গ্ল’বেল ৱার্মিং

7

এটা সময় আছিল— ঋতুবোৰৰ আচৰণ-ব্যৱহাৰ ভাল আছিল । শীতকাল কোমলকৈ আহিছিল, গ্ৰীষ্মকালৰ এটা অহংকাৰ আছিল, কিন্তু নিয়ন্ত্ৰণত আছিল । বৰষুণৰ ছন্দ আছিল— খেতিয়কে আকাশলৈ ভয়েৰে নহয়, বিশ্বাসেৰে চাইছিল ।

আজি ঋতুবোৰ যেন অস্থিৰ। অধৈর্য। আচৰণেই সলনি হৈ গ’ল ঋতুবোৰৰ ৷

গোলকীয় উষ্ণতা বৃদ্ধিৰ কথা প্ৰায়ে সংখ্যাত কোৱা হয়— ডিগ্রী, চেলচিয়াছ ইত্যাদি। কিন্তু সলনি কেৱল জলবায়ুৱেই হোৱা নাই। সলনি হৈছে আমাৰ জীৱন যাপনৰ ধৰণ, আমাৰ অভ্যাস, আমাৰ মেজাজ। নীৰৱে সলনি হৈছে আমাৰ পৰিচয় ।

দৈনন্দিন জীৱনৰ নীৰৱ পৰিৱৰ্তন আমি প্ৰথমতে লক্ষ্য নকৰোঁ ৷ ইয়াৰ আৰম্ভণি হয় সৰু সৰু সালসলনিৰ দ্বাৰা । ফেনখন আগৰ তুলনাত বেছি সময় চলি থাকে। এসময়ত বিলাসিতা হিচাপে গণ্য কৰা এয়াৰ কণ্ডিচনাৰটো এতিয়া প্ৰয়োজনীতা হৈ পৰিছে। মর্নিং ৱাকৰ সময় আগলৈ গ’ল কাৰণ ৰ’দটো পুৱাই টান। দুপৰীয়া চকু জাপ খাই আহে— ভাগৰ লগা বাবে নহয়, গৰমে চেপি পেলোৱা যেন লাগে বাবেহে।

সৰু সৰু এই চকুত নপৰা আপোচবোৰত সলনি হয় আমাৰ জীৱনশৈলী। সলনি হৈ যায় আমাৰ ৰুটিন । চৌপাশৰ জগতখনৰ লগত আমাৰ সম্পর্ক।

আগতে আৰাম আছিল প্রকৃতিগত। খিৰিকীৰে বতাহ এজাক ৷ এজোপা ছাঁ থকা গছ। নদীৰ পাৰৰ এটি শীতল সন্ধিয়া । এইবোৰ বিলাসিতা নাছিল— এইবোৰ আছিল জীৱনৰ অংশ। এতিয়া আমি কৃত্ৰিমভাৱে আৰামৰ সৃষ্টি কৰিব লাগে। প্রকৃতিয়ে এসময়ত মুক্তভাৱে যি দিছিল এতিয়া আমি মেচিনৰ পৰা পাওঁ ।

কিন্তু যিমানেই কৃত্ৰিম আৰাম সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ পৃথিৱীখন সিমানেই অস্বস্তিকৰ হৈ পৰে। আমাৰ কোঠাবোৰ শীতল কৰা মেচিনবোৰেই আমাৰ গ্ৰহটোক গৰম কৰে। আমি যেন সৰু সৰু জুই সৃষ্টি কৰি ডাঙৰ জুইৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰোঁ ৷

কেৱল বাহিৰতে নহয়, গ্ল’বেল ৱার্মিং লাহে লাহে আমাৰ শৰীৰতো প্ৰৱেশ কৰিছে। খাদ্যাভ্যাস সলনি হৈছে। বর্ধিত উষ্ণতাত সকলো ধৰণৰ খাদ্য গ্রহণ অসহ্যকৰ হৈ পৰে। টোপনিও সলনি হৈছে । গৰম ৰাতি বিশ্ৰাম সম্পূর্ণ নহয়। ক্রমাৎ মানসিক স্বাস্থ্যয়ো হেঁচা অনুভৱ কৰিবলৈ ধৰে। ধৈৰ্য কমি যায়। মানুহ খিংখিঙীয়া হৈ পৰে। মনটো অস্থিৰ হৈ থাকে। আমি উপলব্ধি নকৰোঁ— মানসিক চাপ, কাম আৰু সমাজৰ বাহিৰেও জলবায়ুৱেও আমাৰ আৱেগক প্ৰভাৱিত কৰে ৷

লগতে উৎসৱকো। অসমত উৎসৱ কেৱল এটা অনুষ্ঠান নহয়— ঋতুৰ উদ্যাপনো। ব’হাগে এসময়ত এক সতেজতা কঢ়িয়াই ফুৰিছিল। বতাহত এক কোমলতা । আজিকালি ব’হাগত অস্বস্তিকৰ গৰম। এসময়ত শৰতৰ আগমনৰ জাননী দিয়া দুৰ্গা পূজাত এতিয়া বৰষুণ। সংস্কৃতিৰ ছন্দ আৰু প্ৰকৃতিৰ ছন্দ মিল যেন কমি আহিছে।

আধুনিক জীৱনৰ এটা ভ্ৰম হ’ল— আমি সকলো নিয়ন্ত্রণ কৰিব পাৰোঁ। কিন্তু গোলকীয় উষ্ণতা বৃদ্ধিয়ে আমাক নীৰৱে সোঁৱৰাই দিয়ে যে কিছুমান শক্তি আমাতকৈও ডাঙৰ৷

গোলকীয় উষ্ণতা বৃদ্ধি সেয়েহে এখন আইনা। আমি কেনেকৈ জীয়াই আছোঁ তাৰ প্ৰতিফলন ৷ পৰিৱৰ্তিত জীৱনশৈলী ইয়াৰ কেৱল প্ৰভাৱ নহয়, পৰিণতিও ।

প্রশ্নটো সেয়েহে গোলকীয় উষ্ণতাৰ বাবে জীৱনশৈলী কেনেকৈ সলনি হৈছে সেইটো নহয় ৷ প্ৰশ্নটো হৈছে— আমি কেনেধৰণৰ জীৱনশৈলী বিচাৰিছোঁ?

পাৰ্থসাৰথি মহন্ত

You might also like

Comments are closed, but trackbacks and pingbacks are open.