ভাৰতীয় খাদ্য সংস্কৃতিত বিভিন্ন ধৰণৰ ঔষধি গছ আৰু মছলা বহু দিনৰ পৰাই ব্যৱহাৰ হৈ আহিছে। এইবোৰ কেৱল খাদ্যৰ সোৱাদ আৰু গোন্ধ বঢ়োৱা নহয়, স্বাস্থ্যৰ বাবেও বহুত উপকাৰী হয়। বহু গৱেষণাই দেখুৱাইছে যে মছলা আৰু ঔষধি গছত থকা পুষ্টি উপাদান আৰু এণ্টিঅক্সিডেণ্টে শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে ।
ৰাষ্ট্ৰীয় হাৰ্বচ আৰু স্পাইচি দিৱস প্ৰতি বছৰে ১০ জুন তাৰিখে পালন কৰা হয় ৷ এই দিৱস পালন কৰাৰ মূল কাৰণসমূহ হ’ল—
♦ মানুহক ঔষধি গছ আৰু মছলাৰ গুৰুত্বৰ বিষয়ে সচেতন কৰা।
♦ ঔষধি গছ আৰু মছলাৰ স্বাস্থ্য উপকাৰিতা জনসাধাৰণক বুজোৱা ।
♦ এই বিশেষ দিৱসটো পালন কৰি মানুহে নিজৰ জীৱনত প্ৰাকৃতিক ঔষধি আৰু মছলাৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ প্ৰতি উৎসাহ লাভ কৰা ৷
♦ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু সুস্থ জীৱনশৈলী গঢ়ি তোলা।
জাতীয় Herbs আৰু Spices দিৱস প্ৰধানকৈ আমেৰিকাত আৰম্ভ হৈছিল আৰু পাছত ইয়াৰ গুৰুত্বৰ বাবে ভাৰততো এই দিৱসটো মানি লোৱা হৈছে। যদিও ভাৰতত এই দিৱসটো নিৰ্দিষ্টভাৱে কেতিয়াৰ পৰা আৰম্ভ হ’ল তাৰ স্পষ্ট চৰকাৰী তাৰিখ নাই, তথাপিও শেষ কেইবছৰমান ধৰি ১০ জুন তাৰিখে সচেতনতা দিৱস হিচাপে পালন কৰা হৈছে। যদিও এই দিৱসৰ উৎপত্তি বিদেশত, কিন্তু ইয়াৰ মূল্য ভাৰতত অত্যন্ত বেছি। ভাৰতীয় সংস্কৃতি আৰু ৰান্ধনী প্ৰণালীত হাৰ্ব আৰু মছলা এক অবিচ্ছেদ্য অংশ।
হাৰ্ব আৰু মছলা দুয়োটাই খাদ্যৰ সোৱাদ বঢ়োৱাৰ লগতে স্বাস্থ্যৰ বাবেও অতি উপকাৰী, কিন্তু দুয়োটাৰ উৎস আৰু ব্যৱহাৰৰ লগতে গুণাগুণৰ কিছু ভিন্নতা দেখা যায়। Herbs (ঔষধি গছ পাত, বনশাক, মছলাপাত) ব্যৱহৃত অংশ হ’ল বা উৎস বুলি কলে বুজিব পাৰো যে গছৰ পাত বা কোমল অংশ ব্যৱহাৰ কৰা হয়। সাধাৰণতে সেউজীয়া আৰু সতেজ বা শুকান ৰূপত ব্যৱহাৰ কৰা হয় ৷ উদাহৰণস্বৰূপে তুলসী পাত, পুদিনা, ধনিয়া পাত, মিথি শাক, গিলয়, মানিমুনি, সাতমুলী, ব্রাহ্মী শাক, নিমপাত, নৰসিংহ পাত, এল’ভেৰা, তেজপাত, লেমন গ্রাছ, অৰেগেনো, পিঁয়াজৰ পাত, নহৰু পাত, হালধি পাত, আদাৰ পাত ইত্যাদিয়ে প্রধান। আনহাতে Spices (মছলা) ব্যৱহৃত অংশ বা উৎস বুলি ক’লে বুজিব পাৰোঁ যে গছৰ বীজ, মূল, ছাল, কাণ্ড, ফুল, বাকলি, শিপা, ফলৰ অংশ ব্যৱহাৰ কৰা হয়৷ সাধাৰণতে শুকান কৰি ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে হালধি, আদা, নহৰু, জিৰা, ধনিয়া, দালচিনি, এলাচি, লং, হিং, জলকীয়া, জালুক, আজৱাইন, সৰিয়হ, চেফ্রন, চফগুটি, মিথি গুটি, কালজিৰা ইত্যাদিয়ে প্রধান।
