দৈনিক ৰাশিফল ২৪ জানুৱাৰী ২০২৬

48

🌞 শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নম:🌞
১০ মাঘ, শনিবাৰ , ইং ২৪ জানুৱাৰী ২০২৬
সূৰ্যোদয় ঘ :- ৬/১৫/১৫
সূৰ্যাস্ত ঘ :- ৪/৫৪/১
ৰাশি : –  মীন ৰাশি।
তিথি :- শুক্লা  ষষ্ঠী তিথি। ৰা:ঘ:- ১০/৪৪/৫৪ যোৱাত শুক্লা সপ্তমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :-‌‌ উত্তৰভাদ্ৰপদ , ঘ:- ১/৯/১৩   লৈ ।
শুভ সংখ্যা :- ৮/৩
শুভ ৰং:-  নীলা / বেঙুনীয়া*

১. মেষ ৰাশি (অ,ল)- মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব বা ঘৰলৈ প্ৰিয় ব্যক্তিৰ আগমনৰ হ’ব পাৰে, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব)- বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপোনাৰ আত্মীয় পৰিয়ালৰ প্ৰতি মনত চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ)- মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ পুৰণি বিবাদ বা সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ)- কৰ্কট ৰাশিৰ  জাতক-জাতিকা সকলৰ   আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট)- সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত প্ৰসংসা লাভ কৰিব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ সকলো কৰ্মতে সিদ্ধি লাভ  হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ  আজিৰ দিনটোত সম্পদ লাভ কৰিব, হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি পুলিচ প্ৰশাসনৰ ব্যক্তিৰ পৰা সজাগ হোৱাটো ভাল হ’ব।

৭. তুলা ৰাশি (ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কৰ্মত উৎসাহ বাঢ়িব, লগতে আজি আপোনাৰ ৰোগ আৰোগ্য হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য)- বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ সংগী শিল্পী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ)- ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ)- মকৰ ৰাশি  জাতক-জাতিকা সকলৰ আজিৰ  দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, কৰ্মত ভাল পৰিৱেশ লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স)- কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ’ব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি-( দ,চ)- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য মত প্ৰাৰ্থক্যৰ সৃষ্টি  হোৱাৰ যোগ দেখা যায়।

 

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। ”

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

 

 জ্যোতিষী
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
নৱগ্ৰহ জ্যোতিষালয়

You might also like

Comments are closed, but trackbacks and pingbacks are open.