পুৰণি সৰু ঘৰটো এৰাৰ বহু বছৰ পাৰ হৈ গ’ল। মাটিডোখৰ বেচিবলৈ গ্রাহক এজন পালোঁ ৷ মাটিৰ লগতে ভাগি পৰোঁ পৰোঁকৈ থকা ঘৰটোও যাব। সেইটোত মূল্যৱান কিবা ৰৈ যাব বুলি সিদিনা চেক কৰিলোঁ। পাছলৈ কামত আহিব বুলি থৈ দিয়া লাংখালিংখি কিবাকিবি আছিল। সেইবোৰৰ প্ৰয়োজন কোনোদিনে নহ’ল। বহুকেইপদ বস্তু এসময়ত বৰ মৰমৰ আছিল বাবেই থৈ দিছিলোঁ, সেইবোৰ যেন পাৰিলে বুকুত বান্ধি লৈহে থাকিম! কিন্তু সেইবোৰ যে তাতেই পৰি থাকিল পাহৰিয়ে গৈছিলোঁ আৰু জীৱনটোও ঠিকে-ঠাকে চলি থাকিল। কাঠৰ পুৰণি সৰু বাকচ এটাত প্লাষ্টিক আৰু খবৰ-কাকতেৰে মেৰিয়াই বান্ধি থোৱা পেকেট এটা পালোঁ। হাইস্কুলত পঢ়ি থকা সময়ত এদিন ময়ে সেইটো তাত ৰাখিছিলোঁ । খুলি চালোঁ। মাউথ অৰ্গেনটো এতিয়াও চিকচিকীয়া হৈ নীৰৱ-নিশ্চল হৈ পৰি আছে। অথচ মাজত কত বছৰ পাৰ হৈ গ’ল ৷
শিশু মুখ এখনে ভুমুকিয়াই গৈছিল। মাউথ অৰ্গেনটো আছিল ৰতনৰ । শেহৰবাৰ তাক লগ পাওঁতে সি আছিল আদহীয়া, ক্ষীণ-মীন মানুহ এজন। তথাপি তাৰ কথা মনত পৰিলে আজিও সৰু ছয়-সাত বছৰীয়া ল’ৰা এটাৰ মুখখনহে চকুত ভাহি উঠে।
বুজিব পৰা নাছিলোঁ কোন অজান ঠাইৰ পৰা ৰতন হঠাতে আমাৰ মাজত আহি ওলাইছিল আৰু আমাৰ লগতে খেলিবলৈ আৰম্ভ কৰিছিল । সেই সময়ত কথাবোৰ তেনেকৈয়ে মনলৈ আহিছিল আৰু কাকো একো সোধাৰ প্রয়োজনবোধ কৰা নাছিলোঁ। ৰতন আমাৰ চকুত এটা আচৰিত ধৰণৰ ল’ৰা আছিল। বোধহয় সেই কাৰণেই ভাবিছিলোঁ সি য’ৰ পৰা আহিছিল সেই ঠাইখনো বৰ আচৰিত ধৰণৰ হ’বই লাগিব ।
তেতিয়া মই সৰু, প্ৰথম নে দ্বিতীয় শ্রেণীত পঢ়োঁ। মা-দেউতাৰ লগত এঠাইৰ পৰা ট্ৰেইনত আহিছিলোঁ। দহ-বাৰ ঘণ্টা ট্ৰেইনত উঠি থাকিব পাৰিম বুলি আগৰ পৰাই বৰ স্ফূৰ্তিত আছিলোঁ। তাতেই ৰতনক প্রথম দেখিছিলোঁ । মোৰ বয়সৰেই আছিল সি। দেউতাকৰ কাষত বহি বিভোৰ হৈ খিৰিকীৰে বাহিৰলৈ চাই চাই গৈ আছিল। মনে মনে তালৈ বৰ ঈৰ্ষা হৈছিল। ভাবি আছিলোঁ খিৰিকীৰ কাষত বহি গোটেই বাটটো ঘূৰি ঘূৰি পিছত ৰৈ যোৱা মানুহ, ঘৰ-বাৰী, দোকান-পোহাৰ গছ-গছনি চাই চাই আৰামত গৈ থাকিম। কিন্তু খিৰিকীৰ কাষৰ ছীট এটাত ৰতন আৰু সন্মুখৰটোত দেখিলেই ভয় লগা শকত আৱত কপালত ডাঙৰকৈ ফোঁট লোৱা মহিলা এগৰাকী থমথমকৈ বহি আছিল। অলপ সময়ৰ পাছত ৰ’ব নোৱাৰি তাক মোৰ ছীটটোত অলপ সময় বহিব নেকি ইংগিতেৰে সুধিছিলোঁ। মোৰ কথা যেন শুনাই নাছিল এনে ভাব এটা দেখুৱাই আছিল সি। মাক-দেউতাকে অলপ পৰ তাক এৰি দবাটোৰ এটা মূৰে গৈছিল। সেই সুযোগতে তাক আকৌ খিৰিকীৰ কাষৰ ছীটটো এৰি দিবলৈ কৈছিলোঁ। সি তেতিয়াও মোৰ কথালৈ অকণো মন দিয়া নাছিল । খঙতে তাক ঘোচা দেখুৱাই মাৰিম বুলি কৈ ভয় দেখুৱাইছিলোঁ। সি মোৰ ফালে দুবাৰ মান চাই খাতিৰ নকৰাকৈ আকৌ খিৰিকীৰে বাহিৰলৈ চাবলৈ ধৰিছিল। চোঁচৰাই টানি লৈ গৈ তাক ট্ৰেইনৰ পৰা পেলাই দিবৰ বৰ মন গৈছিল মোৰ।
