মনোজ কুমাৰ ডেকা
জ্যেষ্ঠ চিত্ৰ সাংবাদিক
….কাব্যজগতৰ খবৰ ৰখাসকলৰ বাবে, কবিতা ভালপোৱাসকলৰ বাবে এটি চিনাকি নাম হেনৰিক হাইনে। ১৯ শতিকাৰ জাৰ্মানীত যিসকলে নিজৰ কাব্য প্রতিভাৰে সকলোকে প্রভাৱিত কৰিছিল, তেওঁলোকৰ অন্যতম এগৰাকী আছিল হেনৰিখ হাইনে। আৰু সেই হেনৰিক হাইনেৰ এক প্ৰখ্যাত সৃষ্টি হৈছে ‘ডি লোৰেলি’! জার্মান সমাজত প্ৰচলিত এক কিংবদন্তিৰ আধাৰত কবিগৰাকীয়ে লিখিছিল সেই বেলাডটো।…
বেলাডৰ নায়িকা এগৰাকী জলকুঁৱৰী ।
ৰাইন নৈৰ সিটো পাৰৰ এচটা শিলত তাই মাজে মাজে বহে। জিৰায়। নিজৰ সৈতে কথা পাতে । অলেখ অলংকাৰেৰে নিজক সজাই থোৱা জলকুঁৱৰীৰ সোণৰ মণিবোৰ জিলিকি থাকে।
তাইৰ গীতত, মাতত ভাহি উঠে অৰণ্যৰ আদিম গোন্ধ ৷
…সন্ধিয়াৰ সূৰুযৰ পোহৰত দূৰৈৰ পাহাৰৰ শিখৰবোৰ জিলিকি উঠে। হেঁপাহেৰে ফণিয়াই লোৱা তাইৰ শুকুলা সোণালী চুলিবোৰে ঢৌ খেলে। অপূর্ব সুন্দৰী জলকুঁৱৰীজনীক নাৱৰীয়া এজনে দেখে। তাইৰ ওচৰলৈ যাব বিচাৰে। সি তাইৰ কেঁচামাটিৰ গোন্ধ থকা গীত আৰু সুৰৰ মায়াত বন্দী হয়। … কিন্তু দেও লগা নৈৰ পানীয়ে তাইক সকলোৰে পৰা আঁতৰাই বচাই ৰাখে! নাও আৰু নাৱৰীয়া তাইৰ গীতৰ প্ৰাচীন সুৰত শেষ হয়৷
……..হেনৰিখ হাইনেৰ এই বেলাডটো মহাবিদ্যালয়ৰ পুথিভঁৰালত পঢ়িছিল অসমৰ এগৰাকী সুগায়িকাই। তেওঁ প্ৰভাৱিত হৈছিল। আৰু সেই অনুভৱক সাঁচি লৈ গৈ জনাইছিল নিজৰ পিতৃক। অসমৰ, গীত আৰু কবিতাৰ পৃথিৱীক সেউজীয়া কৰা সেই ব্যক্তিগৰাকীৰ নাম আছিল কেশৱ মহন্ত। হেনৰিখ হাইনেৰ বেলাডক কঢ়িয়াই নিয়া শিল্পীগৰাকী আপোনাৰ বৰ আপোন। চিনাকি। নাম-মনজ্যোৎস্না মহন্ত। ঘৰৰ সকলোৰে বাবে ‘জিৰণি’।
সন্দিকৈ কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা, মনজ্যোৎস্না মহন্ত তেওঁৰ কণ্ঠ, তেওঁৰ গীতৰ বাবেই অসমৰ প্ৰতিগৰাকী গীত ভালপোৱা মানুহৰ চিনাকি । সেয়াই আচলতে তেওঁৰ প্ৰথম পৰিচয় । সেয়ে কেতিয়াবা তেওঁ কোন বা কাৰ কি হয় ক’ব মনেই নাযায় !…..
