অজন্তা উপমন্যু
ভাৰতীয় সমাজত হালধিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াক যেনেকৈ খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়, ঠিক তেনেদৰে সৌন্দৰ্য চৰ্চাতো অতীজৰে পৰা বহুলভাৱে ব্যৱহৃত হৈ আহিছে। বিয়া-বাৰু, পূজা- পাতলকে আদি কৰি সৌন্দৰ্য চৰ্চালৈকে ইয়াৰ প্ৰয়োগ অতি জনপ্রিয়। ভাৰতৰ প্ৰায় সকলো প্ৰদেশতে বিবাহ অনুষ্ঠানৰ আগত দৰা-কইনাক শৰীৰত হালধিৰ প্ৰলেপ লগাই স্নান কৰোৱা পৰম্পৰা অতীজৰে পৰা চলি আহিছে। যাক হালধি অনুষ্ঠান হিচাপে পালন কৰা হয়। ঠিক সেইদৰে নানান মাংগলিক অনুষ্ঠান, পূজা-পাতলতো হালধি ব্যৱহাৰ কৰা হয় ৷
আমাৰ অসমতো বৈবাহিক অনুষ্ঠানত হালধিৰ প্ৰয়োগ অপৰিহাৰ্য। কেঁচা হালধি পিহি দৰা-কইনাক নোওৱা-ধোওৱা নিয়ম চলি আহিছে। অৱশ্যে ইয়াৰ বৈজ্ঞানিক কাৰণ নথকা নহয় । হালধিত থকা ঔষধি গুণে ছালখন নিমজ কৰাৰ লগতে ছালত হ’ব পৰা নানান ৰোগ প্ৰতিৰোধ কৰে । ব’হাগ বিহুতো হালধি পিহি, সৰিয়হৰ তেলৰ লগত মিহলাই সৰ্বশৰীৰত লগাই গা ধোৱা নিয়ম আজিও প্রচলিত ৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে মানুহ বিহুৰ দিনা মাহ-হালধিৰে গা ধুই নতুন বস্ত্ৰ পৰিধান কৰে। ঠিক তেনেদৰে গৰু বিহুৰ দিনা হালধিৰ ছাত বনাই গৰুৰ গালৈ মাৰি পঠিওৱাৰ লগতে খাবলৈও দিয়া হয়।
সকলো ধৰণৰ ছালৰ বাবে হালধি এক উত্তম প্রসাধন। ব্রুণ, ক’লা দাগৰ পৰা আৰম্ভ কৰি ছাল উজ্জ্বল হোৱালৈকে হালধি এক বৈজ্ঞানিক উপাদান ।
আমি কোনেও হয়তো জনা নাছিলোঁ যে আমাৰ ৰান্ধনী ঘৰৰ মছলা টেমাটোত থকা উজ্জ্বল, সোণালী ৰঙৰ দ্রব্যবিধেই হৈ পৰিব পাৰে আমাৰ তেনেই কম খৰচি, সুলভ প্রসাধন সামগ্রী। অতীজৰে পৰা ইয়াৰ ব্যৱহাৰ অতি বিজ্ঞানসন্মতভাৱে চলি আহিছে।
হালধি-আদা পৰিয়ালৰ এক অংশ আৰু ইয়াক ভাৰতত হাজাৰ হাজাৰ বছৰ ধৰি ৰন্ধন, প্রসাধন আৰু ঔষধি হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। ইয়াত থকা কাৰকুমিন নামৰ পদাৰ্থবিধ হৈছে এন্টিঅক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰি গুণেৰে ভৰপূৰ জৈৱ সক্ৰিয় যৌগ। এই উপাদানে ছাল জ্বলা-পোৰা কৰা ৰোধ কৰাৰ লগতে, ক’লা দাগ দূৰ কৰা, আৰু শেঁতা ছালক উজ্জ্বলতাৰ প্ৰদান কৰি ফ্ৰী-ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱৰ বিৰুদ্ধে যুঁজ দি আহিছে।
ছালৰ ওপৰত ইয়াৰ প্ৰভাৱ
ক’লা দাগ নাইকিয়া কৰাঃ ছালত হালধিৰ পেষ্ট ব্যৱহাৰ কৰিলে পিগমেণ্টেচনৰ পৰা হাত সাৰিব পাৰি। হালধি ব্যৱহাৰ কৰিলে অতিৰিক্ত মেলানিন উৎপাদন হ্রাস কৰি স্বাভাৱিক ৰং ঘূৰাই আনিব পাৰি ৷
