১৪ জেঠ, শুক্ৰবাৰ , ইং ২৯ মে’ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত সফলতা লাভ কৰিব , ধন- সম্পত্তি সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত পুৰণি সমস্যাই দেখা দিব পাৰে।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, পুৰণি সমস্যাৰ সমাধান হ’ব, যদিও আজি আপুনি শত্ৰুৰ পৰা সজাগ নহ’লে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, যদিও আজি আপোনাৰ ক্ষতি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণৰ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনত কষ্ট পাৱলগীয়া হোৱাৰ খৱৰ ভাল হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আপোনাৰ দ্বাৰা আত্মীয় পৰিয়ালৰ মনত আনন্দ বাঢ়িব, সমাজ কৰ্মী সকলে ৰাজহুৱা সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি কব পাৰি, মনৰ চিন্তা ধাৰা সামান্য পৰিমাণৰ হ’ব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য শাৰীৰিক কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হব, পুৰণি সমস্যাৰ সমাধান হ’ব যদিও আজি আপুনি দেহ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উৎসাহ বাঢ়িব, নতুন নতুন বন্ধু লাভ কৰিব, যদিও আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত স্বাস্থ্যৰ উন্নতি হ’ব যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণ সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, যদিও আজি আপোনাৰ বুদ্ধি ভ্ৰষ্ট হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি লগ বন্ধুৰ পৰা সাৱধান হ’ব নহ’লে ঠগ- প্ৰৱঞ্চনাৰ সন্মুখীন হ’ব পাৰে লগতে আজি আপোনাৰ ক্ষতি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
Comments are closed, but trackbacks and pingbacks are open.