চুমালী গোস্বামী
বিহু অসমীয়াৰ হৃদয়ৰ স্পন্দন, জাতীয় চেতনাৰ উন্মুক্ত বহিঃপ্রকাশ। সৌন্দৰ্য আৰু সংস্কৃতিৰ উপাসনা। এই বিহু প্ৰকৃতিৰ লগত জড়িত। জ্যোতিপ্ৰসাদ আগৰৱালাই বিহু সম্পর্কে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কৈছিল যে ‘অসমীয়া বিহু উৎসৱত অসমীয়া উচ্চ সংস্কৃতিৰ লগতে থাকে জন-সংস্কৃতিৰ পোহৰ। অসমীয়া বিহু উৎসৱ আচলতে এখন অসমীয়া সাংস্কৃতিক মেলা, য’ত উচ্চ সংস্কৃতি আৰু জন-সংস্কৃতিৰ বছৰেকীয়া মিলন হয়। সেই কাৰণেই বিহু উৎসৱ অসমীয়া সাংস্কৃতিক জীৱনৰ এটা বছৰেকীয়া সমাৱেশ। বিহুৱে যুগ-যুগান্তৰৰ পৰা পৰিৱৰ্তনৰ বুকুৱেদি আধুনিক ৰূপ লৈ ইতিহাসৰ বুকুত এৰি থৈ গৈছে সৌন্দৰ্য আৰু প্ৰকৃতিৰ মাধুৰ্য। বিহুৰ সৈতে প্ৰকৃতিৰ সম্বন্ধ প্রত্যক্ষ। ব’হাগৰ বতৰত প্রকৃতিয়ে নতুন ৰূপ লয়, গছে পাত সলায় আৰু নতুন পাত ধাৰণ কৰে। অৰ্থাৎ পুৰণিক বিদায় দি নতুনক লৈ অনাৰ প্ৰকৃতিৰ যি উলাহ তাৰ সৈতে মানুহৰ মনৰ উলাহো সংপৃক্ত হৈ পৰে। অসমীয়া মানুহেও জীৱনৰ সকলো ক্ষেত্ৰৰে ভালৰো ভালখিনি লৈ সেইদিনা থিয় হয় নতুন বছৰক আদৰিবলৈ নতুন দিনৰ সপোন দেখি। সেই কাৰণেই নতুন দিনৰ সপোন দেখা অসমীয়াৰ কাৰণে আজি বিহু উৎসৱ আটাইতকৈ মূল্যৱান, নতুন সংস্কৃতি গঢ়াৰ ফালৰ পৰা । বিহুৰ মাজেদি প্ৰকৃতিৰ ৰূপান্তৰৰ বাণীকেই উপলব্ধি কৰিবলৈ বিচাৰিব লাগিব। ৰূপান্তৰৰ সংস্কৃতিৰ সৰ্বশ্ৰেষ্ঠ দৃষ্টান্ত হ’ল অসমীয়াৰ হেঁপাহৰ বিহু।’
প্ৰকৃতিৰ আশ্ৰয় আৰু সহায়েৰে জীৱন-ধাৰণ কৰি অহা মানুহৰ বাবে প্ৰকৃতিৰ সৈতে একাত্ম হৈ জীৱনৰ জয়গান গোৱাৰ আয়োজনেই হ’ল বিহু। মানুহে কালক্ৰমত চন্দ্ৰৰ পৰা এণ্টাৰ্কটিকালৈকে নিজৰ চাপ এৰি থৈ যাবলৈ সক্ষম হ’ল। কিন্তু এই মানৱজাতি আজিও প্ৰকৃতিৰ ওচৰত অসহায়। প্রকৃতিক বশ কৰাটো মানুহৰ সাধ্যৰ ভিতৰত নাই। প্রকৃতি স্বাধীন, মুক্ত। প্রকৃতিয়ে পৰিৱৰ্তনৰ লগে লগে জীৱন-ধাৰণৰ বাবে প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰি গৈ থাকে। সেয়ে খেতিত নমাৰ সময় যিদৰে আহে, চপোৱাৰ সময়ো আহে। কৃষিকৰ্মত অগ্ৰসৰ হোৱাৰ আগমুহূৰ্তত বিহু পালন কৰি নিজকে কামত নিয়োজিত কৰিবলৈ কৃষিজীৱী ৰাইজে নিজকে প্ৰস্তুত কৰে। এনে সময়তেই উদ্যাপন কৰা হয় ব’হাগ বিহু। