কৰবী বৰ্মন কলিতা
প্ৰিয় কামবোৰ কৰিলে মানুহৰ মন প্রফুল্লিত হৈ থাকে। আজৰি সময় কটোৱাৰ বাবে মানুহে বিভিন্ন ধৰণৰ হ’বী বা চখ পালন কৰে, যিয়ে মানসিক আনন্দ আৰু সৃজনশীলতা বৃদ্ধি কৰে। মানুহ কেতিয়াবা নিঃসংগ হৈ পৰে, বিশেষকৈ স্বামী বা স্ত্ৰীৰ মৃত্যুৰ পিছত, অৱসৰ গ্ৰহণৰ পিছত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে। অকলশৰীয়া হ’লেও, জীৱনটো আগবঢ়াই নিবই লাগিব। তেতিয়াই ভাল লগা কামবোৰে, অৱসৰৰ সময়খিনিক বা অকলশৰীয়া মুহূৰ্তবোৰক উপভোগ্য কৰি তোলাৰ উপৰি নতুন দক্ষতা বিকাশতো সহায় কৰে। মানুহে, নিজৰ ব্যক্তিত্ব আৰু ৰুচি অনুসৰি বিভিন্ন ধৰণৰ হ’বীক জীৱনত অগ্ৰাধিকাৰ দিয়ে । তাৰ ভিতৰত ছবি আঁকা, গান শুনা, ডায়েৰী লিখা, গল্প-কবিতা বা প্ৰবন্ধ লিখা, ভ্রমণ, ৰন্ধা-বঢ়া, কিতাপ পঢ়া, ফটোগ্রাফী অন্যতম। সমান্তৰালকৈ কিছুমানৰ বাবে ফুলনিৰ বাগিচা কৰা আৰু নিজৰ ঘৰতেই শাক-পাচলিৰ খেতি কৰাও নিজৰ এক বিশেষ চখ বনাই লয় । তেওঁলোকে মাটি আৰু প্ৰকৃতিৰ সংস্পৰ্শত সদায় থাকিব বিচাৰে বাবে বাগিচাৰ প্ৰতিপালনৰ কামত নিজকে নিমগ্ন কৰি ভাল পায়।
খুব যত্নেৰে কৰা ফুলৰ বাগিচাখন হৈছে এক প্রেমময় আৰু ব্যক্তিগত সংযোগৰ প্ৰতীক, যিয়ে আপোনাৰ ঘৰৰ চাৰিওকাষৰ পৰিৱেশত সৌন্দৰ্য আৰু আনন্দ আনে। এই বাগিচাখনৰ প্ৰভাৱ ব্যক্তিগত জীৱনৰ ওপৰত গভীৰ, যি মানসিক শান্তিত সহায় কৰে, প্ৰেৰণা যোগায় আৰু নিৰ্মল বায়ুৰ গতিধাৰাক অব্যাহত ৰখাত অৰিহণা যোগায়। ইয়াক আপোনাৰ নিজৰ ঘৰৰ বাবে সজাই তোলা এক আদৰৰ ঠাই হিচাপেও ক’ব পাৰে, যি আপোনাৰ আত্মসন্তুষ্টিৰ এক আধাৰ হৈ উঠে। বতৰ যিকোনো ধৰণৰে নহওক কিয়, আমাৰ ঘৰ যিকোনো ধৰণৰে নহওক কিয়, ফ্লেট হওক বা আছাম টাইপৰ ঘৰেই হওক- “আমাৰ ঘৰৰ সন্মুখত থকা ফুলৰ বাগিচাখনে মনলৈ প্ৰশান্তিৰ ঢৌ কঢ়িয়ায়।
বাগিচা এক সৃজনীশীল হ’বী যিদৰে এজন চিত্ৰকৰে ৰঙৰ জৰিয়তে কেনভাছত নতুন সৃষ্টি কৰে, ঠিক তেনেদৰে বাগিচাও এক ৰঙীন শিল্পকলা। ৰঙা, হালধীয়া ভিন্ন ৰঙৰ ফুলৰ ৰঙে আমাৰ মনটো ৰঙীন কৰি তুলি বহু চিন্তাৰ পৰা সকাহ দিয়ে। কিছু লোকৰ বাবে বাগিচাখনেই তেওঁলোকৰ ব্যস্ততা, আন কিছুৰ বাবে বাগিচাখনৰ যত্নৰ লগত গভীৰভাৱে হৈ পৰা এক ‘হ’বী’। যিকোনো ঋতুতেই আমি সদায় বাগিচাখনৰ ফুল- পাতবোৰৰ যতন লৈ থাকিবলগীয়া হয় । ফাগুন মাহ প্ৰকৃতিৰ এক অপূৰ্ব পৰিৱৰ্তনৰ সময়। ফাগুন হৈছে- গছৰ পুৰণি পাত সৰি গছৰ ডালত নতুন কুঁহিপাত আৰু ফুল ফুলিবলৈ আৰম্ভ কৰাৰ বতৰ । এতিয়া লাহেকৈ ব’হাগৰ আগমন ঘটিবলৈ ধৰিছে। ব’হাগ মাহে প্ৰকৃতিক নতুন জীৱন আৰু নতুন আশাৰে সজাই তোলে। গছত নতুন কুঁহিপাত মেলিছে আৰু ফুলৰ সুবাসে চাৰিওফাল আমোলমোলাই তুলিছে। ফাগুন মাহত ফুলা উল্লেখযোগ্য ফুলসমূহ- পলাশ, শিমলু, মদাৰ, ৰঙা, বগা আৰু গুলপীয়া ৰঙৰ কাঞ্চন ফুলে বসন্তক আদৰণি জনায়।
