প্রাকৃতিক পৰিঘটনা, গোলকীয় উষ্ণতা কল্যাণকৰ নে অভিশাপ…

12

সম্প্রতি সমগ্র বিশ্ব গোলকীয় উষ্ণতা অথবা ‘গ্ল’বেল ৱার্মিংৰ প্ৰভাৱাধীন হোৱা বিষয়টো চিন্তনীয় কাৰকৰূপে পৰিগণিত হৈছে। গোলকীয় উষ্ণতাত অসমকে ধৰি ভাৰতৰ আটাইকেইখন ৰাজ্য পর্যবসিত হোৱাৰ ফলত বৰ্তমান প্রাকৃতিক পৰিৱেশো ভাৰসাম্যহীন হৈছে। উল্লেখ্য যে ২০২৫ৰ বিশ্ব সূচকাংকলৈ দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় যে বর্তমান বিশ্বত বতৰৰ অৱস্থানে চৰম পৰ্যায় পাইছে। জলবায়ুৰ পৰিৱৰ্তন তথা গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিশ্বৰ প্ৰায়সংখ্যক ৰাজ্য অথবা দেশত আর্থ-সামাজিক দিশত আশংকাজনিত প্রভাৱো পেলাইছে। মানুহৰ জীৱন-ধাৰণৰ লগতে প্রকৃতি-প্ৰৱাহত বিচৰণ কৰা জীৱ-জন্তুৰ ওপৰতো গোলকীয় উষ্ণতা বৃদ্ধিয়ে সামগ্ৰিকভাৱে নেতিবাচক দিশ উন্মোচিত কৰিছে। সম্প্ৰতি শুকান বতৰ আৰু প্ৰদূষিত জলবায়ুৰ প্ৰভাৱত বেমাৰ-আজাৰৰ প্ৰকোপ বৃদ্ধিৰ উপৰি দুৰ্ভিক্ষ-জীৱন আৰু পৰিৱেশে ছানি ধৰাৰ ছবি এখনো ক্ৰমে স্পষ্ট হৈছে। ইয়াৰ মূল কাৰকটোৱেই হ’ল প্ৰকৃতিৰ ওপৰত মানুহে প্রতিদিনেই চলাই থকা ধ্বংসাত্মক কার্য। প্রকৃতি সংৰক্ষণ তথা সম্প্ৰসাৰণৰ বিপৰীতে কেৱল ধ্বংসহে কৰি আহিছে। তদুপৰি জনবিস্ফোৰণ আৰু বিজ্ঞানসন্মত উদ্যোগ ব্যৱস্থাপনাৰ বাবেও জলবায়ুৰ স্থিতাৱস্থা সুসংহত নহয়। উল্লেখ্য যে সম্প্রতি সাগৰপৃষ্ঠৰ উষ্ণতা বৃদ্ধি পাইছে। একেদৰে হিমবাহৰ গলন পক্ৰিয়াৰো সঘন পৰিৱৰ্তন হৈছে।

