৫ আহাৰ, শনিবাৰ, ইং ২০ জুন ২০২৬
১.মেষ ৰাশি(অ,আ,ল): আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়। সন্তানৰ বাবে চিন্তা বৃদ্ধি। যিকোনো মানুহৰ লগত নিজৰ মনৰ কথা আলোচনা নকৰিব। শত্ৰুৰ পৰা সতর্ক। শুভ ৰং- নীলা, শুভ সংখ্যা- ৫।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি স্বাস্থ্য অশান্তিৰ বাবে কৰ্ম ক্ষেত্ৰত সমস্যা আহিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। দুখীয়া লোকক সহায় কৰি মন আনন্দিত হ’ব। প্ৰেমত সাৱধান। শুভ ৰং হালধীয়া, শুভ সংখ্যা- ৯।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি বিদ্যার্থীসকলৰ বাবে শুভ। কৰ্ম ক্ষেত্ৰত বাহিৰলৈ যোৱাৰ সম্ভাৱনা। কুচিন্তাৰ কাৰণে মনত কষ্ট পাব। ব্যৱসায়ৰ দিশত ভাল ফল দেখা যায়। শুভ ৰং-বগা, শুভ সংখ্যা- ২।
৪.কৰ্কট ৰাশি(ড,হ): আজি বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। পাবলগীয়া থকা ধন ঘূৰাই পাব। নৃত্যশিল্পীৰ বাবে উন্নতিৰ যোগ। আপোনাৰ প্রিয়জনে আপোনাৰ সৈতে বিশ্বাসঘাতকতা কৰিব। প্ৰেমত সন্দেহ। শুভ ৰং– মেৰুন, শুভ সংখ্যা- ৪
৫.সিংহ ৰাশি (ম,ট): আজি অচিনাকি ব্যক্তিৰ সৈতে কোনোধৰণৰ কাম আৰম্ভ নকৰিব। ব্যৱসায়ত সফলতা লাভ কৰিব। সন্তানৰ স্বাস্থ্যৰ কাৰণে চিন্তা। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। শুভ ৰং- ক’লা, শুভ সংখ্যা- ৬।
৬.কন্যা ৰাশি(ঠ,প,ন): আজি কর্ম ক্ষেত্ৰত পদোন্নতিৰ যোগ। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যোগ। পৰাপক্ষত পঢ়া-শুনাত গুৰুত্ দিয়ক। প্ৰেমত আনন্দ। শুভ ৰং ৰঙা, শুভ সংখ্যা- ৩।
৭.তুলা ৰাশি(ৰ,ত): আজি নিজৰ লক্ষ্যৰ ওপৰত নজৰ ৰাখিব। পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। নতুন কোনো ব্যৱসায়ত সফল হ’ব। গাৰ বিষে আমনি কৰিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা- ১।
৮.বৃশ্চিক ৰাশি(ন,য): আজি বন্ধু-বান্ধৱীৰ লগত কথা ক’লে মন খুলি কথা ব্যক্ত নকৰিব। শিক্ষাৰ্থীসকলৰ বাবে ভাল যোগ৷ শৰীৰ অশুভ। চলা-ফুৰাত সতর্ক থাকিব। শুভ ৰং- সোণালী, শুভ সংখ্যা- ৮।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি পৰাপক্ষত টকা-পহচাৰ লেনদেন নিজৰ হাতেৰে কৰিব৷ মা-দেউতাৰ প্ৰতি দায়িত্ব পালন নকৰাৰ বাবে সংসাৰত অশান্তিৰ সৃষ্টি। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং- গুলপীয়া, শুভ সংখ্যা- ৭।
১০.মকৰ ৰাশি(খ,জ): আজি অতিৰিক্ত ক্ৰোধৰ ফলত অশান্তিৰ সৃষ্টি হ’ব পাৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ। প্ৰেমত আনন্দ। গুৰুজনাৰ কথাত বিশেষ গুৰুত্ব দিয়া প্রয়োজন। শুভ ৰং- বেঙুনীয়া, শুভ সংখ্যা ৫।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি সম্পত্তিক লৈ সমস্যা হ’ব পাৰে। আনক সহায় কৰিবলৈ যাওঁতে নিজে বিপদত পৰিব। সাংসাৰিক দিশত অশান্তি থাকিব। হাতলৈ টকা-পইচা আহিব যদিও খৰচ বৃদ্ধি। শুভ ৰং- কমলা, শুভ সংখ্যা- ২।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি চাকৰি ফালৰ পৰা বিদেশ ভ্ৰমণ হ’ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে। আপোনাৰ ব্যৱহাৰে আপোনাক সন্মানিত কৰিব। প্ৰেমত শুভ। শুভ ৰং– ক্রীম, শুভ সংখ্যা-৪।
Comments are closed, but trackbacks and pingbacks are open.