পল্লৱী শইকীয়া
উদ্ভিদৰ আটাইতকৈ সুন্দৰ আৰু প্ৰজননৰ বাবে গুৰুত্বপূৰ্ণ অংশ হৈছে ফুল। যাৰ ৰং, সুগন্ধি আৰু আকৃতিয়ে আমাক আকৰ্ষিত কৰে। সৌন্দর্য, প্ৰেম আৰু আধ্যাত্মিকতাৰ প্ৰতীক ফুলৰ অৱদান ধৰ্মীয় কাম-কাজ, উৎসৱ-পাৰ্বণ আৰু সাজসজ্জাতো অনবদ্য, যি আদিকালৰ পৰা মানুহৰ জীৱনৰ লগত জড়িত হৈ আহিছে আৰু অদূৰ ভৱিষ্যতেও ইয়াৰ মান্যতা নিশ্চয় বৰ্তি থাকিব।
সুগন্ধিৰে আমোলমোল কৰা ফুলে আমাৰ হৃদয়খনো সুগন্ধিময় কৰি তোলে, পোহৰাই তোলে মনগহন। গোন্ধ অবিহনেও একোপাহ ফুলৰ ৰং-ৰূপেও আমাৰ মনবোৰ উজ্জ্বল কৰি তোলে। সুগন্ধি ফুলৰ সুবাসত স্মৃতিৰ বৰপেৰা খুঁচৰি তাৰে স্মৃতিত সৃষ্টি হৈছে—
‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই
বহুদিন বকুলৰ মালা গঁথা নাই…’
প্রাচীন সাহিত্যলৈ লক্ষ্য কৰিলেও আমি দেখা পাওঁ অপ্রমাদী কবি মাধৱ কন্দলী, শ্ৰীমন্ত শংকৰদেৱ আদিৰ ৰচনাতো ফুলে বিশেষ স্থান অধিকাৰ কৰিছে। তাৰ মাজতেই ফুটি উঠিছে তেওঁলোকৰ সৃষ্টিশীলতা আৰু আমাৰ অসমৰ প্রাকৃতিক পৰিৱেশৰ সৌন্দৰ্যৰ মনোৰম প্ৰকাশ ৷ প্ৰতিটো ঋতুত একোপাহ নির্দিষ্ট ফুল ফুলি তাৰ সৌৰভে সমগ্র ঋতু সুবাসিত কৰি ৰখাৰ লগতে আমাৰ জীৱনতো বিশেষ প্ৰভাৱ পেলায়। বসন্ত ঋতুৰ আগমনৰ লগে লগে ব’হাগ মাহত কপৌ, তগৰ, নাহৰৰ সুবাসে চৌপাশ সুবাসিত কৰি ৰাখে। তেনেদৰে শৰৎ ঋতু মানেই জানো শেৱালি ফুলৰ মাদকতা অনন্য নহয়! ফাগুনৰ সেই পছোৱাজাকে ৰঙালী বিহুৰ বাতৰি আনে বুলি কৈ যোৱা বিহুফাঁকিৰ দৰেই পলাশ, শিমলু, মদাৰ ফুল ফুলিলে কবিৰ মনতো সৃষ্টিৰ তাড়নাই ক্ৰিয়া কৰি যোৱা পৰিলক্ষিত হয়। সাধাৰণ মানুহৰ মনত ৰং সানি যোৱা ফুলৰ মাজতে অন্তৰ্নিহিত হৈ আছে কবি-সাহিত্যিকৰ চিন্তাজগত আন্দোলিত কৰা অনুভৱ।
এতিয়া আহোঁ আন এটি ফুল বিষয়ক গুৰুত্বপূৰ্ণ কথালৈ – ফুলৰ খেতি (Flouriculture) । ফুল সৌন্দর্যবর্ধক হোৱাৰ উপৰি আন কিছুমান কাম-কাজত বহুলভাৱে ব্যৱহৃত হৈ আহিছে আৰু সময়ৰ লগে লগে এই ফুলবোৰৰ উৎপাদন কৰি স্বাৱলম্বনৰ এক নতুন সুযোগ লাভ কৰাৰ পথ সুগম হৈ উঠিছে। বহুতো প্রসাধন সামগ্রীত, আতৰ আৰু ঔষধ প্ৰস্তুত কৰাত ফুল কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। ফুলৰ খেতি বিষয়ক অধ্যয়নত বিভিন্ন পদ্ধতি যেনে- ফুলৰ গুটি, কাটিংচ, গ্রাফটিং, বাডিঙৰ জৰিয়তে ফুলৰ উৎপাদনৰ কৌশলৰ বিষয়ে জানিব পাৰি।