দিনটো সি খিৰিকীৰ কাষতে বহি আছিল আৰু মই হাবিয়াসৰ ঠাইখিনিত বহিব পৰা নাছিলোঁ। তেনেতে এটা ঘটনা ঘটিল। সি বহাৰ পৰা উঠি হঠাতে মজিয়ালৈ চাই মূৰটো বেঁকা কৰি খুব ভয় খোৱাৰ দৰে কঁপিবলৈ ধৰিলে ৷ কোনোবাই মজিয়াৰ পৰা ওলাই আহি তাক গবা মাৰিহে ধৰিব যেন। তাৰ মুখলৈ চাই মোৰো ভয় লাগি গৈছিল ৷ আমাৰ কাষত বহা মানুহ কেইজনে আচৰিত হৈ চাই ৰৈছিল। দেউতাকে তাক সাবটি ধৰি গায়ে-মূৰে-পিঠিয়ে হাত ফুৰাবলৈ ধৰিছিল।
কিছুসময়ৰ পাছত সি লাহে লাহে শান্ত হৈছিল। দেউতাই মানুহজনৰ লগত কিবাকিবি কথা পাতিছিল। কি কথা পাতিছিল মই মন দিয়া নাছিলোঁ। শকত মহিলাগৰাকীয়ে ৰতনৰ ফালে চাই হাঁহিছিল। তেতিয়া দেখিছিলোঁ তেওঁৰ গোমোৰা মুখখন আচলতে ধুনীয়া । ৰতনক তেওঁ কোলাত বহুৱাই লৈছিল । মই সেই সুযোগতে খিৰিকীৰ কাষৰ ঠাইখিনিত বহি লৈছিলোঁ। মহিলাগৰাকীয়ে মাজৰ ষ্টেচন এটাত নামি নোযোৱালৈকে তাক কোলাত লৈয়ে বহি আছিল আৰু তাক মৰম কৰি বাহিৰৰ কিবাকিবি দেখুৱাই গৈছিল।
আমাৰ ষ্টেচনত মাক-দেউতাকৰ লগত সিও নামিছিল। ৰিক্সা এখনত মাকৰ কাষত বহি লৈ সি মোৰ ফালে কেনেবাকৈ চাবলৈ ধৰিছিল। মোৰ বৰ খং উঠিছিল। ঘোচা এটা দেখুৱাই তাক ভয় খুৱাবৰ মন গৈছিল। কিন্তু মাকেও মোৰ ফালে চাই থকা কাৰণে নোৱাৰিলোঁ ।
তাৰে এসপ্তাহমান পাছত দেউতাই মাক কৈ থাকোঁতে গম পালোঁ সিহঁত আমাৰ কাষৰ চুবুৰিটোত ঘৰ এটা ভাৰা লৈ থাকিবলৈ লৈছে। দেউতাকে টাউনৰ অফিচত এটা সৰু চাকৰি কৰে । বদলি হৈ আহিছে। টাউনলৈ দূৰ আৰু আমাৰ গাঁৱৰ ৰাস্তাও তেতিয়া বৰ বেয়া আছিল। খৰালি গাড়ী-মটৰ আহিলে ধূলিৰ ধুমুহা উঠে আৰু বাৰিষা বোকা হ’লে খোজ কাঢ়ি অহা-যোৱা কৰিবলৈও বৰ অসুবিধা হয়। তথাপি ভাৰা সামান্য কাৰণেই সৰু ঘৰটো লৈ সিহঁতে তাতেই থাকিবলৈ লৈছিল।
লাহে লাহে সিহঁত আমাৰ ঘৰখনৰ অলপ ওচৰ চাপি আহিছিল। মই ৰতনৰ মাকক খুৰী বুলি মাতিছিলোঁ। চুবুৰি দুটাৰ মাজৰ বহল মুকলি ঠাইখিনিৰ ডাঙৰ গোসাঁইঘৰৰ চোতালত আবেলি নাম ধৰিবলৈ মা প্ৰায়ে যায় আৰু খুৰীকো তাতে লগ পায়। মাহঁতে নাম ধৰি থাকোঁতে ৰতনো তাৰ মাকৰ কাষতে বহি থাকে আৰু সিও মাকৰ লগতে হাত-চাপৰি মাৰে। ইমান ডাঙৰ ল’ৰাটোৱে মাকৰ লগত তেনেকৈ বহি থাকিব লাগেনে? লাজ লগা কথা নহয়নে? আমি তাক জোকাবলৈ চাওঁ । সি পিছে আমি ল’ৰাবোৰৰ ফালে অকণো মন নিদিয়ে। তেতিয়া মোৰ বৰ খং উঠে।
লাহে লাহে আমি সকলো গম পাইছিলোঁ। দেখাত সি আমি বাকী ল’ৰাবোৰৰ দৰেই আছিল। কিন্তু সি বিচিত্ৰ আৰু বহু বেলেগ আছিল । সি কথা ক’ব নোৱাৰিছিল । কাণেৰেও বৰ কমকৈহে শুনিছিল। ঘৰত মাক-দেউতাকে অংগি-ভংগিৰে তাক কথাবোৰ বুজাইছিল। সি কিমান বুজিব পাৰিছিল নাজানো । আমাৰ লগত থাকিলে আমিও তাক তেনেকৈ হাত-মুখেৰে বিভিন্ন ভাব দেখুৱাই কিবাকিবি বুজাবলৈ চেষ্টা কৰোঁ, কেতিয়াবা জোকাব খোজোঁ। কিন্তু সেইবোৰো কিজানি সি বৰ কমেই বুজিছিল।