ছাল উজ্জ্বল হোৱাঃ হালধিৰ পেষ্ট ব্যৱহাৰ কৰিলে অতি নিস্তেজ ছাললৈ উজ্জ্বলতা ঘূৰি আহে ।
ছাল শীতল কৰাঃ ছাল ৰঙা পৰা, ব্রুণ হোৱা, জ্বলা পোৰা কৰা ছালত শীতলতা প্ৰদান কৰে।
ব্ৰুণঃ হালধিত থকা এণ্টি বেক্টেৰিয়েল উপাদানে ব্রুণ সৃষ্টিকাৰী বেক্টেৰিয়া ধ্বংস কৰাৰ লগতে নোম ছিদ্ৰসমূহ পৰিষ্কাৰ কৰি পেলায়।
অকাল বার্ধক্যঃ এন্টিঅক্সিডেণ্ট উপাদানেৰে ভৰপূৰ হালধিয়ে অক্সিডেটিভ চাপক নিয়ন্ত্ৰিত কৰি বলিৰেখা পৰাত বাধা দিব পাৰে ।
হাইড্ৰেচনঃ হালধিৰ দ্বাৰা প্ৰস্তুত কৰা ফেচ ৱাছ, তেল বা হালধিৰ পেষ্ট নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ছালখনত প্ৰয়োজনীয় আর্দ্রতা বর্তি থাকে।
টেন ৰোধ কৰাঃ হালধি ব্যৱহাৰ কৰিলে ছালখন ডি-টেন কৰি ছাল উজ্জ্বল হৈ উঠে। হালধিয়ে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা হ’ব পৰা ছালৰ ক’লা দাগ বা টেন ৰোধ কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷
মুঠৰ ওপৰত মুখ বা ছালৰ বাবে হালধি অতি উত্তম প্রসাধন সামগ্রী। তেলেতীয়া, শুকান বা অতি সংবেদনশীল বা ব্রেক আউট প্ৰৱণ বা যিকোনো ধৰণৰ ছালৰ বাবে ই অতি প্রয়োজনীয় উপাদান।
ঘৰতে তৈয়াৰী হালধিৰ মাস্ক
সংবেদনশীল ছালৰ বাবে এচামুচ হালধিৰ গুড়িৰ নাইবা পিহি লোৱা হালধিৰ পেষ্টৰ লগত দুচামুচ এলোভেৰা জেল মিহলাই ছালত লগালে ই ছালৰ ৰঙা পৰা কমাই ছাল উজ্জ্বল কৰি তোলে। সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰিব পাৰি।
তেলেতীয়া ছালত হালধি গুড়ি, বেচন আৰু দৈ একেলগে মিহলাই ছালত লগাই দহ মিনিটৰ পিছত পৰিষ্কাৰ পানীৰে ধুই পেলাব লাগে। ইয়াৰ ফলত ছালৰ অতিৰিক্ত তেল নিয়ন্ত্রণ কৰে, নোমছিদ্ৰবোৰ মুকলি কৰি ছাল উজ্জ্বল কৰি তোলে।
দাগ পৰা ছালঃ মৌৰ সৈতে হালধিৰ পেষ্ট মিহলাই লগালে ছালৰ দাগ লাহে লাহে পাতল হৈ আহে।
শুকান ছালঃ গাখীৰৰ সৰ, নাইবা সতেজ ক্ৰীমৰ লগত হালধিৰ পেষ্ট মিহলাই ছাল মালিচ কৰি কুহুমীয়া পানীৰে ধুই পেলাব লাগে।
নিজৰ ছালৰ প্ৰকৃতি অনুসৰি এনেদৰে পেক তৈয়াৰ কৰি লগাই চালে নিজে নিজেই পার্থক্য বুজি পাব পাৰি ৷
অন্য নহ’লেও সপ্তাহত অন্তত এবাৰ হালধিৰ পেষ্টৰ লগত সৰিয়হৰ তেল মিহলাই সৰ্বশৰীৰত লগাই আধা ঘণ্টা/বিশ মিনিটমানৰ পিছত কুহুমীয়া পানীৰে গা ধুলে ছালৰ শুকান ভাৱ নোহোৱা হ’ব, ছাল উজ্জ্বল হৈ পৰাৰ লগতে ছালৰ নানান অসুবিধাৰ পৰা পৰিত্ৰাণ পাব পাৰি ।
ফোনঃ ৯৯৫৪২-৪৬২১৬
Comments are closed, but trackbacks and pingbacks are open.