চিমু দাসৰ বিশ্বজয়ঃ দৃষ্টিহীনৰ পোহৰৰ বাটৰ প্ৰেৰণা

43

স্বপ্না দাস

আমাৰ মাজৰ কিছুমান লোকে নীৰৱে ইতিহাস লিখে। প্ৰচাৰৰ পৰা দূৰত থকা তেনে লোকক তেওঁলোকৰ কৰ্মৰ যোগেদি সময়ে পৰিচয় কৰাই দি সমাজক আপ্লুত কৰি তোলে। নগাঁৱৰ কঠীয়াতলীৰ চিমু দাস তেনে এগৰাকী ব্যক্তি। চকুৰে পৃথিৱী নেদেখা চিমু দাসে সপোন দেখিছিল পৃথিৱী জিনাৰ । সপোন দেখি ভাল পোৱা, সপোনৰ বাবে অহোপুৰুষাৰ্থ কৰা দৃষ্টিহীন চিমু দাসে অধ্যৱসায়ৰ যোগেদি সেই সপোনকেই বাস্তৱলৈ ৰূপান্তৰ ঘটাই তেওঁৰ সপোনক বিশ্ব মঞ্চলৈ লৈ গ’ল।

জন্মৰে পৰা চৌপাশৰ পোহৰ নেদেখা চিমু দাসে জীৱনটোক কেতিয়াও অন্ধকাৰ হ’বলৈ দিয়া নাই। চকুৰ দৃষ্টি নাথাকিলেও মনৰ দৃষ্টিৰে যি পোহৰ দেখিছিল, সেয়াই আজি বিশ্বকাপ বিজয়ৰ ৰূপ লৈ উজলি উঠিছে। দৃষ্টিহীনৰ টি-২০ বিশ্বকাপ বিজয়ৰ সোণোৱালী ক্ষণৰ সৈতে তেওঁ জড়িত হয়। ২০২৫ বৰ্ষত প্ৰথমবাৰৰ বাবে আয়োজিত দৃষ্টিহীনসকলৰ টি- ২০ বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা দলৰ সদস্য আছিল নগাঁও জিলাৰ কঠীয়াতলীৰ সন্তান এইগৰাকী চিমু দাস। শ্রীলংকাত অনুষ্ঠিত দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ- যিখন প্রতিযোগিতাত ভাৰত, নেপাল, শ্রীলংকা, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল— এই ঐতিহাসিক প্রতিযোগিতাৰেই ভাৰতীয় দলৰ অন্যতম শক্তি আছিল অসমৰ চিমু দাস। চূড়ান্ত খেলখনত অংশগ্ৰহণ নকৰিলেও সমগ্ৰ ছিৰিজত চিমুৰ অৱদান আছিল উল্লেখযোগ্য। প্রতিযোগিতাত ভাৰত চেম্পিয়ন হয়। এই বিশ্বকাপ ক্রিকেটত ভাৰতৰ বিশ্বজয়ৰ লগে লগে অসমে লাভ কৰিলে এক বিশ্ববিজয়ী কন্যা।

বিশ্ববিজয়ৰ যাত্ৰা চিমুৰ বাবে আছিল যথেষ্ট প্ৰত্যাহ্বানৰ। আন শিশুবোৰে যিসময়ত খেল-ধেমালি কৰি শৈশৱ উপভোগ কৰিছিল, চিমুৱে সেই সময়ত জীৱনৰ বাস্তৱতাৰ পাঠ পঢ়িছিল। শৈশৱৰ দিনবোৰত দৰিদ্ৰতা আছিল তেওঁৰ নিত্যসংগী। জন্মৰ পাছতেই পিতৃয়ে পৰিয়াল এৰি যোৱাৰ ফলত দৃষ্টিহীন কন্যা আৰু প্রতিবন্ধী পুত্ৰক লৈ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে মাতৃ অঞ্জু দাসে যুঁজিছিল দিনৰ পিছত দিন। ৰান্ধনীৰ কাম কৰি দুবেলা দুমুঠি যোগাৰ কৰা সেই মাতৃয়ে বিশ্বাস কৰিছিল- শিক্ষাইহে কন্যাক মুক্তি দিব।

