জীৱনৰ সিদ্ধিপূৰ্ণ সংহতি আৰু আচাৰ মনোৰঞ্জন

8

মানুহৰ পৃথিৱীখন বহু অভিধাৰে পৰিৱেষ্টিত বুলি সকলোৱে জানে। অৱশ্যে ইয়াৰ মাজতো ক্রিয়া-প্ৰতিক্ৰিয়াৰ পাৰ্থক্য আছে। এই কথাও সকলোৱে জানে বা স্বীকাৰ কৰে— মানুহৰ জীৱনটোৱেই ভাব-অনুভূতি, কল্পনা আৰু ৰমণবিলাসৰ ক্ৰিয়াৰে চালিত । এই ৰমণবিলাসক মানুহে কিছু কিছু ক্ষেত্ৰত যোগাত্মক দৃষ্টিৰে গ্ৰহণ কৰাৰ বিপৰীতে কিছু কিছু ক্ষেত্ৰত ঋণাত্মক দৃষ্টিৰেও চোৱা দেখা যায় ৷ যোগাত্মক আৰু ঋণাত্মক শব্দযুগল সততে মানুহৰ চিন্তা আৰু ধাৰণাৰ দ্বাৰা পৰিগৃহীত। এইক্ষেত্ৰত আমি মানুহ হিচাপে পৃথিৱীত জীয়াই থকাৰ বাসনাৰ লগতে জীৱনক মহীয়ান কৰিবলৈ কিছু কিছু আনুষংগিক অভিধাও গ্ৰহণ কৰো। যিবোৰ অভিধাই একো একোটা জীৱনক কোনো কোনো মুহূৰ্তত আনন্দ দান কৰে আৰু জীৱনটোক সিদ্ধিপূৰ্ণ সংহতিৰ মাজত অধিষ্ঠিত কৰে। এই অভিধা তথা আনন্দ দান কৰা সিদ্ধিপূৰ্ণ সংহতিৰ আচাৰক যদি আমি সূক্ষ্ম দৃষ্টিৰে বিশ্লেষণ কৰো, তেতিয়া ইয়াৰ গুৰুত্বপূৰ্ণ দিশটো নিৰ্ণয় হয় মনোৰঞ্জনমূলক আচাৰ-অনুষ্ঠানবোৰৰ জৰিয়তে। মনোৰঞ্জন আমি ক’ৰ ক’ৰ পৰা কেনেকৈ লাভ কৰো, সেই কথাও সকলোৱে জানে। তথাপি মনোৰঞ্জনৰ কিছু প্ৰাসংগিক- অপ্রাসংগিক দিশৰ ওপৰত আলোচনা কৰাৰ নীতিগত অৱকাশ আছে, কিয়নো মনোৰঞ্জনৰ নামত আমি বহু কথা আওকাণ কৰো ৷

