মৌ– অমৃত নে বিষ

ডাঃ দুলুমণি কলিতা

আয়ুর্বেদত খাদ্যক স্বাস্থ্যকৰ জীৱনৰ বাবে তিনিটা মৌলিক স্তম্ভৰ আহাৰ, নিদ্রা আৰু ব্রহ্মচর্য এটা আৰু প্রথম বুলি গণ্য কৰা হয় ৷ দেৱাসুৰৰ সাগৰ মন্থনৰ সময়ত একেখন সাগৰৰ পৰাই অমৃত আৰু বিষ উৎপত্তিৰ আখ্যান আমাৰ আটাইৰে জ্ঞাত ৷ ঠিক তেনেদৰেই প্রকৃতিৰ প্রতিটো উপাদানতেই নিহিত হৈ থাকে অমৃত আৰু বিষাক্ত গুণাগুণ ৷ খাদ্য নির্মাণৰ প্রক্রিয়া, গ্রহণৰ পদ্ধতি আৰু ইয়াৰ মাত্রাৰ ওপৰত নির্ভৰ কৰে এই খাদ্য আপোনাৰ বাবে হব অমৃত নে বিষ

অতীজৰে পৰা বর্তমানলৈ প্রকৃতিৰ বুকুত উৎপাদিত খাদ্য একেই আছে, সলনি হৈছে মাথোঁ ইয়াৰ নির্মাণৰ পদ্ধতিৰহে ৷ প্রকৃতিক আওকাণ কৰি সৃষ্টি কৰিছে বিৰোধী গুণাগুণ, বিৰোধী সংমিশ্রণ, প্রক্রিয়াৰ বিৰোধী খাদ্যৰ অসামঞ্জস্যতা ৷ বজাৰ ভৰি পৰিছে হাইব্রিড শাক–পাচলি, অবতৰৰ ফলমূলেৰে, ফাষ্টফুডৰ পৰা ফাইভ ষ্টাৰলৈ নিহিত হৈ আছে এই খাদ্যৰ অসামঞ্জস্যতা ৷ এই অসংগত খাদ্যাভ্যাসৰ ফলত আজিকালি জীৱনশৈলীজনিত ৰোগ যেনে মেদবহুলতা, মধুমেহ, থাইৰয়ডৰ সমস্যা, বৃক্কজনিত ৰোগ, হূদৰোগ, বন্ধ্যাত্ব, চকুৰ ৰোগ, ছালৰ ৰোগ আদি কেহবাটাও মেটাবলিক(metabolic) ৰোগে ছানি ধৰিছে ৷

আজি আপোনালোকৰ লগত আলোচনা কৰিম বহুতো অতুলনীয় পুষ্টিগত আৰু চিকিৎসীয় গুণাগুণ বিশিষ্ট সোণালী অমৃতস্বৰূপ এক প্রাকৃতিক মিঠা মৌ–ৰসৰ বিষয়ে ৷ প্রাচীন বৈদিক সভ্যতাৰ সময়ৰ পৰাই মৌ মানৱজাতিৰ বাবে আটাইতকৈ উল্লেখযোগ্য উপহাৰ হিচাপে উল্লেখিত ৷ আজিকালি মিঠা বুলি কলেই মনলৈ কিছু আশংকা আহে ৷ কিন্তু সকলো মিঠা পদার্থই অস্বাস্থ্যকৰ নহয়, কিছুমানে প্রকৃততে স্বাস্থ্যৰ বাবে অতি উপকাৰী যদি নিয়মাৱলী মানি সঠিক পৰিমাণে সেৱন কৰা হয় ৷ মৌ প্রাকৃতিক মিঠা হিচাপে আৰু লগতে অনাদিকালৰ পৰা ঔষধি হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ আয়ুর্বেদত, মৌক মধু বুলি কোৱা হয় ৷ ইয়াৰ আভ্যন্তৰীণ আৰু বাহ্যিক প্রয়োগে ৰোগ নাশৰ লগতে স্বাস্থ্য ৰক্ষাত প্রভূত অৰিহণা যোগায় ৷ ফ্রুক্টোজ আৰু গ্লুকোজৰ উপৰি মৌত এণ্টিক্সিডেণ্ট, এনজাইম আৰু ভিটামিন আদিৰ লগতে মেগনেছিয়াম আৰু পটাছিয়ামৰ দৰে খনিজ পদার্থ থাকে ৷ ই শর্কৰাতকৈ গ্লাইচেমিক ইণ্ডেক্স জিআই কম যাৰ অর্থ হৈছে ই পৰিশোধিত চেনিৰ তুলনাত আপোনাৰ ৰক্ত শর্কৰাৰ স্তৰ অতি লাহে লাহে বৃদ্ধি কৰে ৷

