ছাউণ্ড হিলিং

21

মৃণাল বর্মন

টে’ট ৰিডাৰ, সংখ্যাবিদ, শক্তি আৰু শব্দ নিৰাময়কাৰী মানৱ জীৱনত শব্দ প্রাচীন কালৰ পৰাই এক গুৰুত্বপূৰ্ণ অংশ হৈ আহিছে। ঢোলৰ তাল, মন্দিৰৰ ঘণ্টাধ্বনি, মন্ত্ৰ উচ্চাৰণ অথবা মন শান্ত কৰা সংগীত পৃথিৱীৰ বিভিন্ন সংস্কৃতিৰ মানুহে বহু আগতেই বুজি পাইছিল যে শব্দই আমাৰ অনুভূতি আৰু মনস্থিতিত গভীৰ প্ৰভাৱ পেলাব পাৰে। আজিৰ দিনত এই ধাৰণাক ছাউণ্ড হিলিং বুলি কোৱা হয়, যিয়ে শব্দৰ কম্পনৰ সহায়ত দেহ আৰু মনৰ সমতা পুনৰ স্থাপন কৰাত সহায় কৰে।

ভাৰতীয় পৰম্পৰাত এই অনুশীলনক নাদযোগ বুলি জনা যায়। নাদ শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে শব্দ বা শ্বাস আৰু শক্তিৰ পৰা সৃষ্টি হোৱা কম্পন। এই প্রাচীন জ্ঞান অনুসৰি শব্দ কেৱল শুনা বস্তু নহয়, ই আমাৰ বাহিৰে-ভিতৰে চাৰিওফালে উপস্থিত থকা শক্তিশালী কম্পন। ছাউণ্ড হিলিঙৰ মূল ধাৰণা হৈছে— আমাৰ দেহ আৰু মনে শব্দ কম্পনৰ সৈতে গভীৰভাৱে সঁহাৰি জনায়। মানসিক চাপ, আৱেগিক অশান্তি আৰু ক্লান্তিৰ সময়ত আমাৰ স্বাভাৱিক ছন্দ বিঘ্নিত হয়। তেতিয়া কোমল আৰোগ্যকাৰী শব্দক কম্পনে আমাৰ স্নায়ুতন্ত্ৰক শান্ত কৰি পুনৰ ইয়াক স্বাভাৱিক অৱস্থালৈ অনাত সহায় কৰে । সচেতনভাৱে আমি শব্দৰ সৈতে সংযোগ স্থাপন কৰিলে আমি মানসিক শান্তি, আৱেগিক সুস্থতা লাভ কৰোঁ ।

ছাউণ্ড হিলিং আৰু ইয়াৰ মানৱ শৰীৰত প্ৰভাৱ

ছাউণ্ড হিলিং দেহত কম্পনৰ জৰিয়তে কাম কৰে। শব্দ কেৱল এটা শুনা বস্তু নহয়। ই এক ধৰণৰ শক্তি, যি ঢৌৰ ৰূপত বায়ুৰ মাজেৰে আৰু মানুহৰ দেহৰ মাজেৰেও প্ৰৱাহিত হয়।

মানৱ দেহ প্রায় ষাঠি-সত্তৰ শতাংশ পানীৰে গঠিত হোৱা বাবে শব্দ সহজে টিছু পেশী আৰু কোষসমূহৰ মাজেৰে চলাচল কৰিব পাৰে। যেতিয়া কোমল বা আৰোগ্যকাৰী শব্দ কম্পন দেহত প্ৰৱেশ কৰে, তেতিয়া ই সূক্ষ্ম কম্পনৰ সৃষ্টি কৰি দেহত থকা চাপ কমাবলৈ সহায় কৰে আৰু শৰীৰত গভীৰ শিথিলতা আনে ।

মানুহৰ মগজুত ছাউণ্ড হিলিঙৰ বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা যায়। আমাৰ মগজুত থকা সৰু সৰু বৈদ্যুতিক সংকেতৰ জৰিয়তে মগজুৰ কোষবোৰৰ মাজত যোগাযোগ সৃষ্টি হয় । এই সংকেতবোৰে মগজুত তৰংগৰ সৃষ্টি কৰে, যাক আমি মগজুৰ তৰংগ বা ব্ৰেইনৱেভ বুলি কওঁ।