প্রণিধানযোগ্য যে মনোৰঞ্জনমূলক যিবোৰ অভিধা তথা আচাৰ-অনুষ্ঠান আছে, সেইবোৰৰ গুৰুত্বপূৰ্ণ দিশসমূহ আমি যেতিয়া ধনাত্মক বা যোগাত্মক দৃষ্টিভংগীৰে গ্ৰহণ কৰো, তেতিয়া মনোৰঞ্জক জীৱন সিদ্ধিপূৰ্ণ সংহতিলৈ ৰূপান্তৰ হয়। গতিকে আমি কি কি দিশৰ ভিত্তিত মনোৰঞ্জনক গুৰুত্ব প্ৰদান কৰো, সেই কথা নিশ্চয়কৈ বৰ্ণনা কৰাটো প্ৰাসংগিক। সাধাৰণতে মানুহে জন্মৰ পাছৰে পৰা শৈশৱ কালটো কিছুমান খেল-ধেমালি, নৃত্য-গীত, সাধুকথাৰ মাজেৰে পাৰ কৰে। শৈশৱৰ সময় পাৰ হৈ যেতিয়া কিশোৰ অৱস্থালৈ পৰ্যবসিত হয়, তেতিয়া এই খেল-ধেমালি, নৃত্য-গীত, সাধুকথাৰ পৰিৱৰ্তে উচ্চস্তৰৰ মনোৰঞ্জনমূলক অভিধা বা অনুষ্ঠানলৈ পৰিৱৰ্তিত হয়। আকৌ কিশোৰ অৱস্থা পাৰ হোৱাৰ পাছত যুৱ অৱস্থাত পদার্পণ কৰাৰ লগে লগে চিন্তা আৰু ধাৰণাৰো পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনৰ ফলতে যুৱ অৱস্থাতো মনোৰঞ্জনমূলক অভিধা আৰু অনুষ্ঠানৰো সলনি হয়। একেদৰে মানুহৰ প্ৰতিটো স্তৰতে মনোৰঞ্জনমূলক অভিধা আৰু অনুষ্ঠানৰ পৰিৱৰ্তন হৈ থাকে। এয়াও স্পষ্ট যে আমাৰ সমাজৰ প্ৰায়সংখ্যক লোকেই মনোৰঞ্জনৰ নামত কেৱল খেল-ধেমালি, নৃত্য- গীত, নাটকীয় অভিনয় আৰু ৰুচিপূৰ্ণ খাদ্য- সম্ভাৰৰ লগতে সাজ-পোছাকতহে গুৰুত্ব প্ৰদান কৰা দেখা যায়। অৱশ্যে মনোৰঞ্জনমূলক অভিধা বা অনুষ্ঠানৰ তালিকা দীঘলীয়া।

উল্লেখ্য যে মানুহে ৰাতি শুই থাকি পুৱা বিছনা ত্যাগ কৰাৰ পাছৰে পৰা বিভিন্ন কামত জড়িত হয়। ব্যক্তিগত কামকে ধৰি সামাজিক কামলৈকে মানুহে ব্যস্ত থাকি এসময়ত ক্লান্তি অথবা ভাগৰুৱা অনুভৱ কৰে। সেই ভাগৰ দূৰ কৰিবলৈ মানুহে ভিন ভিন ধৰণৰ মনোৰঞ্জক আধাৰৰ আশ্রয় লয়। বিশেষকৈ অনাতাঁৰ ৰেডিঅ’যোগে প্ৰচাৰিত সংগীত, নাটক, কথিকা, বাতৰি আদি শুনি শান্তি অনুভৱ কৰে। সেয়াই যেনিবা জীৱনৰ সুখ। একেদৰে দূৰদৰ্শনত সম্প্ৰচাৰিত অনুষ্ঠানৰ দৃশ্যপট উপভোগ কৰিও ভাগৰুৱা মনক শান্তি দিয়ে। ৰেডিঅ’ আৰু দূৰদৰ্শনযোগে সম্প্ৰচাৰিত অনুষ্ঠানবোৰে যিদৰে মনোৰঞ্জনৰ খোৰাক জগায়, সেইদৰে খেলপথাৰত চলা খেল-ধেমালিয়েও মনোৰঞ্জনৰ পথ মুকলি কৰে।

উল্লেখনীয় যে ৰেডিঅ’ অথবা দূৰদৰ্শনে মানুহক ঘৰতে যিদৰে আনন্দ-বিনোদনৰ মাজত পৰ্যবসিত কৰি ৰাখে, সেইদৰে গ্ৰন্থ, বাতৰি কাকত, আলোচনী আদি পঢ়িও মানুহে মনোৰঞ্জন লভে । এয়াও সত্য যে মনোৰঞ্জনৰ মৌলিক স্বত্বটো ব্যক্তিকেন্দ্ৰিক মননৰহে ধাৰণক্রিয়া। দুখ-কষ্টৰ সময়খিনি মনোৰঞ্জনমূলক আচাৰ-অভিধাৰেহে নিয়ন্ত্ৰণ কৰা হয়। কেতিয়াবা অকলশৰে থাকিও মনোৰঞ্জক আধাৰ বা আচাৰৰ আশ্ৰয় লোৱা মানুহ এই পৃথিৱীত যুগ-যুগান্তৰৰ পৰা এই পর্যন্ত বাস কৰি আছে। আনহাতে, কোনো কোনোৱে লগ- সংগৰেহে মনোৰঞ্জনৰ ক্ষেত্ৰস্থলত উপস্থিত হয়।