গোলকীয় উষ্ণতাৰ এই পৰিৱৰ্তনৰ দিশত আমি অধ্যয়ন বা বিশ্লেষণ কৰাৰ আগতে বিগত কেইটামান দশকলৈ উভতি চাব লাগিব। বিশেষকৈ নব্বৈৰ দশকৰ ভিতৰত বা তাৰ আগৰ দশকত অসমৰ লগতে ভাৰতৰ আন আন ৰাজ্যৰ জলবায়ুৰ যি ভাৰসমতা আছিল, সেই ভাৰসমতা ৯০ দশকৰ পাছত পৰিৱৰ্তন ঘটি বৰ্তমানলৈ সেই ধাৰা অব্যাহত আছে। ইয়াৰ মূল কাৰণলৈ চালে সততে মনলৈ আহে জলবায়ু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ অভিলাষী ক্রিয়া-কৰ্ম । কাৰণ মানুহে যিমানেই সভ্যতাৰ দিশলৈ আগবাঢ়িছে, সিমানেই মানসিক চিন্তা-কৰ্মৰ পদ্ধতিও সলনি হৈছে। এই সলনিৰ ক্ষেত্ৰত সহায় কৰিছে বিজ্ঞানসন্মত ঔদ্যোগিক কার্যক্রমণিকাই। বিজ্ঞানে যিবোৰ যান্ত্ৰিক সৰঞ্জাম বা সঁজুলি আৱিষ্কাৰ কৰি মানুহক পৰিচালনা কৰাৰ বাট মোকলাই দিছে, সেই বিজ্ঞানসন্মত যান্ত্ৰিক সঁজুলি বা সৰঞ্জামসমূহৰ ব্যৱহাৰিক কাৰ্যৰ জৰিয়তে মানুহে জীৱন- জীৱিকাৰ পথ মুকলি কৰিছে সঁচা, কিন্তু পৰিৱেশ- পৰিস্থিতিত এইবোৰে জলবায়ুৰ ভাৰসমতা ৰক্ষাৰ ক্ষেত্ৰত বিপৰীত মেৰুত অৱস্থান কৰিছে। সম্প্রতি প্রকৃতিদত্ত সম্পদৰ ওপৰত মানুহে অনৈতিক কার্যকলাপ চলাই প্রাকৃতিক গুণাগুণ নষ্ট কৰাৰ তথ্যও বিজ্ঞানী মহলে ইতিমধ্যে সময়ে সময়ে উনুকিয়াই আহিছে। প্রকৃতিদত্ত গছ-গছনি কাটি, পৰ্বত-পাহাৰ খহাই ঘৰ নিৰ্মাণ কৰাৰ লগতে নদ- নদী, খাল-বিল আদিত জাবৰ-জোঁথৰ পেলাই মানুহে প্রতিনিয়তভাৱে প্ৰদূষিত কৰি আহিছে।