যেতিয়া শব্দ আমাৰ কাণৰ জৰিয়তে মগজুলৈ গতি কৰে, তেতিয়া ই আমাৰ মগজুৰ তৰংগসমূহত প্ৰভাৱ পেলায়। কেতিয়াবা ইয়াক অধিক সক্রিয় অথবা কেতিয়াবা অতি শান্ত কৰি তোলে। যেতিয়া কোমল বা আৰোগ্যকাৰী শব্দ আমাৰ মগজুত প্ৰৱেশ কৰে, তেতিয়া আমাৰ মগজুৰ তৰংগ শান্ত অৱস্থালৈ গতি কৰে। মগজু শান্ত হোৱাৰ পিছত আমি অৱচেতন মনলৈ সহজে প্ৰৱেশ কৰিব পাৰোঁ। যাৰ জৰিয়তে মনৰ চাপ মুক্ত কৰি মানসিক-আৱেগিক আৰোগ্যতা লাভ কৰাত সহায় পাওঁ। বিভিন্ন ধৰণৰ শব্দই মনক ধীৰে ধীৰে গভীৰ আৰামৰ অৱস্থালৈ লৈ যায়। যাৰ ফলত শৰীৰ আৰু মন দুয়োটা শান্ত আৰু সমতাৰ অৱস্থাত উপনীত হয়।

ছাউণ্ড হিলিঙত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰ

ছাউণ্ড হিলিঙত বিভিন্ন সংস্কৃতিত বিভিন্ন বাদ্যযন্ত্ৰ ব্যৱহাৰ হৈ আহিছে। তলত উল্লেখ কৰা কেইবিধমান গুৰুত্বপূৰ্ণ বাদ্যযন্ত্ৰ হ’ল—

ছিংগিং বলঃ ছিংগিং বল ছাউণ্ড হিলিঙত আটাইতকৈ বেছি ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰ । এই বল সাধাৰণতে ধাতু বা ক্ৰিষ্টেলেৰে বনোৱা হয়। যেতিয়া ইয়াক লাহে লাহে বজোৱা বা ঘূৰোৱা হয়, তেতিয়া কোমল আৰু ধাৰাবাহিক শব্দৰ সৃষ্টি হয়। এই শব্দই মনক শান্ত কৰে, শৰীৰক আৰাম দিয়ে আৰু ভিতৰুৱা সমতা অনুভৱ কৰাত সহায় কৰে।

গংঃ এটা ডাঙৰ বাদ্যযন্ত্ৰ যিয়ে গভীৰ আৰু শক্তিশালী কম্পন সৃষ্টি কৰে। ইয়াৰ শব্দ গোটেই স্থানত বিস্তাৰ লাভ কৰে আৰু শৰীৰক গভীৰ আৰাম আৰু আভ্যন্তৰীণ সমতা আনিবলৈ সহায় কৰে ৷

অ’চেন ড্রামঃ অ’চেন ড্রাম সাগৰৰ ঢৌৰ দৰে শব্দ সৃষ্টি কৰে। ড্ৰামটো লাহে লাহে ঘূৰালে পানীৰ দৰে প্রাকৃতিক শব্দ শুনা যায়। এই শব্দই মনৰ চাপ কমায় আৰু গভীৰ শান্ত অৱস্থা সৃষ্টি কৰাত সহায় কৰে।

টিউনিং ফর্কঃ য’ত টিউনিং ফর্ক ছাউণ্ড হিলিঙত ব্যৱহাৰ কৰা এটা বিশেষ ধাতুৰ যন্ত্ৰ । এই যন্ত্ৰ সাধাৰণতে শৰীৰৰ নির্দিষ্ট বিন্দু বা অংশত ব্যৱহাৰ কৰা হয়, চাপ জমা হৈ থাকে৷ ইয়াৰ কম্পনে সেই অংশৰ চাপ কমায় আৰু শক্তিৰ প্ৰৱাহ সঠিক কৰে আৰু শৰীৰ-মনৰ সমতা স্থাপন কৰে ৷

দৈনন্দিন জীৱনত ছাউণ্ড হিলিঙৰ ব্যৱহাৰঃ দৈনন্দিন জীৱনত আমি শব্দৰ শক্তিৰ ব্যৱহাৰ কৰি মন আৰু শৰীৰক শান্ত কৰি পাৰোঁ। কোমল সংগীত শুনা, প্ৰকৃতিৰ শব্দ যেনে-বৰষুণ, নদী, সাগৰৰ ঢৌৰ পৰা শুনা শব্দ, চৰাই-চিৰিকটিৰ কোমল মাত অথবা নিজে মৃদু স্বৰত মন্ত্ৰ বা ওঁ ধ্বনি উচ্চাৰণ কৰাও মন শান্ত কৰাত সহায় কৰে । নিয়মিতভাৱে এনে শব্দ শুনিলে মানসিক চাপ কমে, মন স্থিৰ হয় আৰু শৰীৰে আৰাম অনুভৱ কৰে। কম সময়ৰ বাবেও সচেতনভাৱে শব্দৰ সৈতে সংযোগ স্থাপন কৰিলে দৈনন্দিন জীৱনত শান্তি আৰু সমতা অনুভৱ কৰিব পাৰি।

You might also like

Comments are closed, but trackbacks and pingbacks are open.