মৌৰ উপকাৰিতা ঃ

মৌ আৰু শ্বাসতন্ত্রৰ স্বাস্থ্য ঃ আয়ুর্বেদে হাঁওফাঁওৰ স্বাস্থ্য আৰু শ্বাস–প্রশ্বাসৰ ভাৰসাম্য ৰক্ষাৰ বাবে মৌক অত্যন্ত উপকাৰী বুলি গণ্য কৰে ৷  আয়ুর্বেদৰ গ্রন্থসমূহে লগতে কয় যে মৌৰ ব্যৱহাৰ বিৰক্তিকৰ কাই বা ডিঙিৰ বিষ উপশমৰ বাবে যথেষ্ট উপকাৰী ৷ মৌ ৰসত থকা এণ্টিবেক্টেৰিয়েল গুণে সংক্রমণ ৰোধ কৰাৰ লগতে কৃফ বৃদ্ধিৰ বাবে শ্বাসনলীত জমা হোৱা শ্লেষ্মা আৱৰণ আঁতৰোৱাত সহায় কৰে৷ ইয়াৰ বাবে আপুনি ৰাতি শোৱাৰ আগত এগিলাচ গৰম পানীত দুচামুচ মৌ ৰস মিহলাই খাব লাগে নাহবা মৌ ৰসৰ লগত আদা মিহলায়ো খাব পাৰে ৷

মৌ, পাচনতন্ত্র আৰু মেদবহুলতা ঃ এচামুচ মৌ এগিলাচ কুহুমীয়া পানীৰ লগত আধা চামুচ নেমুৰ ৰস মিহলি কৰা হয় আৰু পুৱা প্রথম গ্রহণ কৰা হয়, তেন্তে ই কোষ্ঠকাঠিন্যতা আৰু হাইপাৰএচিডিটিৰ বাবে এক কার্যকৰী প্রতিকাৰ৷ এনেকৈ মৌ ৰসৰ নিত্য ব্যৱহাৰে মেদবহুলতা আঁতৰোৱাতো বিশেষ প্রভাৱ পেলোৱা দেখা যায় ৷

আয়ুর্বেদৰ গ্রন্থ অনুসৰি, যেতিয়া হজম নোহোৱা খাদ্য আৰু অন্যান্য বিষাক্ত পদার্থ খাদ্যনলীত থাকে, মৌৱে ৰেচক আৰু বর্জক হিচাপে কাম কৰে আৰু পেটৰ পৰা আৱর্জনা পদার্থ পৰিষ্কাৰ কৰাত সহায় কৰে ৷ ই এক প্রাকৃতিক ডিটক্সিফায়াৰ ৷

মৌ আৰু ৰক্তহীনতা ঃ

শৰীৰত হিমগ্লবিন নির্মাণ কৰাৰ ক্ষেত্রত মৌ এক উপকাৰী খাদ্য ৷  মুখ্যতঃ ইয়াত থকা লো, তাম আৰু মেংগানিজে এহ কার্যত বিশেষ ভূমিকা পালন কৰে ৷

মৌ আৰু আপোনাৰ ছাল ঃ

মৌ–এ গভীৰভাৱে মইশ্বৰাইজ কৰে আৰু ছালক সতেজ/হাইড্রেট কৰে ৷ মৌৰ এনজাইম কার্যকলাপে ইয়াক ছালত গভীৰভাৱে প্রৱেশ কৰিবলৈ আৰু অন্তর্নিহিত স্তৰবোৰলৈ হাইড্রেচন আনিবলৈ সক্ষম হয় ৷

