গর্ভৱতীৰ খাদ্য

অনুপমা শর্মা সাধাৰণ অৱস্থাতকৈ গর্ভাৱস্থা অথবা গাখীৰ খুৱাই থকা মহিলাগৰাকীৰ শৰীৰৰ বাবে বেছি পৰিমাণৰ শক্তি আৰু পুষ্টিৰ প্রয়োজন হয় ৷ সেয়েহে তেনে অৱস্থাত সাধাৰণতে খোৱা আহাৰৰ উপৰি মাজৰ সময়খিনিত পাতলীয়া পুষ্টিকৰ আহাৰ গ্রহণ কৰিব লাগে যাতে…

নাৰীত্ব উদ্যাপন আৰু আমি

জুলি এম বৰুৱা ৮ মার্চ, আন্তর্জাতিক নাৰী দিৱসৰ বিশেষ দিনটো ধনাত্মক দিশেৰে আমি উদ্যাপন কৰিব লাগে ৷ এই বিশেষ দিনটো পৃথিৱীৰ প্রগতি হকে নাৰীৰ গুৰুত্ব বুজিব চেষ্টা কৰি আমি আমাৰ সংসৃক্তি, সভ্যতাৰ তাৎপর্য বুজাৰ প্রয়োজন ৷ পুৰুষ–মহিলাৰ সমতাৰ বাবে…

অসমৰ সোণসেৰীয়া সুগন্ধি প্রসাধন

মৃগেন শর্মা প্রাচীন কালত অসমত থলুৱাভাৱে প্রস্তুত কৰা প্রসাধন সামগ্রীবোৰ অংগসজ্জাত ব্যৱহাৰ হৈছিল ৷ গতিকে সেই সময়ত প্রসাধন সামগ্রীৰ শিল্প প্রচলিত আছিল বুলি গম পোৱা যায় ৷ আমি কব বিচাৰিছো কিছুমান প্রসাধন সামগ্রী মানুহে প্রকৃতিজাত ফুল, পাত,…

ভেড়া ৰখীয়াৰ বাঁহী আৰু জির্ঘে জামফিৰ

ড: অভিজিৎ দত্ত প্রথমতে এটা বিশেষ দৃশ্যৰ অৱতাৰণা কৰোঁ ৷ ভাবকচোন এবাৰ দৃশ্যটো– গধূলি গৰুবোৰ ঘৰলৈ ঘূৰিছে ৷ গো–ধূলিত গোটেইখন স্পষ্ট–স্পষ্ট হৈ পৰিছে ৷ মুনিচুনি বেলিৰ পোহৰত সেয়া গৰুপালৰ পিছে পিছে গৰখীয়া লৰা এটা টপলিয়াই আহিছে ৷ উৎপতীয়া গৰু…

সুদীর্ঘ ২৫ বছৰৰ পিছত সৰু পর্দাত যতীন বৰা | ৰঙৰ অনবদ্য আয়োজন “মৰীচিকা”

সুনয়না ফুকন মহন্ত যতীন বৰা - নামেই যাৰ পৰিচয় ৷ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আৰু দেশ–বিদেশৰো প্রতিজন অভিনয় অনুৰাগী অসমীয়াৰ বুকুত এখন নিগাজী আসন তৈয়াৰ কৰা অসমৰ অভিনয় জগতৰ এক অনন্য আৰু ব্যতিক্রমী সত্তা হ'ল যতীন বৰা ৷ অসমীয়া চলচিচত্র জগত আৰু…

আহত হৰিণৰ আর্তনাদ (গজল)

বর্ণালী কটকী ওজা 'চিঠি্ঠ আয়ি হে আয়ি হে চিঠি্ঠ আয়ি হে, চান্দ যেইচা ৰংগ হে তেৰা, সোণে যেইচে বাল, এক তুহি ধনবান হে গৌৰী বাকী চব কংগাল ইত্যাদি পংকজ উধাসৰ কণ্ঠৰ গীতবোৰ বাল্যকালৰে পৰা শুনি শুনি এক অদ্ভুত আৱেশত আমাৰ হৃদয় দুলি আছিল ৷ তেনেদৰে জগজিৎ…

প্রেমৰ সাজ

লক্ষ্মীছায়া ডেকা প্রেমৰ যদিও কোনো নির্দিষ্ট সময় বা পৰিধি নাথাকে বুলি কোৱা হয়, আজিৰ প্রজন্মৰ সদাব্যস্ত দিনসমূহত সেই নির্দিষ্ট সময়ত লগ পোৱাৰ মাদকতা অতি যান্ত্রিকতাত পৰিণত হৈ পৰে ৷ দৈনন্দিন কর্মব্যস্ততাৰ মাজত মবাইলৰ বার্তা দিয়াটোও কেতিয়াবা…

আত্মসমালোচনা

ভণিতা দেৱী দৈনন্দিন জীৱনত আমি প্রায়ে বিভিন্ন প্রকাৰে সমালোচনাৰ সন্মুখীন হৈয়ে থাকোঁ ৷ কিন্তু আত্মসমালোচনা অর্থাৎ নিজেই নিজক সমালোচনা খুব কম ব্যক্তিয়েহে কৰে ৷ মানুহে নিজেই নিজৰ কর্মক বা আনৰ প্রতি প্রদর্শন কৰা তেওঁৰ ব্যৱহাৰ বা আচৰণক পৰৱর্তী…

শীতকালীন সৌন্দর্যবর্ধক শাকনি আৰু ফুলনিবাৰী

গীতাশ্রী বৰা শীতকাল আহিলেই এখন শাকনিবাৰী আৰু ফুলনিবাৰী পাতিবলৈ সকলোৱে মন কৰে৷ সদায় পুৱা-গধূলি নয়ন জুৰ কৰা ফুলনিখন আৰু ঘৰতে খাই থাকিবলৈ শাকনিবাৰীখনে একোটি পৰিয়ালক আত্মসন্তুষ্টি প্রদান কৰে ৷ ঘৰলৈ অহা অতিথিয়ে আপুনি ৰোৱা ফুলৰ প্রশংসা কৰিলে…

উপভোগ্য–মননশীল ৱেব ছিৰিজ “আর্যা”

শিখা ডি হাৰলালকা যোৱাটো লকডাউনত নাৰীকেন্দ্রিক বহুকেইখন ৱেব ছিৰিজে দর্শকৰ বিপুল সঁহাৰি লাভ কৰিছে, যাৰ অন্যতম হৈছে "আর্যা" ৷ স্পেনিছ ছিৰিজ PENOZA ওপৰত আধাৰিত আর্যাৰ কাহিনী এটা পৰিয়াল আৰু পৰিয়ালত চলি অহা বিতর্কিত ব্যৱসায়ক লৈ ৷ আর্যা শৰীনৰ নাম…