২৪ জেঠ, সোমবাৰ , ইং ৮ জুন ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মন সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ মানসিক উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, পুৰণি সমস্যাৰ সমাধান হ’ব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সফলতা লাভ কৰিব, সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, কৰ্মত সফলতা লাভ কৰিব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণৰ সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আপোনাৰ দ্বাৰা আত্মীয় পৰিয়ালৰ মনত সুখ শান্তি বাঢ়িব, সামগ্ৰী লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বুদ্ধি নাশ হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত জটিলতা আহিব পাৰে লগতে আজি আপোনাৰ মাতৃৰ দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, কৰ্মত উৎসাহ বাঢ়িব, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ ৰোগ আৰোগ্য হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পাৱ পাৰে, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সফলতা লাভ কৰিব, হাতলৈ ধন- সম্পত্তি আহিব, সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য সৰু সুৰা বাধা আহিব পাৰে।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত পৰিশ্ৰম বাঢ়িব পাৰে, মনলৈ হতাশা ভাৱ আহিব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত উন্নতি সাধন হব, কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শত্ৰু ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.