দৈনিক ৰাশিফল ২৭ এপ্ৰিল ২০২৬

28

১৩ ব’হাগ, সোমবাৰ, ইং ২৭ এপ্ৰিল ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব , ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি দিনটো আনন্দ মনে পাৰ হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, উত্তম ভোজন লাভ কৰিব যদিও আজি দিনটো আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত লগ বন্ধুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে ক্ষয়-ক্ষতি হ’ব পাৰে বা শত্ৰুতা কৰিব পাৰে লগতে আজি আপোনাৰ সামান্য ব্যয় বাঢ়িব পাৰে, যদিও আজি খেলুৱৈ সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত সজাগ নহ’লে সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে, প্ৰেমত হতাশাৰ সৃষ্টি হ’ব পাৰে, যদিও আজি ছোৱালী সকলৰ কৰ্মক্ষেত্ৰত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনত এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, মনৰ আশা ভংগ হ’ব পাৰে, যদিও আজি আপোনাৰ হাতলৈ ধন আহিব, লগতে আজি সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰৰ উন্নয়নমূলক কৰ্মবোৰ কৰিবলৈ সুযোগ লাভ কৰিব, পুৰণি সমস্যাৰ সমাধান হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য অৱহেলা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি সাহিত্যক সকলৰ সাহিত্য চৰ্চাত মনোনিৱেশ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, ধন- সম্পত্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত নতুন প্ৰেমত সহাৰি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে, সৰু সুৰা কথাতে মনত সামান্য দুখ কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, আনন্দ মনে দিনটো পাৰ হব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.