দৈনিক ৰাশিফল ২ মে ২০২৬

36

১৮ ব’হাগ, শনিবাৰ, ইং ২ মে’ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে ঘৰুৱা কৰ্মত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, কৰ্ম স্থান সামান্য পৰিবৰ্তন হ’ব পাৰে, যদিও আজি বিবাহিত ব্যক্তি সকলৰ সামান্য সন্তানৰ চিন্তা মনলৈ অহাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, সংগীত শিল্পী সকলৰ সুনাম বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সৰু কথাতে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি মনোমালিন্য সৃষ্টি হ’ব পাৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব নহ’লে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি জটিল কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে আনৰ সমালোচনা প্ৰাত্ৰ হ’ব পাৰে , লগতে আজি আপোনাৰ আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, কৰ্মত সফলতা লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি অহাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ঘৰুৱা কৰ্মত ধন- সম্পত্তি আহিব,আয় উপাৰ্জন বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, সকলোৰে পৰা মৰম- চেনেহ লাভ কৰিব, লগতে আজি আপুনি কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত পুলিচ প্ৰশাসনৰ পৰা সাৱধান হোৱাটো ভাল হ’ব, সৰু কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে আজি আপোনাৰ পিতৃ মাতৃ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.