দৈনিক ৰাশিফল ৪ জুন ২০২৬

4

২০ জেঠ, বৃহস্পতিবাৰ , ইং ৪ জুন ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে, ঘৰলৈ অতিথিৰ আগমণ হব পাৰে, যদিও আজি আপুনি মনোমালিন্য সৃষ্টি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য চকুৰ অসুখ হ’ব পাৰে, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, কৰ্মত উন্নতি সাধন হব যদিও আজি আপুনি সজাগ নহ’লে প্ৰেমত সামান্য ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে ঠগ- প্ৰৱঞ্চনাৰ সন্মুখীন হ’ব পাৰে লগতে আজি আপোনাৰ ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য উদ্বিগ্ন হ’ব পাৰে লগতে আজি মহিলা সকলৰ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, যান বাহন ক্ৰয় কৰিবলৈ সুযোগ লাভ কৰিব বা যান বাহন পৰা সুখ শান্তি লাভ কৰিব লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব,ৰোগ আৰোগ্য হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে আনৰ সমালোচনা প্ৰাত্ৰ হ’ব পাৰে, লগতে আজি আপুনি বিপদ আহিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত আপোনাৰ দ্বাৰা ভাতৃ কৰ্মত উন্নতি সাধন হব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি সাধন হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত উত্তম ভোজন লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হ’ব পাৰে লগতে আজি আপোনাৰ ধন- সম্পত্তি হানি হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.