উল্লেখ কৰিবলগীয়া কথা যে এচাম লোকে মনোৰঞ্জনক বাহ্যিক প্ৰৱাহৰ মাজত অৱস্থান কৰোৱাই সন্তুষ্টিৰ হাঁহি মাৰি আছে। বিশেষকৈ আজিৰ মানৱ সমাজ বহু পৰিমাণে সলনি হৈছে। এই পৰিৱৰ্তনীয় পৰিস্থিতিতেই বহুসংখ্যক লোকে মনোৰঞ্জনৰ নামত বিজতৰীয়া সংস্কৃতিও গঢ়ি তুলিছে। মানুহে অৱসাদ দূৰ কৰাৰ বাবে যিকোনো মনোৰঞ্জনমূলক অভিধা বাছনি কৰে সঁচা, কিন্তু এই মনোৰঞ্জক অভিধা বাছনিৰ ক্ষেত্ৰতো দ্ব্যর্থবোধক প্ৰশ্নচিহ্ন ৰৈ গৈছে আৰু ভৱিষ্যতেও এনে প্ৰশ্নবোধক চিহ্ন ৰৈ যোৱাৰ অৱকাশ থাকিব। সঁচাৰ্থত দুখ-ভাগৰ, শোক-তাপ, অৱসাদ-ক্লান্তি আদি দূৰ কৰাৰ বাবে গান শুনা, গীত গোৱা, নাটক চোৱা, অভিনয় কৰা, কথাছবি চোৱা, নৃত্য চোৱা, নৃত্যত অংশগ্ৰহণ কৰা, খেল খেলা বা চোৱা, ছবি আঁকা, ভ্ৰমণ আদিৰ স’তে জড়িত হোৱা যায়। উল্লিখিত বিষয়-দিশবোৰৰ উপৰি আৰু বহু মনোৰঞ্জক দিশত মানুহে নিজৰ ৰুচিমতে অৱস্থান কৰে। যিবোৰ দিশে কিছু সময়ৰ বাবে হ’লেও মানুহক মনোৰঞ্জনসূচক আনন্দ দান কৰে।

উল্লেখ্য যে ক্রিয়াশীল মনোৰঞ্জনৰ ভাগ- বিভাগলৈ যদি ধাউতি দিয়া হয়, তেতিয়া সততে মনলৈ আহে অধ্যয়নপ্ৰীতিৰ কথা। এই অধ্যয়নপ্রীতিত গ্ৰন্থ আৰু বাতৰি কাকত- আলোচনীত প্রকাশিত কবিতা, গল্প, উপন্যাস, সাধুকথা, ৰসৰচনা, ভৌতিক-অভৌতিক লোক- কথাৰ সমাহাৰ ঘটে। এনে ধৰণৰ গ্ৰন্থ অধ্যয়নৰ পৰাই মনোৰঞ্জনপ্রাপ্তি হয়। এই মনোৰঞ্জনপ্রাপ্তিৰ সময়খিনি যিদৰে অধ্যয়নপ্রীতিৰে ঘৰতে কটাব পাৰি, সেইদৰে ঘৰতে অনাতাঁৰ ৰেডিঅ’ আৰু দূৰদৰ্শনযোগে সম্প্ৰচাৰিত বিভিন্ন ধৰণৰ ৰুচিপূৰ্ণ অনুষ্ঠানৰ জৰিয়তেও সময় কটাব পাৰি। তদুপৰি খেলপথাৰত চলি থকা ফুটবল, ভলীবল, ক্রিকেট, কেম, বেডমিণ্টন, কাবাদী আদি খেল চাই বা অংশ লৈও মনোৰঞ্জনসূচক আনন্দ লভিব পাৰি ৷ আকৌ আমি যদি অন্যান্য মনোৰঞ্জক বিষয়-পৰ্বলৈ যাওঁ, তেতিয়া মন-মস্তিষ্কলৈ আহে ভ্ৰমণ-বিলাসৰ কথা। মনোৰঞ্জন লভাৰ বাবে ভ্ৰমণ-বিলাসৰ ঠাই বাছনিও নিৰ্ভৰশীল কাৰ্য। এই ক্ষেত্ৰত কেনেধৰণৰ ঠাইলৈ গ’লে পৰম সন্তুষ্টি বা পৰম আনন্দ লাভ কৰিব পৰা যাব, সেয়াও ৰুচিসন্মত দৃষ্টিনির্ভৰ দিশ। কাৰণ মানুহভেদেই ৰুচি। সেয়েহে ৰুচি অনুসৰিহে মনোৰঞ্জক আধাৰ আচাৰ গ্ৰহণীয় আৰু বর্জনীয়। কোনো কোনো লোকেও প্রকৃতিদত্ত সম্পদ চাই মনোৰঞ্জন লাভ কৰে । ইয়াত নদ-নদী, পৰ্বত-পাহাৰ, সাগৰ-মহাসাগৰ, চৰাই-চিৰিকটি, জীৱ-জন্তু প্রভৃতিৰ স’তে সময় কটাই মনোৰঞ্জনৰ আনন্দ লভে। আমাৰ সমাজত এনে লোকো আছে—মনোৰঞ্জনৰ আনন্দ লভিবলৈ হোটেল- ৰেস্তোৰা-ধাবালৈও যায়। এই লোকসকলে নিজৰ নিজৰ ৰুচি-ভোগৰ খাদ্য-পানীয় গ্ৰহণেৰে সন্তুষ্টি লভে। তদুপৰি এই সমাজতে থকা কোনো কোনো লোকে কথাছবি গৃহত কথাছবি চাবলৈ যোৱা, ভ্রাম্যমাণ থিয়েটাৰৰ নাটক চোৱা, বিভিন্ন ঠাইত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান চাই যিদৰে মনোৰঞ্জক আনন্দ লভে, সেইদৰে আজিৰ বিজ্ঞান- প্রযুক্তি তথা গোলকীকৰণৰ দিনত বহুসংখ্যকে ম’বাইল ফোনতে ব্যস্ত থাকি সময় কটাই আনন্দ লভে।