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ই ভিন্ন নামেৰেও পৰিচিত। বড়োসকলে বৈশাগু উৎসৱ ব’হাগ বিহুৰ সমান্তৰালভাৱে পালন কৰে। কাৰ্বিসকলে ঝুম খেতিৰ আগে আগে আৰু খেতি চপোৱাৰ সময়ত নিজা বৈশিষ্ট্যৰে এই উৎসৱ পালন কৰে। সোণোৱাল কছাৰীসকলে তিনি বিহুৱেই পালন কৰে। দেউৰীসকলে ইবাকু বিছু নামেৰে ব’হাগতে বিহু পালন কৰে। ঠিক সেইদৰে মিচিংসকলেও এই বিহু পালন কৰে নিজৰ পৰম্পৰাৰ সাঁচত। ঠাইভেদে, সমাজভেদে তথা পৰম্পৰাভেদে বিহুৰ নাম আৰু ৰূপ সলনি হ’ব পাৰে, কিন্তু পালন সমগ্র জাতি-জনগোষ্ঠীয়ে একে সময়তে কৰে। খেতি আৰম্ভ কৰাৰ আগত, খেতি চপোৱাৰ সময়ত অথবা মাজৰ সময়খিনিত এই উৎসৱ পালন কৰা হয়। কৃষিৰ লগত জড়িত যদিও এই ব’হাগ বিহুৱে নিজস্ব শৈলীৰে সামাজিক পৰম্পৰাও ৰক্ষা কৰে ।
এই বিহুৰ অন্যতম বিশেষত্ব হ’ল হুঁচৰি, বিহুগীত, বিহুৱান, অতিথি আপ্যায়ন ইত্যাদি। সকলো ধৰণৰ ভেদাভেদ দূৰত ৰাখি বিহু পালনৰ পৰম্পৰাই সামাজিক উত্তৰণৰ বাটো প্রশস্ত কৰে। আমাৰ জাতীয় জীৱনত এই ব’হাগ বিহুৱে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। সেয়ে ভূপেন হাজৰিকাই গীতত গাই থৈ গৈছে—
‘ব’হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুসৰেখা
গণজীৱনৰ ই সাহ।’
পূৰ্বতে এই ‘বিহু’ উৎসৱটোক ‘বিচু’ বুলি কৈছিল। বিচু শব্দৰ পৰাই অসমৰ জাতীয় উৎসৱ বিহু। এই বিহুক বাপতিসাহোন বা বাপতিসাহ বুলিও কোৱা হয়। অতীজতে দেউতাকক ‘বোপায়ি’ বুলিছিল। এই বোপায়িৰ পৰা ‘বোপাই” হ’ল। বোপাইৰ পৰা বাপ । এই বাপৰ পিছত ‘তি’ লগাই বাপতি হ’ল। বাপতিয়েই উত্তৰসূৰীক দি থৈ যোৱা সাহন বা সাহোন বা সম্পতিয়েই বাপতিসাহোন বা বাপতিসাহন বিহু। এই শব্দটি বিহুৰ বাদে আনত ব্যৱহাৰ নহয়।
বিহুৰ নাচ, বিহুগীত, ঢোলৰ ছেও পেঁপা, গগনা, বিহুৱান, নাচনীৰ কপালৰ ফোঁট, ডাব কটাৰী আদি বিহুৰ সৈতে জড়িত সামগ্ৰীসমূহো অসমীয়াৰ সম্পূৰ্ণ নিজা অৱদান । ব’হাগ বিহুৰ দৰে মাঘ বিহু আৰু কাতি বিহুৱেও অসমীয়া সংস্কৃতি, পৰম্পৰাক চহকী কৰি থৈ গৈছে। শস্যই পথাৰত ঠাই পাওঁ পাওঁ হওঁতেই তুলসী ভেটিত চাকি দি কাতি বিহু আৰু শস্য ভঁৰালত চপোৱাৰ পিছত মাঘ বিহু উলহ-মালহে অসমীয়া ৰাইজে পালন কৰে । বিহু অসমৰ লোক-সংস্কৃতি। এই লোক-সংস্কৃতি সদায় পৰম্পৰাগতভাৱে চলি আহিছে। অর্থাৎ বিহু পালন কৰা নীতি-নিয়মসমূহ পৰম্পৰাগতভাৱে চলি অহা দেখা গৈছে। বিহু অসমৰ জাতীয় উৎসৱ। কোনো এটা উৎসৱ জাতিটোৰ উত্থান- পতনৰ লগতে পৰিৱৰ্তন হোৱাও দেখা যায়। ই বোঁৱতী নদীৰ দৰে। নদী এখন বৈ যাওঁতে যেনেদৰে বাটত বহুতো জান-জুৰি, নদ-নদী, উপনদী লগ হৈ বৈ যায়, ঠিক তেনেদৰে বিহুৱেও ইয়াৰ উৎপত্তিৰ পৰা আজিলৈকে এক দীঘল পৰিক্ৰমাৰ মাজেৰে পাৰ হৈ আহোঁতে বহুতো গতি সালসলনি, ঘাত-প্রতিঘাতৰ মাজেৰে আহি আজিৰ এই অৱস্থা পাইছেহি।