পৰিতাপৰ কথা যে মানুহে নিম্ন ৰুচিপূৰ্ণ কাৰ্য-ক্ৰিয়াৰ প্ৰতি আগ্ৰাসী হোৱা প্ৰতিচ্ছবি এখনো উদ্ভাসিত হৈছে। মৌলিক স্বত্বটোক আওকাণ কৰি কেৱল অতি-বিলাসী জীৱন গঢ়াৰ বাবে কৌশলী কাৰ্য সম্পন্নৰহে আশ্রয় লৈছে। আকৌ ভোগবাদী জীৱনশৈলীত মগ্ন মানুহৰ বাবেও পৃথিৱীৰ গঢ় উষ্ণতা বৃদ্ধি পাইছে। ইয়েই মানৱ জীৱনৰ বৰ্তমানৰ অস্তিত্বক সংকটৰ সন্মুখীন কৰিছে আৰু ইয়াৰ প্ৰভাৱ ভৱিষ্যতলৈও অব্যাহত থাকিব বুলি অনুভৱ হৈছে। আনহাতে, ঔদ্যোগিক বিপ্লৱৰ সূচনা কৰি মানুহে সুখ-সন্তুষ্টিৰ নিশ্বাসো কাঢ়িছে, কিন্তু কিমান সুখী— সেইটোহে উপলব্ধি কৰাৰ বিপৰীত স্থিতিত পর্যবসিত হৈ আছে। ঔদ্যোগিক বিপ্লৱৰ প্ৰতিযোগিতামূলক পৰিস্থিতিয়েও প্রাকৃতিক দুৰ্যোগৰ কাল অমানিশা নমাই আনিছে। প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই মানুহে কেৱল অবৈজ্ঞানিক প্ৰাচুৰ্য-ক্ৰিয়াৰে সম্পদ আহৰণতহে ব্যস্ত হৈ আছে। ফলত সমগ্ৰ পৃথিৱী উষ্ণতাৰ কৰাল গ্ৰাসত ককবকাবলগীয়া হৈছে। ইয়াৰ পৰাই অনুমান হয় মানুহৰ দৈনন্দিন কাৰ্যকলাপৰ অভাৱনীয় পার্শ্বক্ৰিয়া। আনহাতে, নানান ধৰণৰ শিল্প-উদ্যোগ গঢ়ি উঠাত পৃথিৱীৰ দেশ তথা ৰাজ্যসমূহত আন এক জীৱন-ধাৰণ প্ৰক্ৰিয়াই গতি কৰিছে যদিও এই ঔদ্যোগিক কাৰু-কাৰ্যৰ প্ৰভাৱে মানৱ সমাজলৈ কঢ়িয়াই আনিছে বৃহৎ প্রত্যাহ্বান। অকল মানৱ সমাজেই যে এই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে— সেয়া নহয়, প্ৰকৃতিৰ ওপৰতো মাৰাত্মক প্ৰভাৱ পৰিছে। আনকি বায়ুমণ্ডল আৰু মহাসাগৰসমূহৰ উষ্ণতা বৃদ্ধি পোৱাত জীৱজগতৰ ওপৰত শংকা বৃদ্ধিৰো চাপ পৰিছে। এয়াও উল্লেখনীয় যে অভিজাতপ্রীতিৰে কৃত্ৰিম জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ অগ্ৰগতি লোৱাৰ পৰিপ্ৰেক্ষিততে এই গোলকীয় উষ্ণতাৰ প্রকোপ চৰিছে। গাড়ী-মটৰ কল-কাৰখানাত ব্যাপকভাৱে ব্যৱহৃত ইন্ধনেও প্রাকৃতিক সেউজ গৃহৰ গেছত ভাৰসমতাহীন প্রভাৱ পেলাইছে। ইয়াৰ লগতে প্রকৃতিপ্রদত্ত বনানী ধ্বংস আৰু জীৱাশ্মৰ অপব্যৱহাৰেও বায়ুমণ্ডল দূষিত কৰিছে। এনে দৃষ্টিৰে চালে দেখা যায় যে মানুহৰ ভাৰসাম্য হীন কাৰ্যকলাপৰ বাবেই বায়ুমণ্ডলৰ গেছসমূহৰ মাত্ৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। এয়াও স্পষ্ট যে সময়ে সময়ে হৈ থকা যুদ্ধ-বিগ্রহেও গোলকীয় উষ্ণতা বৃদ্ধিত প্ৰভাৱ পেলাইছে। যুদ্ধক্ষেত্ৰত প্রয়োগ কৰা পাৰমাণৱিক বোমা-বাৰুদৰ উপৰি বিস্ফোৰক পদাৰ্থসমূহেও বায়ুমণ্ডলক দূষিত কৰি আন এক শোচনীয় পৰিৱেশ সৃষ্টি কৰিছে। সম্প্ৰতি সমগ্ৰ এছিয়া মহাদেশৰ লগতে পৃথিৱীৰ অন্যান্য মহাদেশৰো জলবায়ু প্ৰদূষণৰ কৱলত পৰ্যবসিত হৈ আছে।

এয়াও স্পষ্ট যে দূষিত আৱৰ্জনা নগৰবিলাকত সৃষ্টি হয়। যিবোৰ ঠাইত আৱৰ্জনা জমা হয়, সেই ঠাইবোৰত মিথেন উৎপন্ন হয়। তদুপৰি আৱৰ্জনা মুকলিকৈ জ্বলাই দিলে ক্ষতিকাৰক পদাৰ্থ নিৰ্গত হৈ বায়ুমণ্ডলত প্ৰদূষিত গেছৰ মাত্ৰা বৃদ্ধি হয় ৷ আনহাতে, বিশ্বজুৰি বছৰি প্রায় ৪০০ মিলিয়ন টন প্লাষ্টিক উৎপাদন হয়। এক তথ্যমতে এক কিলোগ্রাম প্লাষ্টিক দহনৰ ফলত ২.৯ ৰ পৰা তিনি কিলোগ্রাম কার্বন নির্গত হয়। ইয়াৰ ফলত বায়ুমণ্ডলত ছালফাৰ- ডাই-অক্সাইডৰ গাঢ়তা অত্যধিক পৰিমাণে বৃদ্ধি কৰে। প্লাষ্টিক দহনত কেৱল কার্বন-ডাই-অক্সাইডেই নহয়, অত্যন্ত বিষাক্ত গেছো নির্গত হয়। যিবোৰে বায়ু প্ৰদূষণৰ লগতে কেঞ্চাৰৰ দৰে গুৰুতৰ ৰোগ সৃষ্টি কৰিছে। প্লাষ্টিক উৎপাদন বৃদ্ধি হৈ থাকিলে গোলকীয় উষ্ণতা বৃদ্ধিতো অৰিহণা যোগাব।

