১৫ চ’ত, সোমবাৰ , ইং ৩০ মাৰ্চ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, কৰ্মৰ প্ৰতি আগ্ৰহী হ’ব লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি অহাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, মনত আনন্দ বাঢ়িব, লগতে আজি আপুনি প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, সংগীত শিল্পী সকলৰ সুনাম বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ কৰিব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপোনাৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যান বাহন ক্ৰয় কৰিবলৈ সুযোগ লাভ কৰিব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপুনি দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় চিন্তা আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, উত্তম ভোজন লাভ কৰিব লগতে আজি আপোনাৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপোনাৰ সৰু সুৰা কথাতে মনটো অশান্ত হব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বাধাৰ সন্মুখীন হ’ব পাৰে লগতে আজি আপোনাৰ সামান্য স্বাস্থ্যৰ অৱনতি হ’ব পাৰে।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, শৰীৰত ৰোগ বাঢ়িব পাৰে লগতে আজি বিবাহিত ব্যক্তি সকলৰ সন্তান প্ৰতি চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, ভ্ৰমনৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.