অনুশাসন আৰু মৰমৰ ভাৰসাম্য

জোনাকী দেৱী কাশ্যপ

A disciplined mind brings happiness- Buddha. 

শিশু এটিক সমাজৰ বাবে উপযুক্ত কৰি ভাল মানুহ ৰূপে গগ দিবলৈ যিবোৰ নীতিনিয়ম শিকোৱা প্রয়োজন, সেয়াই হৈছে অনুশাসন৷ ঘৰখন, বিদ্যালয়খন তথা সমাজখনো সুচাৰুৰূপে পৰিচালিত হবলৈ অনুশাসনৰ প্রয়োজন ৷ মনোবিজ্ঞানৰ ভাষা অনুসৰি, যি ব্যৱস্থাই শিশুৰ অন্তর্নিহিত শক্তি আৰু প্রবৃত্তিবিলাকক সদ্ভ্যাসত পৰিণত কৰি শিশুক সামাজিকভাৱে কর্তব্যবোধ সম্পন্ন, সুসামঞ্জস্যপূর্ণ ব্যক্তি হিচাপে গঢ় লোৱাত সহায় কৰে তেনে ব্যৱস্থাই হৈছে অনুশাসন ৷

শিশুক ভাল মানুহ ৰূপে গঢ়ি তুলিবলৈ মৰম প্রাথমিক প্রয়োজন৷ হয়াৰ অর্থ এহটো নহয় যে শিশুৰ অযুক্তিকৰ দাবী মানি লব লাগে ৷ অত্যধিক অনুশাসনে যেনেকৈ শিশুৰ বিকাশত বাধা জন্মাব পাৰে, ঠিক তেনেকৈ অত্যধিক মৰম তথা স্বাধীনতাৰ মাজত শিশুক এৰি দিয়াটোও একেবাৰে উচিত নহয় ৷ সেইবাবে অনুশাসন আৰু মৰমৰ মাজত ভাৰসাম্য ৰক্ষা কৰা প্রয়োজন ৷ শিশুটিক প্রয়োজনীয় মৰম দিয়াটো প্রয়োজন, কিন্তু মৰমৰ লগে লগে শাসন কৰাটোও জৰুৰী ৷ সন্তানৰ মোহত অন্ধ হৈ উচিতনুচিত বিচাৰ নকৰিলে ভৱিষ্যতে শিশুটি বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা থাকে ৷

অনুশাসন আৰু মৰমৰ মাজত ভাৰসাম্য কেনেকৈ বজাই ৰাখিব পাৰি, সেই বিষয়ে কেইটামান উপায় আলোচনা কৰা হল

Øশিশুক যথোপযুক্ত মৰম দিয়ক, কিন্তু বিচৰামতেই সকলো কাম কৰিবলৈ দিয়া নহব আৰু ডাঙৰে মানা কৰিলে যে শুনিব লাগে সেই শিক্ষা শিশুক দিয়া উচিত ৷

Øশিশুৱে বিচৰাৰ লগে লগে সকলো বস্তু দিব নালাগে, বস্তুটোৰ প্রয়োজনীয়তা আৰু উপযোগিতা বিচাৰ কৰিহে সিদ্ধান্ত লব লাগে ৷ শিশুটিক মৰমেৰে বুজাব লাগে, যাতে মনত আঘাত নাপায় ৷

Øশিশুক নীতিমূলক সাধুকথাৰ মাধ্যমেৰে মানৱীয় গুণসমূহ আয়ত্ত কৰাবৰ যত্ন কৰিব লাগে৷ ৷

Øধার্মিক তথা সামাজিক উৎসৱপার্বণত জ্যেষ্ঠজনৰ লগত শিশুকো অংশগ্রহণ কৰোৱা উচিত ৷

Øশিশুৰ মনত স্বদেশপ্রেম তথা ভাতৃত্ববোধ জগাহ তোলোৱাৰ যত্ন কৰাব লাগে ৷

Øশিশুৰ অনুসন্ধিৎসু মন বুজিবৰ চেষ্টা কৰিব লাগে আৰু সামাজিক পৰিৱেশৰ লগত একাত্ম হোৱাৰ সুযোগ প্রদান কৰিব লাগে ৷

Øশিশুক সমাজবিৰোধী আচৰণ নকৰিবলৈ বুজাব লাগে আৰু হয়াৰ ভয়াৱহতাৰ বাবে অৱগত কৰোৱা উচিত ৷

Øপৰিয়াল তথা বিদ্যালয়ত শিশুৰ আগ্রহ, অভিৰুচি অনুযায়ী বিশেষ প্রশিক্ষণৰ দৰকাৰ ৷

Øশিশু কেতিয়াবা অবাধ্য হলে মাৰধৰ কৰি একো সুফল পোৱা নাযায়, বৰং শিশুৰ বিকাশ বাধাপ্রাপ্তহে হয় ৷ সেয়ে খং নহয় মৰমেৰে বুজোৱাৰ যত্ন কৰা উচিত ৷

Øশিশুৰ সৃষ্টিশীলতাক উৎসাহিত কৰিব লাগে ৷

Øভাল কামৰ বাবে প্রশংসা, পুৰস্কাৰ প্রদান কৰিব লাগে ৷

Øবর্তমান যুগৰ শিশুৱে মবাহল বিচাৰিবহ, আপুনি দিব লগাও হব ৷ কিন্তু সময় সীমিত কৰা প্রয়োজন আৰু কিনো চাইছে চকু দিয়া উচিত ৷

Øকিছুমান শিশুৱে অহন শিশুক মাৰপিট কৰি আনন্দ লাভ কৰে৷ যদি পিতৃমাতৃয়ে দেখিও একো প্রতিক্রিয়া নকৰে শিশুটিয়ে কেনেকৈ বুজি পাব যে এয়া বেয়া কাম, শিশুটিক বুজাব লাগিব নহয় জানো ৷

শিশুক সমাজৰ উপযুক্ত প্রতিনিধি ৰূপে গঢ়ি পৰিয়াল, বিদ্যালয় তথা সমাজত মৰমৰ ভাষাৰে যথোপযুক্ত অনুশাসন শিকোৱাটো প্রয়োজন ৷ সকলো শিশুৱে সৎ, শৃংখলাবদ্ধ জীৱন এটি লাভ কৰক

ফোন  ৮৭২৪০৮৬৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.