বটক্স প্ৰকৃততে কি হয় ?

6

ডাঃ অৰুণা দেৱী
চৰ্মৰোগ বিশেষজ্ঞ

বটক্স এবিধ Neoropeptide (Fraction of a protein) যিটো Clostridium botelium নামৰ এবিধ বেক্টেৰিয়াৰ পৰা আহৰণ কৰা হয়। সামগ্ৰিকভাৱে বটক্সৰ প্রভাৱ মাংসপেশীসমূহত থকা স্নায়ুকোষৰ সংযোগস্থলত ক্ৰিয়া কৰে আৰু বলিৰেখাবোৰ সাময়িকভাৱে শিথিল কৰি ছালখন আৰু মাংসপেশীবোৰ টান কৰে ৷

কিমান বয়সৰ পৰা বটক্স কৰিব লাগে?

প্রায় বিশ বছৰমান বয়সৰ পিছৰ পৰাই সৌন্দর্যবর্ধক হিচাপে বটক্স ব্যৱহাৰ কৰিব পাৰি । কিন্তু কিছুমান মাংসপেশী আৰু স্নায়ু সম্পৰ্কীয় ৰোগৰ ক্ষেত্ৰত এই সীমা কম বয়সতো হ’ব পাৰে।

বটক্সৰ পাৰ্শ্ব ক্রিয়া আছেনে ?

আছে। যদি সঠিকভাৱে প্ৰয়োগ কৰা নহয় (সঠিক পৰিমাণ আৰু নিৰ্দিষ্ট স্থানবিশেষ) তেন্তে ফেচিয়েল এছিম্পমেট্ৰী এলার্জিক ৰিয়েকচন, বিষ, ইনফেকচন, আইব্র’, আইলিড ট’চিচ, হঁহা বা খোৱা-বোৱা কৰাত অসুবিধা, ডিঙিৰ ক্ষেত্ৰত উশাহ লোৱা, খোৱা ইত্যাদি হ’ব পাৰে।

এবাৰ বটোক্স কৰাৰ পাছত আৰু কিমান দিনৰ মূৰত কৰিব পাৰি।

এবাৰ বটক্স কৰাৰ পিছত প্ৰায় চাৰি মাহৰ পৰা পাঁচ মাহৰ পিছে পিছে পুনৰ বটক্স কৰিব পাৰি, যিহেতু এই সময়ত লাহে লাহে বটক্সৰ ক্ৰিয়া কমি আহে আৰু পুনৰ বলিৰেখাবোৰ স্পষ্ট হ’বলৈ আৰম্ভ কৰে।

বয়সৰ চাপ কমাবলৈ এই প্রক্রিয়া কিমান ফলপ্রসূ ?

বয়সৰ চাপ কমাবলৈ এই প্রক্রিয়া খুবেই ফলপ্রসূ, জনপ্রিয়, ছাইড এফেক্ট কম থাকে (যদি সঠিকভাৱে প্ৰয়োগ কৰা হয়)

অসমত এই পদ্ধতি জনপ্ৰিয় হৈছেনে?

অসমত এই পদ্ধতি বর্তমান সময়ত লাহে লাহে জনপ্ৰিয় হৈছে। সাধাৰণ মানুহৰ বটক্সৰ প্ৰতি থকা ভয় আৰু ভ্ৰান্ত ধাৰণাবোৰ লাহে লাহে বহু পৰিমাণে আঁতৰিছে।

এবাৰ বটক্স কৰাৰ পাছত যদি পুনৰবাৰ কৰা নহয় তেন্তে ছালখনে সজীৱতা হেৰুৱাই পেলায় নেকি বা ছাল বেছি বেয়া হয় নেকি।

এবাৰ বটক্স কৰাৰ চাৰি-পাঁচ মাহ মানৰ পিছত তাৰ ক্ৰিয়া নোহোৱা হৈ যায় আৰু ছালখন আৰু ভিতৰৰ মাংসপেশীবোৰ বটক্স কৰাৰ আগৰ পৰ্যায়লৈ ঘূৰি যায়। সেয়ে ছালখনে সজীৱতা হেৰুওৱা যেন অনুভৱ হয়, কিন্তু ছালখন অৰিজিনেল পৰ্যায়লৈকে যায়, বেছি বেয়া হৈ নাযায় ।

বটক্সৰ কিবা ভাগ আছে নেকি ?

বটক্সৰ বহুত ধৰণৰ ভাগ আছে। যেনে- এ, বি, চি, ডি, ই, এফ, জি। ইয়াৰ ভিতৰত এ আৰু বি এস্থেথিক আৰু ক্লিনিকেল কণ্ডিচনত ব্যৱহাৰ কৰা হয়।

বটক্স কিমান ব্যয়বহুল ?

ই সামান্য ব্যয়বহুল। এগৰাকী মানুহক কিমান ইউনিট বটক্স লাগিব (প্রয়োজন হয়), সেইটো হিচাপ কৰিহে ইয়াৰ খৰচ নিৰ্ধাৰণ কৰা হয়। তদুপৰি বজাৰত বিভিন্ন প্ৰকাৰৰ বটক্স উপলব্ধ আছে, যিবোৰৰ দামৰ পাৰ্থক্য আছে। সেয়ে বটক্স গ্ৰহণ কৰাৰ সময়ত ইয়াৰ গুণগত মান আৰু বিশেষজ্ঞজন এই বিষয়ত অভিজ্ঞ হয়নে নহয়, সেয়া পৰীক্ষা কৰি লোৱা উচিত ।

বটক্স কৰাৰ পাছত সাৱধানতা অৱলম্বন কেনেদৰে কৰিব লাগে ?

বটক্সৰ চিকিৎসা কৰাৰ পিছত কেতবোৰ নির্দিষ্ট, সাধাৰণ সাৱধানতা মানি চলিব লাগে। এইবোৰ বিশেষজ্ঞ চিকিৎসকজনৰ পৰা ভালদৰে বুজি ল’ব লাগে ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.