আইৰন এবিধ খনিজ পদাৰ্থ, ইয়াৰ অভাৱত হোৱা এনিমিয়া ৰোগ ভাৰতবৰ্ষৰ এক স্বাস্থ্যৰ সমস্যা, বিশেষকৈ মহিলাসকলৰ মাজত প্ৰায়ে ৫৫-৬০ শতাংশ (NFHS-5 2019-21 ৰিপ’ৰ্ট মতে) ভাৰতবৰ্ষৰ মহিলা (১৫-৪৯ বয়সৰ) এনিমিয়া ৰোগত ভোগে। মহিলাই ভুক্তভোগী হোৱাৰ কাৰণ হ’ল মাহেকীয়া, গৰ্ভাৱস্থা, স্তনপান কৰোৱা অৱস্থা এইসমূহ কাৰণ উল্লেখযোগ্য। এই সমস্যা সমাধানৰ বাবে স্বাস্থ্য বিভাগে বহুখিনি পদক্ষেপ লৈছে। যেনে- আইৰনযুক্ত খাদ্য খোৱাৰ বাবে অনুপ্রেণিত কৰা, আইৰনৰ টেবলেট স্কুল, কলেজ, স্বাস্থ্য বিভাগত উপলব্ধ কৰা আৰু কিছু পৰিমাণে আইৰনযুক্ত খাদ্যও প্ৰদান কৰা। কিন্তু ইয়াৰ পিছতো আইৰনৰ অভাৱ থাকি যায় । ইয়াৰ কাৰণ কি হ’ব পাৰে? বিভিন্ন কাৰণত আমাৰ শৰীৰে আইৰনখিনি শোষণ কৰিব নোৱাৰে। কাৰণসমূহ যেনে—
আইৰনযুক্ত খাদ্যৰ লগত চাহ, কফি খোৱা
খাদ্যৰ সঠিক সংমিশ্ৰণ নাজানিলে পুষ্টিতত্ত্বখিনি শৰীৰে ল’ব নোৱাৰে। উদাহৰণস্বৰূপে- আইৰনযুক্ত খাদ্য ‘কণীৰ লগত চাহ খোৱা, বাদাম বা দাইলজাতীয় খাদ্যৰ লগত কফি বা চাহ খোৱা, কাৰণ কফি বা চাহত কেফেইন আৰু টেনিন আইৰন শোষণ কৰিব নিদিয়ে, সেয়েহে আইৰনযুক্ত খাদ্যৰ লগত ৩০-৬০ মিনিটৰ পাৰ্থক্য ৰাখি চাহ-কফি খাব লাগে ।
আইৰন বৰি বা টেবলেটৰ লগত কেলচিয়ামৰ টেবলেট খোৱা
আইৰন আৰু কেলচিয়াম একেলগে খালে আইনৰ শোষণ কম হয়। সেয়েহে এই দুইধৰণৰ খাদ্য বা টেবলেটৰ লগত দুই ঘণ্টাৰ পাৰ্থক্য ৰাখিব লাগে।
ভিটামিনৰ অভাৱ
উদ্ভিদৰ পৰা পোৱা আইৰন যেনে- শাক- পাচলি শোষণ হ’বলৈ ভিটামিন ‘চি’ৰ দৰকাৰ । সেয়েহে শাক-পাচলিৰ লগত নেমু টেঙা বা বিলাহী খালে ইয়াৰ শোষণ ভাল হয় ৷
গেছৰ সমস্যা বা পাকস্থলীৰ এচিডৰ মাত্ৰা কম হ’লে
যদি আপুনি দীৰ্ঘ সময়ৰ পৰা গেছৰ সমস্যাত ভুগি আছে আৰু আপোনাৰ পাকস্থলীৰ HCL এচিড কম আছে তেন্তে আইৰন শোষণ নোহোৱাৰ সম্ভাৱনা আছে, কাৰণ এই এচিডে ফেৰিক এচিডৰ পৰা ফেৰাস এচিডলৈ ৰূপান্তৰ কৰে, যি লোহ বা আইৰনৰ স্বকীয় ৰূপ সহজে শোষণ হ’ব পাৰে।
অন্ত্ৰৰ সংক্ৰমণ (Gut infection)
আই বি এছ বা সংক্ৰমিত ৰোগ হোৱাৰ বা ডায়েৰিয়া হোৱাৰ বাবে খাদ্য ভালকৈ হজম নহয় আৰু ইয়াৰ বাবে শৰীৰে প্ৰয়োজনীত আইৰনখিনি ল’ব নোৱাৰে ৷
পৰজীৱীৰ উপস্থিতি
যদি শৰীৰত পৰজীৱী যেনে- হুকৱাৰ্ম থাকে ই শৰীৰৰ পৰা তেজ শুহি লয় আৰু ইয়াৰ বাবে তেজৰ কমি হোৱাৰ সম্ভাৱনা বহুত।
হিম’গ্লবিন কম হোৱাৰ কাৰণ কেৱল লোহ বা আইনৰ অভাৱ নহয়, ভিটামিন B12 আৰু ফলিক এচিডৰ অভাৱ, দীৰ্ঘম্যাদী ৰোগ, ৰক্তকণিকা ধ্বংস হোৱা অথবা জিনগত সমস্যা যেনে- থেলাচেমিয়া আদিৰ ফলত ৰক্তহীনতা বা এনিমিয়া হ’ব পাৰে। কিন্তু আইৰনৰ অভাৱত হোৱা এনিমিয়াক আমি সঠিক খাদ্য আৰু পুষ্টি জ্ঞানেৰে বহুখিনি ঠিক কৰিব পাৰোঁ।
ৰিতুমণি সাহা (খাদ্য বিশেষজ্ঞ)
লোকেল ফুড ৱিছডম ডায়েট ক্লিনিক, বঙাইগাঁও
Comments are closed, but trackbacks and pingbacks are open.