মুকলি ঠাইখিনিত আমি ল’ৰাবোৰে খেলিছিলোঁ । আৰু যেতিয়া খেলিছিলোঁ মাকৰ লগত সিও আহি ওলাইছিল। সি আমাৰ লগত ভগা খেলনা এখনৰ দৰে খেলিছিল। খেলি থাকোঁতে আমাৰ কথাবোৰ সি বুজিব নোৱাৰিছিল। মাজে মাজে ব্যাকুল হৈ অংগি-ভংগিৰে সি আমাক ক’ব খোজা কথাবোৰ আমিও বুজিব নোৱাৰিছিলোঁ। তাৰ চকু-মুখত সদায় কিবা এটা ভয় ভয় ভাব আছিল । আৰু তাৰ চাৱনিত যেন সদায় কিবা এটা হাহাকাৰ লুকাই আছিল। সেইখিনি সময়ত খুৰীয়ে কাষতে থিয় হৈ তাৰ ফালে আৰু আমাৰ ফালে ৰ লাগি চাই থাকিছিল । তেওঁ কিয় তেনেকৈ চাই থাকিছিল তেতিয়া মই বুজিব পৰা নাছিলোঁ ।
ৰতন আমাৰ স্কুললৈও কেইমাহমান গৈছিল। সি তলৰ শ্ৰেণীত কিতাপ-ফলি লৈ বহিছিল। স্কুলৰ সৰু ল’ৰাবোৰে তাৰ মুখলৈ আচৰিত প্ৰাণী এটাক চোৱাৰ দৰে চাই থাকিছিল। তাৰ শ্ৰেণীৰ বাকী ল’ৰাবোৰতকৈ সি অলপ ডাঙৰ আছিল কাৰণেও আমাৰ মাজত সেইটো হাঁহিব লগা কথা হৈ পৰিছিল। সি সাধাৰণতে একে ঠাইতে জুপুকা মাৰি বহি থাকিছিল। ফলিত অ-আ, ক-খ বোৰকেই ঘূৰাই-পকাই লিখিছিল। দুবাৰমান সেই ঘটনাটো হৈছিল- সি হাত-ভৰি জোকাৰি মজিয়ালৈ চাই কঁপি কঁপি থিয় হৈ ৰৈছিল । আমি বৰ ভয় খাইছিলোঁ। তাক কিবা ভূতে ধৰে বুলি ভাবিছিলোঁ। আমাৰ বাইদেউ এগৰাকীৰো একে ভয় এটা হৈছিল। তাৰ পাছত এমাহমান খুৰীও স্কুললৈ আহি তাৰ লগতে বহি থকা কৰিছিল।
ৰতনক কেতিয়াবা তেনেকৈ ‘ভূতে ধৰিছিল’ বাবে আমি তাক অলপ ভয় কৰি চলিছিলোঁ। হ’লেও আমি তাক জোকাই বৰ ভাল পাইছিলোঁ। কিন্তু জোকালেও ৰতনে বৰ বেছি একো বুজি নাপাইছিল। কেতিয়াবা ল’ৰাবোৰে মনে মনে পিছেৰে গৈ তাৰ চুলিত টানিছিল। তেতিয়াও সি মূৰত হাত এখনেৰে পিহি পিহি তেনেকৈয়ে বহি থাকিছিল। এদিন পিছে ল’ৰা এটাই দুয়োখন হাতেৰে বৰ জোৰকৈ চুলিত ধৰি টানি দিয়াত সি পৰি গৈছিল। সি উঠি ল’ৰাটোক গবা মাৰি ধৰিছিল আৰু মুখত হাতেৰে খামুচি দিছিল। ল’ৰাটোৰ মুখৰ ছাল গৈ অলপ তেজ ওলাইছিল। পিছদিনা সেই ল’ৰাটোৰ বাপেকে স্কুললৈ আহি হেডছাৰক খং মুখেৰে কিবাকিবি কৈছিল। কাণত পৰাখিনি এনেকুৱা আছিল যে ৰতনৰ দৰে ল’ৰা এটা স্কুলত থাকিলে ভাল ল’ৰা-ছোৱালীকেইটাৰো অন্যায় হ’ব, কাৰণ সিহঁতে অইনক বৰকৈ অনুসৰণ কৰে। তাৰ দৰে ল’ৰা এটাক স্কুলত এনেয়ে ৰাখি থোৱাটো ভাল কথা হোৱা নাই।
তাৰে দুদিনমান পাছত ৰতনৰ মাক-দেউতাক আহিছিল। হেডছাৰৰ লগত স্কুলৰ আমজোপাৰ তলত থিয় হৈ তেওঁলোকে বহু সময় কথা পাতিছিল ৷ খুৰীয়ে ঘনে ঘনে আঁচলেৰে চকুপানী মচিছিল আৰু খুৰাৰ মুখখন ক’লা পৰি গৈছিল।
পিছদিনাৰ পৰা ৰতনে স্কুললৈ অহা বন্ধ কৰিছিল। কিন্তু সি স্কুললৈ আহিবলৈ কিবা এটা ভাল পাইছিল। মাৰ মুখত শুনিছিলোঁ, সেইদিনা আৰু তাৰ পাছতো বহুদিন সি পুৱাই স্কুললৈ আহিবলৈ উচপিচ লগাই ফলি-কিতাপ লৈ সাজু হৈছিল। খুৰীয়ে তাক বহু কষ্টেৰে ধৰি ৰাখিব লগা হৈছিল। তেতিয়া সি ৰাস্তালৈ চাই চাই টুল এখনত বহি থাকিছিল। একো নাজানিছিল যদিও সি কিছুমান কথা কিজানি এনেয়ে বুজিব পাৰিছিল। পুৱা টুল এখনত বহি ৰাস্তালৈ চাই থকা তাৰ সেই স্বভাৱটো শেহলৈকে ৰৈ গৈছিল। টুলখনত বহি সি স্কুললৈ যোৱা ল’ৰা-ছোৱালীবোৰলৈ চাই থাকিছিল। তেতিয়া কোনোবাই জোকালেও সি মন নিদিছিল।