বায়ুমণ্ডলত গছ-গছনিয়ে কার্বন-ডাই-অক্সাইডৰ ভাৰসমতা ৰক্ষা কৰে। কিন্তু ঔদ্যে’গীকৰণ আৰু নগৰীকৰণৰ ফলত বৃহৎ পৰিমাণৰ বন ধ্বংস হৈছে। আনকি ‘পৃথিৱীৰ হাঁওফাও’ স্বৰূপ আমাজানৰ অৰণ্যসমূহো আজি সংকটত । বিশ্বজুৰি প্ৰতিবছৰে প্ৰায় এক কোটি হেক্টৰ বনাঞ্চল ধ্বংস হৈছে। ইয়াৰ ফলত পৃথিৱীত প্ৰায় ১০ লাখ প্রজাতি উদ্ভিদ আৰু প্ৰাণী বিলুপ্তিৰ প্ৰতি শংকা নামি আহিছে। বন ধ্বংসৰ বাবেই কার্বন নিঃসৰণ বৃদ্ধি পাইছে। আনহাতে, গছ-গছনিৰ অভাৱত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ যথেষ্ট কমিছে আৰু কাৰ্বন-ডাই- অক্সাইডৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাই থকাৰ ফলতে পৃথিৱীৰ গোলকীয় উষ্ণত বৃদ্ধি পাইছে । ইয়াৰ বাবেই হয়তো এদিন সমগ্ৰ জীৱকুল ধ্বংসৰ কাৰণ হ’ব।

প্ৰকৃততে মানৱ সৃষ্ট পৰিৱেশেই গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণ। আনহাতে, হিমবাহসমূহ দ্ৰুতগতিত গলনৰ ফলত সমুদ্ৰৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। বিশেষকৈ পৃথিৱীৰ বিশাল বৰফৰ পাহাৰবোৰো গলিবলৈ আৰম্ভ কৰিছে। বায়ুমণ্ডল আৰু মহাসাগৰৰ গড় উষ্ণতা বৃদ্ধি পোৱাৰ পৰিঘটনা গ্ল’বেল ৱার্মিং মূলতঃ ‘সেউজগৃহৰ প্ৰভাৱ’ । গ্রীনহাউছৰ কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন আদি গেছৰ অত্যধিক নির্গমন হোৱাৰ ফলশ্রুতিতে পৃথিৱীৰ বায়ুমণ্ডলত একপ্ৰকাৰৰ আৱৰণৰ সৃষ্টি হৈছে। এই আৱৰণ ফালি সূৰ্যৰ উত্তাপ বাহিৰলৈ ওলাই যাব নোৱাৰাৰ পৰিঘটনাৰ বাবেই পৃথিৱীৰ উষ্ণতা ক্ৰমাত বৃদ্ধি পাইছে। উল্লেখ্য আদিম যুগৰ পৰা প্ৰকৃতিৰ স’তে সহাৱস্থান কৰি অহা মানুহৰ প্ৰগতিৰ ধাৰাত ঔদ্যোগিকৰণে নতুন মাত্ৰাৰো সংযোগ ঘটাইছে। এই সংযোজিত ধাৰাত প্রয়োজন হৈ পৰিল ইন্ধন তথা শক্তি। ইয়াৰ ফলত জীৱাশ্ম ইন্ধনৰো ব্যৱহাৰিক প্ৰক্ৰিয়াৰ বৃদ্ধি হ’ল। তদুপৰি কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ ব্যৱহাৰে বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে কার্বন নির্গত কৰিবলৈ ধৰিলে।

