দৈনিক ৰাশিফল ২১ এপ্ৰিল ২০২৬

24

৭ ব’হাগ, মঙ্গলবাৰ, ইং ২১ এপ্ৰিল ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে, সামান্য ব্যয় বাঢ়িব পাৰে যদিও আজি ছোৱালী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ’ব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, মনত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি ব্যৱসায় বানিজ্যত সজাগ নহ’লে সামান্য লোকচানৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যিসকল নৃত্য আৰু সংগীত শিল্পী আছে তেওঁলোকৰ কৰ্মত শুভ বুলি কব পাৰি যদিও আজি আন আন ব্যক্তি সকলে সজাগ নহ’লে সামান্য মিছা অপৱাদ পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আদৰ্শবাদী মনোভাৱ প্ৰকাশ পাৱ, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য অৱহেলা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপুনি কৰ্মত ভাল পৰিৱেশ লাভ হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, কৰ্মত আদৰ্শবাদী মনোভাৱ প্ৰকাশ পাৱ যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্যৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি শিক্ষক সকলৰ কৰ্মত সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মত সকলো দিশতে সজাগ নহ’লে সামান্য বিপদৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ভোজন বিলাস বাঢ়িব, ভাল খৱৰ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হব, কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ চিন্তা ধাৰা উন্নত মানৰ হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.