দৈনিক ৰাশিফল ১৬ মে ২০২৬

37

১ জেঠ, শনিবাৰ, ইং ১৬ মে’ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, সামাজিক কৰ্মত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি ঘৰুৱা কৰ্মত সাজাগ হোৱাটো ভাল হ’ব।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব, যাত্ৰা বা ভ্ৰমণত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, যদিও আজি আপুনি নিসংগতা অনুভৱ হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, ধন- সম্পত্তি সঞ্চয় মনোভাৱ বাঢ়িব, লগতে আজি আপুনি কৰ্মত সকলো দিশতে উন্নতি সাধন হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, কৰ্মত উৎসাহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, হাতলৈ ধন- সম্পত্তি আহিব, কৰ্মত সন্মান বাঢ়িব, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি অহাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সংযমী হোৱাটো ভাল হ’ব লগতে আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব,ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত আমনি বোধ অনুভৱ হ’ব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত আদৰ্শবাদী মনোভাৱ প্ৰকাশ পাৱ, মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব নহ’লে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উৎসাহ বাঢ়িব, লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি অহাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.