মাজতে সি ঘৰৰ পৰা নোহোৱা হৈছিল। দেউতাই কৈছিল দূৰৰ নগৰৰ স্কুল এখনত হোষ্টেলত থাকি সি পঢ়িবলৈ গ’ল। তাৰ ভাগ্য দেখি মোৰ হিংসা লাগিছিল। সেই সময়ত মই হোষ্টেল মানেই বৰ ধুনীয়া, ৰোমাঞ্চকৰ, ৰং-ধেমালিৰ ঠাই এখন বুলি ভাবিছিলোঁ। কিন্তু ছমাহমানৰ পাছত খুৰাই তাক আকৌ লৈ আহিছিল। সি হোষ্টেললৈ আৰু যোৱা নাছিল। ঘূৰি অহাৰ পাছৰ পৰাই তাৰ মনটো বৰ মৰা মৰা যেন হৈ গৈছিল৷ আমাৰ লগতে সি আগৰ দৰেই খেলিছিল যদিও তাৰ চকুৰ চাৱনিটো অধিক ভীৰু হৈ পৰিছিল। আকৌ আগৰ দৰেই পুৱা আগফালে টুল এখনত বহি স্কুললৈ যোৱা ল’ৰা- ছোৱালীবোৰলৈ চাই থকা কৰিছিল ।
লাহে লাহে সি আমাৰ লগত খেলিব নোৱৰা হৈ আহিছিল। খেলৰ নিয়মবোৰ সি বুজি নাপাইছিল। মাত্র বলটো দূৰলৈ গ’লে দৌৰি গৈ সি সেইটো লৈ আহিছিল আৰু আমাৰ ফালে দলিয়াই দিছিল। সেই কামটোতে সি বৰ স্ফূর্তি পাইছিল। তেতিয়াও প্ৰায়ে খুৰী তাৰ লগত আহিছিল। আমি কেতিয়াবা এনেয়ে বহি থাকিলে সিও আমাৰ কাষতে বহিছিল। তেতিয়াও খুৰীয়ে তাৰ ফালে আৰু কেতিয়াবা আমাৰ ফালে ৰ লাগি চাই ৰৈছিল ৷
আমি তেতিয়া কিজানি ক্লাছ নাইনত । সেই সময়ত এটা ঘটনা ঘটিছিল। সি এদিন হাতত এটা নতুন ধুনীয়া মাউথ অৰ্গেন লৈ গোসাঁইঘৰৰ চোতাললৈ আহিছিল। সেইদিনা কিবা কাৰণত খুৰী লগত অহা নাছিল। একো নুশুনে কাৰণেই কিজানি সি সেইটো বজোৱা নাছিল আৰু আগৰ দৰেই আমি খেলি থকা চাই আছিল। এবাৰ বজাই চাওঁ বুলি আকাৰে-ইংগিতে সেইটো মই বহুবাৰ খুজিছিলোঁ । সি নিদিয়েহে নিদিয়ে । পাছত দেখিলোঁ গোসাঁইঘৰৰ খটখটীত সেইটো সি থৈ দিছে। বল আনিবলৈ দৌৰি সি অলপ নিলগলৈ যাওঁতে মাউথ অৰ্গেনটো মই গেঞ্জীৰ তলত লুকুৱাই লৈ আহিছিলোঁ আৰু ঘৰত থৈ গৈছিলোঁ। আমাৰ খেল শেষ হোৱাৰ পাছতহে সি গম পালে আৰু গোটেইখনতে সেইটো বিচাৰি থাকিল ।
পিছদিনা পুৱা সি আৰু খুৰীয়ে মাউথ অৰ্গেনটো গোসাঁইঘৰৰ চোতাল আৰু বাৰাণ্ডাত বিচাৰি থকা দেখিছিলোঁ। খুৰীয়ে পাছত আমাৰ ঘৰলৈ আহি দুখ কৰি কথাটো কৈছিল। সেইটো তাক আৰ্মীত কাম কৰা মোমায়েকটোৱে দিছিল। সি বজাব নোৱাৰিলেও সেইটো তাৰ বৰ পছন্দ হৈছিল। দুদিন নিশা সেইটো কাষত লৈয়ে সি শুইছিল হেনো।
কিন্তু বোবা-কলা ল’ৰা এটাক মোমায়েকে মাউথ অর্গেন এটাহে দিব পায়নে? সিনো সেইটোৰে কি কৰিব পাৰে ? এইবোৰ কথা মনলৈ আহিছিল।
দেউতায়ো কথাটো শুনি কৈছিল যিয়ে মাউথ অৰ্গেনটো চুৰি কৰিছে সি বৰ বেয়া কাম কৰিছে, আৰু তাৰ পাপ লাগিব। কিন্তু ধৰা পাৰোঁ বুলিহে মোৰ ভয় লাগিছিল। এটা পুৰণি কেণ্ডেলৰ পেকেটত ভৰাই, খবৰকাকত আৰু প্লাষ্টিকেৰে মেৰিয়াই সেইটো কাঠৰ বাকচটোত থৈ দিছিলোঁ। সি বহুদিনলৈ পুৱা-গধূলি গোসাঁইঘৰৰ চোতালত আৰু তালৈ অহা বাটটোত সেইটো বিচাৰি আছিল । মোৰ বেয়া লাগিছিল। ভাবিছিলোঁ সেইটো সিহঁতৰ ঘৰত বা গোসাঁইঘৰত মনে মনে থৈ আহোঁগৈ। কিন্তু সেই কামটো কোনোদিনেই কৰা নহ’ল ।
গতিকে মাউথ অৰ্গেনটো পাই আগৰ কথাবোৰ মনত পৰি গ’ল ?
