দৈনিক ৰাশিফল ৯ মে ২০২৬

18

২৫ ব’হাগ, শনিবাৰ, ইং ৯ মে’ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৭। সুখ-সমৃদ্ধি বৃদ্ধি হ’ব। টকা-পইচাৰ অভাৱ দূৰ হ’ব৷ পুৱা গা ধুই তিতা গাৰে তুলসীৰ গুৰিত পানী ঢালিব।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯। আর্থিক ক্ষতিৰ যোগ আছে। সামান্য কথাতে কাজিয়া হ’ব পাৰে। হাতৰ পৰা বস্তু হেৰাব পাৰে। ভিক্ষাৰীক ক’লা বস্তু দান কৰিব।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬। যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে, নিজৰ ভুলে ক্ষতি কৰিব। ঘৰলৈ অহা আলহীক সুমিষ্ট ফল খুৱাওক।

৪.কৰ্কট ৰাশি(ড,হ): শুভ ৰং ৰঙা, শুভ সংখ্যা ৮। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শিৱ মন্দিৰত বেলপাত, গাখীৰ, ধতুৰা ফুল দি লিংগ পূজা কৰি শিৱ-পাৰ্বতীক আৰাধনা কৰিব।

৫.সিংহ ৰাশি (ম,ট): শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩। যান-বাহন দুৰ্ঘটনাত পতিত হ’ব পাৰে। বিশেষ ভাল খবৰ পাব। ব্যৱসায়ত লোকচান হ’ব পাৰে। এটা পাত্ৰত পানী লৈ সূৰ্যলৈ চাই জল অৰ্পণ কৰিব।

৬.কন্যা ৰাশি(ঠ,প,ন): শুভ ৰং নীলা, শুভ সংখ্যা ৫। কর্মস্থান পৰিৱৰ্তন হ’ব পাৰে। শত্ৰুৰ দ্বাৰা ক্ষতি হ’ব পাৰে। ব্যৱসায়ত শুভ। অগৰু-চন্দন মিহলাই গোটেই ঘৰতে ছটিয়াব।

৭.তুলা ৰাশি(ৰ,ত): শুভ ৰং বগা, শুভ সংখ্যা ২। সাহিত্য চৰ্চা কৰাসকলৰ সন্মান বাঢ়িব। অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে। ব্যৱসায়ত ক্ষতি হ’ব পাৰে। দোৰোণ ফুল পাঁচটা পানীৰে পূৰ্ণ পাত্ৰত লৈ সূৰ্যলৈ চাই অৰ্পণ কৰিব।

৮.বৃশ্চিক ৰাশি(ন,য): শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯। সংযম ৰাখি কথা পাতিব। আনে লোৱা টকা ঘূৰাই পাব তিনিডাল ধূপ জ্বলাই ঘৰৰ চৌপাশ প্রদক্ষিণ কৰিব।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭। ঘৰত কোনোবাৰ চাকৰিৰ সম্ভাৱনা আছে। ব্যৱসায়ত লোকচান হ’ব পাৰে। হনুমান মন্দিৰত ফল-মূল দি হনুমান চালিচা পাঠ কৰিব।

১০.মকৰ ৰাশি(খ,জ): শুভ ৰং নীলা, শুভ সংখ্যা ৩। চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব। অপদস্থ হোৱাৰ ভয়। আজি টকা ধাৰলৈ নিদিব। প্ৰতিকাৰ- লোহাৰ আঙঠি এটা সোঁহাতত পিন্ধিব।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪। অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে। দূৰ ভ্ৰমণ নকৰিব। বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ’ব। লগত এটা বেলপাত ৰাখিব।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬। হাতলৈ টকা আহিব। কিন্তু জমা ৰাখিব নোৱাৰে। পাৰিবাৰিক অশান্তি বাঢ়িব। পাৰিলে এটা মিঠা ফল খুৱাব।

You might also like

Comments are closed, but trackbacks and pingbacks are open.