বিহুৰ কোনো ব্যাকৰণ বা কোনো বুৰঞ্জী নাই। এই কাৰণেই যে বিহু কেতিয়া আৰু ইয়াৰ উৎপত্তি স্থান ক’ত, ইয়াক বুৰঞ্জীত পাবলৈ নাই। কোনো গৱেষক বা বিহু বিশেষজ্ঞই ইয়াৰ উৎপত্তিৰ সম্পৰ্কে নিৰ্দিষ্ট সূত্ৰ দিব পৰা নাই। বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰ পৰাই অসমত বিহু আৰু বিহুনামৰ প্ৰচলনৰ বিষয়ে উল্লেখ থকাৰ সম্ভেদ পোৱা যায়। মানুহৰ ক্ৰমবিকাশৰ বুৰঞ্জীয়েই বিহুৰো বুৰঞ্জী।
আহোম টাইসকলৰ বুৰঞ্জী অনুসৰি শদিয়াৰ কেঁচাই খাতীয়েই বিহুৰ প্ৰথম স্রষ্টা বুলি কয়। ১২২৮ খ্রীষ্টাব্দত স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ নেতৃত্বত আহোমসকল অসমলৈ আহিছিল আৰু সেই সময়ত অসমত বসবাস কৰা বড়ো, কোচ, ৰাভা, মিচিং সোণোৱাল, ঠেঙাল, চুতীয়া, দেউৰী, মৰাণ আদি জনগোষ্ঠীয় জাতিৰ মানুহে অসমত বসবাস কৰিছিল। সেইবিলাকৰ মাজৰ পৰাই বিহুৰ চৰ্চা কৰিছিল নিজ নিজ পৰম্পৰা অনুসৰি ৷ আহোম ৰজাসকলৰ ভিতৰত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ নাম অন্যতম। তেওঁ সাত বিহুৰ দিনা ৰূপহী পথাৰত দুমহলীয়া ৰংঘৰৰ পৰা বিহু নৃত্য-গীত উপভোগ কৰিছিল। এইখিনিতে উল্লেখ কৰিব লাগিব যে ৰুদ্ৰসিংহৰ ৰাজকবি নাৰায়ণ চক্ৰৱৰ্তীয়ে ‘আলিংগ’ নামৰ এখন বিহু বিষয়ক গ্ৰন্থ ৰচনা কৰিছিল আৰু এইখনেই আছিল বিহু সম্পর্কে প্রথম পুথি ।
সময়ৰ সৈতে পৰিৱৰ্তন আহিছে, আগৰ গছ তলৰ বিহু মঞ্চলৈ আহিল, হুঁচৰি গোৱাৰ আগ্ৰহো কমি আহিবলৈ ধৰিলে। অতীতৰ বিহু আৰু বৰ্তমানৰ বিহুৰ মাজতো বহু পৰিৱৰ্তন দেখা যায়। গাঁৱৰ পৰা চহৰমুখী হোৱাৰ লগে লগে চহৰত ‘বিহু’ সন্মিলনৰ জন্ম হয়। সংস্কৃতিৰ চিৰপ্রৱহমান মূলধাৰাৰ পৰা ফালৰি নকটাকৈ যদি এই বিহু উৎসৱ আমি পালন কৰিব পাৰো, তাৰ ওপৰত আমি সকলোৱে গুৰুত্ব দিব লাগিব। সময় পৰিৱৰ্তনশীল। এই পৰিৱৰ্তনক কোনো কাৰণতেই আমি বাধা দিব নোৱাৰোঁ। কিন্তু বিহুৰ স্বকীয় সৌন্দৰ্য, ঐতিহ্যৰ মৌলিক গাঁথনিৰ যাতে পৰিৱৰ্তন নহয়, তাৰ ওপৰত আমি অসমীয়া জাতিয়ে যথেষ্ট গুৰুত্ব দিব লাগিব।
বিহু আমাৰ প্ৰতিজন অসমীয়াৰ তেজত তথা সত্তাৰ ৰন্ধ্রে ৰন্ধ্ৰে বিয়পি আছে। ই আমাৰ বাৰেবৰণীয়া সংস্কৃতিৰ সমন্বয়ৰ প্ৰতীক, অসমীয়া জাতিৰ আৱেগ আৰু আয়ুসৰেখা, চিৰযুগমীয়া পৰম্পৰাৰ অমূল্য দাপোণ বা আইনা…। এই বিহু যাতে চিৰদিন অসমীয়াৰ জাতীয় জীৱন তথা সত্তাৰ এক অবিচ্ছেদ্য অংগ হৈ ৰওক তাকেই কামনা কৰিছোঁ ৷
ফোনঃ ৯৯৫৭০-৪৬৬৫৬
Comments are closed, but trackbacks and pingbacks are open.