মৌৱে অকাল বয়স বৃদ্ধিৰ লক্ষণবোৰ হ্রাস কৰে ৷ মৌৱে বায়ুৰ পৰা আর্দ্রতা আহৰণ কৰে আৰু ইয়াক ছালৰ সৈতে বান্ধি ৰাখে ৷ এই যোগ দিয়া হাইড্রেছনে ছালক এক সতেজ, যৌৱনৰ উজ্জ্বলতা আৰু কোমলতা প্রদান কৰে, যাৰ ফলত সূক্ষ্ম ৰেখা আৰু কোঁচবোৰ কম লক্ষণীয় হয় ৷ মৌত প্রাকৃতিক এণ্ঢিক্সিডেণ্ঢ থাকে যিfree–ৰেডিকেলৰ সৈতে যুঁজ দিয়ে, যি হৈছে অকাল বয়স বৃদ্ধিৰ এক মুখ্য কাৰণ ৷

মৌ ৰসে দাগ আৰু হাইপাৰপিগমেণ্টেচন্ পাতল কৰে ৷ মৌত সামান্য পৰিমাণৰ হাইড্রজেন পেৰোক্সাইড থাকে, যিয়ে সময়ৰ সৈতে ব্রণৰ দাগ আৰু হাইপাৰপিগমেণ্টেচন্ হ্রাস কৰাত সহায় কৰে ৷

মৌৰ এণ্টি–বেক্টেৰিয়া আৰু এণ্টি–ইনফ্লেমেটৰী প্রভাৱবোৰে ব্রণ হ্রাস কৰাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ৷ এই গুণাগুণবোৰে পিম্পল, ব্লেকহেড আৰু হোৱাইটহেড সৃষ্টি কৰা বেক্টেৰিয়া হ্রাস কৰে৷ মৌ ব্রণৰোপণৰ বাবে অতি উপকাৰী এক চমকপ্রদ ঔষধি ৷

মৌৱে ছানবার্নৰ পৰা সকাহ দিয়ে ৷ ক্ষতিগ্রস্ত কোষকলাৰ আৰোগ্য আৰু প্রদাহ হ্রাস কৰাৰ ক্ষমতাৰ বাবে পোৰাৰ চিকিৎসাৰ বাবে সাধাৰণতে চিকিৎসা পৰিৱেশত মৌ ব্যৱহাৰ কৰা হয় ৷ এহ একেই লাভালাভবোৰ ঘৰত ছানবার্ন উপশম আৰু আৰোগ্য কৰাৰ বাবে সহায়ক হব পাৰে ৷

মৌ আৰু প্রতিৰোধ ক্ষমতা ঃ মৌ ৰসত যথেষ্ট পৰিমাণৰ এণ্টিক্সিডেণ্ট থাকে যি আমাৰ হূদয়ৰ বাবে অতি উপযোগী৷ হূদযন্ত্রৰ লগত জডিত বহুধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰাত মৌ ৰসে যথেষ্ট সহায় কৰে, লগতে হ আমাৰ প্রতিৰোধ প্রক্রিয়াটোক সুস্থ–সবল কৰি ৰাখে ৷

মৌ আৰু যোগবাহিতা ঃ মৌ ৰসক যিকোনো আহাৰ অথবা ঔষধিৰ লগত যেতিয়া গ্রহণ কৰিবলৈ দিয়া হয়, ই নিজৰ গুণ ৰক্ষাৰ লগতে এই ঔষধবোৰৰ গুণগত মান বৃদ্ধি কৰি গভীৰতম কোষকলাত প্রৱেশ কৰাৰ ক্ষমতা আছে বাবেহ আয়ুর্বেদত ইয়াক এই যোগবাহী বুলি আখ্যা দিয়া হৈছে ৷

মৌ ব্যৱহাৰ কৰোঁতে লব লগা সাৱধানতা ঃ

আগতেই উল্লেখ কৰা হৈছে যে প্রতিটো খাদ্যবস্তুৰে ভাল আৰু বেয়া দুয়োটাই গুণ থাকে ৷ আমাৰ বহুমূলীয়া ঔষধি গুণেৰে সমৃদ্ধ সোণালী অমৃতস্বৰূপ মৌ–ৰসো ৰন্ধন প্রক্রিয়াৰ বিসংগতিৰ বাবে বিষলৈ ৰূপান্তৰিত হৈ আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ৷

