গল্পঃচার্বাক

27

ড° পৰাগ কুমাৰ ভট্টাচার্য

বিৰিঞ্চি। বিৰিঞ্চি বৈশ্য। মোৰ অন্তৰংগ বন্ধু। অত্যন্ত প্রতিভাসম্পন্ন। তেওঁৰ ওচৰত থাকিলে মোক নিজকে নগণ্য প্রাণী যেন ভাব হয়। মোৰ মাজত লেখত ল’বলগীয়া গুণ একোৱে নাই। তথাপি তাৰ ম‍ই বন্ধু। তাৰ পৰা শিকিবলগীয়া বহু জ্ঞান আছে। আচৰিত কথা, গান গোৱাৰ পৰা গান ৰচনা কৰালৈকে অপূর্ব দক্ষতাৰে সি দক্ষ। শুনিলে আচৰিত হোৱাৰ কথা যে সি এজন নিপুণ শিপিনীও । তাঁতৰ পাতত বহি কাপোৰত ফুল তোলে। তাঁতশালৰ প্ৰতিটো অংগৰ নাম জানে। গাৰী, মাকো, দীঘ, বাণি । সকলো নামেই চিনাকি ৷ এগৰাকী নিপুণ শিপিনীৰ লগত তাঁতশাল সম্পর্কীয় সকলো কথা পাতিব পাৰে ।

তেওঁৰ এইবোৰ সানমিহলি জ্ঞানৰ বাবে বহুতে তেওঁক উপহাস কৰে। মই কিন্তু তেওঁৰ জ্ঞানৰ ব্যাপকতাত মুগ্ধ হওঁ। বিশ্ববিদ্যালয়ত পঢ়া দিনত মই তেওঁৰ ৰুমমেট আছিলো । এদিন ৰাতি বিৰিঞ্চিয়ে আলমাৰিটো খুলিলে । তেওঁ হোষ্টেলৰ প্রফেক্ট হোৱাৰ গুণে এইবোৰ আছুতীয়াকৈ পাইছিল। তাৰ ভিতৰৰ পৰা ভালদৰে জাপি থোৱা পাতৰ ৰিহা-মেখেলা-চাদৰ এযোৰ উলিয়ালে। মই আচৰিত হ’লোঁ। তেওঁ মোক ক’লে— চাবা তোমাক দেখুৱাম ছোৱালীতকৈ মই বেছি ভাল লগাকৈ পাটৰ কাপোৰ পিন্ধিব জানো। এনেদৰে কৈ যত্নসহকাৰে তেওঁ কাপোৰযোৰ পিন্ধি ওলালত সাইলাখ গাভৰুজনী যেন দেখা গ’ল। কি আচৰিত নিপুণতা।

জানা ম‍ই শিখণ্ডী। মই অস্ত্ৰধাৰক বীৰ আৰু লগতে এজনী নাৰীও হ’ব পাৰো। মই সম্পূর্ণ মানুহ।

তেনেহ’লে মোৰ কি গুণ আছে, মোৰ কি প্রতিভা আছে, বিৰিঞ্চিৰ সমকক্ষতাৰ বাবে মই আত্মানুসন্ধানত ব্যস্ত হ’লোঁ। মই গল্প লিখিব পাৰোঁ কিন্তু তাকো পাঠক সমাজে আদৰেৰে নলয় । মই সাহিত্যৰ ছাত্ৰ আছিলোঁ। সাহিত্যৰো ঐতিহ্য বিচাৰ কৰিলোঁ। ম‍ই দৰ্শন পঢ়িলোঁ । ভক্তি সাহিত্যৰ লগত তাৰ সম্বন্ধ বিচাৰ কৰিলোঁ। পাৰমার্থিক চিন্তাৰ লগতে সৃষ্টি, ভগৱান এইবোৰ তথ্যও আয়ত্তৰ চেষ্টা কৰিলোঁ।

ইতিমধ্যে মই বিৰিঞ্চিৰ পৰা দূৰলৈ আঁতৰি গ’লোঁ। এখন মফচলীয় কলেজৰ অধ্যাপক। বিৰিঞ্চিৰ লগত সম্পৰ্ক হেৰোৱাৰ দৰে। ব্যস্ততাৰে ভৰা জীৱন। কলেজত অধ্যাপনা কৰাৰ লগে লগে চৰকাৰী নিৰ্দেশত ইটো-সিটো দায়িত্ব পালন। প্রত্যেক ছেমিষ্টাৰৰে বহী চোৱাৰ ধুম। অ’ত-ত’ত দুই-এখন ছেমিনাৰ। মোৰ দুই-এটা লেখা পঢ়ি সেই ভিতৰুৱা অঞ্চলৰ মানুহৰ বাবে মই সবজান্তা হৈ পৰিছিলোঁ। সেয়ে সভা-সমিতিলৈ আমন্ত্রণ। পণ্ডিত বোলাবলৈ গৈ গ্ৰন্থবোৰ পঢ়ি তাক ঠিক মতে হজম কৰিব নোৱাৰি সাগৰ্ভহীন পণ্ডিতালিৰে বাগ্মীতা প্রকাশ, এইবোৰ এতিয়া মোৰ নৈমিত্তিক কাণ্ড কর্ম।

