বাস্তুশাস্ত্র মতে শিক্ষাৰ্থীৰ পঢ়া কোঠাটি

10

জ্যোতিষৰত্ন
ড° নয়নজ্যোতি দেৱ শৰ্মা

প্রাচীন ভাৰতবৰ্ষত গুৰুকুল শিক্ষা ব্যৱস্থা আছিল। ছাত্ৰই গুৰুৰ গৃহত গৈ আশ্ৰমত বা টোলত শিক্ষা গ্ৰহণ কৰিছিল। এই আশ্ৰম আৰু টোলসমূহ সম্পূর্ণ প্রাকৃতিক পৰিৱেশৰ মাজত আছিল । গুৰুৱে ছাত্ৰক প্ৰকৃতিৰ লগত খাপ খুৱাই ডাঙৰ গছৰ তলত বা নদীৰ পাৰত এক প্রাকৃতিক পৰিৱেশৰ মাজত যোগ বিদ্যা, জ্যোতিষ বিদ্যা, অংশ শাস্ত্র, অর্থ শাস্ত্র, আয়ুর্বেদিক চিকিৎসা শাস্ত্র, সমাজতত্ত্ব, নীতি শাস্ত্র, ধনুর্বিদ্যা ইত্যাদি শিক্ষা প্ৰদান কৰিছিল, য’ত ছাত্ৰই বিদ্যা আহৰণৰ সময়ত বা যি স্থানত বিদ্যা আহৰণ কৰিছিল, সেই স্থানত সূৰ্যৰ পোহৰ সঠিকভাবে পৰিছিল আৰু বিশুদ্ধ বায়ু চলাচল কৰিছিল। যাৰ ফলত ছাত্ৰই বিদ্যা আহৰণত সঠিকভাৱে মনোযোগ দিব পাৰিছিল। ছাত্ৰৰ স্মৃতি শক্তি বৃদ্ধি পাইছিল, লগতে ছাত্ৰৰ মনবোৰ সদায় সুস্থিৰ হৈ আছিল। কিছু বছৰ আগলৈকে গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে পুৱা আৰু সন্ধিয়া সময়ত মুকলি আকাশৰ তলত বহি পঢ়া-শুনা কৰিছিল। সেইবাবে তেওঁলোকে বিদ্যা আহৰণত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিল।

বর্তমান শিক্ষা ব্যৱস্থা চাৰি বেৰৰ মাজত থাকি এক চৰকাৰী স্বীকৃতিপ্রাপ্ত অনুষ্ঠানৰ পৰা গ্ৰহণ কৰা শিক্ষা। বর্তমান শিক্ষা ব্যৱস্থাত বিদ্যালয়-মহাবিদ্যালয়তে হওক বা ঘৰতেই হওক প্রাকৃতিক পৰিৱেশৰ পৰা দূৰৈত থাকি সৰু-বৰ কংক্ৰিটৰ কোঠাত থাকি পঢ়া-শুনা কৰিবলগীয়া হয় । ফলত পঢ়া কোঠাত পৰ্যাপ্ত পৰিমাণে সূৰ্যৰ পোহৰ নপৰে বা বিশুদ্ধ বায়ু পঢ়া কোঠাত চলাচল কৰিব নোৱাৰে। সেইবাবে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যা আহৰণত সঠিকভাৱে মনোযোগ দিব নোৱাৰে । ছাত্ৰ-ছাত্ৰীৰ মনলৈ হতাশাৰ ভাৱ আহে, তেওঁলোকৰ মনবোৰ অস্থিৰ হৈ থাকে, মনবোৰ চঞ্চল হৈ থাকে, ছাত্র- ছাত্ৰীয়ে পঢ়া টেবুলত অধিক সময় পঢ়ি থাকিব নোৱাৰাৰ দৰে সমস্যাৰ সন্মুখীন হয়।

