আজিৰ পৰা আৰম্ভ হ’ব ICC Women’s T20 World Cup 2026

8

আজিৰ পৰা আনুষ্ঠানিকভাৱে ইংলেণ্ডত আৰম্ভ হ’ব আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৬। ব্ৰিটেইনৰ কেইবাখনো ঐতিহাসিক ক্ৰিকেট খেলপথাৰত আগন্তুক প্ৰায় এটা মাহ ধৰি চলিবলগীয়া এই ক্ৰিকেট মহাৰণত এইবাৰ বিশ্বৰ শ্ৰেষ্ঠ ১২টা দলে অংশগ্ৰহণ কৰিছে।

উদ্বোধনী খেলত আজি বৰ্মিংহামৰ ঐতিহাসিক এজবাষ্টন ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখনত আয়োজক তথা শক্তিশালী ইংলেণ্ডৰ দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতীয় সময় অনুসৰি আজি (১২ জুন ২০২৬) নিশা ১১:০০ বজাৰ পৰা এই খেলখন পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব।

সমগ্ৰ টুৰ্নামেণ্টখনত মুঠ ৩৩ খন তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ মেচ অনুষ্ঠিত হ’ব আৰু দলসমূহক দুটা সুকীয়া গ্ৰুপত ভাগ কৰা হৈছে-

গ্ৰুপ ১: অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ভাৰত, পাকিস্তান, বাংলাদেশ আৰু নেদাৰলেণ্ড।

গ্ৰুপ ২: ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নিউজিলেণ্ড, শ্ৰীলংকা, স্কটলেণ্ড আৰু আয়াৰলেণ্ড।

ভাৰতীয় মহিলা ক্ৰিকেট দলেও খিতাপ অৰ্জনৰ লক্ষ্যৰে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে । গ্ৰুপ ‘১’ত স্থান পোৱা টীম ইণ্ডিয়াৰ বাবে প্ৰতিখন খেলত জয়লাভ কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হ’ব। এই মহাৰণত এইবাৰ কোনটো দলে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিব, তালৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমীয়ে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.