মোৰ এইবোৰ খবৰ বিৰিঞ্চিৰ কাণত পৰিছিল সাংবাদিক বন্ধুবোৰৰ দয়াত । তাৰ পাছত মোলৈ তেওঁৰ দীৰ্ঘ অভিনন্দন পত্ৰ। মানুহৰ গুণ বুজা মানুহজনে মোলৈ লিখিলে— তুমি প্রকৃত পথৰ সন্ধান পাইছা, আগবাঢ়ি যোৱা চৰৈৱেতি চৰৈৱেতি । মানুহৰ প্ৰতি কি অকৃপণ উৎসাহবাণী। মোৰ প্ৰতি তেওঁৰ কি উৎসাহসূচক আশিসবাণী। লগতে মোলৈ লিখিলে – মই কিন্তু গীতৰ মাজতে আবদ্ধ। গীত লিখো তাক সুৰ কৰি গাওঁ, সুগায়কক গাবলৈ শিকাই আকাশবাণীৰে প্ৰচাৰ কৰোঁ। মই বিভিন্ন কামৰ পাছত দৌৰিব নোৱাৰোঁ। অৱশ্যে মোৰ ক্ষমতাও তিমানতে সীমাবদ্ধ৷ তদুপৰি মোৰ ধৰ্মৰ ধাৰণা একো নাই মোক তুমি চার্বাক বুলিও ক’ব পাৰা। ম‍ই আধুনিক যুগৰ চাৰ্বাক ।

মোৰ এই অঞ্চলত এতিয়াও ৰেডিঅ’ৰ আদৰ আছে। প্ৰায়বোৰ মানুহে ৰেডিঅ’ শুনে। মোৰো ৰেডিঅ’ শুনাটো অভ্যাসত পৰিণত হ’ল। মই এতিয়া ৰেডিঅ’ত বিৰিঞ্চিৰ গান শুনো । কি অপূৰ্ব ৰচনা । প্ৰতিটো গীতেই সহজ-সৰল অথচ গভীৰ অৰ্থৰে সৰৱ। ময়ো বিৰিঞ্চিৰ সমকক্ষ
হ’বলৈ লেখাত মনপুতি লাগিলোঁ। কিন্তু মই কাষত পৰি ৰ’লোঁ । জনতাৰ হৃদয়ে হৃদয়ে বিৰিঞ্চিৰ বাবে আছুতীয়া স্থান। সাহিত্যৰ গৌৰৱ যান্ত্ৰিকতাত কৌশলেৰে সৃষ্ট তত্ত্বসমৃদ্ধতাত নহয় ই মানুহৰ হৃদয় আসনত বহিব পৰা গুণ অৰ্জন কৰিব নোৱাৰিলে তেনে চমকপ্রদ সাহিত্য ৰচনাৰ কোনো সার্থকতা নাই।

মই তেনে সাহিত্য কিছুমানহে সৃষ্টি কৰিলোঁ। অন্তঃসাৰশূন্য ‘সুস্থং কাষ্ঠং আৰু বিৰিঞ্চিৰ ৰচনা নীস তৰোবৰ ভাতি’ৰ সৰলতা আৰু হৃদয় সংবেদী।

বিফলতাৰ বুকুত সফলতাৰ জন্ম হয়। কিন্তু তেনে ৰূপান্তৰ মোৰ সৃষ্টিত সম্ভৱ নহ’ল। সেয়ে সাহিত্যৰ সৰস ক্ষেত্ৰখন এৰি ম‍ই বিভিন্ন শাস্ত্ৰৰ অধ্যয়নৰ মাজতে নিজৰ খোৰাক বিচাৰি ল’বলৈ চেষ্টা কৰিলোঁ। অবিৰত প্ৰয়াস আৰু অধ্যয়নে কিছু জ্ঞান দিলে যদিও সেইবোৰে মনত সন্দেহ আৰু দ্বিধাৰ ভাব সৃষ্টি কৰিলে। তাৰ নিৰসনৰ কাৰণে আৰু অধ্যয়ন আৰম্ভ কৰিলোঁ। কাৰোবাক গুৰু ভজি আধ্যাত্মিক তত্ত্ববোৰ বুজিবলৈ চেষ্টা কৰিম বুলি গুৰু বিচাৰি বৃন্দাবনলৈ গ’লো। তাত লগ পালোঁ স্বামী ব্রহ্মানন্দক। বেদান্তৰ বিদগ্ধ পণ্ডিত। কিন্তু তেওঁৰ পৰা মই যি জ্ঞান পালো সিও নিষ্ফল বুলি অনুভৱ কৰিলোঁ। গুৰুৰ সীমাবদ্ধতাও মোৰ আগত প্ৰতীয়মান হৈ পৰিল। ভগৱানৰ অন্বেষণ মোৰ সমাপ্ত নহ’ল। যি ভগৱানক লৈ শাস্ত্ৰমুখৰ, সেই শাস্ত্ৰবোৰে মানুহক ভাগ ভাগ কৰাৰ বাহিৰে একো কৰিব পৰা নাই। প্রত্যেকখন শাস্ত্ৰই নিজৰ ধৰ্মক ওপৰত তুলিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে। অলৌকিকতাৰ যাদুখেল সৃষ্টি কৰিছে।