“বিশ্বাসে মিলয় হৰি!’ মাতৃ অঞ্জু দাসৰ সেই বিশ্বাসৰ ফলতেই যেন শৈশৱৰ কোনো এটা দিনত দৰিদ্ৰ ঘৰৰ দৃষ্টিহীন ছোৱালীজনীক মাৰ্বল খেলি থকা দেখি এজনী শুভাকাংক্ষী, মিছনেৰী ছিষ্টাৰে চিৰ জীৱনত পোহৰৰ প্ৰথম ৰেখাডাল অংকন কৰিবৰ চেষ্টা কৰিছিল। তেওঁ সুবিধা কৰি দিয়াত চিমুৱে দৃষ্টিহীনসকলৰ বাবে থকা জ্যোতি নিকেতন বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈ অধ্যয়ন কৰে। তাৰ পাছত গুৱাহাটীৰ মণ্টফোর্ড স্কুলত একাদশ শ্ৰেণীলৈকে তেওঁ পঢ়ে। কিন্তু দৃষ্টিহীন শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় শিক্ষা-সামগ্রী আৰু সহায়ৰ অভাৱত দ্বাদশ শ্ৰেণীৰ পৰা চিমুৱে দূৰৱৰ্তী শিক্ষাৰ পথ বাছি ল’বলগীয়া হয়। চকুৰে নেদেখা ছোৱালীজনীয়ে কাণেৰে শুনি আৰু আনে পঢ়ি দিয়া পাঠ শুনি মনত সাঁচি শিক্ষাক নিজৰ শক্তি কৰি তুলিলে। সেই অধ্যৱসায়েই এদিন চিমুক লৈ গ’ল নতুন দিল্লীলৈ। ২০১৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ সত্যৱতী কলেজত নামভৰ্তি কৰাই উচ্চ শিক্ষাৰ পথত আগবাঢ়ে অসমৰ চিমু দাস। শেষত দিল্লী বিশ্ববিদ্যালয়ৰ মুক্ত শিক্ষাৰ জৰিয়তে তেওঁ ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এনেদৰে সময়ে চিমুক কৰি তুলিলে গভীৰ আত্মবিশ্বাসী।

২০২২ চনৰ আগলৈকে খেলৰ সৈতে চিমুৰ বিশেষ কোনো সম্পর্ক নাছিল। কিন্তু ২০২২ চনত সহপাঠী আৰু সমনীয়া দৃষ্টিহীন যুৱতীৰ পৰা বিশেষভাৱে সক্ষমসকলৰ বাবে থকা ক্ৰিকেটৰ বিষয়ে জানি চিমুৰ ভিতৰত শুই থকা অন্য এক স্বপ্ন জাগি উঠিল । শব্দৰ পম খেদি খেদি দৃষ্টিহীন ক্রিকেটত চিমুৱে প্ৰৱেশ কৰিলে সেই বছৰতেই। পৰম একাগ্ৰতাৰে উৎসর্গিত এই জগতখনে কঠীয়াতলীৰ যুৱতীগৰাকীলৈ কঢ়িয়াই আনে এক আলোকৰ বাট। সহযোগী হয় তেওঁৰ ঐকান্তিক সাধনা। ৰাজস্থানলৈ গৈ কৰা ক্ৰিকেটৰ কঠোৰ অনুশীলন, অবিৰাম সাধনা – এই সকলোৰে সংমিশ্ৰণত কম দিনতে ৰাজস্থানৰ দৃষ্টিহীন মহিলা ক্রিকেট দলৰ সদস্য হ’ল অসমৰ ছোৱালীজনী। তাৰ পিছত দলৰ কেপ্টেইনৰ দায়িত্বও চিমুৱে ল’লে। চিমুৰ উত্থান দ্ৰুত আছিল যদিও সহজ নাছিল।