নিজৰ গুণেৰে নিজৰ পৰিচয় লিপি লিখা মনজ্যোৎস্না মহন্ত অসমৰ এগৰাকী সন্মানীয় কবি- গীতিকাৰ কেশৱ মহন্ত আৰু অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ বৰগীতৰ শিল্পী নিকুঞ্জলতা মহন্তৰ জীয়ৰী। অসমীয়া ছবিৰ গীতক এক বিশেষ মাত্ৰা প্ৰদান কৰা সংগীত পৰিচালক ৰমেন বৰুৱাৰ খুলশালী। দ্বীপেন বৰুৱা তেওঁৰ সৰু ভিনীহি। মনজ্যোৎস্না মহন্তৰ স্বামী হৃদয় গোস্বামী ৰাজ্যৰ এগৰাকী গুণী তবলা বাদক। তেওঁ ভূপেন ককাইদেউ (হাজৰিকা) সহযোগী বাদ্যশিল্পী সূৰ্য গোস্বামীৰ ভাইটি। মনজ্যোৎস্না মহন্তৰ মোমায়েক খগেন মহন্তক বাৰু কোনে নাজানে। মামীয়েক অৰ্চনা মহন্তৰ কথা ক’ম জানো! মনজ্যোৎস্না মহন্ত ভাৰতীয় সংগীতৰ জগতত এখন আসন সৃষ্টি কৰা পাপন অংগৰাগ মহন্তৰ বায়েক ।
…সেয়ে বোধকৰো তেৱো আনবোৰৰ দৰেই খুব সংবেদনশীল। আৰু বোধকৰো সেইবাবেই তেওঁ হেনৰিখ হাইনেৰ কবিতাক মন-মগজুত লৈ গৈ কৈছিল নিজৰ পিতৃ কেশৱ মহন্তক।
‘…এনে এটা গীত হ’ব নোৱাৰেনে?”
‘…ও! পাৰে। হ’ব পাৰে ৷ চাওঁচোন মই কি কৰিব পাৰোঁ !”
….কেশৱ মহন্তই লিখিছিল এটি গীত। নিজৰ ছোৱালীৰ বাবে। নিজৰ ছোৱালীৰ অনুৰোধত। গীতটো অৱশ্যে গোৱা হোৱা নাছিল ।
সময় বাগৰিল ৷
পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ ৰাজ্যিক মন্ত্ৰী হোৱা পবিত্ৰ মাৰ্ঘেৰিটাই এদিন জুবিন গাৰ্গৰ বাবে এটি গীত বিচাৰি কেশৱ মহন্তৰ ওচৰ চাপিছিল।
সেই সময়ত মহন্তৰ ওচৰত গীত নাছিল। তেওঁ নিজৰ অক্ষমতা ব্যক্ত কৰিলে। কিন্তু কথাষাৰ শুনিলে মনজ্যোৎস্না মহন্তই। তেওঁ গীতটো জুবিন গাৰ্গক দিবলৈ অনুৰোধ কৰিলে !
—তুমি সেই গীতটো দি নিদিয়া কিয় ?”
‘কিন্তু, সেইটো গীত তোৰহে!… মই তোৰ বাবেহে লিখিছিলোঁ!”
‘একো নহয় দিয়া। জুবিনে গালে ভালেই হ’ব!”
…. গীতটো জুবিন গাৰ্গক দিয়া হ’ল। জুবিনে সুৰ দিলে। গালে। অসমে পালে এটি অতীৱ সুন্দৰ গীত মনজ্যোৎস্না মহন্তৰ বাবে । ৰাইন নৈৰ জলকুঁৱৰী আকৌ জিলিকি উঠিল।
কেশৱ মহন্তৰ কলমেৰে মনজ্যোৎস্না
মহন্তৰ অনুৰোধে ৰূপ পালে এনেদৰে—
‘আন* যোৱা বাটে নোযোৱা
ছোৱালীজনী
পোৱানে চিনি… পোৱানে চিনি!
আন যোৱা বাটে নোযোৱা
নৈৰ পাৰৰ
এছটা শিলত বহি
পানীৰ কু ভা চাই
সোণ বৰণীয়া
চুলিটাৰি মেলি
তাই জানো কি পায়
বুকুত বিচাৰে
কাণ পাতি তাই
সুৰৰ গুণগুণনি
আন যোৱা বাটে নোযোৱা…
ডিঙা বাই বাই
নাৱৰীয়া আহে যায়
তাইলৈ কেৰাহিকৈ চায়
তাইৰ কাষলৈ
যাওঁ কি নাযাওঁকৈ
নাওখন নিয়ে চপাই
পাৰলৈ কেনেকৈ
উঠিব সিহঁত
নৈৰ দেও লগা পানী
আন যোৱা বাটে নোযোৱা…।
(*আন যোৱা। আনে যোৱা নহয়।)
Comments are closed, but trackbacks and pingbacks are open.