ভাৰতীয় ঔষধি গছ আৰু মছলাসমূহৰ স্বাস্থ্য উপকাৰিতাৰ লগতে মানৱ স্বাস্থ্যৰ সৈতে ইয়াৰ সম্পৰ্কত ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। তলত বিভিন্ন হাৰ্ব আৰু মছলাৰ উপকাৰিতাৰ বিষয়ে অৱগত কৰা হ’ল।
হালধিঃ হালধিত থকা Curcusin উপাদান শৰীৰৰ জ্বলা পোৰা কমায়, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু মগজুৰ স্বাস্থ্যৰ বাবে সহায়ক। এইবিধ মছলাই কৰ্কট ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়ায়।
আদাঃ আদাই পাচনত সহায় কৰি, বমিভাৱ কমায় আৰু ঠাণ্ডা জ্বৰ গাঁঠিৰ বিষত উপকাৰী ।
নহৰুঃ নহৰু হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল ৰাখে, ৰক্তচাপ কমাবলৈ সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷
জিৰাঃ জিৰাই পাচন প্ৰক্ৰিয়া উন্নত কৰে, গেছ আৰু অম্লতা কমায় । ওজন নিয়ন্ত্ৰণত সহায় কৰে।
ধনিয়াঃ ধনিয়াই শৰীৰ ঠাণ্ডা ৰাখে, পাচনত সহায় কৰে আৰু ভিটামিন সমৃদ্ধ। ই ডিটক্সিফিকেচনত সহায় কৰে।
তুলসীঃ তুলসী ঔষধি গছ হিচাপে বিখ্যাত। ই চৰ্দি কাহ কমায়, মানসিক চাপ কমাবলৈ সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
পুদিনাঃ পুদিনাই পাচন শক্তি উন্নত কৰে, ৰুচিদায়ক ক্ষমতাৰে ভৰপূৰ আৰু ঠাণ্ডা অনুভৱ দিয়ে।
নিমঃ নিমে ৰক্ত পৰিষ্কাৰ কৰে, ছালৰ সমস্যা কমায় ।
অশ্বগন্ধাঃ অশ্বগন্ধাই মানসিক চাপ কমায়, শক্তি আৰু সহনশীলতা বঢ়ায়। জ্বৰ নিয়ন্ত্ৰণত সহায় কৰে ৷
এল’ভেৰাঃ ছাল আৰু চুলি ভাল ৰখা, পাচনত সহায় কৰে।
নৰসিংহ পাতঃ মধুমেহ নিয়ন্ত্ৰণত সহায় কৰে আৰু চুলিৰ বাবে উপকাৰী।
তেজপাতঃ পাচন শক্তি বঢ়ায় আৰু শৰীৰ সুস্থ ৰাখে, সুগন্ধি দিয়ে ।
লেমন গ্রাছঃ ডিটক্স কৰে লগতে মানসিক চাপ কমায় ৷
শতমূলীঃ বিশেষকৈ মহিলাৰ স্বাস্থ্যৰ বাবে উপকাৰী ।
জালুকঃ পাচন উন্নত কৰে, শৰীৰ গৰম ৰাখে আৰু ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে ৷