কেতিয়াও মৌ অত্যধিক গৰম কৰিব নালাগে ৷ আয়ুর্বেদৰ প্রাচীন ঋষি চৰকে এইদৰে লিখিছিল ঃ মৌ ৰস গৰম কৰাৰ ফলত হোৱা আমৰ(undigested product) দৰে একোৱেই অসুবিধাজনক নহয় ৷ আয়ুর্বেদৰ মতে, আম শৰীৰত বিষাক্ত, হজম নোহোৱা পদার্থ– বেছিভাগ ৰোগৰ মূল কাৰণ বুলি গণ্য কৰা হয় ৷ শৰীৰত জমা হোৱা বিষাক্ত পদার্থবোৰে সকলো ধৰণৰ অপ্রীতিকৰ স্বাস্থ্যৰ প্রধান কাৰণ ৷ আয়ুর্বেদত আচার্য চৰকে স্পষ্টকৈ কৈছে যে যেতিয়া মৌ গৰম কৰা হয়, হজম কৰাটো অতি কঠিন হৈ পৰে আৰু অবাঞ্ছিত গুণাগুণ প্রস্তুত কৰে ৷ ইয়াক আধুনিক বিজ্ঞানে সমর্থন কৰে ৷ বিজ্ঞানসন্মত এক অধ্যয়নত পোৱা গৈছে যে যেতিয়া মৌ গৰম কৰা হয়  °Cকৈ অধিক উষতা, ই হাইড্রক্সিমিথাইলফু এইচএমএফ নামৰ এক ৰাসায়নিক পদার্থ প্রস্তুত কৰে, যি হৈছে এক বিষাক্ত পদার্থ, যাৰ কার্চিনোজেনিক কর্কট ৰোগ সৃষ্টি কাৰক প্রভাৱ আছে ৷ মৌ গৰম কৰিলে ইয়াৰ ৰাসায়নিক গুণাগুণ সলনি হয় ৷ উদাহৰণস্বৰূপে, ই পেৰোক্সাইড বৃদ্ধি কৰে – পেৰোক্সাইডবোৰ সেইবোৰৰ অস্বাস্থ্যকৰ প্রভাৱৰ বাবে জনা যায় ৷ দুর্ভাগ্যবশতঃ মৌৰ বহুতো পুষ্টিকৰ গুণাগুণ বাণিজ্যিক ব্যৱহাৰৰ বাবে গৰম কৰি হেৰাই যায় ৷ আজিকালি অতি সহজে উপলব্ধhoney cake, honey chicken,  honey chilli baby corn, honey crispy potato, honey candy আদিত মৌ ৰসক ৰন্ধন প্রক্রিয়াত অতিমাত্রা গৰম কৰি তাৰ গুণাগুণ নষ্ট কৰি পেলোৱা হয় ৷ এনে খাদ্যবস্তু পৰিহাৰেহ আপোনাৰ বাবে মংগলময় ৷

আয়ুর্বেদৰ দৃষ্টিকোণৰ পৰা, কেঁচা, গৰম নকৰা প্রাকৃতিক মৌৰ পক্ষপাতী হওক আৰু মৌ ৰসৰ অমৃতসম গুণ লাভ কৰক ৷

আপুনি চাহত মৌ দিবলৈ ভাল পায় নেকি চিন্তা কৰাৰ কোনো প্রয়োজন নাই ৷ মৌ এচামুচ যোগ দিয়াটো ভাল– প্রথমে চাহকাপ অলপ ঠাণ্ডা হবলৈ দি তাৰ পাছত মৌ মিহলাব ৷ মৌক গৰম খাদ্য বা উতলা পানীৰ সৈতে মিহলি কৰিব নালাগে ৷

মৌক কেতিয়াও ঘিউৰ সৈতে মিহলি কৰিব নালাগে বা গৰম, মচলাযুক্ত খাদ্যৰ সৈতে মিহলি কৰিব নালাগে ৷  মদজাতীয় পানীয় যেনে হুহস্কি, ৰাম, ব্রেণ্ডিৰ লগত খাব নালাগে ৷ সমপৰিমাণৰ মৌ আৰু ঘিউও একেলগে মিহলি কৰি খোৱাটো হানিকাৰক বুলি আয়ুর্বেদত উল্লিখিত আছে ৷

এতিয়া আপোনালোকে নিজেই বিবেচনা কৰক আপুনি অমৃত বিচাৰে নে বিষ বেমাৰ নে সুস্বাস্থ্য

ফোন ঃ ৮৬৩৮৭-৪৯৪৯৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.