উল্লিখিত আধাৰবোৰৰ ভিতৰত আকৌ এচাম লোকে মনোৰঞ্জনৰ নামত বিজতৰীয়া তথা মানৱ ধ্বংসকাৰী কাৰ্যও কৰিবলৈ লৈছে। গতিকে আমি মনোৰঞ্জন কি আৰু কিয় এই আধাৰবোৰৰ প্রতি আসক্ত, সেই দৃষ্টিনিবদ্ধ গূঢ়াৰ্থলৈহে মনোযোগ দিয়া প্রয়োজন। উল্লেখ্য যে কোনো লোকৰ স্বাভাৱিক মৃত্যু অথবা দুর্ঘটনাজনিত মৃত্যুত যি শোক-দুখৰ সময় আহে, সেই সময়তো মনোৰঞ্জক আধাৰ আচাৰৰ অনুভৱ অনুভূত হয়। বিশেষকৈ আমি মনোৰঞ্জনৰ বাবে বিভিন্ন ধর্মানুষ্ঠানলৈ যাওঁ। সেই ধৰ্মানুষ্ঠানবোৰত ৰূপায়ণ কৰা গীতা-ভাগৱত-কীৰ্তন পাঠৰ উপৰি নাম-প্ৰসংগ আদি উপভোগৰে আনন্দ লাভ কৰা হয়, সেইদৰে শোকসন্তপ্ত পৰিয়ালকো তেনেধৰণৰ কাৰ্যৰে মনোৰঞ্জনৰ খোৰাক জগাব পাৰি। ইয়াৰ বিপৰীতমুখী কাৰ্য হ’লে সেয়া কোনোপধ্যেই মনোৰঞ্জক আধাৰ তথা আচাৰৰ সমৃদ্ধ আৰু সংহতি অটুট নাথাকিব। গতিকে সৰ্বস্তৰৰ লোকে মনোৰঞ্জনৰ বাবে যিবোৰ আধাৰ তথা আচাৰ ৰুচিসন্মতভাৱে বাছনি কৰে, তেওঁলোকে সেইবোৰৰ অৰ্থালংকাৰ আৰু সংস্কাৰী পৰিসৰ সুদৃঢ় কৰি ৰখাটো বাঞ্ছনীয়।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.