হাঁহি, টেনচন আৰু এটা মৃতদেহ

7

কেনে হৈছে সম্প্রদায়িনী সুপ্পিনী শুদ্ধপুসানী?

কল্পনা কৰকচোন, আপুনি দিনটোৰ কাম-কাজ সামৰি ভাগৰি-জুগৰি ঘৰলৈ আহিছে। আৰু ঘৰৰ ড্রয়িং ৰুমত সোমায়েই দেখিছে এটা পুলিচৰ মৃতদেহ! কেনে লাগিব আপোনাৰ? ঠিক এনেকুৱা এটা অদ্ভুত আৰু হাস্যৰসিক পৰিস্থিতিক লৈয়ে নিৰ্মাণ কৰা হৈছে তেলুগু ডার্ক কমেডী চিনেমা ‘সম্প্রদায়িনী সুপ্পিনী শুদ্ধপুসানী’ (Sampradayini Suppini Suddapoosani) । প্রথমে ETV Win-ত অৰিজিনেল ৱেব ফিল্ম হিচাপে মুক্তি পোৱাৰ কথা আছিল যদিও ফেব্ৰুৱাৰী মাহত চিনেমাখন ছবিঘৰলৈ আহে আৰু এতিয়া নেটফ্লিক্স অ’টিটিত হিন্দী ভাষাতো উপলব্ধ হৈছে। কাহিনীটো আগবাঢ়ে কোঠাপেটা গাঁৱৰ পঞ্চায়ত সচিব শ্ৰীৰামক কেন্দ্ৰ কৰি, যি এজন একেবাৰে সাধাৰণ, চিধা-চাধা মানুহ । অলপ আচহুৱা স্বভাৱৰ পত্নী উত্তৰা আৰু পুতেক মিটুক লৈ তেওঁৰ এখন সৰু সংসাৰ। কিন্তু তেওঁলোকৰ এই শান্তিপূৰ্ণ জীৱনটোত হাহাকাৰ লাগে যেতিয়া এদিন শ্ৰীৰামে নিজৰ ঘৰতেই গাঁৱৰ আৰক্ষী উপ-পৰিদৰ্শক বিক্ৰম বাসুদেৱৰ গুলীবিদ্ধ মৃতদেহটো আৱিষ্কাৰ কৰে। গাঁৱৰ মানুহ আৰু ৰাজনৈতিক নেতাসকলৰ চকুৰ পৰা এই মৃতদেহটো লুকুৱাবলৈ গৈ শ্ৰীৰামৰ পৰিয়ালটোৱে যিবোৰ অদ্ভুত কাণ্ড কৰে, সেয়াই চিনেমাখনৰ মূল আধাৰ৷

এই ছবিখনৰ পৰিচালনা আৰু কাহিনী সুধীৰ শ্ৰীৰামৰ। নৱাগত পৰিচালক হিচাপে এইখন তেওঁৰ প্ৰথমখন চিনেমা, আৰু ‘শ্ৰী শিৱাজী প্ৰডাকচন’ৰ বেনাৰত মুখ্য অভিনেতা শিৱাজীয়ে নিজেই ছবিখন প্ৰযোজনা কৰিছে। শ্ৰীৰামৰ চৰিত্ৰত শিৱাজী আৰু উত্তৰাৰ চৰিত্ৰত লয়াই সুন্দৰ অভিনয় কৰিছে। লগতে উপ-পৰিদৰ্শকৰ চৰিত্ৰত প্রিন্স চেচিল আৰু পুতেকৰ চৰিত্ৰত মাষ্টাৰ ৰোহনে অভিনয় কৰিছে। ৰঞ্জিন ৰাজৰ সংগীত, ঋত্বিক ৰেড্ডীৰ চিত্ৰগ্ৰহণ আৰু বালু মনোজ ডিৰ সম্পাদনাই চিনেমাখনক কাৰিকৰী দিশৰ পৰাও এক সুন্দৰ ৰূপ দিছে।

দৰ্শকৰ ফালৰ পৰা চাবলৈ গ’লে চিনেমাখন যথেষ্ট মনোৰঞ্জক। বহু বছৰৰ পাছত শিৱাজী আৰু লয়াৰ যুটিটোক একেলগে পৰ্দাত দেখাটো পুৰণি তেলুগু চিনেমাৰ অনুৰাগীসকলৰ বাবে সঁচাকৈয়ে এক মধুৰ অভিজ্ঞতা। বিপদত পৰা এজন নির্দোষ মানুহৰ ছটফটনিবোৰ শিৱাজীয়ে ছবিখনত বৰ ধুনীয়াকৈ ফুটাই তুলিছে। চিনেমাখনৰ বহুকেইটা কমেডী দৃশ্যই দর্শকক হাঁহিবলৈ বাধ্য কৰাই। অৱশ্যে, কাহিনীটোৰ আৰম্ভণি যিমান ধুনীয়া, মাজতে গৈ ই অলপ লেহেমীয়া হৈ পৰে। বিশেষকৈ দ্বিতীয় অর্ধত কিছুমান অপ্রয়োজনীয় উপ-কাহিনী সুমুৱাই দিয়াৰ বাবে চিনেমাখন প্ৰয়োজনতকৈ দীঘলীয়া যেন লাগে । সম্পাদনাৰ মেজত বহি বালু মনোজ ডিয়ে এই দৃশ্যবোৰ অলপ চুটি কৰা হ’লে হয়তো চিনেমাখন আৰু বেছি উপভোগ্য হ’লহেঁতেন।

সমালোচক আৰু সাধাৰণ দৰ্শকৰ মাজত চিনেমাখনক লৈ যথেষ্ট মতবিৰোধ দেখা গৈছে। IMDbত 7.1/10 ৰেটিং পোৱাটোৱে প্ৰমাণ কৰে যে সাধাৰণ দৰ্শকে এই হাঁহি-ধেমালি তথা কৌতূহলেৰে ভৰা চিনেমাখন যথেষ্ট পছন্দ কৰিছে। অৱশ্যে সমালোচকসকলে দ্বিতীয় অৰ্ধৰ দুৰ্বল চিত্রনাট্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ৫ৰ ভিতৰত ২.২৫ৰ পৰা ২.৫ ৰেটিংহে দিছে। ছ’চিয়েল মিডিয়াতো বেছিভাগ দর্শকেই চিনেমাখনক এখন ‘পাৰফেক্ট উইকেণ্ড এণ্টাৰটেইনাৰ’ বুলি অভিহিত কৰিছে আৰু পৰিয়ালৰ সকলোৱে মিলি উপভোগ কৰিব পৰা এখন চিনেমা বুলি কৈছে।

শেষত ইয়াকেই ক’ব পাৰি যে ‘সম্প্রদায়িনী সুপ্পিনী শুদ্ধপুসানী’চাবলৈ গৈ আপুনি কোনো ডাঙৰ বাৰ্তা বা অস্কাৰ বিজয়ী পৰ্যায়ৰ শিল্পকৰ্মৰ আশা নকৰিব। কিন্তু যদি আপুনি পৰিয়ালৰ লগত বহি দুঘণ্টামান সময় মুকলি মনেৰে হাঁহিব বিচৰাৰ লগতে কৌতূহলেৰে ভৰা চিনেমা এখন চাব বিচাৰে তেন্তে এই চিনেমাখন নিশ্চয় আপোনাৰ বাবে এক উপযুক্ত নির্বাচন হ’ব পাৰে ।

কৰবী চুতীয়া

You might also like

Comments are closed, but trackbacks and pingbacks are open.