মানসিক উদ্বিগ্নতা

ডাঃ জ্যোতির্ময় দাস 

এনজাইটী বর্তমান সময়ত প্রায় সততে শুনিবলৈ পোৱা এক শব্দ, ঠিক ষ্ট্রেছ শব্দটিৰ যিদৰে ব্যৱহাৰ হয়, ঠিক একেদৰেই এনজাইটী শব্দটোও ক্রমশঃ এক বহুল প্রচলিত শব্দ হৈ পৰিছে ৷ এই এনজাইটী প্রকৃততে কি আৰু কেনেদৰে ই আপোনাৰ মানসিক স্বাস্থ্যৰ লগতেই শাৰীৰিক স্বাস্থ্য পর্যন্ত জুৰুলা কৰি পেলাব পাৰে, সেই বিষয়ে কিছু কথা জনাবলৈ লৈছো ৷ এজন মানুহৰ ক্ষেত্রত মাজে–সময়ে পৰিৱেশ–পৰিস্থিতি অনুযায়ী এনজাইটী বা এক কথাত উদ্বিগ্নতাত ভোগা একো অস্বাভাৱিক কথা নহয়৷ ধৰা হওক, পিছদিনা কিবা এক পৰীক্ষা বা ইণ্টাৰভিউ আছে, কোনো কথা বা বিষয়ক লৈ অপ্রস্তুত অনুভৱ কৰিছে, হঠাতে হোৱা কিবা এটা অপ্রত্যাশিত ঘটনাৰ বাবে সাংঘাতিক ধৰণে ভয় খাইছে এইবোৰ নিতান্তই স্বাভাৱিক কথা ৷ পিছে এই কথাবোৰেই অস্বাভাৱিক হৈ পৰে তেতিয়া, যেতিয়া এজন ব্যক্তিয়ে সেই একেই উদ্বিগ্নতা বা শংকাকেই অত্যধিক তীব্র ৰূপত দীর্ঘকালৰ বাবে, অর্থাৎ প্রায় একেলেথাৰিয়ে অনুভৱ কৰিবলৈ আৰম্ভ কৰে, তাকো গতানুগতিক বা দৈনন্দিন জীৱনৰ প্রায় প্রতি সৰু–বৰ কথা–কামৰ ক্ষেত্রতো কেনে লাগিব পাৰে আপোনাৰ, যেতিয়া আপুনি কাৰোবালৈ সাধাৰণ ফোনকল এটা কৰিবলৈ লৈয়ো অস্থিৰতাত বিতত হৈ কৰিব নোৱাৰাত পৰে, বা ঘৰৰ বাহিৰৰ পৃথিৱীখনৰ সকলো উপাদানক আনকি মানুহ পর্যন্তলৈয়ো শংকাত ভোগে, ঘৰৰ দুৱাৰ খুলি বাহিৰত থিয় দিয়াটোও এক তীব্র প্রত্যাহ্বানমূলক কাম হৈ পৰে তেতিয়া আৰু ই স্বাভাৱিক উদ্বিগ্ণতা হৈ নাথাকে ৷ ই একপ্রকাৰৰ মানসিক ৰোগ ৷ এজন এনে এনজাহটী বা উদ্বিগ্ণতাৰ ৰোগীৰ ক্ষেত্রত প্রায়েই এই ৰোগে সুতীব্র উদ্বিগ্ণতা, ভয় বা শংকাৰ ৰূপত পুণঃপৌণিকভাৱে একেধৰণৰ বা একেটি কথা বা বিষয়ক লৈয়েই তেওঁৰ মনোজগত জোকাৰি থাকে ৷ সময় বা পৰিস্থিতি কিবাকৈ তেওঁৰ বিৰুদ্ধে গলেতো কথাই নাই এনে অৱস্থাত সাধাৰণতে এনজাইটীৰ ৰোগীৰ এনজাইটী এটেক বা পেনিক এটেকপর্যন্ত হয় ৷ অর্থাৎ ইতিমধ্যেই ভুগি থকা অৱস্থাৰ অধিক অৱনতি ঘটে ৷ এনে অৱস্থাত ৰোগীজনৰ বুকুৰ ধপধপনি বৃদ্ধি পায়, উশাহ চুটি হয়, গা–মূৰ কঁপিবলৈ ধৰে বা কেতিয়াবা এনে স্থিতিত ৰোগী ক্ষণিকৰ বাবে অচেতন পর্যন্ত হব পাৰে ৷ মানুহৰ মগজুৰ কিছুমান বিশেষ ৰসায়ন মানুহৰ মনোৱস্থা কি ৰূপত থাকিব, তাৰ কাৰক ৷ এনে কিছু ৰসায়ন যেনে চেৰটনিন, ডপামিন আদিৰ মগজুত ঘটা অভাৱৰ ফলত এজন ব্যক্তি এনজাইটীৰ চিকাৰ হোৱা দেখা যায় ৷