দৃষ্টিহীনৰ ক্ৰিকেট মানে চকুৰ খেল নহয়- ইশব্দ, মন আৰু অনুভৱৰ খেল। এই খেল সাধাৰণ মানুহৰ বাবে কল্পনাতীত। তেন্তে কিদৰে খেলে দৃষ্টিহীনসকলে এই খেল? অনেকৰ মনলৈ অহা এই প্ৰশ্নটোৰ অৱসান ঘটাব লাগিব ইয়াতেই। দৃষ্টিহীনসকলৰ ক্ৰিকেট সাধাৰণ ক্ৰিকেটৰ দৰে এক সৰল ৰূপ নহয়। যদিওবা সাধাৰণ ক্ৰিকেটৰ দৰে এঘাৰ্জনীয়া এটি দলৰ এই খেল, কিন্তু ইয়াৰ নিয়ম সম্পূৰ্ণ সুকীয়া। বিশেষ প্রশিক্ষণ আৰু গভীৰ একাগ্ৰতাৰ ওপৰত নিৰ্ভৰশীল এয়া এক আন্তঃৰাষ্ট্ৰীয় স্বীকৃত খেল। চকুৰে নেদেখাকৈ কেৱল শব্দ, স্মৃতি আৰু সমন্বয়ৰ সহায়ত খেলা সম্পূৰ্ণৰূপে শব্দ-নিৰ্ভৰ এই খেল । এই ক্রিকেটত ব্যৱহাৰ কৰা বলটো সাধাৰণ ক্রিকেট বলতকৈ ডাঙৰ আৰু ভিতৰত সৰু সৰু ধ্বনিযুক্ত উপাদান থাকে। বলটো দলিয়ালে বা বতাহত গৈ থাকোঁতে স্পষ্ট শব্দ হয়, যাতে বেটাৰ আৰু ফিল্ডাৰে বলৰ অৱস্থান অনুমান কৰিব পাৰে। আম্পায়াৰে খেল আৰম্ভ হোৱাৰ আগতে ‘ৰেডী’ বুলি সংকেত দিয়ে। বেটাৰ সাজু হ’লে ‘য়েছ’ বুলি জনায়। তাৰ পিছত বলাৰে বল এৰাৰ সময়ত স্পষ্টকৈ ‘প্লে’ বুলি ক’ব লাগে। এই শব্দ শুনিয়েই বেটাৰে বলৰ দিশ অনুমান কৰি শ্বট খেলে। যদি বলাৰে ‘প্লে’ নকয়, তেন্তে সেই বলটো অবৈধ বুলি গণ্য কৰা হয়। ১১জনীয়া এই দলটোত খেলুৱৈসকলক দৃষ্টিশক্তিৰ পৰিমাণ অনুসৰি তিনিটা শ্ৰেণীত বিভক্ত কৰা হয়। যি সম্পূর্ণ দৃষ্টিহীন অথবা ৯০ শতাংশৰো অধিক দৃষ্টিহীন খেলুৱৈ অন্তর্ভুক্ত হয় ‘বি-১’ শ্ৰেণীত। সীমিত দৃষ্টি থকা খেলুৱৈ (প্রায় ২-৩ মিটাৰলৈকে আকাৰ চিনাক্ত কৰিব পাৰে) ক ‘বি-২’ শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে তুলনামূলকভাৱে অধিক দৃষ্টি থকা খেলুৱৈ (প্রায় ৫-৬ মিটাৰলৈকে)ক ‘বি-৩’ শ্ৰেণীত ধৰা হয়। প্ৰতিটো দলত সাধাৰণতে ‘বি-১’ৰ ৪গৰাকী, ৩জন ‘বি-২’ৰ আৰু ৪জন ‘বি-৩’ৰ খেলুৱৈ থাকিব লাগে। নিয়ম অনুসৰি বি-১ শ্ৰেণীৰ খেলুৱৈয়ে কৰা ৰান দুগুণ হিচাপে গণনা কৰা হয়। অর্থাৎ বি-১ খেলুৱৈয়ে ১ ৰান কৰিলে স্ক’ৰ ব’ৰ্ডত ২ ৰান হিচাপে যোগ হয়। এই ব্যৱস্থাই সম্পূর্ণ দৃষ্টিহীন খেলুৱৈক খেলখনত সমান সুযোগ প্রদান কৰে। ফিল্ডিং কৰাৰ সময়ত ফিল্ডাৰে নিজৰ অৱস্থানত থাকি ‘য়েছ’, ‘বল’ আদি শব্দ ব্যৱহাৰ কৰি খেলুৱৈসকলৰ সৈতে যোগাযোগ কৰে, যাতে একে ঠাইত দুজন খেলুৱৈ নাযায় আৰু আঘাতৰ সম্ভাৱনা নাথাকে। সকলো খেলুৱৈয়ে মুখেৰে যোগাযোগ কৰাটো এই খেলৰ অতি গুৰুত্বপূৰ্ণ অংশ। বল এৰাৰ সময়ত বলাৰে ‘প্লে’ বুলি কোৱাটো বাধ্যতামূলক। সেই শব্দ শুনিয়েই চিমুৰ দৰে খেলুৱৈয়ে বলৰ গতি অনুমান কৰি বেট উঠায়। দৃষ্টিহীনৰ ক্ৰিকেট চকুৰ খেল নহয়, ই মনৰ খেলা।

