ত্বকৰ স্বাস্থ্যৰ বাবে পৰিপূৰক

5

আমাৰ বাবে ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্টসমূহ নিয়মিতভাৱে গ্ৰহণ কৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ ?

এইবোৰে কেৱল আমাৰ শৰীৰৰ স্বাভাৱিক কাৰ্যক্ষমতা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাত সহায় কৰাই নহয়, লগতে ৰোগ, বীজাণু আৰু কোষ, কলা তথা অংগসমূহৰ অক্সিডেটিভ ক্ষতি বা মানসিক চাপৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

বৰ্তমানৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ, যেনে- সূৰ্যৰ পোহৰ, পৰিৱেশ প্ৰদূষণ, ডিজিটেল মাধ্যমৰ পোহৰ, আমাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে এইবোৰ আমাৰ ত্বক আৰু চুলিৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে প্রয়োজনীয়। তদুপৰি ই ত্বক আৰু চুলিৰ অকাল বার্ধক্য ৰোধ কৰাত সহায় কৰে ।

সুস্থ ত্বক আৰু চুলিৰ বাবে প্ৰয়োজনীয় কেইটামান সাধাৰণ ভিটামিন আৰু খনিজ পদাৰ্থ হ’ল—

ভিটামিন C- ই ত্বকক ৰ’দ আৰু প্ৰদূষণৰ দৰে পাৰিপাৰ্শ্বিক ক্ষতিৰ পৰা ৰক্ষা কৰে। ক’লাজেন আৰু ইলাষ্টিন গঠনত সহায় কৰি ত্বকৰ দৃঢ়তা বৃদ্ধি কৰে, উজ্জ্বলতা বঢ়ায় আৰু ক’লা দাগ বা হাইপাৰপিগমেন্টেচন হ্ৰাস কৰাত সহায় কৰে। ই ঘা শুকুৱাত সহায় কৰে আৰু ছানস্ক্ৰীনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। (ই খোৱা ঔষধ আৰু ক্ৰীম হিচাপে উপলব্ধ)।

ভিটামিন E- ই এক এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে আৰু ফ্ৰী- ৰেডিকেলৰ ক্ষতিৰ বিৰুদ্ধে যুঁজি বাৰ্ধক্যৰ চিনবোৰ হ্ৰাস কৰে । ই ত্বকৰ প্রাকৃতিক আৱৰণ বজাই ৰাখি আর্দ্রতা ধৰি ৰখাত সহায় কৰে। (ই খোৱা ঔষধ আৰু ক্ৰীম হিচাপে উপলব্ধ)।

ভিটামিন A- ই শালমইনা কমোৱাত, বাৰ্ধক্যৰ চিন হ্ৰাস কৰাত আৰু ত্বকৰ গাঁথনি উন্নত কৰাত সহায় কৰে। ই কোষৰ নবীকৰণ আৰু ক’লাজেন উৎপাদনত সহায় কৰে। (চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ব্যৱহাৰযোগ্য)।

ভিটামিন B কমপ্লেক্স (B,ৰ পৰা B12)-  ই ত্বকৰ আর্দ্রতা বৃদ্ধি কৰে আৰু কোষ মেৰামতি কৰাত সহায় কৰে ।

B3 (নিয়াচিনামাইড)- ত্বকৰ ইলাষ্টিচিটি বৃদ্ধি কৰে আৰু বলিৰেখা কমায় ।

B7 (বায়োটিন)- চুলি পুনৰ গজাত ইয়াৰ মুখ্য ভূমিকা আছে। ই কেৰাটিন উৎপাদনত সহায় কৰে। বায়োটিনৰ অভাৱত চুলি সৰা বা পাতল হোৱা সমস্যা হ’ব পাৰে ৷

ভিটামিন D-  ই ত্বকৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু প্ৰদাহ হ্ৰাস কৰে ।

খনিজ পদার্থ- চেলেনিয়াম, জিংক, কপাৰ, মেগনেচিয়াম আদি খনিজ পদার্থই সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা দিয়ে আৰু অকাল বার্ধক্য ৰোধ কৰে।

প্ৰটিন-  ক’লাজেন আৰু কেৰাটিন গঠনৰ বাবে প্রটিন অপৰিহাৰ্য, যিয়ে ত্বক মসৃণ আৰু দৃঢ় কৰি ৰাখে ।

সুস্থ চৰ্বি- এইবোৰে ত্বকৰ হাইড্ৰেচন আৰু নমনীয়তা বজাই ৰাখে ।

পানী- ই আটাইতকৈ ডাঙৰ ‘চাপ্‌লিমেণ্ট’। দিনটোত কমেও ৩-৪ লিটাৰ পানী খালে ছাল স্বাভাৱিকতে উজ্জ্বল হৈ থাকে।

সামগ্রিকভাৱে সুস্থ ত্বক আৰু চুলিৰ লগতে শৰীৰৰ সুস্থতাৰ বাবে আমাক প্ৰটিন, ভিটামিন আৰু খনিজ পদার্থযুক্ত এক সুষম আহাৰৰ প্ৰয়োজন । কোনো পৰিপূৰক গ্ৰহণ কৰাৰ আগতে চিকিৎসক বা ডায়েটিচিয়ানৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় ।

সুদীপ্তা দত্ত দাস
চৰ্মৰোগ বিশেষজ্ঞ (স্বাগত হাস্পতাল)

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.