  এনেধৰণৰ অস্বাভাৱিক উদ্বিগ্ণতা বা অস্থিৰতাৰ ইমানেই অনিয়ন্ত্রিত হৈ পৰে আৰু লগতেই ইয়াৰ পৰিমাণো ইমান বেছিকৈ বৃদ্ধি পাব ধৰে যে ফলত ভুক্তভোগী ৰোগীজনৰ দৈনন্দিন কাম–কাজতে খেলিমেলি বা বিশৃংখলতাৰ সৃষ্টি হয়৷ এনে অৱস্থাহ দীর্ঘস্থায়ী ৰূপ লোৱাৰ সমান্তৰালকৈয়ে এই ৰোগৰ জটিলতাও বাঢ়ি যায় ৷ পৰিস্থিতি এনেকুৱালৈ গতি কৰিব পাৰে, যেতিয়া এজন এনজাইটীৰ ৰোগীয়ে নিজক সুৰক্ষিত কৰি ৰাখিবৰ বাবে নির্দিষ্ট কিছুমান কাম, কথা আৰু পৰিস্থিতি এৰাই চলিবলৈ আৰম্ভ কৰে ৷ এই এনজাইটী উদ্বিগ্ণতা বহু প্রকাৰৰ আছে ৷ তাৰে কেইটিমান প্রকাৰ হৈছে ।

১. জেনেৰেলাইজড এনজাইটী ডিছর্ডাৰ দৈনন্দিন বা গতানুগতিক সৰু–বৰ সকলো কথাতে আহি পৰা অস্থিৰতা বা উদ্বিগ্ণতাৰ ৰোগ ।

২.  ছচিয়েল এনজাইটী বা সামাজিক কাৰকৰ বাবে হোৱা উদ্বিগ্ণতা,

৩.  বিশেষধৰণৰ কিছু কথা বা কাম বা বস্তুৰ প্রতি ভয়,

৪.  বিচ্ছেদিত হোৱাৰ শংকা বা এনজাইটী ইত্যাদি চেপাৰেচন এনজাইটী

যিকোনো এজন ব্যক্তিৰ ক্ষেত্রত উপৰিউক্ত কেহপ্রকাৰৰ এনজাইটী বা উদ্বিগ্ণতাৰ এবিধতকৈ অধিকো থাকিব পাৰে ৷ অর্থাৎ একেজন ব্যক্তিয়েই ভিন্ন কেইবাপ্রকাৰৰ এনজাহটীত একেলগে ভুগিব পাৰে ৷ এনেক্ষেত্রত এনে ৰোগীৰ চিকিৎসা অতিকেই জৰুৰী হৈ পৰে ৷ এতিয়া আহোঁ এজন ব্যক্তি এনজাইটী বা উদ্বিগ্নতাত ভুগিছে বুলি কিদৰে জানিব পাৰিব, অর্থাৎ ইয়াৰ কেইটিমান লক্ষণৰ বিষয়ে তলত উল্লেখ কৰা হৈছে

১. বিতত হোৱা, অস্থিৰ হোৱা বা চিন্তিত হোৱাৰ অনুভৱ ৷

২. সমুখত কিবা এক অজানা ভয়ংকৰ অথবা বিধবংসী পৰিস্থিতিৰ আগমনক লৈ অহৰহ এক ত্রাসিত অৱস্থা বা শংকাবোধ ৷