বাস্তুশাস্ত্রই আমাক প্ৰকৃতিৰ লগত লগত কেনেদৰে সহবাস কৰি বা প্রাকৃতিক ভাৰসাম্য অটুট ৰাখি আমি কেনেদৰে জীৱন নিৰ্বাহ কৰিব লাগে, তাকেই শিকায়। বাস্তুশাস্ত্ৰ মতে প্ৰকৃতিৰ লগত খাপ খুৱাই পঞ্চতত্ত্ব ভাৰ সামান্য অটুট ৰাখি যদি ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা কৰা কোঠাবোৰ সজাই-পৰাই লোৱা হ’ব, তেতিয়াহ’লে ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়ে, পঢ়া-শুনাত মনোযোগ বৃদ্ধি পায়, মনৰ চঞ্চলতা আৰু চিন্তাবোৰ দূৰ হয়। লগতে ছাত্ৰ-ছাত্ৰীৰ বিদ্যা আহৰণৰ ক্ষেত্ৰত আত্মবিশ্বাস বৃদ্ধি পায়।

♦ পঢ়া কোঠা সদায় পশ্চিম বা উত্তৰ দিশত কৰিব লগতে। কিন্তু বায়ু কোণত (উত্তৰ- পশ্চিম) আৰু নৈঋত কোণ (দক্ষিণ-পশ্চিম) দিশত পঢ়া কোঠা কৰিব নালাগে বা পঢ়া টেবুল ৰাখিব নালাগে ।

♦ পঢ়া টেবুল কোঠাৰ উত্তৰ-পূব দিশত (ঈশান কোণত) ৰাখিব লাগে। এই স্থান গুৰু বৃহস্পতিৰ স্থান ৷

♦ পঢ়াৰ সময়ত সদায় উত্তৰ দিশলৈ বা পূব দিশলৈ মুখ কৰি পঢ়িব লাগে।

♦ পঢ়া কোঠাত বা ঘৰলৈ বিশুদ্ধ বায়ু আৰু পোহৰ প্ৰৱেশ কৰিব পৰাকৈ দুৱাৰ উত্তৰ বা পূব দিশত ৰাখিব লাগে।

♦পঢ়া কোঠাত বা ঘৰত বিশুদ্ধ বায়ু বা সূৰ্যৰ পোহৰ পৰিব পৰাকৈ খিৰিকী সদায় উত্তৰ দিশত বা পূব দিশত ৰাখিব লাগে ।

♦ পঢ়ি থকাৰ সময়ত বাহিৰলৈ চালে সেউজীয়া গছ-গছনি দেখা পোৱা হ’ব লাগে। সেউজীয়া গছ-গছনি দেখিলে ছাত্ৰ-ছাত্ৰীৰ মনবোৰ সতেজ হৈ থাকে।

♦ পঢ়া টেবুলৰ ঈশান কোণত (উত্তৰ-পূব) দিশত মা সৰস্বতীৰ ফটো বা মূৰ্তি বা নিজৰ ইষ্ট দেৱতাৰ ফটো বা মূৰ্তি ৰাখিব লাগে। পুৱা বা সন্ধিয়া সময়ত সেই ফটো বা মূৰ্তিৰ আগত ধূপ- চাকি জ্বলাই প্রার্থনা কৰি পঢ়া-শুনা কৰিলে মনৰ মাজত থকা অপশক্তি আৰু কোঠা বা ঘৰটোত থকা বাস্তুৰ দোষবোৰ নাইকিয়া হয় ।

♦ পঢ়া কোঠাৰ ৰং সদায় পাতল বগা বা পাতল সেউজীয়া হ’ব লাগে।

♦ পঢ়া কোঠাত বিছনা থাকিলেও বিছনাত বহি পঢ়িব নালাগে। বিছনাত বহি পঢ়িলে ছাত্র- ছাত্ৰীৰ এলাহ ভাব বৃদ্ধি পায় ।

♦ পঢ়া কোঠাত টিভি বা ইলেকট্রনিক সামগ্ৰী ৰাখিব নালাগে। ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত মনোযোগ হ্ৰাস কৰে ।

কম্পিউটাৰ বা ম’বাইলত অনলাইন ক্লাছ কৰিবলগীয়া হ’লে ইশান কোণত থকা মুখ্য পঢ়া টেবুলখনত কৰিব নালাগে। অনলাইন ক্লাছসমূহ এখন আছুতীয়া টেবুলত অগ্নি কোণত (পূব- দক্ষিণ) দিশত কৰিব লাগে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.