দৈনিক ৰাশিফল ২৯ এপ্ৰিল ২০২৬

29

১৫ ব’হাগ, বুধবাৰ, ইং ২৯ এপ্ৰিল ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, সামগ্ৰী লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য সন্মান হানি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ভাল খাদ্য লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ হাতলৈ ধন- সম্পত্তি অহাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ আশা ভংগ হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনটো সামান্য বিষণ্ণ হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হব, প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি যান বাহন পৰা কষ্ট পাবলগীয়া হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব, লগ বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা ভংগ হ’ব পাৰে, মানসিক ক্লেষ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, ধন- সম্পত্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সামান্য আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, যান বাহ ক্ৰয় কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি লগ বন্ধুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব নহ’লে ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.