৩. হূদস্পন্দন বৃদ্ধি পোৱা ৷

৪.  সঘন বা চুটি চুটি উশাহ–নিশাহ ৷

৫. ঘর্মাক্ত হোৱা ৷

৬. কম্পিত হোৱা ৷

৭.  দুর্বল কিম্বা ভাগৰুৱা অনুভৱ কৰা ৷

৮. মনোজগতত অহৰহ চলি থকা সেই শংকা বা উদ্বিগ্ণতাৰ ঊধর্বত আন কোনো কথাই ভাবিবলৈ সক্ষম নোহোৱা ৷

৯.  নিদ্রাত ব্যাঘাত ৷

১০. অন্ত্রজনিত পেটৰ ভিন্ন সমস্যাৰ অনুভৱ ৷ যেনে– নির্দিষ্ট কিছুমান পৰিস্থিতি, পৰীক্ষা, ইণ্টাৰভিউ আদি দিয়াৰ আগত যিদৰে কিছুলোকৰ বাৰম্বাৰ শৌচ লগা বা পেটা উকট–পাকট লগা, বমি ভাব আদি হোৱাৰ দৰেই হোৱাৰ দীর্ঘস্থায়ী অনুভৱ ৷

১১.  দুষ্চিন্তাক মনৰ পৰা কোনোপধ্যেহ বাদ দিব নোৱাৰা অৱস্থা ৷

এইবোৰ লক্ষণ সকলোৰে ক্ষেত্রত একেলগে দেখা নেযায় ৷ ব্যক্তিবিশেষে লক্ষণ ভিন ভিন হয় ৷ এতিয়া উল্লেখ কৰিবলৈ লৈছোঁ, এনে কিছু অৱস্থা বা লক্ষণৰ বিষয়ে, যিখিনি নিজৰ মাজত বা আপোনাৰ আপোনজনৰ মাজত দেখিবলৈ পালে ততালিকে মনোৰোগ বিশেষজ্ঞৰ কাষ চপা উচিত ।

১২. যদিহে মাত্রাধিক ৰূপত কৰিবলৈ ধৰা দুষ্চিন্তাই নিজৰ ব্যক্তিগত জীৱন, পেছা, নিকট সম্পর্ক আদিত প্রভাৱান্বিত কৰিছে ৷

১৩. আপোনাৰ দুষ্চিন্তা, ভয় বা উদ্বিগ্ণতাক নিজে নিয়ন্ত্রণ কৰিব নোৱাৰা অৱস্থাক লৈ আপুনি অতিষ্ঠ বা বিৰক্ত ৷

১৪. এনজাইটীৰ লগতে যদিহে আপুনি অন্যপ্রকাৰৰ মানসিক ৰোগতো ভুগি আছে ৷

১৫. এনে লাগিবলৈ ধৰিছে যেন আপোনাৰ এনজাইটী বা উদ্বিগ্ণতা আপোনাৰ শাৰীৰিক স্বাস্থ্যজনিত সমস্যাৰ সৈতে জড়িত হব পাৰে ৷

১৬. সময়ে সময়ে আত্মহত্যাৰ ভাৱ মনলৈ অহা ৷

 উপৰিউক্ত লক্ষণসমূহত ভোগাৰ লগতে যদিহে সময়ত হয়াৰ উপযুক্ত চিকিৎসা নহয়, তেন্তে অন্যান্য জটিলতা যেনে– ডিপ্রেছন বিষাদগ্রস্ততা আৰু অন্য মানসিক ৰোগ, নিচাযুক্ত বস্তুৰ অপপ্রয়োগ, হজমৰ সমস্যা বা বাৰে বাৰে পায়খানাৰ বা শৌচ কৰিবলৈ লগাৰ অনুভৱ হৰিটেবল বাৱেল ছিনড্রম IBS), নিদ্রাহীনতা, দীর্ঘস্থায়ী বিষ, সামাজিকভাৱে নিৰাপদ দূৰত্বত অৱস্থান কৰা, জীৱন ধাৰণৰ অতি নিম্নমান আৰু আত্মহত্যা ৷ গতিকে এনে জটিল অৱস্থা পোৱাৰ আগতেই সচেতন হঁওক এনজাইটীক লৈ৷ চিকিৎসাৰ জৰিয়তে এনজাইটী নিৰাময় সম্ভৱ ৷

ফোনঃ  ৮৬৩৮৯-৮৫৬৬৪

You might also like
Leave A Reply

Your email address will not be published.