী ব্রিটিছ অধ্যক্ষক ধন্যবাদ দিব লাগিব ৷ তালিমেৰেনক অলিম্পিক ফুটবল খেলৰ বাবে অধ্যক্ষগৰাকীয়ে এক বছৰৰ কাল ছুটী প্রদান কৰা বাবেই তেওঁক ভাৰতীয় দলৰ কেপ্টেইন হিচাপে দেখা পোৱা গল ৷

তালিমেৰেনৰ লক্ষ্য আছিল স্থিৰ আৰু কথাৰ মানুহ আছিল ৷ হয়তো দেউতাকক দিয়া কথাৰ কাম কৰিবৰ সময় সমাগত বুলি ভাবি তেওঁৰ খেলৰ  মান শিখৰত থকা অৱস্থাত ১৯৫২ চনতে খেলৰ পৰা অৱসৰ ললে আৰু ১৯৫৩ চনত কহিমাৰ অসামৰিক চিকিৎসালয়ৰ সহকাৰী চিভিল ছার্জন পদত যোগদান কৰে ৷ ১৯৬৩ চনত নগাপাহাৰ জিলাক ৰাজ্যিক মর্যাদা দিয়াৰ লগে লগে প্রথমগৰাকী সঞ্চালক হিচাপে ১৯৭৮ চনলৈকে আন্তৰিকতাৰে ৰাইজৰ সেৱা আগববায় অৱসৰ গ্রহণ কৰে ৷ ১৯৯৮ চনৰ ১৩ নৱেম্বৰত কহিমা চহৰত তালিমেৰেনে ইহলীলা সম্বৰণ কৰে ৷ অলিম্পিকত অংশ লোৱা ভাৰতবর্ষৰ প্রথমগৰাকী ফুটবল কেপ্ঢেইন হিচাপে তালিমেৰেনৰ নাম বুৰঞ্জীত থাকি গল ৷

You might also like
Leave A Reply

Your email address will not be published.