ফাগুন মাহত মাটি সোনকালে শুকায়, গতিকে পুৱা আৰু গধূলি নিয়মীয়াকৈ পানী দিব লাগে। ফাগুনৰ পছোৱাত গছত ধূলি-বালি লাগি থাকে, সেয়েহে কেতিয়াবা পানী ছটিয়াই গছৰ পাতবোৰ ধুই চাফা কৰি ৰাখিলে গছবোৰ লেতেৰাও নেদেখি। গছৰ গুৰিত উপযুক্ত জৈৱিক সাৰ প্ৰয়োগ কৰিলে আগন্তুক ব’হাগ মাহলৈ ফুলৰ পৰিমাণো বৃদ্ধি পাব৷ ৰাস্তাৰ শাৰী-শাৰীকৈ ফুলা ভিন্নৰঙী বগেনভেলিয়া ফুলবোৰে চৌপাশ ৰঙীন কৰি ৰাখে। এই ফুলজোপাৰ বাবে বিশেষ যত্নৰ প্রয়োজন নাই। কেৱল ৰ’দ, কম পানী, সুনিষ্কাশিত মাটিৰ প্ৰয়োজন।
ফুলৰ দৰে শাক-পাচলিৰ বাগিচা কৰি ভাল পোৱা লোকসকলে সাধাৰণতে নিজৰ বাৰী বা ছাদৰ ওপৰত সতেজ, বিষমুক্ত শস্য উৎপাদন কৰিবলৈ পৰিকল্পনা কৰে। তেওঁলোকে গছৰ যত্ন লয়, নিয়মিত পানী আৰু সাৰ দিয়াৰ লগতে পোক-পতংগ পৰিদৰ্শন কৰি প্ৰতিৰোধৰ ব্যৱস্থা কৰে। এই কামে তেওঁলোকক সক্ৰিয় কৰি ৰাখে আৰু পৰিৱেশটো সেউজীয়া আৰু সুন্দৰ কৰিও ৰাখে। গাঁৱত সকলোৰে ঘৰে ঘৰে একোখন ডাঙৰ বাৰী থাকে য’ত তেওঁলোকে বিভিন্ন শাক-পাচলি উৎপাদন কৰি নিজৰ চখ পূৰণ কৰাৰ উপৰি প্ৰয়োজনীয় খাদ্য সামগ্রী নিজ হাতেৰে উৎপাদন কৰি উলিয়ায় আৰু ব্যৱসায়িক ভিত্তিতো যথেষ্ট লাভান্বিত হয়। কিন্তু চহৰত বসবাস কৰা লোকসকলে ঘৰৰ সন্মুখত থকা মুকলি ঠাইখিনি ব্যৱহাৰ কৰে নাইবা ছাদখন ব্যৱহাৰ কৰে, শাক-পাচলিৰ খেতি কৰিবলৈ। চহৰত ফ্লেটবোৰৰ ছাদৰ ওপৰত কৰা পাচলিৰ খেতিৰ এই ধাৰণাটোৱেই জনপ্ৰিয় হৈ বৰ্তমান নাম হৈ পৰিছে- কিটচেন গার্ডেন’ যি হৈছে সতেজ পুষ্টিকৰ খাদ্যৰ উৎস। ছাদত কৰিব পৰা কেইবিধমান জনপ্রিয় শাক-পাচলি হ’ল— পালেং শাক, ধনিয়া, লফা শাক, বেঙেনা, জলকীয়া, বিলাহী, লাউ, জিকা, তিয়ঁহ ইত্যাদি। ছাদৰ খেতিৰ বাবে গছৰ প্ৰকৃতি অনুসৰি সঠিক আকাৰৰ টাব, ড্রাম, বস্তা বা বজাৰত সহজে উপলব্ধ গ্রো বেগবোৰ ব্যৱহাৰ কৰিব পাৰে। মাটিৰ লগত জৈৱিক সাৰ মিহলাই, নিয়মিত পানী দিয়া আৰু ৰ’দৰ পোহৰ পৰাটো নিশ্চিত কৰিলে সুফল পোৱা যায়।
এনেদৰে পাচলিৰ খেতি কৰিলে নিজৰ পছন্দৰ শাক-পাচলি ঘৰতে লাভ কৰিব পাৰে। স্বাস্থ্য ৰক্ষাৰ উপায় বাগিচাৰ কাম এটা চিকিৎসামূলক কাম আৰু চখ, যিয়ে মানুহক মানসিক চাপৰ পৰা দূৰত ৰাখিব পাৰে। ই মানুহক দৈনন্দিন একঘেয়ামি জীৱনৰ পৰাও সকাহ দিয়ে। প্রতিদিনে কৰা কামবোৰ অভ্যাসলৈ পৰিণত হয় আৰু হ’বীলৈ যিয়ে সফলতাৰ ভেটি স্থাপন কৰিবলৈ সক্ষম কৰি তোলে একোজন মানুহক। জীৱন হ’ল সংগ্ৰাম আৰু উত্থান-পতনৰ সমষ্টি, য’ত প্রতিকূলতাক জয় কৰি আগুৱাই যোৱাটোৱেই প্ৰকৃত জীৱন । ভাল অভ্যাস, সময়ৰ সঠিক ব্যৱহাৰ আৰু ইতিবাচক মানসিকতাৰ দ্বাৰা এটা সুন্দৰ জীৱন গঢ়াত যত্নপৰ হ’ব লাগে সকলোৱে।
Comments are closed, but trackbacks and pingbacks are open.