সম্প্রতি বিশ্বৰ প্ৰায় ১৪০খন দেশেই ব্যৱসায় ভিত্তিক ফুলৰ খেতিত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত নেডাৰলেণ্ড আৰু জাৰ্মানীয়ে সৰ্বাধিক হাৰত ফুল উৎপাদন কৰি পৃথিৱীৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰি আছে। আমেৰিকা আৰু জাপান ফুলৰ সৰ্বাধিক পণ্য সামগ্ৰীৰ গ্ৰাহক হিচাপে চিনাক্ত কৰি উলিওৱা হৈছে। বিগত ১০ বছৰৰ পৰা ফুলৰ বাণিজ্যিক উৎপাদন আৰু চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু তাৰে পৰিপ্ৰেক্ষিততে আমাৰ ভাৰততো ইয়াৰ উৎপাদন আৰু বিপণন প্ৰক্ৰিয়াৰ ব্যাপকতাই ঠাই পাইছে। ফুলৰ ব্যৱসায়ৰ ক্ষেত্ৰত মূলত মনোযোগ দিব লগা বিষয়সমূহ হৈছে— ফুল বিক্ৰী, নাৰ্ছাৰী আৰু খেতিমাটিত ফুল গছ ৰোপণ কৰি ফুল উৎপাদন, সঠিক প্ৰক্ৰিয়াৰে গুটি আৰু বাল্ব উৎপাদন আৰু তেল নিষ্কাশন ইত্যাদি।
ভাৰতৰ বিভিন্ন ঠাইত উৎপাদিত ফুলবোৰ সংগ্ৰহ কৰি এটা নিৰ্দিষ্ট ঠাইত জমা কৰি প্ৰয়োজন অনুসৰি পাইকাৰী আৰু খুচুৰা বিক্ৰীৰ বাবে পৃথককৈ প্ৰেৰণ কৰা হয়। এইক্ষেত্ৰত নতুন প্রযুক্তি ব্যৱহাৰ কৰি ফুলৰ সংৰক্ষণ আৰু শুকাই যোৱা ফুলৰ পুনৰ ব্যৱহাৰৰ বাবে নতুন চিন্তাৰ প্ৰয়োজন আছে। উল্লেখনীয় যে ভাৰতৰ কিছুমান মহানগৰৰ প্রদর্শনীমূলক বিপণীত পেকেজিং আৰু ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ দ্বাৰা ফুলৰ মূল্য সংযোজন কৰা দেখিবলৈ পোৱা যায়। উৎপাদিত ফুলৰ মূল্য সংযোজন কৰি ধূপ, শুকান ফুলৰ শিল্পকলা, সুগন্ধি তেল ইত্যাদি প্রস্তুত কৰিব পাৰি। সেই একে প্ৰেক্ষাপট আমাৰ অসমৰ ক্ষেত্ৰতো আশা কৰাৰ থল আছে আৰু বৰ্তমানে বহু যুৱ কৃষক ব্যৱসায়ী এই কামৰ প্ৰতি উৎসাহিত হৈছে। যিকোনো এটা খেতিৰ উৎপাদনৰ লগে লগে মন কৰিবলগীয়া বিশেষ কথাটো হৈছে সেই উৎপাদিত সামগ্ৰীসমূহৰ বাবে এখন বজাৰ চিনাক্ত কৰা আৰু ইয়াৰ চাহিদা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া ।
আমাৰ মাজত পৰম্পৰাগতভাৱে চলি অহা ফুলবোৰ ঋতু বিশেষে সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানসমূহত ব্যৱহাৰ হোৱাৰ উপৰি সময়ৰ পৰিৱৰ্তনে আমাৰ মাজলৈ লৈ অহা আধুনিক প্ৰজাতিৰ ফুলবোৰক নতুন ট্রেণ্ড “Stay it with Flower”ত অন্তর্ভুক্ত কৰি বিলাসী হোটেল, গেষ্ট হাউছ, বিবাহ ভৱন, আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপহাৰ হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে, যি নেকি ফুলৰ চাহিদা বৃদ্ধিত অভূতপূৰ্ব সঁহাৰি আগবঢ়াবলৈ সক্ষম হৈছে।
গতিকে ভৱিষ্যতৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি গ্রীনহাউছৰ জৰিয়তে কৃষকসকলে ফুলৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী পদক্ষেপ ল’ব পাৰে। এইক্ষেত্ৰত মাটি আৰু আনুষংগিক সম্পদৰ সঠিক ব্যৱহাৰৰ উপৰি ব্যৱসায়ৰ বাবে অত্যন্ত জৰুৰী উৎপাদিত সামগ্ৰীৰ গুণগত মানো সঠিক ৰূপত নিয়ন্ত্ৰণ কৰিব পৰা যায়।