অঁ। পাৰিলে সেইটো তাক আজিও ঘূৰাই দিবলৈ বৰ মন গৈছে। কিন্তু সি এতিয়া কেনেকৈ আছে, সি আছেইনে, সেইবোৰ একো গম নাপাওঁ।
মেট্ৰিকৰ পাছত কলেজৰ হোষ্টেলত থাকি পঢ়িবলৈ লওঁ। প্ৰথমবাৰ বন্ধত ঘৰলৈ আহোঁতে গাঁৱৰ কাষত বছৰেকীয়া মেলা এখন চলিছে। খুৰীয়ে আমাৰ ঘৰত মাৰ লগত কথা পাতি আছিল। মই মেলালৈ যাম নেকি সুধিলে। নভবা-নিচিন্তাকৈ যাম বুলি কৈ দিলোঁ । তেতিয়াহে তেওঁ কথাটো ভাঙি ক’লে । তেওঁৰ গা ভাল নহয় ৷ গতিকে ৰতনক ময়ে মেলালৈ লগত নিব পাৰিম নেকি? নোৱাৰিম বুলিনো কেনেকৈ কওঁ । সি অকলে কলৈকো নাযায়। মাকৰ লগতহে বিয়া- সবাহে যায়। সেইদিনা বৰ বিৰক্তিৰে তাক লগত লৈ যাব লগাত পৰিলোঁ। যাওঁতে বাটত খঙতে তাৰ মুখলৈকে চোৱা নাছিলোঁ। মেলাত লগৰ ল’ৰাবোৰৰ লগত ইফালে-সিফাল কৰোঁ বুলি তাক এঠাইত ৰৈ থাকিবলৈ ইংগিতেৰে ক’লোঁ । কিন্তু মই যিফালে যাওঁ, সিও পিছে পিছে আহি থাকে । অলপ নিলগত, সেই সময়ত পাৰিলে যাৰ প্ৰেমত পৰিম বুলি ভাবি আছিলোঁ সেই ৰূপালীক দেখিলোঁ। তায়ো মোক দেখিলে। লগত থকা ভেবেলাটোক দেখিয়েই কিজানি তাই বেঁকাকৈ মুখ টিপি হাঁহিলে। খঙে-দুখে মোৰ অৱস্থা নাই । নুশুনে বুলি জানিও তাক ডবিয়ালোঁ, এঠাইত ৰৈ থাকিবলৈ আঙুলি জোকাৰি দেখুৱালোঁ। কিন্তু একো লাভ নহ’ল। সি ভয়তে কোঁচ খাই গ’ল, কিন্তু মোৰ পিছে পিছে যোৱাটো নেৰিলে। চাহ খাবলৈ ৰূপালীক দোকান এখনত সোমোৱা দেখি ময়ো সোমাই গ’লোঁ। পিছে পিছে গৈ ৰতনো মোৰ কাষতে বহিল। তাতে সি অংগি-ভংগিৰে মোক কিবা বুজাবলৈ চেষ্টা কৰি আছিল। ৰূপালীৰ মুখত ঠাট্টাৰ হাঁহি যেতিয়া দেখিলোঁ তেতিয়া তাৰ চকু ঘুকটি উলিয়াই দিবলৈ মন গৈছিল। চাহৰ পইচা দিবলৈ ওলাওঁতে সি মোৰ হাতত নতুন ৰঙা দুটকীয়া নোট এখন গুজি দিছিল। দোকানত চাহ খালে যে পইচা দিব লাগে অন্ততঃ সেইখিনি সি বুজিব পাৰিছিল কিজানি ।
সেইদিনাৰ পৰা তাৰ প্ৰতি বিৰক্তিৰ ভাব এটা হৈছিল। সিহঁতৰ ঘৰৰ আগেৰে গ’লেও পৰাপক্ষত মই তাৰ ফালে চকু নিদিছিলোঁ । সিহঁতৰ ঘৰৰ ফালেও নাচাইছিলোঁ। কি ঠিক, খুৰীয়ে যদি কয়, আমাৰ ইয়াকো অমুকলৈ তোৰ লগতে লৈ যাবি দে, তেতিয়া কি কৰিম ? গতিকে মই সাৱধান হৈছিলোঁ। আৰু লক্ষ্য কৰিছিলোঁ গাঁৱৰ আন ল’ৰাবোৰেও তাক তেনেকৈয়ে এৰাই চলিছিল।
কিন্তু এইদৰে সাৱধান হৈ থকাৰ কষ্ট বেছি দিন কৰিব লগা নহ’ল। সিহঁত আমাৰ গাঁও এৰি একেবাৰেই গুচি গৈছিল।
