যান্ত্ৰিক জীৱনত সকাহৰ উশাহ

10

মেলাৰ পৰা এমিউজমেন্ট পার্কলৈ…

সৰু মফচলীয়া চহৰখনৰ মাজমজিয়াতে থকা ডাঙৰ ফিল্ডখনৰ কাষেৰে পাৰ হৈ যাওঁতে কণমানিজনীৰ দুচকু চিকমিকাই উঠিল। ফিল্ডখনত কাঠ বাঁহৰ বিভিন্ন আকৃতি, খেল-ধেমালিৰ ডাঙৰ ডাঙৰ সৰঞ্জাম, ডাঙৰ ডাঙৰ চকৰিৰ খুলি থোৱা বাকচবোৰ, তিপাল তৰিবলৈ কৰা যো-জা, সৰু সৰু দোকানৰ বাবে বনোৱা অস্থায়ী ঘৰবোৰ নিৰ্মাণৰত। স্কুলত শুনি অহা কথাষাৰ মানে মিছা নহয়। সঁচাকৈয়ে সিহঁতৰ ঠাইখনলৈ মেলা আহিব । দেউতাৰ তৰ্জনী আঙুলিত ধৰি পাৰ হৈ যাওঁতেই দেউতাকক কৈ গ’ল মেলালৈ কিন্তু আনিবই লাগিব, চকৰিত উঠাবই লাগিব, পুতলা এটা, মূৰত মৰা ক্লিপ আৰু কিমান কি ফৰমাইচ । মেলাৰ দিন গণি গণি কণমানিহঁতৰ দিন নাযায় নুপুৱাই । সিহঁতৰ উৎসাহভৰা অপেক্ষাই ডাঙৰবোৰকো চুই যায় ৷ এইটো কৰিম, এইটো চাম, এইটো কিনিম, সেইটোত উঠিম, কিমান যে কল্পনা-জল্পনা। ঠিক একেধৰণেই উজলি উঠে আন কোনো অকমানি মুখ একোলেণ্ড বা পুন’ বা এনেধৰণৰ মনোৰঞ্জন ক্ষেত্র অথবা এমিউজমেন্ট পার্ক এখনলৈ যোৱাৰ কথা শুনি।

কণমানিহঁতৰ হেঁপাহতে শৈশৱ-কৈশোৰ গৰকি জীৱন যাত্ৰাই ভাগৰুৱা কৰি তোলা, মাক-দেউতাক, ককাক, আইতাক হৈ পৰা জীৱন বাটৰ বাটৰুৱাৰ মনৰ পাহৰণিৰ ছায়াত তাপ মাৰি বহি ৰোৱা শিশুটি উজ্জীৱিত হৈ উঠে। মনলৈ উভতি আহে চোতালত তামোলৰ ঢকুৱাত চুঁচৰি চুঁচৰি খেলা খেলৰ কথা। একেই জ্যোতি যেন ৰোলাৰ কোষ্টাৰ, চকৰিত উঠা শিশুটিৰ মুখত । পুখুৰীৰ পানীত পাৰৰ বোকাৰে পিছলি গৈ পৰা খেলবোৰৰ কথা মনত পেলাই দিয়ে এমিউজমেন্ট পাৰ্কৰ পানীখেলবোৰে ৷ কণমানিহঁতৰ আবদাৰত চকৰিত উঠিবলৈ বাধ্য হোৱা অভিভাৱকৰ মেলা বুলিলে সেই কণমানিজনীৰ দৰে ডাঙৰবোৰৰ মনবোৰো ৰঙিয়াল হৈ উঠে। সি লাগিলে যি মেলাই নহওক। ভোগালী মেলা, অশোকাষ্টমী মেলা, মীনা বজাৰ, হনুমান মেলা আদিবোৰ ঠাইভেদে নামেৰেহে বেলেগ, তাৰ সৈতে জড়িত আৱেগবোৰ একেই। বিভিন্ন মানুহ, দোকান-বজাৰ, উচ্চস্বৰৰ সংগীত, বিভিন্ন শব্দৰে ভৰা মেলাৰ প্ৰৱেশদ্বাৰ অতিক্ৰম কৰিলেই যাদুৰ দৰে চৌপাশ সলনি হয়। হেজাৰটা চিন্তাৰে হেঁচা খোৱা মনবোৰ কিছু সময়ৰ বাবে হ’লেও মুকলি হয়। মেলা বুলিলেই যেন এখন পৃথক জগত । এই মেলাবোৰে একো একোখন ঠাইৰ পৰিৱেশ সলাই পেলায়। গতানুগতিক জীৱনত অভ্যস্ত মানুহবোৰৰ জীৱনত মেলালৈ যাব লাগিব বুলি এক নতুন খলকনিৰ সৃষ্টি হয়। মেলা বুলিলে সাতোৰঙী বজাৰখনো হৈ পৰে মুখ্য আকর্ষণ। বিভিন্ন কোণৰ বিভিন্ন সামগ্ৰীবোৰ হাততে পাই উথলি উঠে হিয়া মন। পৰিয়াল, প্রিয়জনৰ সৈতে পৃথিৱী পাহৰি কটোৱা সুখী সময়ৰ এক আহিলা মেলা।