বি-১ শ্ৰেণীৰ সম্পূৰ্ণ দৃষ্টিহীন খেলুৱৈ হিচাপে চিমুৰ প্ৰতিটো ৰান দুগুণে গণনা হয়। কিন্তু সেই সংখ্যাতকৈ বেছি মূল্যৱান আছিল তেওঁৰ সাহস, ঐকান্তিকতা আৰু ধৈর্য। সেই সংখ্যাৰ আঁৰত লুকাই আছিল বহু বছৰৰ যন্ত্ৰণা আৰু অধ্যৱসায়। তেওঁ কৰা প্ৰত্যেকটো ৰান আছিল দৰিদ্ৰতাৰ ওপৰত জয়, সমাজৰ সন্দেহৰ ওপৰত প্ৰত্যুত্তৰ। ফিল্ডিং কৰাৰ সময়ত খেলুৱৈসকল মুখেৰে কথা পাতি খেলিবলৈ বাধ্য। ‘য়েছ’, ‘বল’ আদি শব্দৰে ইজনে সিজনক সাৱধান কৰে। এই শব্দবোৰেই দৃষ্টিহীন ক্ৰিকেটৰ সুৰ। এই সুৰৰ সৈতে অভ্যস্ত হ’বলৈ চিমুৱে দিনৰ পিছত দিন অনুশীলন কৰিছিল। বলটোৰ পৰা হোৱা ঝুনঝুন শব্দ শুনি দৌৰা, শব্দৰ দিশ অনুমান কৰি বল ধৰা- সহজ নহয় এই পথ। এই খেলত দৃষ্টিহীন খেলুৱৈসকলৰ শ্ৰৱণ শক্তি, মানসিক সজাগতা, দেহৰ সমন্বয় আৰু অনুশীলন ইমান উন্নত হয় যে কেৱল শব্দৰ পম খেদি বলৰ গতি, দিশ আৰু দূৰত্ব অনুমান কৰিব পাৰে। সেয়েহে দৃষ্টিহীন ক্রিকেট শাৰীৰিক খেল হোৱাৰ লগতে এক উচ্চ মানসিক দক্ষতাৰ খেলো। এই যাত্রাই চিমুক এদিন লৈ গ’ল আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ। ২০২৩ চনত বার্মিংহামত অনুষ্ঠিত IBSA World Gamesত ভাৰতক প্রতিনিধিত্ব কৰি চিমু দাস সকলোৰে চিনাকি নাম হৈ পৰিল। সেই বছৰে তেওঁ লাভ কৰিলে ‘অসম দিব্যাংগ ৰত্ন’ সন্মান। তাৰ পিছত ২০২৫ চনত শ্ৰীলংকাত অনুষ্ঠিত প্রথম দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ অন্য তম সদস্য হিচাপে বিশ্বজয়ৰ অংশীদাৰ হ’ল চিমু দাস। এনেদৰে অসমৰ চিমু দাস বিশ্বজয়ৰ সহযাত্রী হয়।

আজিও চিমুৰ সপোন শেষ হোৱা নাই। বিশ্বকাপ বিজয়ৰ পিছতো তাই দৃষ্টিহীনসকলৰ বাবে দীর্ঘম্যাদী আঁচনি, অধিক সুযোগ আৰু অধিক মর্যাদাৰ সপোন দেখে। এই সপোন বাস্তৱ কৰিবলৈ প্রয়োজন সমাজ আৰু চৰকাৰৰ দৃঢ় পৃষ্ঠপোষকতা। চিমু দাসৰ সঁচা কাহিনী কেৱল দৃষ্টিহীন এজনী ছোৱালীৰ সফলতাৰ কাহিনী নহয়, ই প্ৰতিগৰাকী নাৰীৰ, প্ৰতিজন সংগ্রামী মানুহৰ বাবে এক দৃঢ় বার্তা- প্রতিকূলতা যদি পাহাৰ হয়, ইচ্ছাশক্তি হ’ব লাগে তাৰ শিখৰ। চকুৰে নেদেখিলেও যদি হৃদয়ত জ্বলি থাকে এগছি চাকি, তেন্তে বিশ্বক দেখুৱাব পাৰি পোহৰৰ বাট। তেওঁৰ এই যাত্রাই দেখুৱালে- প্রতিবন্ধকতা কেতিয়াও বাধা হ’ব নোৱাৰে, যদি মন শক্তিশালী আৰু হয় গভীৰ আত্মবিশ্বাসী। আজিৰ দিনত চিমু দাস এগৰাকী খেলুৱৈৰ সমানেই সাহসৰ প্ৰতীক, দৃষ্টিহীন মহিলাসকলৰ আশা। নগাঁৱৰ কঠীয়াতলীৰ এই দৃষ্টিহীন যুৱতীগৰাকীয়ে সেই কথাই নতুনকৈ লিখি দিলে ইতিহাসৰ পাতত ।

ফোন : ৭০০২০-২৫০৪৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.