সেইবাৰো মই কলেজৰ পৰা ঘৰলৈ আহিছিলোঁ। গম পালোঁ, খুৰা তেওঁলোকৰ কাষৰ টাউনৰ অফিচলৈ বদলি হৈছে। তেওঁ ৰতন আৰু খুৰীক ঘৰত থৈ আহি আৰু এমাহমান পাছতে ভাৰাঘৰ খালী কৰি যাবগৈ। কিবা বুজিব নোৱৰা কাৰণত মোৰো অলপ বেয়া লাগিছিল। ৰতন আমাৰ গাঁৱত সদায় থাকিব বুলি ভাবি আছিলোঁ। তাক মই কেতিয়াবা জোকাইছিলোঁ, কেতিয়াবা ডাবি-ধমকিও দিছিলোঁ। সি কিজানি সেইবোৰ বুজিয়েই নাপাইছিল আৰু কোনোদিনে ওলোটাকৈ একো কৰাও নাছিল। কথাবোৰ মনত পৰি দুখ লাগিছিল।
যোৱাৰ দিনা মাক-দেউতাক আৰু সি আমাৰ ঘৰত সোমাই গৈছিল। মাই তেওঁলোকক চাহ-জলপান দিছিল। মোৰ কাষতে পীৰা এখন বহি ৰতনে জলপান খাইছিল। মা বৰ মৰমিয়াল আছিল আৰু ৰতনক সঁচাকৈয়ে মৰম কৰিছিল । তাৰ গায়ে-মূৰে হাত ফুৰাই তেওঁ আশীর্বাদ দিছিল। তেতিয়া ৰতনে মাৰ মুখলৈ অলপপৰ চাই ৰৈছিল । তাৰ চকু দুটা পানীৰে ভৰি পৰিছিল। খুৰা-খুৰীৰ বাহিৰে তাক তেনেকৈ আন কোনেও মৰম নকৰিছিল৷ আৰু সি কিজানি আমাৰ গাঁৱ একেবাৰে এৰি যাবলৈ ওলাইছে বুলি কিবাকৈ বুজিব পাৰিছিল।
মই লক্ষ্য কৰিছিলোঁ খুৰীয়ে ৰতন আৰু মোৰ ফালে তেতিয়াও ৰ লাগি চাই আছিল। তেওঁৰ চাৱনিটো সেইদিনা আৰু বেছি উদাস আছিল। তেওঁৰ চকু দুটাও যেন পানীৰে ভৰি পৰিবলৈ ধৰিছিল।
যোৱাৰ আগতে খুৰীয়ে মোক কৈছিল, —তুমি ৰতনক বৰ মৰম কৰিছিলা । পাছলৈ পাৰিলে তাৰ খবৰ লৈ থাকিবা ।”
কথাষাৰে মোক দুখ দিছিল । মই আচলতে তাক একো মৰম কৰা নাছিলোঁ। সম্ভৱতঃ অইনৰ তুলনাত তাৰ প্ৰতি মোৰ বিৰক্তি অলপ কম আছিল, সিমানেই। ৰিক্সাত মাক-দেউতাকৰ মাজতে ৰতন বহিছিল। সি চিনাকি নিঃশব্দ হাঁহিটো মাৰি মোৰ ফালে চাই হাত জোকাৰিছিল। ৰিক্সাখন ৰাস্তাটোৰ ভাঁজত আৰ হোৱাৰ আগতে সি আকৌ মূৰটো সন্মুখলৈ হাওলাই মোৰ ফালে চাই সৰু ল’ৰাই ‘টা টা বাই বাই’ দিয়াৰ দৰে কৰি হাত জোকাৰিছিল। আৰু এনেকৈয়ে সি আমাৰ গাঁও এৰি গুচি গ’ল।
তাৰ পাছত ?
তাৰ পাছত বহু বছৰ পাৰ হৈ গৈছিল। এদিন হঠাতে তাক আকৌ লগ পাইছিলোঁ । মই সিহঁতৰ ঘৰলৈ গৈছিলোঁ।
ছাৰ্ভেৰ কামত সৰু নগৰখনলৈ যাব লগা হৈছিল। তাতে তিনি দিন আছিলোঁ। সেইদিনা ডাকঘৰলৈ চিঠি এখন ৰেজিষ্টাৰ্ড কৰি পঠাবলৈ গৈছিলোঁ। বেঞ্চত বহি দুজন মোৰ বয়সৰে মানুহে অলপ আচহুৱা ধৰণৰ কথা এটা আলোচনা কৰি আছিল। তেওঁলোকৰ গাঁৱৰ বুঢ়ী এগৰাকীয়ে তেওঁৰ কাজটো আগতীয়াকৈ দি গ’ল। তাইৰ পুতেকটো বোবা আৰু হেবাং। তাই মৰিলে কাজটো পাতিব পৰাকৈও বুদ্ধি তাৰ মগজত নাই। পিছে কাজ নাপাতিলে বুঢ়ীৰ আত্মাটোৱে মুক্তি কেনেকৈ পাব?