সম্প্রতি গ্রামাঞ্চল আৰু নগৰ অঞ্চল উভয়তে ফুলৰ খেতি আৰু ফুলৰ ব্যৱসায় স্বাৱলম্বনৰ আৰু বাণিজ্যৰ ক্ষেত্ৰত এক নতুন পথ হিচাপে চিনাক্ত হৈছে। নেচনেল হর্টিকালচাৰ ব’ৰ্ডে ফুলৰ ব্যৱসায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ উপৰি বৰ্তমানে ভাৰতৰ কিছুমান চৰকাৰী আঁচনিও ফুলৰ উৎপাদন আৰু ব্যৱসায়ৰ বাবে মুকলি কৰা হৈছে। অসম চৰকাৰে State Floriculture Mission -ৰ জৰিয়তে কৃষিভূমিত ফুলৰ খেতিৰ পৰিসৰ বৃদ্ধি, আন্তঃ গাঁথনি উন্নীতকৰণ, চাহিদা আৰু বিপণনৰ বাবে খুচুৰা আৰু পাইকাৰী বিক্ৰী কেন্দ্ৰ বিকশিত কৰি মহিলা তথা যুৱকসকলক বৃত্তিমুখী কৰাৰ সুযোগ দিয়াৰ পথ প্রশস্ত কৰিছে। এই মিছনৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট আশাবাদী।
বর্তমান সময়ত প্রতি একক মাটিত আন কৃষিজাত সামগ্ৰীৰ উৎপাদনতকৈ ফুলৰ উৎপাদনৰ ক্ষেত্ৰত লাভৰ পৰিমাণ অধিক। ফুলৰ খেতিয়ে ক্ষুদ্ৰ আৰু উপান্ত কৃষক, মহিলা তথা গ্ৰামাঞ্চলৰ যুৱকৰ বাবে এক অতিৰিক্ত উপাৰ্জনৰ পথ হিচাপে সুচল হৈ পৰিছে। বিশেষকৈ গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় আৰু তেজপুৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাবে এই সুবিধা অধিক। ফুলৰ খেতি কৰা কৃষকে এই খেতিৰ সমান্তৰালকৈ অন্য শস্যৰ খেতি কৰাটোও সম্ভৱ। সর্বোচ্চ চাহিদা থকা সময়ত নাৰ্জী আৰু আন ফুলৰ খেতিৰ জৰিয়তে হাজোৰ এজন কৃষকে প্রতিবিঘা মাটিত প্রায় ৫০,০০০ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু খেতি কৰাৰ পূৰ্বে জানিব লাগিব কি ফুলৰ চাহিদা বেছি আৰু আমাৰ মাটি তথা জলবায়ু কি কি ফুলৰ বাবে অনুকূল। এইক্ষেত্ৰত আমাৰ অসমৰ জলবায়ু ফুলৰ খেতিৰ বাবে অনুকূল হোৱাটোৱে অসমৰ কৃষকৰ বাবে এক আশানুৰূপ বার্তা কঢ়িয়াই আনিছে। অসমৰ গৰম আৰু সেমেকা জলবায়ু নার্জী, গ্লেডিঅ’লাচ, ৰজনীগন্ধা, জাৰবেৰা, অর্কিড, গোলাপ ইত্যাদি ফুলৰ বাবে অনুকূল। অসমত ১৯০বিধতকৈও অধিক থলুৱা অৰ্কিডৰ প্ৰজাতি উপলব্ধ ৷
সকলো নতুন চিন্তাৰে কিছু প্ৰত্যাহ্বান নথকা নহয়। ফুলৰ খেতি আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয় । কিছু নতুন চিন্তা, কিছু সংঘর্ষ, কিছু কষ্ট আৰু কিছু ধৈৰ্যৰ বিনিময়ত এই খেতিয়েও এদিন পোহৰৰ বাট আমাৰ সন্মুখত উন্মুক্ত কৰিব। এয়া আমাৰ সপোন, আমাৰ আশা। সম্প্ৰতি সু- সংহত বজাৰ আৰু উপযুক্ত সংৰক্ষণৰ অভাৱে কৃষকৰ উৎপাদিত ফুলখিনি হয়তো কম দামত নাইবা মধ্যভোগীৰ হাতত এৰি দিব লগাত পৰে। এতিয়াও কৃষকৰ এই খেতিৰ সম্পৰ্কে সীমিত জ্ঞানে আবতীয়া ফুলৰ খেতি, পদ্ধতিগত কৃষি ব্যৱস্থা আৰু নতুন প্ৰযুক্তি পৰিগ্ৰহণত কিছু থমকি ৰ’ব লগা হৈছে। সময়ৰ লগে লগে এই পৰিসৰ বৃদ্ধি হৈ কৃষকক উন্নত পদ্ধতিৰে ফুলৰ খেতি ক্ষেত্ৰত উদগনি যোগাব, অসমে ফুলৰ খেতিৰে স্বাৱলম্বনৰ ক্ষেত্ৰত পৃথিৱীত সুকীয়া স্থান দখল কৰিব।