ৰং বিৰঙৰ বেলুন, পেঁপা, পুতলা, খেলাবস্তু খন্তেকীয়া হ’লেও তাৰ স্মৃতি জীৱনজোৰা । বাচন, কাপোৰ, ঘৰুৱা সামগ্ৰীৰে পয়োভৰ দোকানবোৰে টানি লৈ যোৱা ঘৰমুৱা মনবোৰত ঘৰখন নকৈ সজোৱাৰ হেঁপাহ। হেঁপাহ উপলব্ধ বিভিন্ন খাদ্যৰ জুতি লোৱাৰ। বিবিধ আচাৰ কিনাৰ। মেলাত কিনি খোৱা খাদ্যৰ সোৱাদ ঘৰুৱা একেধৰণেৰে ৰন্ধা খাদ্যতকৈ বেছি যেন লাগে। ইয়াৰ আঁৰত আনন্দই ৰহস্য। চাইক’লজি অৱ টেষ্ট অর্থাৎ মনৰ আনন্দত গ্ৰহণ কৰাৰ খাদ্য সদায় সুকীয়া আৰু সুস্বাদু। বিহুমেলা বোলোতে আজিকালি থলুৱা জনজাতীয় সাজপাৰৰ পৰা আৰম্ভ কৰি আচবাব, আ-অলংকাৰ সকলো উপলব্ধ। মনোৰঞ্জন আনি দিয়া মেলা কাৰোবাৰ বছৰটোৰ আমদানি উৎস।

মেলা বছৰত এবাৰ দুবাৰ আহে। হাঁহি- ধেমালিৰ স্মৃতি হৈ আজীৱন থাকি যায় । একেধৰণেৰেই এমিউজমেন্ট পার্কবোৰৰ কথা ক’ব পাৰি। ৰোলাৰ কোষ্টাৰৰ আকাশমুখী যাত্ৰা, বাম্পাৰ কাৰৰ হৰ্ণ, পানীখেলৰ বিভিন্ন সৰঞ্জাম সেয়া কোনোবাখিনিত মেলাৰ দৰে কিন্তু সম্পূৰ্ণ পৃথক। ফাষ্ট ফুড কাউণ্টাৰৰ ভিৰ ফালি বাম্পাৰ কাৰত খুন্দিয়াই সন্তানটিৰ দৰেই উল্লসিত হৈ উঠা মাক-দেউতাক উভতি যায় নিজৰ শৈশৱলৈ।

কোনোবা বিহুমেলাত যদি সপৰিয়ালে কোনোবা উপভোগ কৰিবলৈ গৈছে, গৰমৰ বন্ধ বুলিয়ে ভাই-ভনী, বন্ধু-বান্ধৱীৰ সৈতে জাঁপ দিছেগৈ ৱাটাৰ পাৰ্কৰ পুলত। এই মেলাবোৰ, এমিউজমেন্ট পার্কবোৰ মনোৰঞ্জনৰ আহিলাৰ উপৰি হৈছে একো একোটা টাইম মেচিন। ক্ষণিকৰ বাবে হ’লেও ঘূৰাই দিছে পাহৰণিৰ আলিবাটেৰে বাট বোলা মুকলি দিনবোৰৰ অনুভূতি ।

এমিউজমেন্ট পার্ক হওক অথবা মেলা এইবোৰলৈ মানুহ আহে মনোৰঞ্জন বিচাৰি, ব্যস্ত জীৱনত মুকলি উশাহ বিচাৰি । আনন্দ বিচাৰি অহা এই সময়ত হাতত থকা টকা-পইচাৰ অংকটো হৈ পৰে গৌণ ৷ মনৰ মানুহৰ মুখৰ আনন্দই বঢ়াই তোলে সময়ৰ মূল্য। এয়া বয়সৰ হিচাপো পাহৰিব পৰা অনুভৱ ৷

অসমৰ চুকে-কোণে বিভিন্ন উৎসৱত বিভিন্ন মেলা বহে। এমিউজমেন্ট পার্কলৈ আহিম আহিম বুলি পৰিকল্পনা কৰা মানুহবোৰৰ বাবে মেলালৈ পাক এটা তেনেই সাধাৰণ কথা ৷ অথচ প্রায় সমানেই উত্তেজক। অৱসৰ বিনোদনৰ ক্ষেত্ৰ এই এমিউজমেন্ট পার্ক, মেলাবোৰে মানুহক আনন্দৰ খোৰাক দিয়ে, সৰু সৰু কথা একোটা হৈ পৰে আজীৱন মনত থাকি যোৱা একো একোটা স্মৃতি। মনোৰঞ্জনৰ স্মৃতি, আনন্দৰ স্মৃতি। যান্ত্রিক জীৱনত সকাহৰ উশাহ ।

বিৰিণা গোস্বামী
ফোনঃ ৮১৩৫৮-৩৪৪৮৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.