ইমান বুদ্ধিহীন মানুহ আজিৰ জগতত চলিব কেনেকৈ? তাই মৰিলে ৰতনৰ কি গতি হ’ব? এজনে কৈছিল।
আনজনে দুখেৰে হয়ভৰ দিছিল। বুঢ়ী গ’লে ৰতনক চাওঁতা আৰু কোনো নাথাকিব।
ৰতনৰ নামটো শুনি মোৰ সন্দেহ হ’ল। সুধি নিশ্চিত হ’লোঁ, বহু বছৰ আগতে আমাৰ গাঁৱ এৰি অহা ৰতনেই এই ৰতন। ঠিকনাটো লৈ আবেলিয়েই নগৰৰ গাতে লাগি থকা গাঁও এখনৰ সিহঁতৰ ঘৰ ওলালোঁগৈ।
বেৰৰ ৰং চটা চটে এৰাই যোৱা, টিনপাতবোৰ মুগা-ৰঙা হৈ পৰা প্ৰায় জৰাজীৰ্ণ ঘৰ এটাৰ সৰু চোতালখনত গামোচা আৰু গেঞ্জী পিন্ধা ক্ষীণ আদহীয়া মানুহ এজন তলমূৰকৈ বহি আছিল। মই গৈ ওচৰত থিয় হোৱাৰ পাছতো সি একো গম পোৱা নাছিল। মাতিলোঁ। তথাপি মানুহজনৰ কাণ-সাৰ নাই। ভালকৈ চাই গম পালোঁ সি ৰতনেই হ’ব। কান্ধত হেঁচুকি দিলোঁ । সি চক খাই উঠিল আৰু মোৰ মুখলৈ চাই ৰ’ল কেইছেকেণ্ডমান ৷ তাৰ পাছত এটা নিঃশব্দ নির্মল হাঁহি তাৰ দুয়ো কাণলৈকে বিয়পি পৰিল।
তাৰ কংকালসাৰ শৰীৰত বয়সৰ চাপ অলপ বেছিকৈয়ে পৰিছিল। সি অংগি-ভংগিৰে মই অহা কাৰণে তাৰ কিমান যে ভাল লাগিছে সেইটো বুজাবলৈ আপ্রাণ চেষ্টা কৰিছিল।
তেনেতে বুঢ়ী এগৰাকী ওলাই আহিল। খুৰীয়ে লাখুটি এডাল লৈ কুঁজা হৈ খোজ কাঢ়িছিল। মোক দেখিয়েই নেকি তেওঁৰ সোলা, বয়সৰ আঁচোৰেৰে বিধ্বস্ত, ক্ষীণ মুখখনো হাঁহি এটাৰে উজলি উঠিছিল। মোক চিনি পোৱাত তেওঁৰ অকণো অসুবিধা হোৱা নাছিল। আশীর্বাদ বাকি দিয়াৰ দৰে তেওঁ মোৰ চাপৰাই দিয়া মূৰত বাৰে বাৰে হাত ফুৰাই দিছিল।
আমি তিনিওটাই ঘৰৰ ভিতৰলৈ গৈছিলোঁ। কোঠাটোত এখনেই পুৰণি কাঠৰ চকী। সেইখনত দুবাৰমান হাত ফুৰাই খুৰীয়ে মোক বহিবলৈ কৈছিল। তেওঁলোক দুজনে বিছনাখনতে বহিছিল।
খুৰীয়ে আমাৰ খবৰ-পাতি লৈছিল । যেতিয়া মা-দেউতা কেইবছৰমান আগেয়ে পাৰ হোৱা বুলি ক’লোঁ তেওঁ কিছুপৰ তলমূৰ কৰি ৰৈছিল। চাদৰৰ আঁচলেৰে ৰৈ ৰৈ চকুপানী মাচিছিল।
খুৰা পাৰ হোৱাৰো বহু বছৰ হৈছিল। পেন্সনৰ টকাখিনিৰে তেওঁলোকে টানি-টুনি চলি আছে। খুৰাই দেহা মাৰি মাৰি বচোৱা টকাখিনি পুতেকৰ কাৰণেই বেংকত ৰাখি থৈ গৈছে। কিন্তু সিতো একোৱেই নাজানে, একোৱেই নুবুজে। খুৰীও গ’লে তাৰ কি অৱস্থা হ’ব?
