অজন্তা উপমন্যু
মাঘৰ ঠেটুৱৈ ধৰা জাৰ তথা কুঁৱলীৰ আৱৰণ গুচাই ফাগুন আহে। ফাগুনে ৰঙা ৰং ছটিয়াই চৌপাশে ৰঙীন কৰি তোলে। তাৰ পিছত হয় বসন্তৰ আগমন কিন্তু তাৰ লগে লগে প্ৰকৃতি অধিক শুকান আৰু ধূলিময় হৈ পৰে। গছে বনে শুকান সাজ পিন্ধে আৰু এই শুকান পৰিৱেশে আমাৰ ছাল-চুলিৰ সজীৱতা কিছু পৰিমাণে হ’লেও ম্লান কৰি তোলে। অৱশ্যে কিছু সময় ৰাহি কৰি ছাল-চুলিৰ যত্ন ল’লে ইয়াৰ পৰা সকাহ পাব পাৰি।
প্ৰথমতে আহোঁ ব্যৱহাৰ কৰা সামগ্ৰীৰ কথালৈ। ছালখনক শুকান বাতাৱৰণৰ লগত যুঁজিবলৈ প্ৰথমতে নিৰ্বাচিত কৰি ল’ব লাগিব ক্রীমযুক্ত কোমল ক্লিনজাৰ, হাইয়ালুৰনিক এচিড বা চেৰামাইড থকা ডাঠ মইশ্বৰাইজাৰ প্ৰয়োগ আৰু দৈনিক SPF ব্যৱহাৰ কৰা লগতে সাপ্তাহিকভাৱে এক্সফোলিয়েট কৰা, লিপ বাম ব্যৱহাৰ কৰা আৰু ভিতৰৰ পৰা হাইড্রেটেড হৈ থকা। এই ঋতুত UV ৰশ্মি বেছি হ’বলৈ ধৰে। গতিকে SPF 30 দৈনিক প্রয়োগ কৰা বৰ দৰকাৰী।
ছালৰ মৃতকোষবোৰ আঁতৰ কৰিবলৈ সপ্তাহত এবাৰ বা দুবাৰ এক্সফোলিয়েট কৰিব লাগে। এক্সফোলিয়েট সদায় লাহে লাহে আঙুলিৰ মূৰেৰে ঘঁহি ঘঁহি কৰিব লাগে। আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে হাইড্রেট কৰিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে। লগতে হাইয়ালুৰনিক এচিডৰ ছিৰাম ব্যৱহাৰ কৰিব লাগে । ওঁঠৰ বাবে উন্নত বাম ব্যৱহাৰ কৰাৰ লগতে চকুৰ তলৰ সূক্ষ্ম ছালৰ বাবে পুষ্টিকৰ চকুৰ ক্ৰীম ব্যৱহাৰ কৰিব লাগে। ছালৰ কোষ গঠনৰ বাবে ৰেটিনল ব্যৱহাৰ কৰিব লাগে ৷ ছাল অধিক হাইড্রেট কৰি ৰাখিবলৈ সপ্তাহত এবাৰ ফেচ মাস্ক নাইবা শ্বীট মাস্ক ব্যৱহাৰ কৰা উচিত ।
কিছু অতিৰিক্তঃ ৰাতি শোৱাৰ আগত মুখ পৰিষ্কাৰ কৰি ডিপ মইশ্বৰাইজ কৰা উচিত। প্ৰচুৰ পৰিমাণে পানী, ফল, ফলৰ ৰস, দৈ, শাক-পাচলি খাব লাগে। অধিক উষ্ণ পানীৰে গা ধুব নালাগে।
কেইটামান ঘৰুৱা লেপ
- কেশৰ, কাঠবাদাম গাখীৰত তিয়াই মিহিকৈ পিহি ছালত লগাই পোন্ধৰ মিনিট মানৰ পিছত ধুই পেলাব লাগে। ছাল উজ্জ্বল আৰু কোমল কৰি তোলে।
- একাপ বন্ধাকবি সিজাই পিতিকি, এচামুচ মৌ আৰু কেইটোপালমান বাদাম তেল মিহলাই ছালত লগাব লাগে।
- গাখীৰৰ মালাই, এচামুচ মৌ, এচিকুট হালধি গুড়ি আৰু কেইটোপালমান কমলা টেঙাৰ ৰস ভালদৰে মিহলাই ছালত লগাব লাগে।
- নাৰিকলৰ গাখীৰৰ সহায়ত ছাল মালিছ কৰিব লাগে।
- কমলা টেঙাৰ বাকলি পিহি, এলোভেৰাৰ লগত মিহলাই ছালত লগালেও ছাল কোমল আৰু উজ্জ্বল হৈ পৰে।
চুলিৰ বাবে
- জবাফুলৰ পাত আৰু ফুল পিহি চুলিত লগাব লাগে।
- দৈ আৰু কণীৰ হালধীয়া অংশ ভালদৰে মিহলাই চুলিত লগালে চুলি কোমল হৈ পৰে।
- নাৰিকল তেল, বাদাম তেল আৰু কেইটোপালমান ৰ’জমেৰী তেল মিহলাই চুলি আৰু চুলিৰ গুৰিত মালিচ কৰি আধা ঘণ্টাৰ পিছত ধুই পেলাব লাগে। তেল লগোৱাৰ অন্তত গৰম ভাপ দিব পাৰিলে ভাল।
Comments are closed, but trackbacks and pingbacks are open.