জামু ফলৰ আশ্বৰ্যজনক উপকাৰিতা

7

গ্ৰীষ্মকালৰ অন্যতম জনপ্ৰিয় ফল জামু। বৰ্তমান বজাৰত অতি সহজেই উপলব্ধ এই জামু কেৱল সোৱাদৰ বাবেই নহয়, ইয়াৰ অসংখ্য স্বাস্থ্য উপকাৰিতাৰ বাবেও বিশেষভাৱে সমাদৃত। পুষ্টি আৰু গুণেৰে সমৃদ্ধ এই ফলবিধে শৰীৰৰ বিভিন্ন দিশত ইতিবাচক প্ৰভাৱ পেলায়।

ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰেঃ স্বাভাৱিকভাৱে মিঠা হ’লেও জামুৰ গ্লাইচেমিক সূচকাংক (Glycemic Index) কম। সেয়েহে ডায়েবেটিছ ৰোগী বা ৰক্তত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ ইচ্ছুক লোকসকলৰ বাবে ই উপযোগী ফল। জামুনৰ গুটিত থকা ‘জাম্বোলিন’ নামৰ উপাদানে ইনচুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে।

হজম শক্তি উন্নত কৰেঃ জামুত প্ৰচুৰ পৰিমাণে খাদ্য আঁহ (Dietary Fiber) থাকে, যিয়ে হজম প্ৰক্ৰিয়া সুস্থ কৰি কোষ্ঠকাঠিন্য ৰোধ কৰাত সহায় কৰে।  লগতে  ইয়াত কিছুমান এনে উপাদান পোৱা যায় যিবোৰৰ মৃদু সংকচনকাৰী (astringent) গুণাগুণ থাকে, যিয়ে গ্ৰহণী (diarrhea) আৰু অন্যান্য পাচন সম্পৰ্কীয় সমস্যা নিৰাময়ত সহায় কৰিব পাৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ জামু ভিটামিন ‘চি’-ৰ এক উৎকৃষ্ট উৎস। এই ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ই শৰীৰক আইৰণ শুহি লোৱাত সহায় কৰে, যাৰ ফলত আমাৰ সামগ্ৰিক স্বাস্থ্য আৰু শক্তি অটুট থাকে

হৃদযন্ত্ৰ সুস্থ ৰাখেঃ পটাছিয়াম সমৃদ্ধ জামুৱে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাভাৱিক কাৰ্যক্ষমতা বজাই ৰাখে। ইয়াত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাৰ লগতে অক্সিডেটিভ ক্ষতিৰ পৰা সুৰক্ষা প্ৰদান কৰি হৃদৰোগৰ আশংকা কমাব পাৰে।

ত্বক আৰু চুলিৰ বাবে উপকাৰীঃ জামুনত থকা বিভিন্ন ভিটামিন, খনিজ পদাৰ্থ আৰু এণ্টিঅক্সিডেণ্টে ত্বকক ভিতৰৰ পৰা পুষ্টি যোগায়। ইয়াৰ ফলত বয়স বৃদ্ধিৰ লক্ষণ কিছু পৰিমাণে হ্ৰাস পায়। লগতে ইয়াত থকা আইৰণ আৰু অন্যান্য পুষ্টি উপাদানে চুলিৰ স্বাস্থ্য উন্নত কৰি স্বাভাৱিক উজ্জ্বলতা বজাই ৰখাত সহায় কৰে।

গৰমৰ দিনত শৰীৰ শীতল ৰাখেঃ জামুনৰ প্ৰায় ৮৪ শতাংশ অংশই পানী। ফছফৰাছ আৰু আয়’ডিন আদি খনিজ পদাৰ্থৰ সৈতে এই উচ্চ পানীৰ পৰিমাণেৰে ভৰপুৰ এই ফলবিধে গ্ৰীষ্মকালত শৰীৰক সজীৱ আৰু শীতল কৰি ৰখাত সহায় কৰে।

তেজ বিশুদ্ধ কৰাত সহায় কৰেঃ জামুত থকা আইৰণে হিম’গ্ল’বিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত থকা বিভিন্ন খনিজ পদাৰ্থ, ভিটামিন, এন্থ’চায়ানিন আৰু ফ্লেভ’নয়েডে তেজৰ গুণগত মান উন্নত কৰাৰ লগতে  শৰীৰক সুস্থ আৰু শক্তিশালী কৰি ৰখাতো ভূমিকা পালন কৰে

সোৱাদ, পুষ্টি আৰু স্বাস্থ্য উপকাৰিতাৰ এক অনন্য সংমিশ্ৰণ হৈছে জামু। নিয়মিত আৰু পৰিমিত পৰিমাণে জামুন খালে শৰীৰৰ সামগ্ৰিক সুস্থতা বজাই ৰখাত যথেষ্ট সহায় লাভ কৰিব পাৰি।

You might also like

Comments are closed, but trackbacks and pingbacks are open.