সেই চিন্তাটোৱে কিজানি খুৰীক বছৰ বছৰ ধৰি খুলি খুলি খাই আছিল। মই হাক দিয়াৰ পাছতো তেওঁ সৰু পাকঘৰটোত চাহ কৰিছিল। বহা ঠাইখিনি আৰু পাকঘৰৰ মাজত কোনো আঁৰ-বেৰ নাই। কেতিয়াবা মাজত বেৰ এখন আছিল বুলি অনুমান কৰিছিলোঁ। চাহৰ কাপটো আৰু প্লেটখন হাতত তুলি দিওঁতে খুৰীৰ দুয়োখন হাত কঁপিছিল। কুঁজা দুৰ্বল শৰীৰটোলৈ লক্ষ্য কৰি বুজিব পাৰিছিলোঁ তেওঁৰ চাউল উকলিবলৈ সঁচাকৈয়ে আৰু বেছি দিন নাই। তাৰ পাছত, তাৰ পাছত কি হ’ব ? ময়ো যেন এখন্তেকলৈ শংকিত হৈ পৰিছিলোঁ ।
প্লেটত মই নিয়া বিস্কুট আৰু মিঠাই, কাপত ৰঙা চাহ। ঘৰখনত কিজানি বেলেগ একোৰেই যোগাৰ নাছিল। খুৰীয়ে বিছনাতে ৰতনৰ প্লেটখন থৈছিল আৰু নিজেও খালী চাহ একাপ লৈ অলপ দূৰত মজিয়াত পীৰা এখন পাৰি বহিছিল। চাহ খাই থাকোঁতে দেখিছিলোঁ খুৰীয়ে ৰতন আৰু মোৰ ফালে ৰ লাগি চাই আছে, ঠিক যেনেকৈ ৰতনে আমাৰ লগত খেলোঁতে আগেয়ে তেওঁ চাই থাকিছিল, তেনেকৈ। সেইদিনা সেই অসহায় চাৱনিৰ অৰ্থ, তাত লুকাই থকা বিৱশতা আৰু বেদনা যেন প্ৰথমবাৰলৈ মোৰ চকুত স্পষ্ট হৈ উঠিছিল আৰু বুকুখন বিষাই উঠিছিল। কিছুমান সহজ কথা বুজিবলৈও ইমান বছৰ কিয় লাগি যায় ?
মই সোধা নাছিলোঁ ৷ খুৰীয়ে নিজেই কাজৰ কথা উলিয়াইছিল। এসপ্তাহ আগেয়ে অহা হ’লে ময়ো খাই যাব পাৰিলোঁহেঁতেন। কিন্তু খুৰী যে আৰু বহুদিন থাকিব, বয়সীয়া মানুহৰ আগত এইষাৰ মিছা কথা কোৱাটোও এটা সৌজন্যই, গতিকে তেনেকৈ কাজটো পতাৰ কিনো দৰকাৰ আছিল ?
খুৰীয়ে নিজে উদ্ধাৰ পাম বুলি কাজ পতা নাছিল। মৰাৰ পাছতো পুতেকৰ ওচৰতে ৰৈ চাই থকাৰহে মন তেওঁৰ। কিন্তু সি কেনেকৈ কাজটো পাতিব, তাৰতো আৰু কোনো নাই! আৰু নিয়মটো নকৰিলে পাপ নহ’বনে তাৰ ?
খুৰীৰ সৰল বিশ্বাসক আঘাত দিব পৰা ধৰণৰ একোৱেই নক’বলৈ সাৱধান হৈছিলোঁ। ঘূৰিবলৈ ওলাওঁতে তেওঁ কাষলৈ আহি আকৌ মোৰ মূৰত হাত ফুৰাই দিছিল। তেওঁৰ চকুপানী ওলাইছিল। প্ৰাৰ্থনা কৰাৰ দৰে কৈছিল, ৰতনৰ কেউকিছু নাই। সময় উলিয়াই মই যেন মাজে মাজে তাৰ খবৰ-পাতি লৈ থাকোঁ।
তেওঁলোক দুয়োটাই পদূলিলৈকে ওলাই আহিছিল। মই ৰিক্সাত বহিছিলোঁ। সেইখন চলিবলৈ ধৰিছিল। ৰতনে নিঃশব্দ চিনাকি হাঁহিটো মুখত লৈ মোৰ ফালে চাই হাত জোকাৰিছিল । নেদেখা হোৱালৈকে সি হাত জোকাৰি আছিল। হাঁহিটোও কিজানি তাৰ মুখত লাগিয়েই আছিল ।
তাৰ পাছত ?
তাৰ পাছত আৰু বহু বছৰ পাৰ হৈ গ’ল। ৰতনৰ খবৰ কৰিবলৈ আৰু কোনোদিনেই যোৱা নহ’ল। নাজানো সি আছেনে নাই, আৰু আছে যদি কেনেকৈ আছে।
মাউথ অৰ্গেনৰ গোন্ধটোৱে বহু বছৰৰ আগৰ দিনবোৰ আজি যেন আকৌ জীয়াই তুলিলে ।
ৰতনলৈ কেতিয়াবা মনত পৰে । আৰু ক’ব নোৱাৰোঁ তেতিয়া কিয় ভগা খেলনা এখনৰ দৰে আমাৰ লগত খেলা ল’ৰা এটাৰ মুখখনহে মনলৈ আহে। কথা ক’ব নোৱৰা মুখখনৰ ভাষাও যেন আজি বুজিব পাৰোঁ । সেই ভীৰু মুখখনৰ আশংকা আৰু হাহাকাৰবোৰ আগতে বুজা নাছিলোঁ, আজি ভালকৈয়ে বুজিব পাৰোঁ ।
কিন্তু সকলোতকৈ অধিক স্পষ্ট হৈ মনত ভাহি উঠে তাৰ মাকৰ দুচকুৰ সেই অসহায় চাৱনিটো।
(জ্ঞানপীঠ বঁটাবিজয়ী হিন্দী কবি কুঁৱৰ নাৰায়ণৰ ‘এক মা কী বেবসী’ কবিতাটোৰ আধাৰত)
যশোৱন্ত নিপুণ
Comments are closed, but trackbacks and pingbacks are open.