দালচিনিঃ মধুমেহ নিয়ন্ত্ৰণ কৰে, হৃদযন্ত্ৰ সুস্থ ৰাখে আৰু এন্টিঅক্সিডেণ্ট থাকে।
লংঃ দাঁতৰ বিষ কমায়, কফ চৰ্দি দূৰ কৰে আৰু এণ্টিবেক্টেৰিয়েল গুণসম্পন্ন।
ব্ৰাহ্মীঃ মগজুৰ শক্তি বৃদ্ধি, স্মৃতিশক্তি উন্নত কৰাৰ লগতে মানসিক চাপ হ্ৰাস কৰে।
মামিমুনিঃ স্মৃতিশক্তি বৃদ্ধি কৰে, পেটৰ অসুবিধা কমায় ।
পাটশাকঃ ৰক্তস্বাস্থ্য উন্নত কৰে, পাচনত সহায় কৰে আৰু ভিটামিন আৰু আইৰন প্ৰচুৰ পৰিমাণত পোৱা যায়।
গন্ধ ভেদেলীঃ পাচনত সহায় কৰে।
আজৱাইনঃ পেটৰ গেছ আৰু অম্বল কমায়, পাচনত সহায় কৰে।
সৰিয়হ গুটিঃ পাচন উন্নত কৰা, মেটাবলিজম বৃদ্ধি কৰা আৰু এণ্টিবেক্টেৰিয়েল গুণ আছে।
হিংঃ গেছ আৰু অম্বল কমায় লগতে পাচনত সহায় কৰে ।
ইলাচিঃ মুখৰ গোন্ধ দূৰ কৰে, পাচনত সহায় কৰে আৰু মানসিক সতেজতা দিয়ে।
Fennel seeds (গুৱামুৰি): পাচন উন্নত কৰে, মুখৰ গোন্ধ ভাল কৰে, পেট ঠাণ্ডা ৰাখে ৷
কালজিৰাঃ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধিৰ লগতে, মধুমেহ নিয়ন্ত্ৰণ কৰে ৷
চেফ্রনঃ মানসিক স্বাস্থ্য উন্নত কৰাৰ লগতে এন্টিঅক্সিডেন্ট থাকে।
জলকীয়াঃ ভিটামিন C প্ৰচুৰ পৰিমাণত পোৱা যায়, লগতে মেটাবলিজম বৃদ্ধি কৰে ।
ওপৰত উল্লেখ কৰা হাৰ্বছ (বনশাক) আৰু স্পাইচ (মছলা) আমাৰ পৰম্পৰাগত ভাৰতীয় খাদ্য ব্যৱস্থাত এটা অমূল্য অংশ। সেয়েহে দৈনন্দিন খাদ্যত এইবোৰৰ সঠিক পৰিমাণত ব্যৱহাৰ কৰি প্ৰাকৃতিক উপায়ে সুস্থ স্বাস্থ্য ৰক্ষা কৰাৰ এক গুৰুত্বপূৰ্ণ অংশ । আজিৰ ব্যস্ত জীৱনত মানুহে বহু সময়ত প্রচেচড ফুড বেছি গ্ৰহণ কৰে, ফলত স্বাস্থ্য সমস্যা বৃদ্ধি পাইছে। সেয়েহে হাবছ আৰু স্পাইচডে’ই আমাক এই কথা মনত পেলাই দিয়ে যে প্ৰকৃতিৰ দানস্বৰূপ এই মছলা আৰু বনশাকবোৰ স্বাস্থ্য ৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ সম্পদ। এই প্রাকৃতিক বনশাক আৰু মছলাসমূহ শিশুৰ পৰা বৃদ্ধালৈকে সকলোকে সঠিক বিকাশ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। এই সকলো হাবছ আৰু স্পাইচ দৈনন্দিন খাদ্যত সামান্য পৰিমাণে যোগ কৰিলে শৰীৰ সুস্থ ৰাখিব পৰা যায়। এই প্রাকৃতিক ঔষধি পাতসমূহ খাদ্য হিচাপে ব্যৱহাৰ কৰা মানে ৰাসায়নিক ঔষধৰ ওপৰত নিৰ্ভৰশীলতা কমোৱা ৷
Comments are closed, but trackbacks and pingbacks are open.