আজিৰ প্ৰতিযোগিতামূলক আৰু দ্ৰুতগতিসম্পন্ন জীৱনত আমি প্ৰত্যেকেই সফলতাৰ এক চমু পথ (Shortcut) বিচাৰোঁ। বহুতে ভাবে যে কোনো এটা কাম আৰম্ভ কৰাৰ আগতে বা সম্পূৰ্ণ কৰাৰ আগতে এক প্ৰৱল ‘প্ৰেৰণা’ (Motivation)ৰ প্ৰয়োজন। অধ্যয়ন, কৰ্মক্ষেত্ৰৰ প্ৰকল্প, শাৰীৰিক ব্যায়াম অথবা নতুন কোনো দক্ষতা আহৰণৰ ক্ষেত্ৰত মানুহে সাধাৰণতে ভাবে যে সফলতাৰ মূল চালিকা শক্তি হৈছে প্ৰেৰণা। কিন্তু বাস্তৱৰ কঠিন সত্যটো হ’ল— প্ৰেৰণাই কেৱল আপোনাক যাত্ৰা আৰম্ভ কৰাতহে সহায় কৰে, কিন্তু লক্ষ্যস্থানত উপনীত কৰায় কেৱল ‘শৃংখলাই’ (Discipline)।
প্ৰেৰণা কি? ইয়াৰ সীমাবদ্ধতা কত?
প্ৰেৰণা হৈছে আমাৰ অনুভূতি আৰু আৱেগৰ পৰা জন্ম লোৱা এক মানসিক শক্তি। কোনো এজন সফল ব্যক্তিৰ ভাষণ শুনাৰ পিছত বা এখন প্ৰেৰণাদায়ক চিনেমা চোৱাৰ পিছত আমাৰ তেজত যি উৎসাহৰ সৃষ্টি হয়, সেয়াই প্ৰেৰণা। ই অতি শক্তিশালী, কাৰণ ই আমাক পৰিবৰ্তনৰ বাবে উৎসাহিত কৰে।
প্ৰেৰণাৰ সীমাবদ্ধতাঃ
- অস্থায়ী স্বভাৱঃ প্ৰেৰণা সদায় একে নাথাকে। ই সাগৰৰ ঢৌৰ দৰে— কেতিয়াবা অতি উচ্চ আৰু কেতিয়াবা একেবাৰে নিম্ন।
- পৰিস্থিতি নিৰ্ভৰশীলঃ আমাৰ মনৰ অৱস্থা, টোপনি, খাদ্য বা পাৰিপাৰ্শ্বিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি প্ৰেৰণা সলনি হয়।
শৃংখলা প্ৰকৃততে কি?
সাধাৰণ ভাষাত শৃংখলা মানে কিছুমান নিয়ম মানি চলা। কিন্তু ইয়াৰ অৰ্থ তাতকৈ বহুত বেছি গভীৰ। শৃংখলা হৈছে আপোনাৰ বৰ্তমানৰ ক্ষন্তেকীয়া সুখক বিসৰ্জন দি ভৱিষ্যতৰ এক বৃহৎ লক্ষ্যৰ বাবে নিজক সাজু কৰা। ই হৈছে নিজৰ মন আৰু ইন্দ্ৰিয়ৰ ওপৰত থকা এক নিয়ন্ত্ৰণ, যিয়ে আপোনাক আৱেগৰ বশৱৰ্তী হোৱাত বাধা দিয়ে। শৃংখলা কোনো সাময়িক আৱেগ নহয়; ই এক নিৰন্তৰ প্ৰক্ৰিয়া। ই আমাৰ অভ্যাস, দায়িত্ববোধ আৰু নিজৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। শৃংখলাৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল— ই আপোনাৰ ‘মন’ বা ‘মুড’ৰ ওপৰত নিৰ্ভৰ নকৰে।
শৃংখলাৰ তিনিটা স্তম্ভ (Three Pillars of Discipline)
১. আত্ম-নিয়ন্ত্ৰণঃ (Self-Control) আজিৰ দিনত আমাক বিচলিত কৰিব পৰা উপাদানৰ অভাৱ নাই। চ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি ওচৰ-চুবুৰীয়াৰ কোলাহললৈকে— সকলোতে একো একোটা আকৰ্ষণ লুকাই থাকে। এই প্ৰলোভনবোৰক “না” ক’ব পৰাটোৱেই হৈছে শৃংখলাৰ প্ৰথম খোজ।
২. নিৰন্তৰতাঃ (Consistency) এটা দিনত ১০ ঘণ্টা পঢ়াতকৈ প্ৰতিদিনে ১ ঘণ্টাকৈ পঢ়াটোৱেই হৈছে প্ৰকৃত শৃংখলা। নিৰন্তৰতাই কাম এটাক অভ্যাসত পৰিণত কৰে। যেতিয়া কোনো এটা কাম অভ্যাসত পৰিণত হয়, তেতিয়া তাক কৰিবলৈ আমাক আৰু অতিৰিক্ত মানসিক শক্তিৰ প্ৰয়োজন নহয়।
