২৯ মাঘ, বৃহস্পতিবাৰ , ইং ১২ ফেব্ৰুৱাৰী ২০২৬
মেষ ৰাশি(অ,ল): মজলীয়া ফল। বাঞ্ছিত কর্মত কিছু অগ্রগতি। ভাই-ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা। সু- সংবাদ লাভ। শুভ ৰং নীলা, শুভ সংখ্যা ৪
বৃষ ৰাশি(উ,ব): বন্ধুবৰ্গৰ পৰা উৎসাহ পাব। কোনোৱে আকস্মিক চিন্তাত পৰিব পাৰে। দাম্পত্যত বুজাপৰাৰ
অভাৱ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫।
মিথুন ৰাশি(ক,ছ): পূৰ্বৰ দিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ। কোনো কৰ্মৰ ফলস্বৰূপে মনত শান্তি আহিব। শুভ ৰং কমলা, শুভ সংখ্যা ২।
কর্কট ৰাশি(ড,হ): ব্যৱহাৰিক ক্ষেত্ৰত আপোনাৰ দক্ষতা থাকিব। আত্মীয়ৰ বাবে কিছু দুর্ভাবনা থাকিব। বাকী দিশ মোটামুটি ভালেই দেখা যায়। শুভ ৰং বগা, শুভ সংখ্যা ৩।
সিংহ ৰাশি(ম,ট): পঢ়াত মধ্যম ফল পাব। কর্মস্থানত ভালেই দেখা যায়। কামত উপকৃত হ’ব। পাৰিবাৰিক সমস্যাত বিব্ৰত হ’ব পাৰে। আৰ্থিকত ব্যয়। শুভ ৰং ক্রীম, শুভ সংখ্যা ৪।
কন্যা ৰাশি(প,ঠ): যোগ্য ব্যক্তিৰ মান-সন্মান প্ৰাপ্তিৰ মৃদু আভাস। ৰাজহুৱা কামতো তদ্রূপ। কর্মক্ষেত্ৰত কিছু অগ্রগতি লাভ কৰাৰ চেষ্টা কৰক। শুভ ৰং ক’লা, শুভ সংখ্যা ৭।
তুলা ৰাশি(ৰ,ত): সন্তানৰ বাবে সুখ। ঘৰুৱা কাম-কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে। ধনপ্ৰাপ্তিৰ আশা। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।
বৃশ্চিক ৰাশি(ন,য): উৎসাহপূর্ণ সংবাদ। মুকলি পৰিৱেশ। ঘৰুৱাতো ভালেই। সন্তান-সন্ততিৰ লগত মিলি ভাল পাব। কর্মস্থানত বাধা কম। আৰ্থিকত নতুন সুযোগৰ আশা। বন্ধুৰ সুখ। শুভ ৰং কমলা, শুভ সংখ্যা ৩।
ধনু ৰাশি(ধ,ভ): কর্মক্ষেত্ৰত উৎসাহ লাভ। কোনো আত্মীয়ৰ পৰা দুঃসংবাদ পাব পাৰে। প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যত আহি উপকৃত হ’ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।
মকৰ ৰাশি(খ,জ): অস্থিৰতা পাৰিলে বৰ্জন কৰক। অৱশ্যে দুই-এক সম্ভাব্য যোগাযোগত মিশ্রিত আনন্দ পাব। ঘৰুৱা চিন্তা থাকিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬।
কুম্ভ ৰাশি(গ,শ,স): কৰ্মক্ষেত্ৰত কোনো নভবা প্ৰসংগই আমনি দিব পাৰে। মানসিক দিশত জেদ ভাব আগ্রহ হ’ব। বিদ্যাত চেষ্টাৰ সুফল পাব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮।
মীন ৰাশি(দ,চ): কৰ্ম আৰু ইচ্ছাশক্তিৰ গতি বৃদ্ধি পাব। শত্ৰুৰ পৰাক্ৰম কমিব৷ ভ্ৰমণৰ ফলত আনন্দ। নিবনুৱাৰ কৰ্মসংস্থানৰ কিছু আশা আছে। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩।
Comments are closed, but trackbacks and pingbacks are open.