প্ৰণিধানযোগ্য যে ৰাষ্ট্ৰসংঘৰ এক প্রতিবেদন অনুসৰি, ৰাসায়নিক সাৰৰ যোগান ব্যাহত হোৱাত খাদ্যৰ সুৰক্ষাৰ ক্ষেত্ৰতো প্ৰত্যাহ্বান আহিব। এনে পৰিস্থিতি হ’লে বিশ্বত প্ৰায় ৪.৫ কোটি লোক দুর্ভিক্ষ কবলত পৰিব। লক্ষণীয়ভাৱে ভাৰতসহ বাংলাদেশ, শ্রীলংকা আদি এছিয়াৰ দেশতো মানৱীয় সংকটৰ পূৰ্ণ সম্ভাৱনাৰ কথাও প্ৰকাশ কৰিছে ।

আনহাতে, ‘গ্ল’ৱেল ৰিপ’ৰ্ট অন ফুড ক্রাইচিছ’ শীর্ষক প্রতিবেদন অনুসৰি সম্প্ৰতি বিশ্বৰ ৪৭ দেশৰ প্ৰায় ২৬.৬ কোটি লোক ক্ষুধাত আক্ৰান্ত হৈছে। ২০২৫ৰ পৰিসংখ্যাৰ ভিত্তিত বিশ্বৰ প্ৰায় দুই তৃতীয়াংশ লোক থকা ১০খন দেশ ভয়াৱহ খাদ্য সংকটৰ কবলত পৰিছে। তদুপৰি যুদ্ধবিধ্বস্ত মধ্যপ্রাচ্যত খাদ্য সংকটৰ প্রভাৱ বৃদ্ধিৰ লগতে মহামাৰীৰ কবলত পৰাৰ সম্ভাৱনাও প্ৰতিবেদনত প্ৰকাশ পাইছে। আনকি মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰত্যক্ষ প্রভাৱে বায়ুমণ্ডলক যুদ্ধত ব্যৱহৃত বিস্ফোৰক পদাৰ্থসমূহে প্ৰদূষিত কৰিছে। বিশেষকৈ হৰমুজত আৱদ্ধ হৈ থকা যুদ্ধবিধ্বস্ত তৈলবাহী জাহাজসমূহৰ পৰাও নিৰ্গত তেলে সাগৰৰ জলভাগকো প্ৰদূষিত কৰিছে। সম্প্রতি যুদ্ধবিধ্বস্ত অঞ্চলটোৰ জলভাগৰ প্ৰদূষণ সেই অঞ্চলটোতে সীমাৱদ্ধ নাথাকি পশ্চিম এছিয়াৰ দেশসমূহলৈও বিয়পিছে। সেয়েহে অনাগত দিনত জলবায়ু প্ৰদূষণৰ কৱলত সমগ্র এছিয়া মহাদেশৰ বৰ্দ্ধিত সংখ্যক লোক আক্রান্ত হোৱাৰ সম্ভাৱনা আছে। তদুপৰি বিস্ফোৰণত প্ৰদূষিত বায়ুৰ প্ৰভাৱত এছিদ বৰষুণ হ’লে এই এছিদ বৰষুণে মানুহৰ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। মূলতঃ বিভীষিকাময় বায়ুমণ্ডলৰ অৱক্ষয়ৰ প্ৰভাৱ অব্যাহত থাকিলে উষ্ণতা বৃদ্ধি, খাদ্যৰ অনাটন, পানীৰ সংকট আৰু ৰোগৰ প্ৰকোপ বৃদ্ধিতো মানুহৰ শৰীৰত নেতিবাচক প্ৰভাৱ পৰিব গতিকে উল্লিখিত কাৰকসমূহৰ ভিত্তিত গোলকীয় উষ্ণতাৰ পৰা ৰক্ষা পাবলৈ হ’লে সমগ্ৰ বিশ্বতে বনানীকৰণ ব্যৱস্থা গঢ়ি তুলিব লাগিব। ইয়াৰ লগতে প্ৰদূষণমুক্ত পৰিৱেশ সৃষ্টি কৰিব লাগিব। যদি এনে ব্যৱস্থাৰ প্ৰতি সচেতনতা অৱলম্বন কৰা নহয়, তেতিয়া প্রাকৃতিক পৰিঘটনা গোলকীয় উষ্ণতা মানুহৰ কল্যাণকৰ হোৱাৰ বিপৰীতে অভিশাপ স্বৰূপহে হ’ব।

হেমন্ত কুমাৰ চৌধুৰী

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.