মই আকৌ মানুহৰ মাজলৈ উভতি আহিলোঁ। মানুহ সম্পর্কে বিভিন্ন অধ্যয়ন আৰম্ভ কৰিলোঁ। অৱশ্যে মহাপুৰুষসকলেও এটা দ্বিধাহীন মানুহ, সমস্যাৰ পৰা মুক্ত এজন মানুহ তৈয়াৰ কৰিবলৈ তৎপৰ হৈছিল। কিন্তু তাৰ ব্যাখ্যা পাণ্ডিত্যৰ বোলেৰে ধৰ্মাধিকাৰীয়ে মানুহৰ মনত দ্বিধা আৰু সংকোচেৰে ভৰাই তুলিছিল। সংসাৰ, মানুহৰ উত্থান এইবোৰত ভগৱানৰ হাত নাই আৰু ভগৱান বুলি কোনো ব্যক্তিগত পৰম সত্তাও নাই।

এয়া মোৰ কি হৈ গ’ল। মই যেন এখন নতুন কুৰুক্ষেত্ৰ দেখিবলৈ পালো, যত মানুহবোৰ ৰক্তপিপাসু দানৱৰ দৰে ইজনে সিজনক বুকুত অস্ত্র বহুৱাই দিছে। এজন ৰজাই ন্যায় দিবলৈ গৈ হাতত খৰ্গ তুলি লৈ তেওঁৰ দৰে মানুহ এজনক শিৰশ্ছেদ কৰিছে। কুৎসিত মুখৰ এক মানৱ শিশুৰ জন্ম হৈছে। সময়ৰ ব্যৱধান নাইকিয়া হৈছে। সি নিমিষতে শিশুৰ পৰা বৃদ্ধত পৰিণত হৈছে। চন্দ্ৰ- সূর্য, গ্রহ-নক্ষত্ৰবোৰ নিমিষতে ধ্বংস হৈ পৰিছে। মই বলিয়া হৈছো নেকি। এখন ভয়ংকৰ জগতত থিয় দি ম‍ই চিঞৰিব ধৰিলোঁ। মোক ৰক্ষা কৰা, মোক কোনোবাই ৰক্ষা কৰা। কোনো নাই। এনেতে মৃত মানুহবোৰৰ শৱদেহ এটা থিয় দিয়া দেখিলোঁ। তাৰ পিছত তেওঁ হাঁহি হাঁহি আগবাঢ়ি আহিছে। এয়া, এয়া দেখো বিৰিঞ্চি ।

মোৰ প্ৰাণৰ বন্ধু । তোমাৰ ভয়ার্ত চিঞৰত মই মৃত্যুৰ ভয়াৱহ অন্ধকাৰ জগতৰ পৰা উভতি আহিছোঁ।

হে মোৰ চাৰ্বাক-বন্ধু। তুমিও এতিয়া চার্বাকৰ দৰে নতুন জ্ঞানেৰে উদ্ভাসিত হৈছা । তুমিও জগতবাসীৰ আগত চিঞৰি চিঞৰি ক’ব পাৰিবা

“ঋণং কৃত্বা ঘৃতং পিবেৎ
যাৱজ্জীৱন সুখং জীৱেং”

যিহেতু এখন ৰহস্যময় জগতত তোমাৰ জন্ম, গতিকে সিও ৰহস্যময়। সেই ৰহস্য উদ্‌ঘাটন কৰিবলৈ তুমি যিমানে চেষ্টা কৰিবা সিমানে তুমি পথৰ সন্ধান হেৰুৱাই বেহুৰ পৰা ওলাব নোৱাৰিবা।

সঁচা অধ্যয়নৰ পৰা, গুৰুৰ জ্ঞানৰ পৰা, যাৰ সৰমৰ্ম উলিয়াব নোৱাৰি, সেই ভগৱানক অস্বীকাৰ কৰি তুমি ভোগকেই সৰ্বস্ব বুলি ধৰি লোৱা আৰু সেই ভোগৰ মাজত জীৱন সুখময়তাৰ মাজতহে তুমি প্রকৃত পথৰ সন্ধান পাবা।

বিৰিঞ্চি মোৰ সন্মুখৰ পৰা লাহে লাহে আঁতৰি মৃতদেহবোৰৰ মাজত শুই পৰিল। মই অনুভৱ কৰিলোঁ বিৰিঞ্চিয়ে জীৱনৰ এই সত্যৰ মুখামুখি হৈছিল বাবেই পৰম নির্লিপ্ততাৰে তেওঁ মৃতদেহবোৰৰ মাজত শুব পাৰিলে । সেয়ে বোধকৰো তেওঁ নিজকে চার্বাক বুলি ক’ব পাৰিছিল।

ফোনঃ ৯১০১৬-৪৮০৫৯

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.