দৈনিক ৰাশিফল ২৬ মে’ ২০২৬

30

১১ জেঠ, মঙ্গলবাৰ , ইং ২৬ মে’ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সুখ শান্তি বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ মনত ভক্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব,খেলুৱৈ সকলৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে সৰু সৰু কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, কৰ্মত যশস্যা বাঢ়িব লগতে আজি আপোনাৰ পিতৃ মাতৃ বা জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- আশীৰ্বাদ লাভ হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, লগতে আজি আপোনাৰ ভ্ৰমণত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, ধন- সম্পত্তি আহিব হাতলৈ, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, হাতলৈ ধন- সম্পত্তি আহিব, লগতে আজি আপুনি নতুন নতুন কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, ঋণ পৰিশোধ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে ভাতৃ স্থানীয় ব্যক্তিৰ লগত সামান্য মনোমালিন্য বা ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সজাগ নহ’লে সামান্য মনোমালিন্য বা ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ সামান্য ব্যয় বাঢ়িব, আৰু সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, শিল্পী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি ব্যৱসায়িক দিশত সজাগ নহ’লে সামান্য লোকচানৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত মনৰ আশা পূৰণ হ’ব, কৰ্মত স্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, যদিও আজি আপুনি যান বাহন পৰা সাৱধান হোৱাটো ভাল হ’ব।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.