অপৰাজিতা ফুল যাক ‘বাটাৰফ্লাই পি’ হিচাপে বহুলভাৱে পৰিচিত, এই ফুলবিধৰ এক যাদুকৰী কাহিনীৰে সংপৃক্ত হৈ এগৰাকী মহিলা কৃষি ব্যৱসায়ীৰ জীৱন পোহৰাবলৈ সক্ষম হৈছে। অসমৰ এখন গাঁৱত বাস কৰা ফুঙজা ব্ৰহ্ম নামৰ এগৰাকী মহিলা কৃষকে এই ফুলৰ খেতি কৰি সৌৰ শুষ্কক যন্ত্ৰ (solar dryer)ৰ জৰিয়তে ফুল শুকুৱাই ইয়াৰ নীলা ৰং আৰু গুণগত মান সংৰক্ষণ কৰি বিশ্বৰ বজাৰত (থাইলেণ্ড আৰু ইণ্ডোনেছিয়া) আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰাৰ সুযোগ লাভ কৰিছে। এই ফুলবিধ চাহ আৰু নীলা ৰঞ্জক দ্রব্যৰূপে বহুল ব্যৱহৃত। শুকান ফুল বিক্ৰীৰ জৰিয়তে তেওঁ প্ৰথম প্ৰয়াসতে ৫০ ডলাৰ অৰ্জন কৰে, যিয়ে নেকি তেওঁক ভৱিষ্যতৰ এক নতুন সপোনক নতুন চিন্তাৰে সমৃদ্ধ কৰাৰ সুযোগ দিলে।
২০২১ চনত US Food and Drug Administration য়ে অপৰাজিতা ফুলক খাদ্যত সংযোজিত দ্ৰব্য হিচাপে ব্যৱহাৰৰ অনুমতি প্রদান কৰে। ২০২২ চনত European Food Safety Authority য়ে কিন্তু ফুলবিধৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু নিৰাপত্তাজনিত চিন্তাৰ বিষয়ে অৱগত কৰে । তৎসত্ত্বেও দুয়োখন দেশে এই ফুলবিধক এক আকর্ষণীয় নতুন অভিনৱ খাদ্য সংযোজক হিচাপে স্বীকৃতি প্ৰদান কৰে।
এতিয়া আমাৰ অসম তথা ভাৰতৰ কৃষক ব্যৱসায়ীসকলে অপৰাজিতাৰ লগতে নতুন ফুলৰ খেতিৰ জৰিয়তে স্বাৱলম্বনৰ এক নতুন কৌশল আয়ত্ত কৰাৰ সময় সমাগত। ইয়াৰ বাবে কৃষকে ফুলৰ উৎপাদনৰ লগতে ইয়াৰ ৰং আৰু গুণগত মানৰ ওপৰত গুৰুত্ব আৰোপ কৰাও অত্যন্ত জৰুৰী।
প্ৰচুৰ গৰমত ঘামি-জামি অহা এজন বাটৰুৱাৰ বাবে এজোপা গছ অকণমান নির্মল বতাহ আৰু আশ্ৰয়ৰ স্থল, কিন্তু এজন কবিৰ বাবে একেজোপা গছ কিছু সেউজীয়াৰে সমৃদ্ধ শব্দৰ অনন্ত মায়াজাল গঁঠাৰ উৎস আৰু সেই একেজোপা গছ এজন খৰিকটীয়াৰ বাবে খৰি আহৰণৰ উৎস। গতিকে দেখা যায় যে একেটা বস্তুৰে অৰ্থ ভিন্ন হ’ব পাৰে সেয়া নিৰ্ভৰ কৰে চাওঁতাজনৰ দৃষ্টিৰ পৰিসৰৰ ওপৰত। এজোপা ফুল যিদৰে সাধাৰণ মানুহৰ দৃষ্টিত সৌন্দর্যবর্ধক, মন জুৰোৱা এক সুবাস, ঠিক সেইদৰে সৃষ্টিশীল ব্যক্তিৰ বাবে সৃষ্টিৰ আধাৰ, একেদৰে আমাৰ কৃষক ব্যৱসায়ীসকলৰ বাবে নতুন স্বাৱলম্বনৰ উৎস হওক, নতুন চিন্তাৰে তেওঁলোকৰ মনোজগত উদ্ভাসিত হওক।
ফোনঃ ৮৬৩৮২-৩৮১২১
Comments are closed, but trackbacks and pingbacks are open.