শৃংখলাৰ বৈশিষ্ট্যঃ
- অটল বিশ্বাসঃ এজন শৃংখলাবদ্ধ ব্যক্তিয়ে জানে যে তেওঁ কামটো কৰিবই লাগিব, তেওঁৰ মন যাওক বা নাযাওক।
- দীৰ্ঘম্যাদী ফলাফলঃ প্ৰেৰণাই তৎক্ষণাত আনন্দ দিয়ে, কিন্তু শৃংখলাই দীৰ্ঘম্যাদী সফলতা আৰু আত্মবিশ্বাস গঢ়ি তোলে।
- অভ্যাসত ৰূপান্তৰঃ যেতিয়া আপুনি কোনো কাম নিয়মিতভাৱে কৰি থাকে, সেয়া আপোনাৰ অবচেতন মনৰ অংগ হৈ পৰে। যেনেকৈ ৰাতিপুৱা ব্ৰাছ কৰাৰ বাবে আমাক কোনো প্ৰেৰণাৰ প্ৰয়োজন নহয়, তেনেদৰে শৃংখলাবদ্ধ কামবোৰো স্বয়ংক্ৰিয় হৈ পৰে।
প্ৰেৰণাই পথ দেখুৱাই, শৃংখলাই খোজ কঢ়িব শিকায়
কল্পনা কৰক, প্ৰেৰণা হৈছে এটা গাড়ীৰ ‘ইগনিশ্যন’ (Ignition) বা চাবিকাঠি ঘূৰোৱাৰ নিচিনা, যিয়ে ইঞ্জিনটো ষ্টাৰ্ট কৰে। কিন্তু সেই গাড়ীখন গন্তব্যস্থানলৈ লৈ যাবলৈ যি ইন্ধন আৰু চালকৰ ধৈৰ্য্যৰ প্ৰয়োজন, সেয়াই হৈছে শৃংখলা। শৃংখলা অবিহনে প্ৰেৰণা মাত্ৰ এটা ফুটুকাৰ ফেণ।
উদাহৰণ স্বৰূপে এজন খেলুৱৈয়ে অলিম্পিকত মেডেল জিকাৰ সপোন দেখি প্ৰেৰণা পায়। কিন্তু সেই মেডেলটো পাবলৈ তেওঁ যি চাৰি বছৰ ধৰি প্ৰতিদিন ৰাতিপুৱা ৪ বজাত উঠি কঠোৰ অনুশীলন কৰে, সেয়াই হৈছে শৃংখলা। সেই সময়ত তেওঁৰ হয়তো টোপনি ক্ষতি কৰিবলৈ মন নাযায়, কিন্তু তেওঁৰ শৃংখলাই তেওঁক বিচনাৰ পৰা উঠিবলৈ বাধ্য কৰে।
দৈনন্দিন জীৱনত কেনেকৈ শৃংখলাবদ্ধ হ’ব ?
শৃংখলা একেদিনাই গঢ়ি নুঠে। ইয়াৰ বাবে তলত দিয়া পদক্ষেপসমূহ ল’ব পাৰি-
১. স্পষ্ট লক্ষ্য আৰু ‘কিয়’ (Why): আপুনি কামটো কিয় কৰিছে তাৰ উদ্দেশ্য স্পষ্ট হ’ব লাগিব। উদ্দেশ্যহীন কামত শৃংখলা নাথাকে।
২. নিৰ্দিষ্ট সময়সূচী (Routine): দিনটোৰ গুৰুত্বপূৰ্ণ কামবোৰৰ বাবে এটা নিৰ্দিষ্ট সময় ধাৰ্য কৰক।
৩. দুই মিনিটৰ নিয়ম: কোনো এটা কাম কৰিবলৈ এলাহ লাগিলে, মাত্ৰ ২ মিনিটৰ বাবে কামটো কৰাৰ লক্ষ্য লওক। প্ৰায়ে দেখা যায় যে এবাৰ আৰম্ভ কৰাৰ পিছত কামটো সম্পূৰ্ণ কৰা সহজ হৈ পৰে।
৪. প্ৰলোভনৰ পৰা আঁতৰত থকা: মোবাইল ফোন বা ছ’চিয়েল মিডিয়াৰ দৰে বিচলিত কৰা মাধ্যমসমূহ কামৰ সময়ত আঁতৰাই ৰাখক।
৫. নিজক পুৰস্কৃত কৰক: এটা সপ্তাহ শৃংখলাবদ্ধ হৈ থকাৰ পিছত নিজক সৰু কিবা উপহাৰ বা জিৰণি দিয়ক।
সফলতা কোনো দুৰ্ঘটনা নহয়। ই হৈছে প্ৰতিদিনে কৰা সৰু সৰু শৃংখলাবদ্ধ কামৰ সমষ্টি। প্ৰেৰণাক আপোনাৰ সাৰথি হিচাপে ব্যৱহাৰ কৰক, কিন্তু শৃংখলাক আপোনাৰ স্থায়ী সংগী কৰি লওক। মনত ৰাখিব, প্ৰেৰণা আহে আৰু যায়, কিন্তু শৃংখলাই আপোনাক অদম্য কৰি তোলে। যেতিয়া প্ৰেৰণা শেষ হৈ যায়, তেতিয়া কেৱল শৃংখলাইহে আপোনাক লক্ষ্যস্থানত উপনীত কৰাব।
Comments are closed, but trackbacks and pingbacks are open.